অনিচ্ছাসত্তেও অনিৰুদ্ধৰ পিছে পিছে খোজ ললো।প্ৰায় চাৰে ন বাজিবৰ হওঁ হওঁ।ইমান দেৰিকৈ বাছত যাবলৈও ভাল নালাগে।তাতে ৰাতিপুৱাৰ ঘটনাটো মূৰৰ পৰা আঁতৰাই নাই।গতিকে তৰ্ক কৰি লাভ নাই।
লিফ্টত সোমাই যিমান পাৰি তেওঁৰ পৰা আঁতৰি থিয় হলো।
:ইমান দেৰিকৈ ৰূমত ডিনাৰ থাকিব নে?
খোৱাৰ কথা ভবাই নাছিলো।ভোক লাগিছে।কিন্তু দহ বজাৰ পাছত কীটছেন বন্ধ কৰিব। মেগী বা বিস্কুট কিবা এটা খাম আৰু।
:থাকিব চাগে।
:নতুন ৰেষ্টুৰেণ্ট এখন খুলিছে ওচৰতে।Reviews are really good.
নিজে খালেই হ’ল।মই কি খাম সেইটো লৈ চিন্তা কৰাৰ কি প্ৰয়োজন তেওঁৰ।
:মোৰ বাহিৰত খাবলৈ ইচ্ছা আৰু পইচা এটাও নাই।
লিফ্ট খন ইতিমধ্যে basement পালেহি।অনিৰুদ্ধই আৰু কথা নুলিয়ালে।শাৰী শাৰী কৈ পার্ক কৰি থোৱা গাড়ী বোৰৰ মাজে মাজে তেওঁৰ পাছে পাছে মাত্ৰ গৈ আছো।এখন কলা ৰঙৰ SUV ৰ ওচৰত তেওঁ ৰ’ল।আনলক কৰি অলপ আগবাঢ়িল।মই সেইখিনিতে ৰ’লো।গাড়ীখন উলিয়াই নি অলপ আগত ৰখাই তেওঁ নামি আহিল।আনফালৰ সন্মুখৰ দৰ্জাখন মোৰ কাৰণে খুলি ৰৈ থাকিল।
বেগটো মোৰ পৰা লৈ পিছৰ ছিটত থলে।
এখেতে মানে অলপ বেছিয়েই gentleman দেখাব যায়।
মই বহাৰ পাছত দৰ্জাখন বন্ধ কৰি তেওঁ ড্ৰাইভিং ছিটত বহিল।
: seat belt please.
:
নাজানোহে যেনিবা।ভাবিছে চাগে কেতিয়াও গাড়ীত উঠি পোৱা নাই বুলি।
:sorry. সদায় বাছত ট্ৰেভেল কৰা মানুহ যে, অভ্যাস নাই।
কথাটো তেওঁক কটাক্ষ কৰি যে কৈছো বুজি পালে।অলপ সময় মনে মনে থাকিল।বৰষুণৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণৰূপে জাম লাগি আছে।অন্ততঃ আৰু এক ঘণ্টা লাগিব ৰূম পাবলৈ।কাইলৈৰ পৰা যিমানেই দেৰি নহওক কিয় আয়ু নাইবা হিবাক ৰখাই থমেই।ফোনটো উলিয়াই আয়ুলৈ ফোন কৰিলো।ইমান দেৰিকৈ এনেকৈ অহাৰ কাৰণে,তাক ফোন কৰি মাতি নিদিয়াৰ কাৰণে এসোপামান বকিলে।মনে মনে শুনি আছো। কিনো ক’ম। মোৰ গাত ভুল থাকিলে শুনিবই লাগিব। বকি বকি ফোনটো কাটি দিলে আয়ুয়ে।
ৰক্ষা।
অনিৰুদ্ধই খুব কম ভলিউমত গান লগাইছে।
“My life is brilliant
My love is pure
I saw an angel
Of that I’m sure”
জেমছ ব্লান্টৰ “You are beautiful” গীতটো বাজি উঠিল।
মন কৰিলো অনিৰুদ্ধই ৰাষ্টাতকৈ বেছি আঁৰ চকুৰে বাৰে বাৰে মোৰ ফালে চাই থাকে।
:I feel suffocation in AC. গ্লাছ খুলিব পাৰি নেকি?
