#আবিৰ খণ্ড (১১)


খিৰিকীৰ পৰ্দাখন আঁতৰাই এবাৰ বাহিৰলৈ চালো।
আকাশ খন আজি গোমা।
আবেলিলৈ বৰষুণ দিব চাগে।
আজিকালি দৌৰিবলৈ নাযাওঁ, ৰুমতেই যি পাৰো basic workout খিনি কৰি লওঁ। আজি কিন্তু সেইবোৰ একোৱেই নহ’ল। হিবাই ছটা বজাতে উঠি মোকো উঠাই দিলে। ভাল বিহু লাগিছে মানে। তললৈ গৈ গৰম পানী আনি ৰূমতে গ্ৰীণ টি বনাই মোকো দিলে। চাই হে আছো মই। গোটেইজনী ক’ব নোৱাৰা হৈ আছে।বিচনাত কাপোৰ ,মেকআপৰ বস্তু গোটেইখিনি মেলি লৈছে।গা ধুবলৈ যাওঁতেও মোক আকৌ নুশুবলৈ কৈ থৈ গ’ল। আৰু কিবাকিবি কৈ আছিলে, মইহে টোপনিয়াই থাকোঁতে একো নুশুনিলো।
তাই বাথৰূমত সোমোৱালৈহে ৰৈ আছিলো। ব্লেংকেট খন টানি আকৌ শুই থাকিলো। কিমান দেৰি শুলো গমেই নাপালো।
মোবাইলৰ নটিফিকেশন শুনি খকমকাই উঠিলো। ৮ বাজিবৰ হ’ল। হিবাই নিজৰ মেকআপ খিনি কৰি হাতত শাড়ী খন লৈ মুখ খন ফুলাই বহি আছে। খং উঠিলেও একো নহয় তাই,গালি পাৰিব নাজানেই চাগে।
:What the ..!!shit.Sorry Sorry.
টাৱেলখন লৈ দৌৰি দৌৰি বাথৰূমত সোমালো। চুলিত কালি তাইয়ে তেল লগাই দিছিল। ধুব লাগিব। মিনিমাম আধা ঘন্টা লাগিব। হিবাই যিহেতু গান গাব গতিকে তাইৰ ইন্সট্ৰোমেন্টৰ লগত প্ৰেক্টিছ কৰিবলৈও আছে। নিজৰ ওপৰতে খং উঠিল। কেবখন সময়ত নাপালে বহুত দেৰি হৈ যাব। ল’ৰালৰিকৈ গা ধুই ওলাই আহিলো। তিতা চুলিখিনিত টাৱেলখন মেৰিয়াইযিমান পাৰোঁ খৰধৰকৈ হিবাক শাড়ী পিন্ধাবলৈ লাগিলো। তাই মনে মনে ৰৈ আছে।মই যেনেকৈ ঘুৰিবলৈ কৈছো কৰি আছে।
:Done.Hiba, you start, I will come late.
গোটেইজনী একেবাৰে জ্বলি পকি উঠিল। মোক লগত লৈ হে যাব। মোক বিচনাত বহুৱাই ৰূমলৈ আনি থোৱা ব্ৰেকফাষ্টৰ প্লেটখন আগবঢ়াই দিলে। ইদলি আৰু নাৰিকলৰ ছাটনি। চকু কেইটা টেলেকা কৰি খাবলৈ দেখুৱালে।
মই খাওঁ মানে তাই হেয়াৰ ড্ৰায়াৰ লৈ মোৰ চুলি শুকুৱাবলৈ লাগিল।
:Strawberry and mint, right??
চৰ্চণি খাই গ’লো।
অনিৰুদ্ধৰ ওঁঠৰ কোণৰ হাঁহিটোলৈ মনত পৰি গল।
খাই উঠি হিবাৰ কূৰ্টাটো পিন্ধিবলৈ লৈ ৰৈ গ’লো। ইমান জাকজমক কাপোৰ মই নিপিন্ধোৱেই। মোৰ প্ৰায়বোৰ কাপোৰ ক’লা নাইবা গ্ৰে কালাৰৰ। কিন্তু হিবাই এইটো মোক বহুত মৰমত দিছে। গতিকে মানা কৰাৰ প্ৰশ্নই নুঠে,পিন্ধিলো।
এইবাৰ তাই তাইৰ মেকআপৰ বস্ত উলিয়াই আনিলে।
:No Way. I am not gonna wear makeup. No no.
তাৰ পাছত এখন যুদ্ধ। হাজাৰ তৰ্ক বিতর্কৰ পাছত ফাউন্ডেশন, কাজল আৰু পাতল গোলপীয়া লিপ কালাৰত দুয়োজনী ৰাজী হ’লো। বাকীবোৰ সামৰি থওঁতে তাই ভোৰভোৰাই থাকিলে।কেৱল মেকআপ নহয়, তাইৰ কোনোবা ককায়েকে অনা gucci ৰ পাৰফিউমও সানি দিলে মোৰ গাত।সকলো কৰি, চুলিখিনও ঠিক ঠিক কৰি হোৱাৰ পাছতহে মোক আইনা চাবলৈ দিয়া হ’ল।
নিজক চাবলৈ বৰ বেছি উৎসাহ নাথাকে মোৰ আজিকালি। চাব্বিশ বছৰীয়া জীৱনত বহুবাৰ নিজক নিজৰ ওচৰত হাৰি যোৱা দেখিছো।
কোনেও নেদেখা মোৰ ভিতৰৰ মানুহ জনীক মই আইনাত দেখা পাওঁ।
ভয় লাগে,নিজক পুতৌ কৰিবলৈ মোৰ সাহস নাই।
নিজৰ চকুত চকু থৈ হেৰাই যোৱাৰ ইচ্ছা মোৰ নাই ।

