অনিৰুদ্ধৰ সৈতে এটি সন্ধিয়া যথেষ্ট আছিল।মোক আকৌ এবাৰ জোকাৰি যাবলৈ।তেওঁৰ গাড়ীত এৰি অহা clip ডাল, ফটোখন আৰু অনিৰুদ্ধৰ চকুৰ তিৰবিৰাই থকা উজ্জলতাই মোক তেওঁৰ পৰা আঁতৰি থাকিবলৈ কৈ গল।কাৰোবাৰ অহেতুক আত্মীয়তা মোৰ ভাল নালাগে।
মানুহৰ পৰা আঁতৰি থকাটো মোৰ দুৰ্বলতা নহয়, সেইয়া মোৰ জেদ। আৰু এই পৃথিৱীত মই সকলোতকৈ বেছি ভাল পোৱা বস্তুটোৱেই হৈছে মোৰ জেদ।জেদ নোহোৱা হলে মই চাগে কেতিয়াবাই শেষ হৈ গলোহেতেন।নাইবা জীৱনটো এনেকুৱা নহ’লহেতেন।
আজি প্ৰায় এক সপ্তাহ মই অনিৰুদ্ধৰ পৰা যিমান পাৰোঁ নিজকে আঁতৰাই ৰাখিছো।তেওঁ অহাৰ আগতেই অফিচ পাবলৈ চেষ্টা কৰোঁ।নিজৰ ঠাইত নবহি সুভাষিণীৰ কাষত বহি কাম শিকো।ইটো সিটো কথাৰ অজুহাত লৈ অনিৰুদ্ধ আমাৰ ওচৰলৈ আহে, সুভাষিণীৰ লগত কথা পাতে।মই মূৰ তুলি নাচাও।হতাশ হৈ আঁতৰি যায়।
কিন্তু সন্ধিয়া টিম মিটিঙৰ সময়ত মই তেওঁৰ পৰা পলাই ফুৰিব নোৱাৰোঁ।মই জানো তেওঁ মোলৈকে চাই থাকে, কিন্তু কোনোদিন সেইফালে নাচাওঁ।
কিবা যেন অঘোষিত এক প্ৰতিযোগিতা আমাৰ মাজত।চকুৰ চাৱনিতেই সোধা হৈ যায় বহু প্ৰশ্ন, উত্তৰ নাথাকে। এই প্ৰশ্নবোৰ শব্দ হৈ মোৰ ওচৰলৈ আহে বুলিয়েই মিটিং শেষ হোৱাৰ সময়লৈকে ৰখাই থওঁ আয়ুক নাইবা হিবাক।অনিৰুদ্ধই মোক ইচ্ছা কৰিও একো ক’ব নোৱাৰে।মই কিয় এনেকৈ পলাই ফুৰিছো সুধিব খুজিও সুধিব নোৱাৰে।
কেতিয়াবা মই খৰধৰকৈ আয়ুৰ লগত ওলাই আহোঁতে লগতে ওলাই আহে, একো নকয়, মাথোঁ এনেকৈ চাই থাকে যেন তেওঁৰ খুব মৰমৰ কিবা এটা মই কাঢ়ি আনিছো।
বিৰক্তিকৰ সেই জেদ, সেই অভিমান।
দুদিনৰ চিনাকিত মানুহ কাৰো আপোন হ’ব নোৱাৰে।মইতো হ’বই নোৱাৰোঁ।
নিজৰ মা, দেউতা কাৰোৰে মই আপোন নহয়।
আয়ুয়েও মোক পুতৌ কৰে মই জানো, মোৰ লগত থাকি চাগে তাৰো ভাল নালাগে।কিন্তু শৈশৱৰ বন্ধু বুলি সি মোক এৰি যাবও নোৱাৰে। মই বুজি পাওঁ, সকলো বুজি পাওঁ, মৰি মৰি জী থকা মানুহৰ সংগ কোনেও ভাল পাব নোৱাৰে। মাত্র বুজি নাপাওঁ অনিৰুদ্ধই কিয় এনেকুৱা কৰে?