:As you wish mam.
এ চি বন্ধ কৰি গ্লাছ খুলি দিলে।পাতলীয়া বতাহজাকে চুই গ’ল।দিনটোৰ অৱসাদে হেঁচা মাৰি ধৰিছে।মূৰটো অলপ অলপ বিষাইছেও।তাতে চুলিখিনি দিনৰ দিনটো টানি টানি বান্ধি থওঁ, আৰু বেছি বিষাই সেইকাৰণে।ক্লাট্চ ডাল খুলি দিলো।মূৰটো বহুত পাতল লাগিল।চকু কেইটা মুদি দিবলৈ মন গৈছে।কিন্তু অলপ বেছিয়েই হৈ যাব।ইমান বিশ্বাস কৰিব নোৱাৰি কাকো।সাৰে থকাই ভাল।
বতাহত চুলিখিনি যেনি তেনি উৰিছে। দীঘলো হৈছে বহুত। দৰমহা আহিলেই কাটিব লাগিব।
:Strawberry and mint, right?
অনিৰুদ্ধৰ প্ৰশ্নত থতমত খালো। মই সদায় হাৰ্বেল এছেন্ছৰ Strawberry and Sweet mint Shampoo ব্যৱহাৰ কৰো। গোন্ধটো ভাল পাওঁ। কিন্তু অনিৰুদ্ধই তেনেকৈ কৈ দিয়াত ভীষণ লাজ পালো।
মই তেওঁৰ ফালে চোৱাত দীঘলকৈ উশাহটো টানি আগলৈ চালে।
অনিৰুদ্ধৰ ওঁঠৰ কোণত হাঁহি এটি ফুটি উঠিল। অৰ্থ বুজা টান। মন কৰিলো তেওঁৰ চকু কেইটা হাঁহি দিলে তিৰবিৰাই উঠে।
কি যে ভাবি আছো নহয়!!
:বৰষুণ ভাল পোৱা?
এইটো আকৌ কেনেকুৱা প্ৰশ্ন।
:নাপাওঁ।
:কিয়?
:ৰাস্তাবোৰ গেলি যায়, ট্ৰেফিক বাঢ়ি যায়, কাপোৰ নুশুকায়, মোবাইলৰ নেটৱৰ্ক বেয়া হয়।আৰু কাৰণ লাগিব?
:নাই নাই।Enough.
অনিৰুদ্ধই হাঁহিছে মোৰ উত্তৰ শুনি।হাঁহিব লগীয়া কি আছে বুজি নাপালো।এতিয়াতো আৰু বৰষুণ দিলে চুৰ্ণী এখন লৈ নাচি নাচি তিতিব পৰাকৈ মই সৰু হৈ থকা নাই।
বৰষুণ ভাল পোৱা দিনবোৰ পুৰণি হ’ল।
মন ভাল লগা দিনবোৰ অচিনাকি হ’ল।
বৰষুণ বুলি কলে পাগল আছিলো সৰুতে।দৌৰ মাৰো আয়ুহঁতৰ ঘৰলৈ।আয়ুৰ মাক মোৰ বাবে মৰমৰ এখন নৈৰ দৰে আছিল।আয়ুৰ প্ৰতি যিমান মৰম, মোলৈও সিমানেই।আয়ু ঘৰৰ সৰু।তাৰ বায়েক জুৰি বা আৰু অপূৰ্ব দাদা আমাতকৈ বহুত ডাঙৰ।বৰষুণ দিলে খুড়ীয়ে নিমখ দি লিকটা পিঠা বনায়।মোলৈ থৈ দিয়ে।ঘৰৰ গৰুৰ গাখীৰৰ লগত খাওঁ।জুৰি বাই চুলি বান্ধি ফোট দি সজাই দিয়ে।অপূৰ্ব দাদাইহে দুইটাকে অংক পাতি দিয়ে কৰিবলৈ।মই নিজৰ কেইটা কৰি আকৌ আয়ুৰ কেইটাও কৰি দিওঁ।তাৰ বিনিময়ত আয়ুয়ে মোক তাৰ ভাগৰ তেঁতেলি পেকেটৰ আধা দিয়ে।
মই হেনো আগতে পৰীৰ দৰে ধুনীয়া আছিলো।
আয়ুৰ মাকে মাতে “গোসাঁনী”।
জুৰি বা আৰু অপূৰ্ব দাদাই “মাজু ভনী”।
আয়ুৰ দেউতাকেহে বৰ বেছিকৈ নামাতে।দেউতাৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক নাছিল।সেইবাবে মোকো বেয়া পাইছিল।
মোক বেয়া পাবলগীয়া কি আছিল তেতিয়া বুজাই নাছিলো।
হঠাৎ ব্ৰেক মাৰি দিয়াত উচপ খাই উঠিলো।ল’ৰা এটাই স্কুটি এখন লৈ আগেৰে পাৰ হব খুজিছিল।কোনোমতেহে বাচিছে।হাউলি যাওঁতে খুলি থোৱা চুলি খিনি অনিৰুদ্ধৰ হাতত লাগিল।
মূৰ তুলি চালো।অনিৰুদ্ধই সেই একেই চাৱনিৰে চাই আছে।
:Sorry.