মুখৰ আগত ডাঙৰ আইনাখন ধৰি এমোকোৰা হাঁহি লৈ ৰৈ আছে তাই। নিজক চোৱাৰ আগতে তাইকহে চালো।মোৰ পৰা কি শুনিব বিচাৰিছে বুজি পালো।
উজ্জ্বল ৰঙৰ হিবাক আজি নীলা শাড়ী খনেৰে পৰীৰ দৰে লাগিছে। বাহিৰে ভিতৰে ধুনীয়া তাই। সেইবাবে মোকো সজাব খুজিছে, তাইৰ দৰে।
এইবাৰ মই নিজকে ভালকৈ চালো।
হিবাৰ হাজাৰ প্ৰচেষ্টা, নতুন কাপোৰ, খুলি ৰখা চুলি ওঁঠৰ পাতল গোলপীয়া সকলোবোৰ মিলিও মোক ধুনীয়া সজাব নোৱাৰিলে..
এটি হাঁহিৰ প্ৰয়োজন আছিল।
সেই হাঁহিটো কোনেও আনি দিব নোৱাৰে, হেৰাই থাকিল,কেতিয়াবাই।
:মেইনে অচ্ছা মেকআপ কিয়া না।
: হাঁ। Thank you.
বেগ সামৰি দুইজনী খৰধৰকৈ নামি আহিলো। নটা বাজি গ’ল। হিবাৰ ফোনত বাৰে বাৰে টানিয়াই ফোন কৰি আছে।তাৰমানে অনিৰুদ্ধ আৰু টানিয়া অফিচত হাজিৰ।দেৰি হৈছে আমাৰ।দুইজনীয়ে কেব বিচাৰিবলৈ লাগিলো।মই যাব পৰিলেও হিবাই শাড়ী পিন্ধি নোৱাৰে যাব বাছত ওলমি।এইটো সময়ত কেব পাবলৈও দিগদাৰ।ৱেইটিং টাইম বহুত বেছি।উপায় নাপাই আয়ুক ফোন কৰিলো।সেইটো শুয়ে উঠা নাই।নাযাওঁ নথওঁ কৰি কৰি বিয়েৰ খাবলৈ পইচা দিম বুলি কোৱাত আহিবলৈ মান্তি হল।হিবাক তাৰ লগত পঠাই মই বাছত যাম।
অলপ সময় পাছত জপৰা চুলি আৰু ফুলা ফুলা চকুৰে আয়ু ওলালহি বসন্তী লৈ।
:তোক ছোৱালী ছোৱালী লাগিছে বে।চাফা চাফা একদম।গা ধুলি ন আজি।
:চুপ।এইক তই নমাই থৈ আহ।
তেতিয়ালৈকে হিবাই সিফালে মূৰ কৰি কেব চাই আছিলে।মই কোৱাত ঘূৰি চালে।
আৰু হিবাক দেখি এইফালে আমাৰ জনৰ মুখ মেল খাই গ’ল।মাত নাই।
:ঐ, কি বেলটোৰ নিচিনা মুখ মেলি আছ।যাবিনে কি।বিয়েৰ খুৱাম তোক।
:বিয়েৰটো ময়ে তোক খুৱাই দিম জাপৰি।যাম মানে, উৰি যাম এতিয়া।
এইটো মানে ধুনীয়া ছোৱালী এজনী দেখিলেই হ’ল।দুইটাকে চিনাকি কৰাই দিলো।আয়ুয়ে দাঁত কেইটা উলিয়াইয়ে থলে গোটেই সময়খিনি।হিবাই শাড়ী খন কোচাই পিছফালে বহিল।বেগটো মই ধৰি দিলো।