হয়তো মোৰ জীৱনৰ বিষয়ে জানি টানিয়াৰ লগত মুখৰোচক আলোচনা কৰিবলৈকে তেওঁ মোৰ কাষ চাপিব খুজিছে।
কথাবোৰ ভাবিলে উত্তৰ নাপাওঁ, খং আৰু বিৰক্তি হে বাঢ়ি বাঢ়ি গৈ থাকে।দিনবোৰ তেনেকৈয়ে পাৰ কৰিছো।
দুদিন পাছত গণেশ পূজা।অসমৰ দুৰ্গা পূজাৰ নিচিনাকৈ ইয়াত গণেশ বাবাৰ পূজা হয় ।প্ৰায় চাৰি পাছদিন চলে এই উৎসৱ।এইবাৰ তাতে শুক্ৰবাৰ পৰাৰ কাৰণে শনিবাৰ আৰু দেওবাৰ মিলাই তিনিদিনৰ দীঘলীয়া বন্ধ। কাইলৈ সকলোৱে পৰম্পৰাগত সাজ পাৰ পিন্ধি আহিব লাগিব বুলি এক সপ্তাহৰ আগতেই মেইল আহিছিল।
লগতে আবেলি 8 বজাৰ পৰা ৫ বজালৈকে সাংস্কৃতিক অনুষ্ঠান থাকিব।কোনোবাই গান গাব, কোনোবাই নাচিব। নতুনকৈ জইন কৰা সকলোৱে নিজৰ নিজৰ প্ৰতিভা দেখুৱাব লাগিব। বাধ্যতা মূলক। এইকেইদিন অকল সেইবোৰেই আলোচনা হৈ আছে।ইভেন্টটোৰ সমস্ত দায়িত্ব টানিয়াৰ।
এংকৰিং কৰাৰ লগতে ডান্স কৰিব বুলিও এইকেইদিন সকলোকে জনাই আছে।
মই কি কৰিম বুলি বাৰে বাৰে সুধিবলৈ আহে, আৰু প্ৰত্যেক বাৰেই মই একেটাই উত্তৰ দিওঁ যে মোৰ একো প্ৰতিভা নাই গতিকে মই একো নকৰোঁ। চেলাউৰি কোচা বিশেষ এটা ভংগীমাত কোচাই টানিয়া আঁতৰি যায়।
বিৰক্ত হয়, আৰু সেইয়া চাই মোৰ ভাল লাগে।
সুভাষিণীৰ কিউবিকেলৰ আনটো ফালেই টানিয়া বহে।আহি পায়েই বেগটো থৈ অনিৰুদ্ধৰ ওচৰলৈ যায়।দুয়ো ওলাই গৈ কফি আনে।তাৰ পিছত টানিয়া অনিৰুদ্ধৰ ডেস্ক খনৰ ওপৰত বহি বলিউডৰ পৰা আৰম্ভ কৰি নিজৰ লেটেষ্ট ছপিং ডিটেইল সৱ ডিচকাছ কৰে।অনিৰুদ্ধই নিজৰ ফালৰ পৰা একো নকয়।শুনি থাকে।কেতিয়াবা কাম আছে বুলি কৈ পঠিয়াই দিয়ে।
আজিও একেই। কাইলৈৰ ইভেন্টটো লৈ টানিয়াৰ কি কি পৰিকল্পনা সেইবোৰেই আলোচনা। লগতে অনিৰুদ্ধক জোৰ কৰি আছে আহোঁতে পিক্ কৰি আনিবলৈ। শাড়ী পিন্ধি কেবত অহাৰ ইচ্ছা নাই হেনো।
সোনকালে আহি সুভাষিণীৰ কাৰণে ৰৈ ৰৈ আমনি লাগিছে, তাতে এইবোৰ শুনি শুনি কাণ বিষাই গৈছে।চাহ খাবলৈ আজিকালি সদায় সুভাষিণীৰ লগতে যাওঁ।কেতিয়াবা আমাৰ লগতে কৃতিকা যায়।আমাৰ টিমৰে ছোৱালী।হাইদৰাবাদত ঘৰ।বেছি কথা নকয় যদিও হাঁহিমুখীয়া ।
মোৰ বয়সৰে ছোৱালী। অহা মাহত তাইৰ বিয়া।সকলোৱে সেইবাবে জোকাই থাকে।অনিৰুদ্ধই “bride to be” বুলি সম্বোধন কৰে, কাম কমকৈ দিয়ে।বিয়াৰ বজাৰ কৰিবলৈ সময় দিছে হেনো।
টিম লিডৰ দায়িত্ব ধুনীয়াকৈ পালন কৰিছে অনিৰুদ্ধই,সেইবাবেই সকলোৰে ফেভাৰিট,মোৰ বাহিৰে।
আমনি লাগিছে।চাহ এক কাপ খাওঁ বুলি কেফেটেৰিয়াৰ ফালে খোজ ললো।মই উঠাৰ লগে লগে অনিৰুদ্ধ ল’ৰালৰিকৈ নিজৰ ছিটৰপৰা উঠি আহিল।আওকাণ কৰিবলৈকে কাণত হেডফোন লগাই খৰকৈ খোজ ল’লো।
:ভাইয়া,এক কাপ ছাই, ইলাইছিৱালা।প্লিজ অদৰক্ মত্ ডালিয়েগা।
:Make it two. Same choice.
অনিৰুদ্ধ আহি কাষতে ৰলহি।
সেই বিশেষ সুগন্ধি বতাহত বিয়পি পৰিল।
:পৰ আপ্ ত’ কফি পিতে হেই না ছাৰ?
