মেইন কদম কদম বদল তা হুঁ য়হী
য়ে জিন্দেগী বদলতী হি নেহী
হে’ লফ্জ’ কি কমি ..
প্ৰিয় গীতটি কাণত লগাই আয়ুৰ বসন্তীৰ পিছফালে বহি বেংগালুৰুৰ লানি নিছিগা ট্ৰেফিকৰ মাজে মাজে আহি আছো। অজস্ৰ লাইটৰ পোহৰ আৰু যান বাহনৰ কৰ্কশ শব্দৰ মাজতে ছেপ্টেম্বৰ মাহৰ ফিৰফিৰীয়া বতাহ এছাটি গাত লাগিছে।অদ্ভুত মায়া এই চহৰখনৰ। কংক্রিটৰ অৰণ্যৰ মাজতো সেউজীয়া কঢ়িয়াই ফুৰিছে অতদিনে। কিনকিনিয়া বৰষুণ আৰু পাতলীয়া বতাহ এছাটিৰে যেন প্ৰকৃতিয়ে মাজে মাজে সোঁৱৰাই থাকে এই চহৰখনত সেউজীয়াৰ উপস্থিতি।
: ঐ শুন না, তোৰ লগত যে আছিলে সেইকেইটা, কেতিয়াবা দেখো একেলগে , বেয়া চিগাৰেট টানি থাকে ।ছোৱালীজনীক আমাৰ টিমত সৱেই “ধোঁৱা কুমাৰী” বুলি কয়। তই কৈ নিদিবি আকৌ দেই।
:ধুৰ, কাম নাই আৰু মোৰ সেই মক্কেল কেইটাৰ লগত লাগি থাকিবলৈ।আৰু নাম দিবলৈ তই কোন, মইও খাওঁ চোন কেতিয়াবা, মোক সেইবোৰ নাম দিলে কাটাপ্ কে দিম।
:আৰু তই সেইসোপা মেক আপ কৰি অকল মানুহে চাবলৈকে চিগাৰেট হুপি হুপি পাৰহৈ যোৱা সৱকে চেক আউট কৰিবি, তোকে কাটাপ কে দিম।
এইটোৰ মুখখন আজিকালি বৰ চলে। মনে মনে থাকিলো। কিন্তু অনিৰুদ্ধ আৰু টানিয়া সদায় একেলগে থাকে বুলি কোৱা কথাটোৱে মোক অকণমান হ’লেও খুচিলে।
: তাৰ নাম অনিৰুদ্ধ নে কি আছিলে। এইবাৰৰ টপ ফাইভ এম্প্লয়ী লিষ্টত তাৰ নাম আছে।
: গুড ফৰ হিম।
এতিয়াহে বুজিলো। সেইকাৰণে ইমান বেছি এটিটিউড।ৰাতিপুৱাৰ কথাটো মনত পৰি খং এটা উঠিয়ে আহিল।
হঠাৎ কিবা মনত পৰাৰ দৰে আয়ুয়ে ক’লে
: আমাৰ মায়ে তোক ফোন কৰিবলৈ কৈছে, বৈদ্য গালি দিব খাই লবি।
: কৰিম দে।
মোৰ কথা পতাৰ ইচ্ছা নাই বুলি সি গম পালে। বাকী চোৱা ৰাস্তা মনে মনে আহিলো। আয়ুৰ পিঠিতে হাত দুখন দি মূৰটো পেলাই দিলো। বিশেষ একো ভাবিবলৈ মন যোৱা নাই। এনেকৈয়ে মাত্ৰ গৈ থাকিবলৈ মন গৈছে।
যেতিয়া দুখ সুখ একোৱে চুব নোৱাৰে, তেতিয়া বাৰু মানুহ কিয় জীয়াই থাকে???
যোৱা ছয় টা বছৰে মইও তেনেকৈয়ে আছোঁ। কিয় আছোঁ, কাৰ বাবে আছো ভাবিলে উত্তৰ একো নাই।
কিন্তু মোৰো কিছুমান দায়িত্ব আছে, যাৰ বাবে মই জীয়াই থাকিবই লাগিব।
কিছুমান মানুহ চাগে কেৱল দায়িত্ব পালন কৰিবলৈকে জীয়াই থাকে।
: এইজনী মৰিলে মই হাঁহ মাৰি ভাত খাম।
দেউতাৰ কথাষাৰ মই সঁচা হবলৈ নিদিওঁ। তেওঁতকৈ আগতে মই কেতিয়াও নমৰো, ঈশ্বৰে নিবলৈ নাহে মোক মই জানো।
হোষ্টেলৰ ওচৰ পাই আয়ুক বিদাই দিলোঁ। জোতা যোৰ খুলি হাততে লৈ ওপৰলৈ উঠি গলো।হিবা তেতিয়াও আহি পোৱাহি নাই।চিৰিয়েদি উঠি আহি প্ৰথমৰ ৰূমটো আমাৰ।দুখন বিচনা ,এটা ডাঙৰ ৱাৰ্ডৰৱ, দুখন টেবুল আৰু এটা এটাছ্দ বাথৰূম।বাওঁফালৰ বিচনাখন মোৰ।ভালকৈ বস্তুবোৰ এতিয়াও চিজিল লগাবই পৰা নাই।
একো কৰিবলৈ মন নাযায় আজিকালি।
ফ্ৰেছ্ হৈ আহি বিচনাত পৰিলোঁহি।
ফোনটো উলিয়াই লৈ আয়ুৰ মাকলৈ ফোন লগালো।
:ঐ, তই যে মোলৈ ফোন এটাও নকৰ কেলেই।হেৰৌ মই মানুহজনী মৰিলো নে আছোঁ বোলে খবৰ এটা লওঁ, নাই, তহঁত কাৰো খবৰ নাই। সউতে আকৌ মই ভাত সানি খোৱালেহে হয়।
