#আবিৰ খণ্ড (৭)

ৰাতিপুৱা শুই উঠি অলপ দৌৰিবলৈ যোৱাটো মোৰ পুৰণা অভ্যাস। আজিও ওলাই আহিছো। ৰাতিপুৱা ইয়াত যথেষ্ট ঠাণ্ডা পৰে। পাতল জেকেট এটা পিন্ধি আহিছো যদিও ঠাণ্ডা লাগিছে।মই থকা pg টোৰ পৰাএক কিলোমিটাৰ মান দূৰত্বতে সৰু পাৰ্ক এখন আছে। বহুত মানুহে ৰাতিপুৱা ইয়াত মৰ্ণিং ৱাক কৰিবলৈ আহে,বয়সস্থ মানুহ কিছুমানে একেলগে যোগা কৰে। আজিও আহিছে। কিন্তু সদায়ৰ দৰে আহিম বুলি আয়ু আজিও নাহিলে।তাৰ পাছত ক’ব, এলাৰ্ম নাবাজিলে, সাৰ নাপালে, গা বেয়া লাগিলে।বাহানা দিবলৈ তাৰ ওচৰত এশ এটা কাৰণ থাকেই। ৰৈ থাকি লাভ নাই। দুটামান ৰাউণ্ড মাৰি যাব লাগিব। আজি দেৰিকৈ যাম বুলি ভাবিও সোনকালে অফিচ যাবলৈ বাধ্য।
অনিৰুদ্ধৰ পাছতে কালি ৰাতিয়েই সুৰেশৰ মেইল আহিছিল। আজি সোনকালে গৈ অনিৰুদ্ধৰ লগত কাম কৰিবলৈ। এক সপ্তাহৰ পাছতে ক্লায়েন্ট ভিজিট আছে। গতিকে তাৰ আগতে সকলো ৰেডি হৈ থাকিব লাগিব।যিমান পাৰোঁ খৰকৈ দৌৰিবলৈ চেষ্টা কৰিছো।
জীৱনটো একে ঠাইতে ৰৈ গৈছে, সেইবাবেই চাগে মই আজিকালি আগতকৈ বেছিকৈ দৌৰো।
কোনোবাই মতা যেন লগাত কাণৰ পৰা হেডফোন ডাল আঁতৰাই চালো।
:গুড মর্নিং মে’ম।
অনিৰুদ্ধ!
ইয়াতো????
ব্লেক ট্ৰেক চুইট আৰু বিনা চশমাত বহুত বেলেগ দেখাইছে।কপালত বিন্দু বিন্দু ঘামেৰে এখন ৰৌদ্ৰোজ্জল মুখ।
: আচৰিত হৈছা?? মোক ইয়াত দেখি।
: নাই হোৱা। পাৰ্ক হয়, মোৰ ঘৰ নহয়তো, সৱ আহিব পাৰে।
: কথা এটা কওঁ নে?
:কি?
: তুমি শুই উঠি কেৰেলা জুইচ খোৱা বন্ধ কৰি দিয়া। ইমান কম বয়সতে মাতত ইমান তিতা। Doesn’t really suit you, Miss Pahari.
মোৰ উত্তৰ শুনিবলৈ নৰ’ল। নিজৰ ট্ৰেকত দৌৰা আৰম্ভ কৰিলে। মইহে ভেবা লাগি চাই থাকিলো। কি কৈ থৈ গ’ল??উত্তৰ এটা নিদিয়ালৈকে শান্তি নাপাম এতিয়া। আৰু কাইলৈ পৰা ইয়াত দৌৰিবলৈ নাহোঁ।অনিৰুদ্ধ এপাক ঘূৰি আহি সেইখিনি পোৱাৰ আগতেই পাৰ্কৰ পৰা গুচি আহিলো।

