ষ্টেণ্ডমাইকটোৰ ওচৰত ৰৈ ইফালে সিফালে চাইছো।কি কম ভাবিয়েই পোৱা নাই।মই সদায় আঁতৰি থাকি ভাল পাওঁ।লুকাই থাকি ভাল পাওঁ।মই কোনোদিন মঞ্চত উঠি গান গাই, নাচি বা কোনোধৰণৰ অনুষ্ঠান কৰিয়েই পোৱা নাই।সকলোতে আধৰুৱা আছিলো মই।বা আৰু মই একেলগেই নাচ গান শিকিবলৈ গৈছিলো যদিও মই সকলোবোৰ আধাতে এৰো।
ভাৰত নাট্যম শিকিলো, আধাতে এৰিলো।
শাস্ত্ৰীয় সংগীতৰ শিক্ষাও আধৰুৱা কৰিলো।
মায়ে সেইবাবে যিকোনো অনুষ্ঠানলৈ গলে বাক হে লগত লৈ গৈছিল।মই ককাৰ লগত ঘৰতে থাকিছিলো।হাতত জাপি, গামোচা আৰু ডাঙৰ ডাঙৰ পুৰস্কাৰ বুটলি বা যেতিয়া ঘৰলৈ আহিছিল, মায়ে তাই ভালপোৱা বস্তুৰে ঘৰ ভৰাই তুলিছিল।তাৰ পাছদিনা ঘৰত টি পাৰ্টি ৰাখিছিল,সকলোৰে আগত বাৰ পুৰস্কাৰ সমূহ দেখুৱাই তাইক প্ৰশংসা কৰিছিল,আৰু মই সেইবোৰ এৰি আয়ুৰ ঘৰত খুড়ীয়ে তাঁত লগোৱা চাবলৈ দৌৰ মাৰিছিলো।মাৰ খং দুগুণ বাঢ়িছিল।সেইদিনা ৰাতি মোক ৰূমত ভাত খাবলৈ নিদিয়াকৈ লক কৰি থোৱা হৈছিল।খুব কান্দিছিলো।ককাই মা দেউতাক বুজাইছিল,কাকূটি মিনতি কৰিছিল,কিন্তু লাভ একো হোৱা নাছিল।মই কান্দি কান্দি কত দিন তেনেকৈয়ে শুই থাকিছিলো।ৰাতিপুৱা তৰা নাইবা বায়ে দুৱাৰ খুলি দিয়াৰ লগে লগেই ককাৰ কোলাত উঠিছিলো।ককাই দিনটো মোক নিজৰ লগতে ৰাখিছিল।কথাবোৰ যেন ….
:Say something Ananya, it’s getting weird now.
চেপা মাতেৰে টানিয়াই কাণৰ কাষত কৈ গ’ল।
বগা বাংলোৰ বন্ধ কোঠাৰ পৰা উভটি আহিলো।
ইমান মানুহৰ মাজত থাকিও মই বন্ধ কোঠাৰ নিঃসংগতাত চটফটাই ফুৰিছো।
কি কৰিম এতিয়া মই???
