সুৱাগপুৰৰ বগা বাংলো।
আমাৰ ঘৰ।
সন্মুখত এখন প্ৰকাণ্ড লোহাৰ গেইট।খুটাত এখন তামৰ ফলক। লিখা আছে “জানকী কানন”। মোৰ আজু আইতা, মানে ককাৰ মাকৰ নাম আছিল জানকী। ককাই ঘৰটো আজু আইতাৰ নামেৰে সাজিছিল যদিও মাৰ্বল পাথৰৰ বগা ৰঙৰ বাবে সৰু ঠাইখনৰ সৱেই ‘বগা বাংলো’ বুলিয়েই কয়।
গেইটখন খুলি সোমাই গ’লে এখন ধুনীয়া সেউজীয়া ল’ন, এখন ফুলৰ বাগিছা,এখন ডাঙৰ লোহাৰ ঝুলনা। বাগিচাত ককাৰ লখিমী হাতত জকমকাই ফুলি থাকে নানা ৰঙী ফুল।বাগানৰ বনুৱাক নিদি ককাই নিজেই যত্ন লয় প্ৰতিজোপা গছৰ, প্ৰতিপাহ ফুলৰ।আইতাই হেনো ফুল ভাল পাইছিল,নামো আছিল শেৱালি।ককাৰ লগত সৰুতে ফুলৰ গছবোৰ ময়ো ৰুইছিলো, পানী দিছিলো।কেতিয়াবা আয়ুকো টানি আনিছিলো।আমি দুইটা আছিলো ককাৰ লিটিকাই।পাইপেৰে পানী দিওঁতে আগতে নিজে গা ধুই লওঁ দুইটাই।ককাই গালিও নাপাৰে।কেতিয়াবা নিজেও আমাৰ লগতে গা ধুৱে।কিন্তু আমাৰ এই ধেমালিবোৰৰ কাৰণে মাৰ হেনো ইজ্জত শেষ হৈ যায়।
“মানুহে দেখিলে পাগল বুলি ক’ব, ল’ৰা কি বুঢ়া কি সৱ একেই।”
অসুখী আছিল মোৰ মা, মনৰ পৰা কেতিয়াও কাকো ভাল পাব নোৱাৰাকৈ অসুখী মানুহ।
আমাৰ ধেমালি বোৰ মাৰ ইমানেই অসহ্য আছিল যে মায়ে সেইডোখৰ ঠাইতে এটা গেৰেজ বনোৱাই দিলে।দেউতাৰ সেইবোৰ চাবলৈ সময় নাই।মাৰ কথামতে ঘৰৰ পুৰণি সহায়কাৰী যোগেশ দাই এইবোৰ কাম কৰে।ককাক কোনেও একো নকয়,নোসোধে।মায়ে বনোৱা গেৰেজটোত কিন্তু ককাৰ বগা ‘কন্টেছাৰ’খন এনেকৈ থোৱা থাকে যাতে ঘৰলৈ অহা মানুহ সকলোৰে তাত চকু পৰে।
“আমি ধনী মানুহ”।
দেখুৱাবতো লাগিবই।
শেৱালি ফুলৰ গছ কটা গল,ককাৰ দুখ লাগিল,কিন্তু মানুহে আহিয়েই গম পাব পৰা হল আমি কিমান ধনী।এইটো বিজ্ঞাপন আমাৰ ঘৰত বৰকৈ চলে। হাঁহি উঠে, মা দেউতাই কৰা প্ৰায়বোৰ অহংকাৰ কিন্ত ককাৰেই সম্পত্তিক লৈ।একমাত্ৰ পুত্ৰ হিচাপে দেউতাই মাত্ৰ সেইয়া ভোগহে কৰিছে।তাতো ইমান অহংকাৰ।
নিৰ্লজ্জ!
মা দেউতাই ককাৰ ওপৰত কৰা প্ৰতিটো অন্যায় মই দেখিছিলো, বুজিছিলো।কিন্তু মোৰ বিপৰীতে মোতকৈ চাৰি বছৰ ডাঙৰ মোৰ বা আছিল মা দেউতাৰ একান্তই বাধ্য।মায়ে ভাল পোৱা সকলো কাম কৰিছিল তাই,কোনো কথাৰে প্ৰতিবাদ কৰা নাছিল।পঢ়া শুনা খেলা ধূলাৰ পৰা আৰম্ভ কৰি status মেন্টেইন কৰালৈকে।মাৰ কাৰণে একদম পাৰফেক্ট ছাইল্ড।
আৰু মই??
মই কোন আছিলো নিজেই বুজি নাপালো কোনোদিন!!!!!