মোৰফালে এবাৰো চাবলৈ আয়ুৰ সময় নহল।উৰি গৈছে একেবাৰে।
পেটুৱা চাগে প্ৰেমতেই পৰিলে।
হাঁহি এটা আপোনা আপুনি ওলাই আহিল।
অফিচ সোমায়েই সময়টো চালো।১০ টা বাজিবৰ হল।মনতে ভাবি আহিছো অনিৰুদ্ধই নেদেখাকৈ মনে মনে শুভাষিণীৰ ওচৰলৈ যাম।এনেয়েও আজি কোনেও চাগে কাম নকৰে।গ্লাছৰ দৰ্জাখন খুলি যিমান পাৰোঁ খৰকৈ খোজ ললো।আমাৰ টিমৰ কোনো নাই।ইফালে সিফালে চাই দেখোঁ সবেই গ্রুপ হৈ ফটো মৰাত ব্যস্ত।অনিৰুদ্ধ,টানিয়া, হিবা কাৰো দেখা দেখি নাই।সুভাষিণীয়ে মোক দেখি চকুৰ ইঙ্গিতেৰে ফটো উঠাবলৈ মাতি পঠালে।বগা পাটৰ শাৰী আৰু খোপাত ফুল লগাই ধুনীয়াকৈ সাজি আহিছে সুভাষিণী।মানুহজনী মনেৰে ধুনীয়া।হাঁহি দিলে পোহৰ হৈ পৰে মুখ খন।
অনিৰুদ্ধ অহাৰ আগতে বেগটো নিজৰ ঠাইত থৈ অহাই ভাল।
কিন্তু মোৰ ডেস্কৰ ওচৰ পাওঁতে চিনাকি সুগন্ধি এটা নাকত লাগিল।অনিৰুদ্ধই ডাঙৰ speaker এটা ফিট কৰি আছে তাত।সেইখিনিৰ পৰাই উভতিলো।তেওঁ দেখা নাপালে।
উফ, ৰক্ষা।
সুভাষিণীৰ ওচৰ পালোগৈ। কৃতিকা আৰু সুভাষিণীৰ মতে মই বিন্দি এটা লগাব লাগিছিল। কৃতিকাই নিজৰ বেগৰ পৰা আনি ক’লা সৰু বিন্দি এটা লগাইহে এৰিলে। অলপ পাছত আমাক দেখি টানিয়া আহিল।নেভী ব্লু কালাৰৰ লেহেংগা ছ’লি পিন্ধিছে।লগত মিলাই নিখুঁত মেকআপ।আহিয়েই আৰম্ভ কৰি দিলে তাই আজি কিমান বেছি ব্যস্ত।শুনি আছো।আজি আহোঁতে অনিৰুদ্ধই যে তাইক পিক কৰিলে, তাইক পাৰফেক্ট বিউটি বুলি complement কৰিলে সেইয়াও কলে।লগতে দুইটাই গাড়ীৰ ভিতৰত তোলা চেল্ফি কেইখন মানো দেখুৱালে।
দুইটাৰে একদম পাভ জোৰা।তাতে আজি মিলাই পিন্ধিছে।দুয়োৰে ড্ৰেচ নেভী ব্লু।
অলপ সময় কথা পাতি সুভাষিণী আৰু কৃতিকাৰ লগত খাবলৈ ওলাই গ’লো।
অনিৰুদ্ধই নেদেখাকৈয়ে দিনটোৰ আধা গল।অলপ পাছতে Event আৰম্ভ হ’ব।আৰু তাৰ পাছত মই আৰু হিবা ঘৰলৈ যাম।আজি সন্ধিয়াৰ সৱ মিটিং cancelled।অনিৰুদ্ধৰ লগত যেন মুখামুখি নহয় ভগৱান।