এনেতে হিবা আগবাঢ়ি আহিল মোৰ ফালে।হাতত মোৰ বাঁহীটো।
এতিয়া হে বুজি পালো সকলোবোৰ।এই বাঁহী টো আয়ুৰ ওচৰত আছিল।তাৰমানে দুয়োটা একেলগে আহোঁতে এই বিষয়ে আলোচনা হ’ল আৰু আয়ুয়ে ৰূমৰ পৰা মোৰ সেইটো লৈ আনিছে।আয়ুলৈ চাওঁতে দাঁত উলিয়াই হাঁহি দেখালে।
মই ককাৰ পৰাই শিকিছিলো বাঁহী বজাবলৈ।ককাৰ বাঁহীৰ সুৰত যাদু আছিল।জনা হোৱাৰ পৰাই বজাইছিলো,কি মায়া সনা আছিল ককাৰ বাঁহীৰ ৰাগ বৃন্দাৱনী।গোঁসাই ঘৰত দলিছা পাৰি ককাৰ সমানে বহি সৰু বাঁহী এটা লৈ মইও ফু ফু কৈ কিবা কিবি বজাইছিলো।লাহে লাহে পৰিছিলো, আঙুলি বুলাবলৈ শিকিছিলো।
মায়ে লাজ পাইছিল,আঙুলি ফাটি যোৱাকৈ মাৰিছিল,ছোৱালী হৈ বাঁহী বজোৱাটো লাজৰ কথা আছিল মাৰ কাৰণে,হলেও বজাইছিলো।
বাঁহীৰ মাতত সঞ্জীৱনী থাকে, ককাৰ মৰম থাকে।
বাঁহীৰ মাত মোৰ আপোন, খুব আপোন।
ৰৈ থকা মানুহখিনি অলপ আচৰিত হোৱা যেন লাগিল।হয়তো ভাবি আছিল মই গান গাম, নাইবা নাচিম।হাতত বাঁহী টো দেখি তেওঁলোকৰ উৎসুকতা আৰু বেছি বাঢ়ি যোৱা যেন লাগিল।
মাইকটোৰ ওচৰত ৰৈ এবাৰ দীঘল কৈ উশাহ টো টানি ললো।
বাঁহীৰ পৰশ ওঁঠত লাগিলে মোৰ চকুকেইটা আপোনা আপুনি বন্ধ হৈ যায়।
বজালো,ককাই শিকোৱা সেই বিৰহৰ সুৰ আজি আকৌ এবাৰ বজালো।সকলো নিস্তব্ধ।
এই সুৰে মোক বেলেগ এখন পৃথিৱীলৈ লৈ যায়, প্ৰতিবাৰেই।ভাঁহি থাকে হেৰুৱা দিনৰ অস্পষ্ট ছবি।
এখন নিষ্পাপ মুখ,থুপুৰ।
মোৰ কলিজাৰ এফাল, মোৰ গোঁসাই মানু,’থুপু’।
হেৰাই যাওঁ মই কৰবাত, যিমানেই মই সোমাই যাওঁ সেইখন পৃথিৱীৰ মাজলৈ, মোৰ বাঁহীৰ সুৰ সিমানেই বেছি আপোন হয়।যেন শেষ উশাহলৈকে বজাই যাম,এই সুৰ, বিৰহৰ।
হাত চাপৰি বাজিয়েই থাকিল,চকু মেলি চাই দেখোঁ সকলোৰে মুখত হাঁহি, ইমান পৰে কতো এটা শব্দ নোহোৱাকৈ কেৱল বাঁহীৰ মাত ভাঁহি আছিল এইটো ফ্লুৰত।এতিয়া হাত চাপৰিৰ শব্দই মুখৰ কৰি তুলিছে।বাঁহীটো বুকুতে সাৱটি নামি আহিলো,বহুতেই ওচৰলৈ আহি অভিনন্দন জনালে।
হাঁহি এটা মাৰি সামৰি থলো যদিও ভিতৰি মই জ্বলি উঠিছো,সাংঘাতিক খং উঠিছে আয়ুৰ ওপৰত।এই বাঁহীটো মোৰ একান্তই নিজৰ।এনেকৈ মানুহৰ মাজত প্ৰশংসা বুটলিবলৈ মই কোনোদিন বাঁহী বজোৱা নাই।আজি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰাৰ আঁৰত সিয়েই। এবাৰ তাৰ ফালে চালো,হিবাৰ সৈতে কথা পাতি পাতি হাঁহি ৰখাবই নোৱাৰা হৈছে।
খং টো আৰু বেছি উঠি আহিল।
পিছৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে।মোৰ হে একো চোৱাৰ ইচ্ছা নহল।গুচি যাবৰ মন গৈছে।ডেস্কৰ ফালে খোজ ললো, বেগটো লৈ একেবাৰেই ওলাই যাম।
ভিৰৰ পৰা ওলাই আহিহে ভালকৈ উশাহ লব পাৰিছো।অলপ দেৰি সেইখিনিতে ৰৈ থাকিলো।
:Are you alright??
