#আবিৰ খণ্ড(১৩)

চকুপানী বোৰ আজি ওলাই আহিবলৈ দিছো।
কিমান আৰু বাধা দিম।
বৰফ হৈ নিজৰ বুকুতে খুন্দিয়াই থাকে প্ৰতি পলে।
কেবৰ ড্ৰাইভাৰ জনে বাৰে বাৰে পিছলৈ ঘূৰি চাইছে।একো সোধা নাই।উচ্চ স্বৰত বাজি থকা গানটো তেওঁ বন্ধ কৰি দিলে।
মোৰ মনত কিহৰ ধুমুহা কাক নো কম?
কোনেনো বুজিব?
ক’লা পৰা চকুৰ তলৰ অংশই বহুত উজাগৰী নিশাৰ
কথা কৈ যাব খোজে, মাথোঁ শুনোতা হে কোনো নাই।

:গাড়ী অন্দৰ নেহী যায়েগী মাদাম।
ৰূমৰ ওচৰ পালোহি,গাড়ীখন সৰু গলিটোত নোসোমায়।বেগটো পিঠিত লৈ পইচাটো দি কেনিও নোচোৱাকৈ খোজ ললো।
বেগটো মাটিতে পেলাই বিচনাত পৰিলো, গাৰুটো মোৰ বাবে যেন এখন কান্ধ, ইয়াতে মূৰ থৈ হাজাৰ নিদ্ৰাবিহীন ৰাতি অকলে কান্দিছো মই, কোনেও নজনা কথাবোৰ নিজৰ লগতে পাতিছো,কেতিয়াবা থুপুৰ কথা ভাবি, ককালৈ মনত পেলাই অকণমান হাঁহিছো, পিছ মূহুর্ততে মা দেউতালৈ মনত পৰি খঙত আকৌ এবাৰ জ্বলিছো।
আজিও গাৰুত মুখ গুজি ভাবিছো, মই ক’লৈ গৈ আছো, কি পামগৈ এই যাত্ৰাৰ শেষত?
আৰু এখিনি আন্ধাৰ, ঘন ক’লা?
নে অলপ পোহৰ, ঠিক অনিৰুদ্ধৰ চকু কেইটাৰ দৰে!
:এইক মই আজি শেষ কৰি দিম।
কিমানটা বছৰ পাৰ হ’ল,হ’লেও দেউতাৰ ৰঙা চকু আৰু হাতৰ ৰিভলভাৰটো স্পষ্ট কৈ মনত আছে মোৰ।ককা দৌৰি আহি মোৰ সন্মুখত ৰৈছিল, মালৈ চাইছিলো, দেউতাৰ এইটো ৰূপ তেওঁ দেখিয়েই থাকে, যেন সাধাৰণ কথা।
:পিষ্টল দেখুৱাই বৰমতা ওলাব নালাগে, এইখন ঘৰত সৱৰে মেল’ড্ৰামা, বুঢ়া কি পুতেক কি।
উকালি আহিছিল মোৰ, গোটেই ৰাতি কান্দি কান্দি লেবেজান হৈ থকা মই বমি কৰি দিছিলো সেই সময়ত।
তৰা আৰু ককাই ধৰি নি শুৱাই থৈছিল গৈ।
বিৰবিৰাই আছিলো মাথোঁ এটাই বাক্য “মই বিয়া নহওঁ, লাগিলে মৰি যাম”।
বা গুচি গৈছিল নিজৰ প্ৰেমিকৰ লগত, ময়ো যদি গুচি যাওঁ, দেউতাৰ ভয় আৰু বাঢ়িছিল।মায়ে মানুহৰ লগত কথা পাতিবলৈ বাদ দিছিল।আৰু মই আচৰিত হৈছিলো দেউতাই নিজতকৈ বেছি বিশ্বাস কৰা ৰাজু দাদা, একেদিনাই শত্ৰু হৈ পৰিল কেনেকৈ?