:আয়ুৰ পৰা খবৰ লৈ থাকোঁ খুৰী।
:সেই গৰুটোৰ কথা নকবি মোক।আজি এবছৰ হলহি ঘৰলৈ আহিবলৈ খবৰ নাই তাৰ।কি চাকৰি কৰিছ তহঁতি?বিহুৱে পূজাই ঘৰলেও আহিব নোৱাৰি।কিহৰ ইমান কাম।ল’ৰাটোৰ এতিয়াও গাত কথা নাই। মোক কৈছে বোলে বোৱাৰী এজনী চাইছো। ই মোৰ জান খাই দিব বুইছ।
আয়ুৰ মাকৰ কথা সোনকালে শেষ যে নহয় গম পালোঁ।মই মাত্ৰ শলাগ লৈ থাকিলেই হল।আয়ুৰ আখ্যান গোটেইখন শুনিব লাগিব।শুনি আছোঁ।
:মাজু অ’ই।
:হমম্।
:ককাৰৰ গা ভাল নাথাকে আজিকালি।তোৰ মাৰৰ আকৌ মেল মিটিং মাৰোঁতেই যায় নহয় দিনটো।কালি মই গৈছোঁ হেৰৌ সন্ধিয়া খন নিজেই চাহ বনাই খাইছে।মোক কৈছে এটুপা তয়ো খা।মই বোলো দেউতা অ’ নালাগে আপুনি মোক চাহ খুৱাব।ময়ে বনাই দি থৈ আহিছোঁ।মস্ত ঘৰডালত অকলে অকলে আছে।বেয়াই লাগে হেৰৌ ।তই সংসাৰ কৰি লৈ যা,বৰ কষ্ট পাইছে ইয়াত।
:কিবা এটা কৰিম ,এতিয়া থৈছোঁ খুৰী।
খুৰীৰ লগত কথা পাতি মনটো আকৌ আয়ুহঁতৰ চোতাললৈ দৌৰ মাৰিলে। মোৰ সৰুকালৰ সকলো ভাললগা সময় সেইখন চোতালতে পাৰ কৰিছোঁ। আয়ুৰ মাক মোৰ নিজৰ মাতকৈ বেছি আপোন আছিল। যদিও মই আয়ুতকৈ ডেৰবছৰ ডাঙৰ কিন্তু মোৰ সৰুৰ পৰা এতিয়ালৈকে একমাত্র বন্ধু সিয়েই। মোৰ গুলু মুলু “অকৰা কছাৰী”। আৰু মই তাৰ ” জাপৰী গোসাঁনী”।
:সদায় সদায় সিহঁতৰ ঘৰলৈ যাবলৈ মানা কৰোঁ নে নাই মই।
কলাফুলত এছাৰিৰ কোব খাইও দৌৰিছিলো আয়ুহঁতৰ ঘৰলৈ। তাৰ ভঙা চাইকেল লৈ টনা আজোৰা কৰিছিলো। দেউতাই আনি দিয়া দামী চাইকেল মোৰ ভাল নালাগিছিল। ডুবাইৰ পৰা অনা ইম্পৰটেদ্ চকলেট এৰি মই আয়ুৰ মাকে নিমষত দি থোৱা গুলনেমু টোকোৰা বেছি তৃপ্তিৰে খাইছিলো। মা আৰু দেউতাৰ ফোপোলা আভিজাত্য মোৰ ভাল নালাগিছিল। মানুহৰ আগত অভিনয় কৰোঁতে কৰোঁতে মা আৰু দেউতাৰ মাজত সচাঁ মিছাৰ এখন অদ্ভুত মায়াজাল গঢ়ি উঠিছিল। আৰু মই যিমানেই ডাঙৰ হৈ আহিছিলো, সেইজালখন সিমানেই ফালি চিৰি শেষ কৰি পেলাইছিলো।
মই মোৰ মা দেউতাৰ কোনোদিন “মৰমৰ” নাছিলো।
ফোনৰ নটিফিকেশনৰ শব্দত সুৱাগপুৰৰ বাংলোৰপৰা একে কোবে উভটি আহিলো।
‘এ নিউ মেইল ফ্ৰম এছ্ অনিৰুদ্ধ’
কি নাম আকৌ এইটো। উপাধি নাই চোন।
খুলি চালো।
“ট্ৰাই তু ৰিছ্ অফিছ বিফৰ নাইন টুমৰু”
লগত চাগে সেইজনীও থাকিব। যিমান পাৰোঁ দেৰিকৈ যাম কাইলৈ।
(আগলৈ)
খুবেই ভাল লাগিল বা। লাহে লাহে কাহিনীৰ ভিতৰলৈ সোমাই লৈ গৈ আছে আপুনি 👌
LikeLike
ভাল লাগিছে বহুত
LikeLike
ভাল লাগিছে 💕
LikeLike
Moja lagise parhi next part loi apkha kari asu,❤️
LikeLike
Khubai bhal lagise parhi lahe lahe kahini tur majoi Krame humai goisu❤️
LikeLike
Khubai bhal lagise parhi lahe lahe kahini tur majoi Krame humai goisu❤️
LikeLike
Thank you n loving you indranee baa ….for this type of interesting story…..
LikeLike
Val lagise baa…
LikeLike
Next ketia
LikeLike
Nice
LikeLike
M waiting 4 next post…today is sunday plzzzzSent from my Samsung Galaxy smartphone.
LikeLike
বৰ ভাল লাগিছে বা ৷
LikeLike