অনিৰুদ্ধৰ মাতত উচপ খাই ঘূৰি চালো।ফ্লুৰৰ সিটো মূৰত হুলস্থূল, টানিয়া আৰু আন এটা টিমৰ দুজনী ছোৱালীৰ গ্ৰুপ ডান্স চলি আছে আৰু সেইবোৰ এৰি অনিৰুদ্ধই মোৰ খবৰ লবলৈ আহিছে।
কিন্তু কিয়??????
:I am fine.
:Come with me.
:Excuse me???
:Excused, now please come.
অনিৰুদ্ধক না ক’ব নোৱাৰিলো, ইয়াৰপৰা ওলাই যাবলৈ মোৰো ইচ্ছা হৈছিল।তেওঁৰ পিছে পিছে খোজ ললো।কিন্তু অনিৰুদ্ধ ৰৈ দিলে, সমানে খোজ দিবলৈ।
লিফ্টত সুমুৱালৈকে দুয়ো মনে মনেই থাকিলো।কেফেটেৰিয়াৰ পৰা দুকাপ চাহ লৈ ওলাই আহিলো।অনিৰুদ্ধই তেতিয়াও একোৱেই কোৱা নাই।
আৰু নিজৰ ফালৰপৰা কেতিয়াও কথা আৰম্ভ মই কৰি পোৱা নাই।
আমাৰ বিল্ডিংটোৰ বাহিৰতে এখন সৰু পার্ক আছে,তাতে বহি প্ৰায়েই চাহ খাই মানুহবোৰে।বহিব পৰাকৈ পকাৰেই কিছুমান সৰু সৰু বেঞ্চৰ নিচিনা বনাই থোৱা আছে।অনিৰুদ্ধই কাষত বহিবলৈ ঠাই উলিয়াই দিছিল যদিও মই সন্মুখৰ আনখন বেঞ্চত বহিলো।
তেওঁ মিচিকিয়াই হাঁহিলে, চকুত নপৰাকৈ নাথাকিল।
:Your bindi is misaligned.
ইমান দেৰি মানে মই তেনেকৈয়ে থাকিলো।কোনেও মন নকৰিলে।অনিৰুদ্ধই কোৱাৰ লগে লগেই ঠিক কৰিবলৈ লাগিলো।লৰালৰিকৈ কৰোঁতে বেছিহে বেয়া হৈ গল।
:Let me help you.
বহা ঠাইৰপৰাপৰা উঠি আহিল অনিৰুদ্ধ।
:What??????No!
মাতটো জোখতকৈ বেছি ডাঙৰকৈ ওলাল।অনিৰুদ্ধ নিজৰ ঠাইতে স্থিৰ হৈ থাকিল।মই ফোটটো একেবাৰেই এৰুৱাই আনি পেলাই দিলো।তেওঁ মাথোঁ নীৰৱে চাই থাকিল।
:বাঁহী বজাই ভাল পোৱা?
কি উত্তৰ দিম এই প্ৰশ্নৰ।আছে জানো মোৰ ওচৰত ইয়াৰ উত্তৰ।
:ভবা নাই কেতিয়াও।
:অনন্যা, কি লুকুৱাই ৰাখিছা???
:I just want to go home Anirudh, may I??
অনিৰুদ্ধই মোক সলনি কৰিব খুজিছে, কাৰো লগতে সহজে কথা এটাও পাতিব নোৱাৰা মই সিদিনা অনিৰুদ্ধৰ গাড়ীত উঠিলো, আজি পাৰ্কত বহি চাহ খাবলৈ আহিছো, ভীষণ খং উঠিছে নিজৰ ওপৰতে।কাণ মূৰ গৰম লাগি আহিছে।
:No you cant.