দেউতাৰ চাহ বাগানৰ সকলো হিচাপ- নিকাচ,ফেক্টৰীৰ প্ৰডাক্সনৰপৰা পেকেজিং লৈকে সকলো কাম, এক পইচাও হেৰ ফেৰ নকৰাকৈ চম্ভালি থকা ৰাজু দাদা দেউতা ঘোৰ শত্ৰু হৈ পৰিল, একেদিনাই।
বা চাগে গুচি নোযোৱা হ’লেহে মই আচৰিত হলোঁহেঁতেন।কিমান আৰু তায়ো চাবি দিয়া পুতলাৰ দৰে মাৰ কথাত নাচি থাকিব।মোৰ দৰে মা দেউতাৰ অবাধ্য হবলৈও তাইৰ সাহস নাছিল।যিদিনাখন মা দেউতাই অসভ্যৰ দৰে কাজিয়া কৰি হুলস্থূল কৰিছিল, বা সেইদিনা কান্দি কান্দি মোৰ বিচনাত সোমাইছিলহি।
মোৰ কাৰণে একদম সাধাৰণ আছিল সেইবোৰ কথা, কেতিয়াবা বাঁহী বজাই ইগনৰ কৰিছিলো, কেতিয়াবা গান শুনি।
বহুত বেছি অসহ্য লাগিলে দেউতাৰ মিনি বাৰ খনৰ বটল খুলিছিলো।ধৰা নপৰিবলৈ দামী মদৰ বটলত কিমান যে পানী ভৰালো তাৰ হিচাপ নাই।
ক্লাছ এইটৰ পৰাই মই এই কাম কৰিছিলোঁ, কিন্তু নিজৰ কাজিয়াত ব্যস্ত থকা মা দেউতাই গমেই পোৱা নাছিল বহুদিনলৈ, আৰু যেতিয়া গম পাইছিল, ইজনে আনজনৰ ওপৰত দোষ জাপি দায়িত্ব সাৰিছিল।
দেউতাৰ মিনি বাৰত তলা লাগিছিল।
আৰু মই যোগেশ দাই আনি থোৱা ভাং চোৰ কৰি আনি খাইছিলো।
জেদ মোৰ নিচা, নে নিচা মোৰ জেদ,বুজিব নোৱাৰাকৈ মাতাল হৈ থাকিছিলো কোনোবাটো ৰাতি।
বগা বাংলোৰ ওপৰ মহলৰ প্ৰকাণ্ড কোঠাটোত অকলে পৰি ৰৈছিলো, ককাৰ ওচৰলৈ যোৱা নাছিলো, আৰু মা দেউতাই মোক ওচৰত কোনোদিন বিচৰা নাছিল।
দিনটোৰ বেছিভাগ সময় কিতাপৰ সৈতে পাৰ কৰিছিলো, পঢ়া শুনাত মই বেয়া নাছিলো।
যিদিনাখন স্কুলত প্ৰথম হৈছিলো, মায়ে নিজে মাংস বনাই থৈছিল।ঠিক যেন বিনিময়, মই তেওঁক অহংকাৰ কৰিবলৈ এটি উপায় দিছো, সেইবাবে তেওঁ মোক অকণ আদৰ দিছে।
পিছদিনা কিটি পাৰ্টিৰ কেন্দ্ৰবিন্দু মোৰ মাৰ্কছিট খন আছিল।

কিমান দেৰি তেনেকৈয়ে পৰি থাকিলো নাজানো।ফোনটো বাজি উঠিল, সময় চাইছোঁ ৭ বাজি গ’ল,হিবাৰ ফোন।তাইক নোকোৱাকৈ গুচি অহাৰ বাবে এগালমান বকিলে।তাৰ পাছতহে জনালে যে আজি টিমৰ সকলোকে বাহিৰত ডিনাৰ কৰাব।গতিকে মই যাব লাগে।বহুতবাৰ নাযাওঁ বুলি কোৱাৰ পাছতো নামানিলে।মোৰ যাবলৈ ইচ্ছা আৰু শক্তি এটাও নাই।কিন্তু মই নগ’লেও তাই অকলশৰীয়া হয়।
ফোনটো থৈ যাবলৈ ৰেডি হলো।তাই এড্ৰেছটো পঠাই দিছে।হোটেল হোৱাইট অৰ্কিড।
বাথৰুমৰ শ্বাৱাৰটো খুলি বহি থাকিলো অলপ সময়।চকুপানীৰ লগতে নাকৰ পৰা তেজৰ সোঁত এটাও বৈ আহিল।দিনে দিনে বেছি অসুখীয়া হৈ আহিছো মানুহজনী।বেছিদিন জীয়াই নাথাকিমেই নেকি!