ৰূমলৈ ঘূৰি আহি পাওঁতে হিবাই কাৰোবাৰ লগত খুব সৰু সৰুকৈ কথা পাতি আছিল। মই সোমাই অহাৰ লগে লগে ভয় খাই যোৱাৰ দৰে ফোন টো কাটি দিলে। চকু কেইটা চলচলীয়া। কি হ’ল বুলি সোধোতে একো নকলে। মোৰো কাৰোবাক জোৰ কৰি কথা সোধাৰ অভ্যাস নাই। ক’বলৈ মন থাকিলে ক’ব, নাথাকিলে নাই। গা পা ধুই ৰেডি হৈ ওলাই আহিলো।হিবাই গা বেয়া বুলি ছুটি লৈছে। আয়ু দেৰিকৈ যায়।তাৰ ৰাতি বাৰটা মানলৈকে অনলাইন থাকিব লাগে। অফিচৰ পৰা আহিও সদাই লগিন কৰিব লাগে।লগত যাব নোৱাৰিলেও তাক কৈ থৈ নগলে মোৰ ভাল নালাগে।”মই যাওঁ ” বুলি মেচজ এটাকে দি বাছত উঠিলো।
বাছখনত সাংঘাটিক ভিৰ। যেনেতেনে উঠি সন্মুখৰ দুৱাৰখনৰ ওচৰতে থিয় হৈ আহিছো। বেংগালুৰৰ বাছ বিলাকত দুখন দুৱাৰ থাকে। সন্মুখৰ দুৱাৰেদি মহিলা সকল উঠে, আৰু পাছৰ খনেদি পুৰুষ। সন্মুখৰ প্ৰায় পাঁচ শাৰীমান আসন মহিলা আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে সংৰক্ষিত থাকে। কিন্তু ৰাতিপুৱা সময়টোত অফিচৰ মানুহেৰে ভৰ্তি হৈ থাকে। পিঠিৰ বেগটো এহাতে ধৰি আনখন হাতেৰে যেনেতেনে ছিট এটাতে ধৰি আহিছো। কেব ল’বলৈ হ’লেও প্ৰায় এশ টকা খৰছ হয়। আৰু মই এটা টকাও এনেই খৰছ নকৰোঁ। সোনকালে ঘৰ এটা ভাড়া লৈ ককাক আনিবই লাগিব। তাৰ কাৰণে মোক পইচা লাগে, বহুতখিনি। কথাবোৰ চিন্তা কৰি বেলেগ এখন পৃথিৱী পাওঁগৈ মই। এনেতে কোনোবাই বুকুত হেঁচা মাৰি ধৰাৰ দৰে লাগিলত চক্ খাই উঠিলো। কাষৰ চিটৰ মানুহগৰাকীৰ পৰা পইচা ল’বলৈ যাওঁতে জানি বুজি হেণ্ডিমেন জনে হাতখন বুকুত ঘঁহাই নিলে। কাণে মূৰে জুই লাগি যোৱাকৈ খং উঠি আহি। তাৰ চকুলৈ চালত সি কুটিল হাঁহি এটাৰে মোক সম্ভাষণ জনালে।আগ্ পাছ নাভাবি গাৰ জোৰেৰ এটা চৰ মাৰিলো।মানুহবোৰৰ মাজত গুণগুণনি আৰম্ভ হ’ল। সি ভয় খাই নিজৰ ভাষাত কি ক’লে সকলো কথা বুজি নাপালো যদিও তাৰ ভাৱ ভংগীৰ পৰা সি যে জানি বুজি কৰা নাই, ভিৰৰ বাবে অজানিতে হোৱা বুলি কৈছে সেইটো বুজিলো। সকলো মানুহ আচৰিত ধৰণে চুপ হৈ থাকিল। কাৰো যেন সময় নাই, নাইবা এইবোৰ একদম সাধাৰণ কথা তেনে এটি ভাৱত।
এৰা, চিনাকি মানুহেই বিপদৰ সময়ত আঁতৰি যায়, অচিনাকি মানুহৰ পৰা নো কি আশা কৰিম!ড্ৰাইভাৰক বাছ ৰখাবলৈ কৈ আধা ৰাস্তাতে নামি খোজকাঢ়ি বাট ল’লো। মূৰটো অদ্ভুত ধৰণেৰে গৰম হৈ আছে।