মাতটো যেনেতেনে হে ওলাইছে।কিয় মোৰ এনেকুৱা হৈছে???
মেইন ৰোডৰ জাম এৰি অনিৰুদ্ধই চাৰ্ভিচ ৰোড ল’লে। অলপ দীঘলীয়া হ’ব কিন্তু ট্ৰেফিক বহুত কম। মইও মোবাইলত মেপখন উলিয়াই চাই আছো। ভৰষা মোৰ কাৰো ওপৰতেই নাই। অলপ সময় যোৱাৰ পাছত অনিৰুদ্ধই মিউজিক বন্ধ কৰি দিলে। মই তেতিয়াও বাহিৰলৈকে চাই আহিছো।
:তোমাক কিবা এটা সুধো নে?
কি সুধিব খুজিছে?অথনিৰ ফটোখনৰ কথা সুধিলে কি কম মই!
:কি?
:Is there any reason you lied to me in the morning?
এইবাৰ অনিৰুদ্ধই গাড়ী খন ৰখাই দিলে। মোৰ ফালে চাই আছে। কি উত্তৰ দিম মই। কিয় মোৰ পিছত পৰি আছে এনেকৈ। মোৰ জীৱনৰ আন্ধাৰ দিনবোৰ কিয় খুচৰিব খুজিছে।
:That’s too personal to share. And I didnt lie to you.
:I know, I am sorry. But you can trust me Ananya.
:I don’t even trust myself.
মোৰ উত্তৰ তেওঁৰ ভাল নালাগিল। অলপ সময় মোৰ ফালে চাই অনিৰুদ্ধই গাড়ী আকৌ ষ্টাৰ্ট দিলে। এইবাৰ তেওঁ আগতকৈ বহুত বেছি স্পীডত চলাইছে। ভালেই হৈছে। যিমান সোনকালে ৰূম পাওঁ সিমানেই ভাল। মই আৰু বেছি দেৰি অনিৰুদ্ধৰ লগত থাকিব নিবিচাৰো। পিজিৰ ওচৰৰ ৰাস্তাটো অনিৰুদ্ধই চিনি নাপায়। ময়েই দেখুৱাই দিলো। ঠেক গলিটোৰ সন্মুখতে এখন পানী অনা গাড়ী ৰখাই থৈছে।অনিৰুদ্ধৰ গাড়ী নোসোমায়।
:এইখনিৰপৰা মই খোজকাঢ়ি যাম।
:মইও আহিছো লগত, পাৰ্ক কৰি লওঁ।
:পাৰিম মই অকলে।
: It’s 10:30 Ananya, let me come with you please.
ৰাস্তাটো পোহৰ যদিও নতুন বাবে অলপ অসহজ লাগে। গতিকে একো নকলো।গাড়ীৰ পৰা নমাই বেগটো মোৰ হাতত দি অনিৰুদ্ধই কাষে কাষে খোজ ল’লে। আমাৰ বাহিৰে আৰু কোনো নাই গলিটোত।
:আমি প্রায় ডেৰ ঘণ্টা সময় একেলগে থাকিলো। আৰু তুমি মাত্র মোৰ কথাৰ উত্তৰ হে দিলা। You didn’t ask me anything.You dont like to talk?
:Nope.