চমু উত্তৰ,কিন্তু আচৰিত ধৰণেৰে ৰুক্ষ।অনিৰুদ্ধ হঠাৎ সলনি হৈ যায়।হাতৰ ঘড়ীটো চাই তেওঁ মোৰ ফালে চালে।ইমান গভীৰ চকু, ইমান প্ৰখৰ চাৱনি।
আঁতৰাই আনিলো মোৰ দুচকু, পোহৰ মই বেয়া পাওঁ।
আৰু অনিৰুদ্ধৰ দুচকুত হাজাৰ জোনাকী পৰুৱাৰ পোহৰ।
চাহৰ কাপটো কাষৰ ডাষ্টবিন টোত পেলাই অনিৰুদ্ধ এইবাৰ মোৰ একেবাৰে কাষতেই বহিল।
মোৰ উশাহটো আচৰিত ধৰণেৰে চুটি হৈ আহিল।
আচৰিত হৈ চালো, সেই একেই চাৱনি।
আনফালে মুখ ঘূৰালো।
:I will keep it very simple, I want to know you more Ananya, I just feel good when I see you, and it really hurts me a lot to see you suffering so much.
:
:And today when I saw you, I literally skipped a bit Ananya.
অনিৰুদ্ধই আৰু বহুত কিবাকিবি কৈছিল, মই ভালকৈ একো শুনা নাই।হাত ভৰি কঁপি উঠিছে মোৰ।
কি কয় অনিৰুদ্ধই,মোৰ বিষয়ে একো নজনাকৈ ইমানখিনি কথা কেনেকৈ কব পাৰিছে!মই তেওঁৰ চকুলৈ এতিয়াও চাব পৰা নাই, আনফালে মূৰ কৰি মাথোঁ শুনি আছো,পাৰ ভাঙি নামিছে চকুলোৰ নৈ।
কেনেকৈ কওঁ মই অনিৰুদ্ধ, ‘ভালপোৱা’ আজিকালি মোৰ ভাল নালাগে।
চকুকেইটা জপাই দিলো।
চেৰেলেকৰ কঁৰাল লগা টোপোলা টোপোলা দুগালেৰে থুপুৰ মুখ খন ভাঁহি আহিল।
“মা ইই,মা ইই”|
উঠি আহিলো সেই ঠাইৰপৰা।অনিৰুদ্ধই বাধা নিদিলে, বহি থাকিল একে ঠাইতে। বেগটো লৈ সুৰেশক মাত্র মেছেজ এটা কৰিলো
“I am not feeling well, leaving early today”.
কেবখনত বহি দুহাতেৰে মুখ ঢাকি মই আজি কান্দিছো। কি হৈ গ’ল মোৰ জীৱনটো!
কি ভুল কৰিছিলো মই???
কিয় ভগৱান, কিয় কৰিলা এনেকুৱা???
সকলোৰে ভুলৰ শাস্তি পালো কেৱল মই।
১৮ বছৰ, মাত্র ১৮ বছৰ আছিল তেতিয়া মোৰ। দেউতাই সিদ্ধান্ত লৈছিল মোক বিয়া দিব, কাৰণ মা দেউতাৰ নাক কাণ কাটি(?)তেওঁলোকৰ সুযোগ্য সন্তান, মোৰ বা পলাই গুচি গৈছিল আমাৰ বাগানৰ কৰ্মচাৰী ৰাজুৰ লগত।
মা দেউতাৰ ফোপোলা আভিজাত্যৰ মিছা অহংকাৰ তচনচ কৰি গৈছিল, ভৰিৰে মোহাৰি গৈছিল।
আৰু সকলোবাৰৰ বাবে দায়ী মই নহলেও শাস্তি মোক দিয়াৰ সিদ্ধান্ত হৈ গৈছিল।
(আগলৈ)
অসাধাৰণ। লাহে লাহে বেছিকৈ একাত্ম হৈ আছো কাহিনীৰ সৈতে। আগন্তুক খণ্ড লৈ অপেক্ষা থাকিল🙏
LikeLiked by 1 person
Awahakhat aji palu. Kiman bar ja urai ghurai parha nai ai partu. Monai nabh
are mur❤️
LikeLike
Superb story baa🙏❤️ waiting for the next part❤️😘 thnx for givinig a such type of astha arnav and jec n now ist abbir❤️❤️ i love this story from my heart😍👍 their is no story can good as this 2 story for me❤️❤️❤️🙏
LikeLiked by 1 person
বহুত ভাল লাগিল খণ্ডটি পঢ়ি……
LikeLike
Can u upload the story regularly please…. 😍😍🙏🙏
LikeLike