#আবিৰ খণ্ড (২)

অফিচ বিল্ডিংটোৰপৰা ওলাই অহাৰ আগতে এবাৰ নিজৰ চাৰিওফালে চালো।
কোনোবা খুব সুখী, কোনোবা দুখী ।
হাহিঁছে, কান্দিছে।
পোৱা নোপোৱাৰ খন্তেকীয়া হিচাপ, কাইলৈ কি হ’ব নেদেখা জীৱনটোক লৈও মানুহৰ কিমান পৰিকল্পনা, কিমান হেপাঁহ।
কাৰ বাবে কৰে মানুহে হিচাপবোৰ?
এমুঠি অন্ন, এডোখৰ বস্ত্ৰ নে “মোৰ সকলো আছে” বুলি ভাবিব পৰাকৈ এটা পানীৰ নিচিনা সপোন দেখিবলৈ।
হয়, পানীৰ নিচিনা সপোন, আকাৰ নাই, ৰং নাই, কিন্তু ই থাকে, যাৰ পাছে পাছে জীৱনবোৰ দৌৰি থাকে।
মৰা মানুহে বাৰু সপোন দেখেনে? যদি নেদেখে আধৰুৱা সপোনবোৰ ক’লৈ গুচি যায়।
পৰম সুখক চোন মানুহে স্বৰ্গ সুখ বুলি কয়।
যদি মৃত্যুৰ পাছত স্বৰ্গ প্ৰাপ্তি হয়, তেন্তে তাৰ পাছত মানুহে কি সপোন দেখে?
স্বৰ্গ প্ৰাপ্তিৰ পাছতো হেঁপাহ থাকেনে আন কিবা প্ৰাপ্তিৰ???

উফ্, আৰু বেছিদেৰি ইয়াত থাকিলে ময়ো সপোন দেখিম।
যিমান পাৰি সোনকালে ইয়াৰপৰা যোৱা ভাল। কেব্ এখনকে মাতিবলৈ লৈ আয়ুৰ মেছেজ পালো।
“মই আৰু বসন্তী আহি আছো, কেব ল’ব নালাগে”
বসন্তী। কাৰোবাৰ আওপুৰণি স্কুটি এখন কিনিলে আয়ুয়ে, নামে দিছে বসন্তী।
নালাগে বুলি নকলো। কৈ লাভ নাই বুলি জানো। ওলাই আহি গেইটৰ সন্মুখত বহিব পৰা ঠাই অকণ চাই বহিলো।
“ওলাই যা মোৰ ঘৰৰপৰা, বাহিৰ হ। এইক মই আজি মাৰিয়েই পেলাম।”
কথাবোৰ কাণত এতিয়াও বাজে, বুকুত খুন্দিয়াবহে নোৱাৰে।
অন্তৰ খন বন্ধ কৰি থোৱা বহুদিন হ’ল, মগজু হে খোলা ৰাখিছো,দুনীয়াৰ লগত মোকাবিলা কৰিব পৰাকৈ, সকলো সময়তে, সকলো পৰিস্থিতিতে।
কিন্তু…..