:আজকল ছাই পছন্দ হে।
লাইন মাৰিবলৈ আৰু মানুহ নাপালে।এইমাত্ৰ টানিয়াৰ লগত কফি খাই গৈছে।আকৌ এতিয়া চাহ খাবৰ হ’ল।ইমান মিছা কথা কেনেকৈ ক’ব পাৰে মানুহে।
টানিয়াৰ ফেক্ ডিম্পলটোৰ নিচিনাই ফেক্। দুইটা খুব মিলে সেইকাৰণে।
নিজৰ চাহ কাপ লৈ আঁতৰি আহিলো।অনিৰুদ্ধই মাথোঁ কাষেৰে পাৰ হৈ যাওঁতে কৈ গ’ল
“I am just waiting for tomorrow.”
প্ৰথমে বুজি পোৱা নাছিলো। পিছত বুজি পাই নিজৰে হাঁহি উঠিলে। ভাবিছে চাগে মইও টানিয়াৰ নিচিনাকৈ শাৰী পিন্ধি আহি চিধাই তেওঁৰ ওচৰলৈ গৈ দেখুৱাম।
‘চোৱা মোক কিমান ধুনীয়া লাগিছে’।
অনিৰুদ্ধই complement দিব, আৰু মই ফুলি যাম। নিজকে যে কি বুলি ভাবে নহয়! ঘূৰি আহি সুভাষিণীক দেখি সকাহ পালো। দিনটো ভালকৈ পাৰ কৰিব পাৰিম,অনিৰুদ্ধৰ পৰা আঁতৰি থাকিব পাৰিম।
অফিচৰ পৰা আহি ৰূমত সোমাই আচৰিত হ’লো। ধুনীয়া নীলা শাৰী এখন পিন্ধি হিবা বহি আছে। ভালকৈ পিন্ধিব জনা নাই। কিন্তু ৰংটোৱে তাইক একেবাৰে পৰী জনীৰ নিচিনা লাগিছে।
মোক দেখি সৰু ছোৱালীৰ নিচিনাকৈ মুখখন sad smiley টোৰ নিচিনা কৰি দেখুৱালে। কাইলৈ শাৰী পিন্ধিবলৈ এতিয়াৰ পৰাই প্ৰেক্টিছ। বিচনাৰ ওপৰত কাপোৰৰ দ’ম।ওপৰতে এটা খুব ধুনীয়া জৰী কাম কৰা মেৰুণ কালাৰৰ হাত দীঘল আনাৰকলি কূৰ্টা।
পিঠিৰ বেগটো বিচনাতে থৈ হিবাক শাৰী পিন্ধাবলৈ লাগিলো। তাই হাত দুখন ওপৰলৈ কৰি ৰৈ আছে।
পিন্ধাই থাকোঁতে জুৰি বালৈ মনত পৰিল।
ময়োতো এনেকৈয়ে ৰৈ থাকিছিলো।
মেখেলা চাদৰ পিন্ধি ময়োতো কইনা হৈছিলো।
আৰু দৰা কোন বুলি ক’লে “আয়ু” বুলি কৈ লাজ কৰিছিলো।
জুৰি বা আৰু খুৰীয়ে মোৰ ৰঙা পৰা ফুলা ফুলা গাল দুখনত চুমা আকি দিছিল, একোলা লৈছিল।
তলত বহি শাৰীৰ কোচ দি থকা মই উঠিব নোৱাৰা হ’লো। চকু কেইটা পুৰিছে। পানী ওলাই গ’লেই শেষ।
হিবাৰ ফুৰ্তি খিনি মই চাব বিচাৰো, মোৰ দুখবোৰে কাৰোকে দুখী কৰাটো মই নিবিচাৰো।
:হৈ গ’ল। You look perfect Hiba.
:Thank you Annuu, and this is for you.
বিচনাত থকা ধুনীয়া কুৰ্টা টো মোৰ হাতত তুলি দিলে হিবাই।
তাই হেনো মই কি পিন্ধিম তাকে ভাবি আছিল, মই নিজে যে একো নকৰোঁ তাই জানে। আৰু কাইলৈ সকলো ধুনীয়াকৈ আহিলে মই বেয়াকৈ গ’লে তাইৰ খুব বেয়া লাগিব। সেইবাবে নিজৰ সৱতকৈ ধুনীয়া কুৰ্টাটো মোক দিছে।
কুৰ্টা টো হাতত লওঁতে বাধা দি ৰখা পানীখিনি ওলাই আহিল।
হিবাই আচৰিত হৈ চাই থাকিল।
আৰু মই জুৰি বাক ধৰাৰ দৰে তাইক আকোঁৱালি ধৰিলো।
(আগলৈ)
Just wow 😍
LikeLike
Just wow 😍
LikeLike
Iman dinar murat parhisu montu
shanti lagi gol 😌
LikeLike
পৰৱৰ্তী খণ্ডলৈ অপেক্ষা থাকিল…💛
LikeLike
Wow loved it ❤️
LikeLike