এৰি অহা দিনৰ স্মৃতিবোৰে এনেকৈয়ে খুন্দিয়াই থাকে মাজে মাজে। ঠিক যেন মুনি চুনি বেলিকাৰ ধূসৰিত সময়। কাকো স্পষ্ট কৈ নেদেখি,কিন্তু সকলো আছিল।নাকৰ পৰা তেজৰ সোঁত এটা বৈ আহিছে। টিছু পেপাৰৰ ৰ’লটো টানি মচি মচি ৰখাব পৰা নাই। সৰুৰ পৰাই এই অসুখটো আছে মোৰ। এতিয়া আৰু বাঢ়ি গৈছে। নাকটো হাতেৰে টিপা মাৰি ওপৰলৈ মূৰ কৰি ঠিয় হৈ আছো। আকৌ এবাৰ অনিৰুদ্ধৰ মুখা মুখি হোৱাৰ সাহস হোৱা নাই। কিবা এটা আছে সেই চকুযোৰত যি মোক কিবা সুধিব খোজে, কব খোজে।আৰু মই শুনিব নিবিচাৰো।
প্ৰেম মোৰ হোৱা নাই কোনোদিন, এই নিচা মোক নালাগে। আচলতে এইবোৰ সব মায়া। আজি আছে, কাইলে নাই। মই চিৰস্থায়ী নোহোৱা একো বস্তুৱে ভাল নাপাওঁ।
ৱাছ ৰূমৰ দৰ্জাখন ধামকৈ খুলি হিবা সোমাই আহিল।মোৰ অৱস্থা দেখি তাই আকৌ অনিৰুদ্ধক দুষিলে।
:This is too much.
: It’s not him Hiba, don’t blame Anirudh.
কিয় জানো তেওঁক হিবাই বেয়া কৈ কোৱাত মোৰ ভাল নালগিল। চকু কেইটা ডাঙৰ কৰি তাই আচৰিত হৈ মোলৈ চালে। উত্তৰ নাছিল মোৰ ওচৰত।
তাইক তাতে এৰি আকৌ অনিৰুদ্ধৰ ওচৰলৈ গলো।মই সুমাই যোৱাৰ লগে লগে মূৰ তুলি চালে।একো নকলে।সম্পূৰ্ণ নিৰৱতাৰ মাজেৰে প্ৰায় ডেৰ ঘণ্টা সময় পাৰ হল।
:Its done, you will get your work assignment via mail.
:Thank you!
:Its my work. No problem.
লেপটপ টো মোৰ হাতত নিদি টেবুলত থৈ মোৰ ফালে ঠেলি দিলে।চকুলৈ চোৱা নাই।ওলাই গৈ দৰ্জা মুখ পাই আকৌ ঘূৰি আহিল,
:I should not have asked you, sorry for getting bit personal.
:
কিবা এটা উত্তৰ আশা কৰিছিল হয়তো।অলপ পৰ ৰৈ থাকিল।মই হে একো কব নোৱাৰিলোঁ।কবলৈ একো নাছিল।অনিৰুদ্ধ আঁতৰি গল।অলপ পৰ নিজৰ সৈতে কটাই মইয়ো ওলাই আহিলো ৰূমটোৰপৰা।দ্বিতীয় দিনাৰ অভিজ্ঞতা চোন আৰু বেছি বেয়া।
ঘূৰি আহি নিজৰ ঠাইত বহিলো।ইটো সিটো মেইল আহি আছে।অলপ সময়ৰ পাছত অনিৰুদ্ধৰ মেইল আহিল।খুলি চালো।নতুন কাম দিছে।কি কাম চাই থাকোঁতেই কালি চিনাকি হোৱা টিমৰ বিবাহিত মহিলা গৰাকী উঠি আহিল।নামটো সুভাষিণী নে কিবা এটা তেনেকুৱাই আছিল।ঠিক মনত পৰা নাই।মিঠা বৰণীয়া উজ্জ্বল মুখ খনত ডাঙৰ চকু আৰু ডাঠ বৈ পৰা চেলাউৰী কোচা জিলিকি থাকে।কপালত সৰুকৈ সেন্দুৰ আৰু চন্দন মিহলি ফোট এটা।ভৰিত পিন্ধা পায়লযোৰ খোজৰ লগত জুনুক কৈ বাজি উঠিছে।দাক্ষিণাত্যৰ প্ৰায় বিলাক মহিলাই এনেকৈ নিজক সজাই ৰাখে।দেখি ভাল লাগিল।
:Ananya, you will be working with me.
আঁৰ চকুৰে অনিৰুদ্ধলৈ চালো।নিজৰ কামত মগ্ন।কাণত earpods লগাই থৈছে।
:Okay, mam.
:Call me Subhashini.