ঠিক ন বাজি পাঁচ মিনিটত অফিচ পালো।মানুহ বোৰ এতিয়াও সব অহা নাই। দুৱাৰখন খুলি নিজৰ কিউবিকেলৰ ফালে খোজ ল’লো। আমাৰ টিমৰ কোনো অহাই নাই তেতিয়াও।লেপটপটো উলিয়াই অন কৰোঁতেই কাৰোবাৰ খোজৰ শব্দ শুনিলো। ঘূৰি নাচালেও গম পালো কোন হব পাৰে।
:Hungry?
:Nope
: মোৰ বহুত ভোক লাগিছে। ব্ৰেকফাষ্ট কৰি লওঁ ব’লা।
: মই খাই আহিছো।
:অ’কে, মই খাম, তুমি চাবা, ব’লা এতিয়া।
এইটোক মানে লগত এজনী লগত লাগেই। কফি খাবলৈ ,চিগাৰেট খাবলৈ, ভাত খাবলৈ।
: Listen, you are my senior,but let me clear one thing,I really don’t like this.
আপোনাৰ ভোক লাগিছে প্লিজ গৈ খাই লওক মোক এনেই টানি নেথাকিব।মই ভাল নাপাওঁ।
: ঠিক আছে। নালাগে বাৰু যাব। মই আহি আছো।
ইমান বেয়াকৈ কোৱাৰ পাছতো ইমান নম্ৰ ব্যৱহাৰ!! ঠিকেই ,কৰ্পোৰেট পৃথিৱীৰ মানুহ যে। পেটত খং থাকিলেও দেখুৱাই নিদিয়ে।পিছত হে গম পাম ইয়াৰ ফল কি হয়গৈ।
ঘূৰি আহি অনিৰুদ্ধক অলপ গহীন যেন লাগিলে।মোক উঠিবলৈ কৈ নিজে মোৰ চকী খনত বহি ললে। বেলেগ এখন চকী টানি মই তেওঁৰ পাছফালে বহিলো। আৰ্মানি পাৰফিউমৰ ষ্ট্ৰং গোন্ধ নাকত লাগিল। একদম ওচৰৰ পৰা।অনিৰুদ্ধই কামবোৰ কৰি যাওঁতে মোক বুজাই গৈ আছে, মই যি পাৰো নোট কৰি গৈছো। কিছু সময় পাছত এজন এজনকৈ টিমৰ মানুহবোৰ আহিবলৈ ধৰিলে।পৰিবেশটো অলপ হুলস্থুলীয়া হ’ল। সুৰেশ যিহেতু অহা নাই, সবেই ডাঙৰ ডাঙৰকৈ ইটো কিউবিকেলৰ পৰা সিটোলৈ শুনাকৈ কথা পাতিছে।
অনিৰুদ্ধই মিটিং ৰুমলৈ যোৱাৰ প্ৰস্তাৱ দিলে। লেপটপটো লক কৰি হাতত লৈ তেওঁ আগে আগে আৰু মই পাছে পাছে। আনটো ফালৰ পৰা হাতত দুকাপ গৰম কফি লৈ টানিয়া আগবাঢ়ি আহিল। এটা কাপ অনিৰুদ্ধৰ ফালে আগবঢ়াই দিলে। ধন্যবাদ সূচক হাঁহি এটাৰে অনিৰুদ্ধই কাপটো লৈ আগবাঢ়িল।
: Where are you guys going?
:None of your business.
অনিৰুদ্ধৰ উত্তৰ শুনি টানিয়াৰ লগতে মইও আচৰিত হলো। হয়টো মোৰ ওপৰত উঠা খং বেছেৰীৰ ওপৰতে জাৰি দিলে। লাজত ৰঙা পৰি উচাৎ মাৰি টানিয়া আঁতৰি গল।

মিটিং ৰুমত সোমাই লেপটপটো আন্ লক্ কৰিবলৈ লৈ অনিৰুদ্ধ ৰৈ গল।লক্ স্ক্ৰীণত ৰখা ফটোখন বহুদেৰি চাই সুধিলে
: খুব মৰমলগা অকণমানি টো, দেখাত তোমাৰ সৈতে একদম একেই। কোন হয়?
মোৰ মোবাইল,লেপটপ সকলোতে একেখন ফটো আছে।যিখন তেওঁ দেখাটো মই বিচৰা নাছিলো।
: That’s my child. Please don’t ask any more questions.
:You are married!
:No.
অনিৰুদ্ধৰ হাতৰ পৰা গৰম কফিৰ কাপ টো সৰি পৰিল। ডাঙৰ চকুকেইটাই হাজাৰ প্ৰশ্নৰে মোক থকা সৰকা কৰিলে। আৰু এক মিনিট সময়ো তাত ৰৈ থকা মোৰ বাবে কঠিন হৈ পৰিল।
:Excuse me.
অনিৰুদ্ধৰ উত্তৰলৈ বাট নাচাই ৱাছৰূমৰ ফালে দৌৰ মাৰিলো। ঠাণ্ডা পানীৰ টেপটো খুলি মুখত যিমান পাৰোঁ পানী মাৰিছো।
উটি যাওক মোৰ সকলো খং, সকলো দুখ, সকলো ভুল।
শেষ হৈ যাওক আন্ধাৰ আন্ধাৰ দিন, বিষাদ বিষাদ ৰাতি…….

6 thoughts on “#আবিৰ খণ্ড (৭)

  1. আৰু অলপ দীঘলীয়াকৈ লিখিবলৈ অনুৰোধ জনালোঁ বা। পঢ়ি খুব ভাল লাগে।

    Like

  2. Baa prhi khub Basi vl lgil.. ketiau vba nasilu ja aan kiba story a Arnab Aastha r competitive hbo pribo but Aananya Aanirudh are fabulous. Romance aru mje mje English t ktha potar tarka tu mne story tuk aru Basi interesting bonai die. Aajie 1st prhilu new story tu atia Jan next loi wait a kribo nowara hoisu. Khunkle dboloi onurudh thakil aru jitu time t die kheitu jonaboloiu onurudh thakil. Keep up…. 💞

    Like

  3. Khub dhuniya lagise baa.. Okonman dighol ke likhibo sun.. khub aagrohere roi thaku protitu khondo loi.. Agoloi u likhi jua anekei a ❣️

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s