:Aah, this “Nope” gonna kill me someday.
একো নকলো। মোৰ পিজিৰ গেইটৰ সন্মুখ পালোহি।
:Thanks a lot. That’s my room. Good night Anirudh.
ভদ্ৰতা মইয়ো জানো। অনিৰুদ্ধক ধন্যবাদ জনোৱাৰ দৰকাৰ আছিল। সেইবাবেই ক’লো।
:It’s definitely a very good night. Thanks for trusting me.
এতিয়াহে ভাবিলো কি বিশ্বাসত মই অনিৰুদ্ধৰ লগত এনেকৈ গুচি আহিলো। আয়ুৰ বাহিৰে কাকোৱেই চোন আজিলৈকে ইমান কাষ চাপিব দিয়া নাই।
আজি এনেকুৱা কি হ’ল যে মই …
উফ্।
গেইটখন খুলি সোমাই আহিলো। অনিৰুদ্ধ তেতিয়াও ৰৈয়ে আছে। ঘূৰি নাচালো। ৰূমলৈ সোমাই আহি খিৰিকীৰে চালো। তেওঁ নাই।
হিবাই ৰূমত ভাত আনি ঢাকি থৈছে। মোলৈ তাইৰ মৰম আছে। বৰ সৰল ছোৱালী জনী।
ফোনত মাকৰ লগত কথা পাতি থকাৰ পৰাই মোক চকু পকাই ভাত খাবলৈ ক’লে। ফ্ৰেচ হৈ আহি খোৱাৰ আগতে আয়ুলৈ মেছেজ কৰোঁ বুলি ফোনটো চালো।
Unknown নাম্বাৰৰ মেছেজ। একো লিখা নাই। মাত্ৰ এখন ফটো।
খুলি চালো।
গাড়ীৰ চিটত মোৰ চুলিত মৰা ক্লাট্ছ ডাল থাকি আহিল।
আৰু তাকে ফটো উঠাই মোলৈ পঠাই দিছে।
নিজৰ মূৰটো ৱালত মাৰি দিব মন গ’ল।
(আগলৈ)
সদায় আগ্ৰহেৰে ৰৈ থাকো আবিৰ পঢ়িবলৈ।আজিও ৰৈ আছিলো।আবিৰ পঢ়ি খুওব ভাল লাগিছে বা।
LikeLike
👌👌🙏
LikeLike
❤️
LikeLike
DhuNia lagil…
LikeLike
❤️❤️❤️
LikeLike
😍😍😍
LikeLike
The character of Ananya attracts me much more than Astha. I don’t know you personally,but I want to see you once to fimd what is hidden in you so that you can write this type of strong stories. Keep it up. Ananya is my favourite character because I also become the careless,fearless girl day by day having a lot of bad experiences from people. Btw,my parents are not like of Ananya,they are my life.
All the best
LikeLike
Alap dari hol parhatu kintu kahinituye mur hridoy sui goise.Ananya character tu mur bahut bhal lagise❤️
LikeLike
Bor dhuniya hoise baa,❤❤
LikeLike
ভাল লাগিছে ❤
LikeLike
I eagerly wait for the next episode please try to post it soon. Heartfelt request from a reader 🙏🙏🙏
LikeLike
Next partu kiya upload nai kora baa roi asu parhibaloi kalire pora😟
LikeLike
Baa next part tu ketia ke pohibo pam baru… I’m eagerly waiting for it to read💯♥️♥️❣️
LikeLike
Indranee baa, aabir r next part to porhibo Karne roi asu
LikeLike
এতিয়া কথা হ’ল মই গোটেই খণ্ড কেইটা নোলোৱা লৈকে আৰম্ভ নকৰো বুলি ভাবিছিলোঁ। মানুহ জনীৰ কৃপাত পঢ়িলোঁ.. খুবেই ভাল লাগিছে। কিন্তু এতিয়া কি হব কি হব ভাবটোৱে অশান্তি এটা কৰিব নহয়.. সোনকালে দিব বুলি আশা ৰাখিলো..
LikeLike
waiting
LikeLike
বৰষুণ ভাল পোৱা দিনবোৰ পুৰণি হ’ল।
মন ভাল লগা দিনবোৰ অচিনাকি হ’ল।
LikeLike