তিনি বজাৰ লগে লগে ফ্ল’ৰৰ এটা অংশত সকলো গোট খালে।তাতে অলপ ওখকৈ ষ্টেজৰ নিচিনাকৈ বনাই থোৱা আছে।যিমান পাৰোঁ পিছত গৈ থিয় হৈ আছো।লগত কৃতিকা।সুভাষিণী অলপ আগত চকী এখন লৈ বহি আছে। সুৰেশৰ ৱেলকাম স্পীছৰ পাছত কালচাৰেল প্ৰগ্ৰাম আৰম্ভ কৰিলে টানিয়াই।উচ্চস্তৰত হাতচাপৰি বাজিল।ষ্টেজৰ কাষতে অনিৰুদ্ধ আৰু সুৰেশ ৰৈ আছে।নীলা ৰঙৰ পাঠানি কুৰ্টা, ব্লু জিন্স আৰু ফৰ্মেল ছু পিন্ধিছে অনিৰুদ্ধই।বাৰে বাৰে ইফালে সিফালে চাইছে।মই থকাৰ ফালে চালেই মই লুকাই দিওঁ।
কিয় ??সেইয়া মই নাজানো।
এটা এটাকৈ প্ৰগ্ৰেম আৰম্ভ হল।কোনোবাই গান গাইছে, কোনোবাই নাচিছে, beat boxing কৰিছে, mimicry কৰিছে।তাৰ মাজতে অনিৰুদ্ধক special award ও দিয়া হল।এৱাৰ্ড লোৱা সময়তো তেওঁৰ দুচকুৱে কাৰোবাক বিচাৰি থাকিল।
:And now we have a very special performance by Miss Ananya Goswami from our Business Excellence and Innovation Team.
নিজৰ নামটো শুনি কঁপি গ’লো। তাকো ঘোষণা কৰিছে সুৰেশে। মইতো একো কৰিম বুলি কোৱা নাছিলো।এনেকৈ কৈ দিয়াৰ পাছত নোযোৱাকৈ থাকিবও নোৱাৰোঁ।
ভিৰৰ মাজৰপৰা ওলাই ষ্টেজৰ ফালে খোজ ললো। অনিৰুদ্ধৰ ফালে নাচাওঁ বুলিও চাই পঠিয়ালো।
দুটি তৰা তিৰবিৰাই উঠিল।
অলপ পানী যেন বিৰিঙি আছে, ওঁঠৰ কোণৰ হাঁহিটো আন দিনাতকৈ বেছি উচ্ছল, প্ৰাণময়।

(আগলৈ)

11 thoughts on “#আবিৰ খণ্ড (১১)

  1. ধীৰে ধীৰে যেন নিজকে অনন্যা জনীৰ মাজত বিলীন কৰি পেলাইছো | বৰ ভাল লাগিল বা | পৰৱৰ্ত্তী খণ্ডবোৰলৈ অধীৰ অপেক্ষাৰে বাট চাই ৰলো |

    Like

  2. JEC naiba Aabir… Ei duikhon r vitorot ekhon k fil r roop t sabole pale bohut xukhi hom… Poroborti khondo loi agrohere bat sai asu 🤩

    Like

Leave a Reply to Mousree shrabanya Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s