#আবিৰ খণ্ড (৩৭)

বায়ে ফোন কৰাৰ দিনা মোৰ এনে লাগিছিল, ককাৰ বাহিৰেও কাৰোবাৰ মনত আছে যে মই জীয়াই আছো।প্ৰদীপ খুড়াৰ ঘৰৰ পৰা আহি হোষ্টেলত থকাৰ পৰা মই এবাৰো ঘৰলৈ যোৱা নাছিলো।মায়েও মোলৈ কোনোদিনেই ফোন কৰা নাছিল।দেউতাই কেতিয়াবা পইচাৰ কথা সোধে।ককাৰ নিজাকৈ মোবাইল নাই।তৰাৰ ফোনৰ পৰাই খবৰ লয় মাজে মাজে।বায়ে ফোন কৰা দিনটোৰ ঠিক একসপ্তাহ মানৰ আগতে অসহায় হৈ… Continue reading #আবিৰ খণ্ড (৩৭)

#আবিৰ খণ্ড(৩৬)

:ময়েই সৱ ভাল পাওঁ, তুমি নোপোৱা?:Nope.:Aahঅনিৰুদ্ধই বুকুত লাহেকৈ হাতেৰে খুন্দিয়াই হাঁহি দেখুৱালে, বহুদিনৰ মূৰত মোৰ মুখতো হাঁহি এটা ফুটি উঠিল।:মই জানো।There is something you love about me.:তেনেকুৱা একো নাই।:মিছা কথা।:সঁচা।:You love my eyelashes, you touched them with so much affection, I still feel it. লাজ এটাই আৱৰি ধৰিলে।হয়, চুই চাইছিলো সেই জোনাক ৰাতি, অনিৰুদ্ধৰ ধুনীয়া… Continue reading #আবিৰ খণ্ড(৩৬)

#আবিৰ খণ্ড (৩৫)

l am there for you, always.গালখনত লাহেকৈ চুই দিলে অনিৰুদ্ধই।বুকুখন ধককৈ উঠিল। নিশাৰ আকাশৰ পৰা আইতাই তেতিয়া আমালৈকে চাই আছিল।সদায় দুখোজ পিছুৱাই যোৱা মই আজি একে ঠাইতে ৰৈ আছোঁ।ঠাইখিনি শূণ্য।শাৰী শাৰী কৈ জকমকাই ফুলি থকা বুগেনভিলিয়া আৰু জোনাকে ছটিয়াই দিয়া সোণালী সোণালী এমুঠি পোহৰ।অনিৰুদ্ধৰ চকুত এনেকৈয়ে খেলি থাকে জোনাক, পোহৰ পোহৰ সপোন।মই বিচাৰি পাওঁ এটোপোলা… Continue reading #আবিৰ খণ্ড (৩৫)

#আবিৰ খণ্ড(৩৪)

কাৰোবাৰ বাবে অধীৰ অপেক্ষা…এবাৰ চোৱাৰ হেঁপাহউশাহত তেওঁক সামৰি লোৱাৰ হাবিয়াস…মিহিকৈ বৈ থকা চেঁচা বতাহজাকত ফাগুনৰ এমুঠি পলাশ বুলিয়া আৱেগ.. ৰৈ ৰৈ বাজিছে মিঠা এটি গীত.. শুনি কি নুশুনি তাৰ সুৰ.. চুলিখিনি সামৰি ঢিলা খোপা এটা বান্ধি লৈছোঁ।পাইজামাৰ পকেটত হাত দুখন ভৰাই গলিটোৰ সন্মুখত ৰৈ আছোঁ, এই যেন মুখত এটা মিঠা হাঁহি লৈ মোৰ ফালে আগুৱাই… Continue reading #আবিৰ খণ্ড(৩৪)

#আবিৰ খণ্ড(৩৩)

আমাৰ আশে পাশে এতিয়া কিছু কথা বতাহত উৰি ফুৰিছে।ধৰি আনি ওঁঠত গুজি ল'বলৈহে আমি দুয়ো অপাৰগ।কোনে কয়??মৌনতা অসহনীয়।মইতো ভালপাওঁ, বহুত বেছি ভালপাওঁ।বুকুৰ ভিতৰৰ নেদেখাবোৰ চাবলৈ, নোপোৱাবোৰ চুবলৈ, মৌনতাৰ বাহিৰে আছেইবা কি???অনিৰুদ্ধৰ হাতৰ মুঠিটো লাহে লাহে আৰু বেছি সৱল হৈ আহিছে।সামান্য পোহৰত উজলি থকা মুখ খন মোৰ ফালে ঘূৰাই তেওঁ মোক চাই আছে, আৰু মই সন্মুখলৈ… Continue reading #আবিৰ খণ্ড(৩৩)

#আবিৰ খণ্ড(৩২)