তেওঁ আৰু তিনিমাহৰ পাছত মেটাৰ্ণিটি লিভত যাব।গতিকে এই সময়খিনিত তেঁওৰ গোটেই কামখিনি শিকি বুজি লোৱাৰ দায়িত্ব মোৰ।তেওঁ মোক নিজৰ ঠাইলৈ মাতি নিলে।লেপটপটো লৈ উঠি যাওঁতে অনিৰুদ্ধই আঁৰ চকুৰে চালে, একো নকলে।
আৰম্ভ হল নতুন কাম।সুভাষিণী স্কুলৰ মৰমিয়াল বাইদেউ বোৰৰ নিচিনা।মই যে একেবাৰে নতুন বুজি পায়, কথাবোৰ এটা এটাকৈ বুজাইছে।মাজে মাজে ইটো সিটো কথা মোৰ বিষয়ে সোধে,নিজৰ বিষয়ে কয়।ঘৰৰ পৰা বনাই অনা লান্স দুয়ো একেলগেই খালো।বহুত দিনৰ মূৰত ভাল লগা মানুহ এগৰাকী পোৱা যেন লাগিল।দিনটো তেওঁৰ লগত কেনেকৈ পাৰ হল গমেই নাপালো।সাত মান বজাত আয়ু ওলালহি।ঘৰ যাবলৈ লৰালৰি।সুভাষিণী দেৰিকৈ যায়, গতিকে মইয়ো তাক পঠাই দিলো।অফিচৰ কেব লৈ দেৰিকৈ যাম।
চাৰে সাত বজাত ক্লায়েন্টৰ সৈতে গোটেই টিমৰ মিটিং হল।ডাঙৰ conference room এটালৈ গলো।সুৰেশ আৰু অনিৰুদ্ধই বেছিভাগ আলোচনা কৰা দেখা গল।মিটিঙত মোক নতুন টিম মেম্বাৰ হিচাপে চিনাকি কৰাই দিলে।গোটেই সময়খিনিত দুই তিনিবাৰ অনিৰুদ্ধৰ চকুত চকু পৰিল।মন কৰিলো তেওঁ কেতিয়াও নিজৰ চকু আঁতৰাই নিনিয়ে,প্ৰত্যেক বাৰেই মইহে আঁতৰি আহোঁ।
মিটিং শেষ কৰি মোবাইলটো চালো।
“You can not avail the cab facility until your address verification is completed. Your request has been rejected”
নটা বাজিল।অফিচৰ কেব নাপাওঁ।ইফালে মিটিং শেষ কৰি সৱ ওলাই গৈছে।বাকী আছো কেৱল মই,অনিৰুদ্ধ আৰু সুভাষিণী।ইতিমধ্যে সুভাষিণীৰ স্বামী আহি বাহিৰত ৰৈ আছে তেওঁক নিবলৈ।মোক Ola বা Uber এখন বুক কৰিবলৈ কৈ তেওঁ গুচি গল।বাহিৰত কিনকিনিয়া বৰষুণ।এখনো কেব পাবলৈ নাই।বহুত দেৰি ৰৈ ৰৈ এখন পালো।ৱেইটিং টাইম ২৫ মিনিট।
উফ্।
বেগটো সামৰিবলৈ নিজৰ ঠাইলৈ আহিলো।অনিৰুদ্ধ অলপ আচৰিত হ’ল।ঘড়ীটো চালে।একো নকলে।
বেগটো লৈ আহিবলৈ লওঁতে তেওঁ নিজৰ ঠাইৰ পৰা উঠিল।
:I will drop you.
:I booked cab.
:Its raining, no cab will come inside the tech park. It will get cancelled.
কি কুফা মানুহ ৰে!
কোৱাৰ লগে লগে ফোনটো চাইছো,সঁচাকৈয়ে cancelled.
:Follow me.
(আগলৈ)
😍
LikeLike
It’s amazing
LikeLike
I was waiting for this.
LikeLike
আকৰ্ষণীয় হৈ গৈ আছে লাহে লাহে 👌
LikeLike
Iman hunkale hakh hoi
jai parhi monai nabhare.Bahut baya lagise montu iman hunkale hakh hoi gol🥺😭😭😭😭
LikeLike
পঢ়ি বহুত ভাল লাগে আপোনাৰ লেখা।
LikeLike
Interesting
LikeLike
সোমাই গৈছো ক্ৰমশঃ
LikeLike
Its a fab story
LikeLike
Thanks for the new pist.I think we are on the verge of getting inside the real story.I am a student of class 10.I really enjoy your work.I hope you would present us more interesting stories like AABIR and JEC.
Thank you very much.
LikeLike
Apunaloi atia o xei ake mrm ru xuvakamona thkil baa…❤️akow pohibo plo kiba ata…vl lgise
LikeLike