ফোনৰ স্ক্ৰীণত নাম্বাৰটো উলিয়াই লৈ বাৰে বাৰে ৰৈ গৈছো। এৰি অহা দিনৰ স্মৃতি বোৰ আজি যেন বেছি সতেজ হৈ ঘূৰি আহিছে মোৰ ওচৰলৈ। ডায়েল কৰিবলৈ মনে ক’লেও মগজুৱে বাধা দিছে মোক।
কিন্তু এখন অসহায় মুখে মোক ৰাতি দিন খেদি ফুৰে।
অপৰাধবোধে মোক কোঙা কৰে।
সেই মুখখন পোহৰাবলৈকে মই আকৌ এবাৰ নাম্বাৰটো ডায়েল কৰিলো।
:হেল্ল’
:হেল্ল’
:মাজু..
:তৰা, ককাক ফোন দে।
:মাজু, তই ইমান দিনৰ মূৰত
সিফালৰ পৰা তৰাৰ থুকা থুকি মাত।
কিন্তু এইবোৰে মোক আজিকালি চুবই নোঁৱাৰে চোন।
“কাৰ ফোন?”
গলগলীয়া মাতটো কাৰ বুজিবলৈ বাকী নাথাকিল। তৰাৰ মাত হৰিল। কিন্তু ময়ো কথা নপতাকৈ নেৰোঁ।
:তৰা, ককাক ফোন দে।
:চাৰে গালি…
:ককাক ফোন দে বুলি কৈছো দে। লাউড স্পিকাৰ অন কৰ।
:তই কেলেই এনেকুৱা মাজু?
তৰাৰ হাতৰ পৰা ফোনটো কোনোবাই থপিয়াই নিয়া যেন লাগিল। অলপ সময় কাৰো মাত নাই।
:মাজু, কি কাৰণে ফোন কৰিছ?
মা!
ফোন কৰাৰ কাৰণে বেয়া পাইছে। নাইবা ভয় খাইছে দেউতাই গম পোৱাৰ কাৰণে।
গোটেই জীৱন মিছাৰ মাজতে পাৰ কৰিছে তেওঁ। গতিকে প্ৰশ্নটো শুনি ময়ো আচৰিত হোৱা নাই।
:ককাক ফোন দিবানে?
:কিয় লাগে সেইটো ক।
:মোৰ মুখ খুলিলে কোনো শান্তিত থাকিব নোৱাৰিবা কৈ থ’লো মই। মোৰ খং উঠাই নলবা এতিয়া। বহুত কথা মইও ক’ব পাৰোঁ। ককাক ফোন দিয়া।
কথাখিনি মাক ক’ লেও দেউতাৰ বাবেহে আছিল, আৰু তেওঁ যে শুনি আছে সেইয়া মই জানো।
এইবোৰৰ শেষ নাই ।
জেদ অহংকাৰ আৰু স্বাৰ্থপৰতাই গোগ্ৰাসে গিলিলে আমাৰ জীৱনবোৰ। কিন্তু কাৰো ভ্ৰুক্ষেপ নাই।
এইটোও আচলতে এটা নিচা, প্ৰতিদিনে কাৰোবাৰ প্ৰতি ঘৃণা কঢ়িয়াই লৈ ফুৰাৰ নিচা, “মই সকলো ফালৰ পৰাই শুদ্ধ” বুলি ভাবি আত্মসন্তুষ্টি লোৱাৰ নিচা, সমাজৰ আগত নিজকে আনতকৈ বেলেগ বুলি ভবাৰ নিচা।
আস্, বৰ বেয়া নিচা এইবোৰ।
পিছে লাগিল যেতিয়া সহজে আতৰি নাযায়। থাকিব।
মানুহবোৰ তিলে তিলে মৰি গলেও এই ৰাগী লাগিলেই থাকিব।
:গোসাঁনী অ’, কেতিয়া আহিবি আই, মাতটো শুনো, কিবা এটা কচোন।
কিমানদিন!
শিল এচপৰাই ডিঙিটো খুন্দা মাৰি ধৰিলে।
ককা বুলি মাতিবও নোৱাৰা হ’ লো।
:মোকো নামাত নে, মাজু অ’।
:ভালে আছা?
:কেলেই গুচি গলি আই, গুচি আহ ,গুচি আহ, মই আছো নহয়।
:ককা, মই ভালে আছো।
:মই যে ভালে নাই, মোকো লৈ যাবি তোৰ ওচৰলৈকে। মাজু, শুনি আছনে?
:চাকৰি এটা পালো, লৈ আনিম তোমাক। আহিবানে?
:…
:হেল্ল
:ভালেই হব লৈ যাবি, বুঢ়াৰ আল পৈচান ধৰিবলৈ মোৰ সময় নাই।
কাটি দিলে ফোনটো।
মাক মই কেতিয়াও ভাল পাব নোৱাৰিম,কেতিয়াও নোৱাৰিম।
সমাজৰ আদৰ্শ মহিলাগৰাকীৰ কুৎসিত মুখ খন চিনি পাওঁ মই, বেয়া পাওঁ মই, সাংঘাটিক বেয়া পাওঁ ।
আচলতে ভাল পাবলগীয়া একো নায়েই, তাত মোৰ দোষ কি!