আচৰিত কথা কি জানেনে?জীৱন চলি থাকে, ৰৈ নাযায়।আমি ৰৈ যাওঁ, দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ।আৰু কেতিয়াবা…কেতিয়াবা একো একোটা যুগ।নিজকে তেতিয়া চকৰিৰ দৰে লাগে, উঠিছোঁ, লৰচৰ কৰিছোঁ, কিন্তু আকৌ একেঠাইতে আহি ৰৈ গৈছোঁ।মোৰ জীৱনটো ঠিক তেনেকুৱাই।ঘূৰিপকি আহি এটা বিৰাট শূন্যত আহি ৰৈ যায়।কিছুদিন পাছত জীৱনৰ সাতাইশটা বছৰ পাৰ কৰিম, কিন্ত মই মোৰ… Continue reading #আবিৰ খণ্ড(৩২)

#আবিৰ খণ্ড(৩১)

পেকেটটো খুলি বহুপৰ চাই আছোঁ।ভিতৰত এটা সৰু পিতলৰ wind chime. উলিয়াই অনাৰ লগে লগে মধুৰ শব্দৰে বাজি উঠিল।ফুৰিবলৈ গৈ তেওঁ সকলোৰে কাৰণে কিবা নহয় কিবা এটা আনিছিল।প্ৰথম দিনাই টানিয়া আৰু সুভাষিণীৰ হাতত দেখিছিলো তেওঁ লাডাখৰ পৰা অনা কিছুমান বস্তু।মোলৈ কিবা আনিছে বুলি মই সপোনতো ভৱা নাই।অনাকাংক্ষীত ভাৱে লাভ কৰা ক্ষুদ্ৰ উপহাৰো আশীৰ্বাদ যেন লাগে।গধুৰ মনটোক… Continue reading #আবিৰ খণ্ড(৩১)

#আবিৰ খণ্ড(৩০)

ৰূমৰ ওচৰ পালোহি।অনিৰুদ্ধ গান শুনাত ব্যস্ত।চকুকেইটা জপাই বেলেগ এখন পৃথিৱীত বিচৰণ কৰি আছে।আয়ু আৰু হিবা উঠি গ'লেই।মইহে ওলায়েই যাব পৰা নাই।:Excuse me.নাই, একো উত্তৰ নাই।উপায় নাপাই আঙুলিৰে তেওঁৰ বাহুত লাহেকৈ খুঁচি দিলো।:Oouch.:মই নামিব লাগে।উঠি দিব নেকি?:নিদিওঁ।:What!!!!!হাঁহি এটা মাৰি তেওঁ উঠিল।সকলোকে বিদায় জনাই নামি আহিলোঁ।তেওঁ খিড়িকীয়েদি চাই আছে।এবাৰ ঘূৰি চালোঁ।ইংগিতত জনালে ফোন কৰিম।উত্তৰ নিদিলোঁ।আয়ু আৰু হিবাক… Continue reading #আবিৰ খণ্ড(৩০)

#আবিৰ খণ্ড(২৯)

কিয় মই আনৰ দৰে নহয়?কিহে মোক আনৰ দৰে হ'বলৈ নিদিয়ে!এইবোৰ কথাই মোক আমনি দিব নোৱাৰা হৈছে আজিকালি, কিন্তু অনিৰুদ্ধক দিছে।তেওঁ বিচাৰে মই তেওঁৰ সৈতে সহজ হৈ কথা পাতো, তেওঁক কিবা এটা সুধো,তেওঁৰ কথাত হাঁহিবলৈ শিকো, কিন্তু তেনেকুৱা একো হৈ নুঠে।অনিৰুদ্ধ নিৰাশ হয় বাৰে বাৰে, আজিও হৈছে।মই কেনেকৈ কওঁ অনিৰুদ্ধ, ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত গৈ… Continue reading #আবিৰ খণ্ড(২৯)

#আবিৰ খণ্ড(২৮)

বিছনা খন আঁতৰাই টুল এখন আনি ফেন খনৰ একেবাৰে তলতে থলো।আত্মহত্যা মহাপাপ।পঢ়িছিলোঁ কেতিয়াবাই।কিন্তু নিজক ঘিণ কৰি কৰি জীয়াই থকাতো জানো পাপ নহয়?সকলোৰে অশান্তিৰ কাৰণ নিজেই বুলি জনাৰ পাছত জীয়াই থকাটো জানো উচিত।!গাঁঠিটো মাৰিব নাজানোঁ,কেইবাবাৰো চেষ্টা কৰি কৰিও পৰা নাই।ডায়েৰী খুলিও একো লিখি থৈ যোৱা নাই মই, লিখিবলৈ একো নায়েই।তেতিয়ালৈ মই যোগেশ দাদাই অনা ভাঙৰ নিচাত… Continue reading #আবিৰ খণ্ড(২৮)