:ব’ল ব’ ল, উঠ।
আয়ু কেতিয়া আহি ৰ’লহি গমেই নাপালো। পিঠিত বেগটো লৈ তাৰ পাছফালে বহিলো। ডিয়’ আৰু ঘামৰ অকটা গোন্ধ এটা নাকত লাগিলহি।
: কেইদিন গা নাই ধোৱা?
:হিচাপ নাই ৰখা, তিনিদিন মান হ’ল। গোন্ধ যে নাই আৰু, ডিয়’ লগাইছো তো।
:লেতেৰা কেলেই ইমান তই!
:চাৰ্ট পেন্ট কেইটা গধূলি দি দিম ধুই দিবি দেই।
:মোক পগলা কুকুৰে কামুৰিছে নেকি?
:তহঁতৰ পিজিত ৱাচিং মেচিন আছে কাৰণে হে কৈছো। দিবি দেই।
:চাকৰ পাইছ মোক?
:নাম, এতিয়াই নাম। মোৰ বসন্তীত উঠি মোকেই দম।
: হ’ব যা, দি দিবি। ধুই দিম বাৰু। ইস্ত্রি কিন্তু নকৰোঁ এতিয়াই কৈ থৈছো।
:অ’ক্কে।
সেইটোৰ লগত চুপটি মাৰি মাৰি ৰূম পালোহি। মই থকা পিজিটোৰ পৰা দুটা বিল্ডিং এৰি আয়ুহঁতৰ ৰূম। আয়ু আৰু সমীৰ থাকে তাত। মোৰ ৰূমত বৰ্তমান মই অকলে। ইয়ালৈ অহা মাত্র দুটা সপ্তাহ হে হৈছে। ৰূম মেইট দুয়োজনী ঘৰলৈ গৈছে।
আজি এজনী ঘূৰি অহাৰ কথা।
: বিশটকা দে।
নামিয়েই এইটোক পইচা লাগে।
:কিয়?
:তই নবনাও কলি ন মাংখ টো, মই নিজেই বনাম। নহৰু নাই। কিনি নিব লাগে। দে পইচা।
:তোৰ ওচৰত বিশ টকাও নাই?
: মই ধনী মানুহ, খুচুৰা নাৰাখো নহয়।
পইচা টো লৈয়েই আয়ু গুচি গ’ল। ৰূমৰ ফালে খোজ ললো।
মন, শৰীৰ একেবাৰেই ভাগৰুৱা।
(আগলৈ)

12 thoughts on “#আবিৰ খণ্ড (২)

  1. অ বা, আপোনাক বৰ আপোন যেন লাগে। আস্থা আৰু অৰ্ণৱৰ কাহিনী ইমান যে আপোন আছিল বুজাব নোৱাৰো। আশাকৰোঁ আবিৰেও একেই ঠাই লব। অনুৰোধ এটা কৰো বা, অকণমান দীঘলীয়া কৈ দিবচোন, পঢ়িলে পঢ়ি থাকিব মন যায়।

    Like

  2. বহুত ভাল লাগিছে বা । সোনকালেই দিব দেই পৰৱৰ্তী খণ্ডটি।

    Like

  3. বহুত ভাল লাগিছে পঢ়ি বা পৰৱৰ্তী খণ্ডলৈ বাট চালোঁ

    Like

  4. ভাল লাগিল বা পঢ়ি… এনেদৰে আগুৱাই লৈ গৈ থাকক…

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s