অৱশ্যে মই থকা বা নথকাৰ কোনো অৰ্থ আজিলৈকে বিচাৰি পোৱা নাই।

অফিচৰ পাৰ্টিত কি পিন্ধিব লাগে মই নাজানো।ব্লু জিনছটোৰ লগত ব্লেক ফুল শ্লীভচৰ টপ তো পিন্ধিলো।দুয়োটা পুৰণি,মোৰ নিচিনাই ৰং নোহোৱা। আইনাত চালো এবাৰ। চকুকেইটা ৰঙা হৈ ফুলি আছে।কাজলৰ ডাঠ লেপ এটাৰে ঢাকিবলৈ চেষ্টা কৰিলোঁ।
আকৌ বিফল।
চুলিখিনি বান্ধিবলৈ লৈ নোৱাৰিলো, মূৰৰ বিষ,খোলা ৰখাই ভাল।বুট জোৰ পিন্ধি হাতত মোবাইল তো লৈ ওলাই আহিলো।ট্ৰেফিকৰ মাজেৰে আহোঁতে আহোঁতে মোক এক ঘণ্টা সময় লাগিল।
ডাঙৰ হোটেল খনৰ সন্মুখত ৰৈ কোনফালে যাম ভাবি আছোঁ।হিবা,সুভাষিণী কোনেও ফোন উঠোৱা নাই।উপায় নাই, অনিৰুদ্ধক ফোন কৰিলো।বহুত দেৰি ৰিং হোৱাৰ পাছত উঠালে।
:Hi, I am in the reception, where to come?
:Just wait there, I am coming.
প্রায় দহ মিনিট মানৰ পাছত অনিৰুদ্ধ ওলাই আহিল,অথনিৰ সাজত নহয়,ব্লেক জিনছ,ব্লেক পুল অভাৰ আৰু এযোৰ হোৱাইট স্নীকাৰ, পাৰফিউম একেটাই।
:Hey, are you….
মই চকু তুলি চোৱাৰ লগে লগে অনিৰুদ্ধ মনে মনে ৰ’ল,মোৰ অৱস্থা দেখি বুজি পালে তেওঁৰ সেইকেইটা কথাই মোৰ কিমান পুৰণা ঘাঁ আকৌ সজীৱ কৰিলে।
:Which way?
ময়ে সুধিলো।অনিৰুদ্ধৰ চকু কেইটা সেমেকি যোৱা দেখি মোৰ ভয় লাগিল।ককা আৰু থুপুৰ পাছত মোৰ বাবে কান্দিব খোজা প্ৰথম পুৰুষ, অনিৰুদ্ধ।
নালাগে, মোৰ বাবে আৰু কোনেও কান্দিব নালাগে।
পাৰ্টি হোৱা ঠাইখিনি পোহৰ অলপ কম।ডি জে চলি আছে।টানিয়া, কৃতিকা আৰু আৰু কিছুমান অচিনাকি মুখ নাচি থকা দেখিলো।ৰেড কালাৰৰ ৱান পিছ্ আৰু উৰি থকা চুলিৰে টানিয়া জিলিকি আছে সকলোৰে মাজত। অনিৰুদ্ধক দেখি ওচৰলৈ মাতিলে। মই হিবাক বিচাৰিবলৈ লাগিলো। কাৰো মাত ক’তো নুশুনি।
অলপ দূৰত সুভাষিণী ,সুৰেশ আৰু এজন চিনিয়ৰ বহি খাই আছে।হাতত প্লেট এখন লৈ হিবাও সেইখিনি পালেহি।মোক হাতত ধৰি একেবাৰে চুকত থকা টেবুল খনলৈ লৈ গল।
:Anirudh made you cry again,right?
:No.I am fine. Let me get a drink.
মোৰ লগতে সোমাই অহা অনিৰুদ্ধ ড্ৰিংক ছাৰ্ভ কৰা ঠাইতে ৰৈ আছে।মই যোৱা দেখি অলপ আচৰিত হ’ল।
:Whiskey, neat.
:What?? No man, give her a screwdriver or Mojito may be.
ফ্ৰুইট জুইচৰ লগত ড্ৰিংক মিলাই বনোৱা ককটেইল মই নাখাওঁ।মোক নিচা লাগে, ষ্টাইল নহয়।
:Stay out of it Anirudh.
ড্ৰিংকটো হাতত লৈ সেইখিনিৰ পৰা আঁতৰি আহিলো,হিবাই এইবিলাক খালে বেয়া পায়,গতিকে তাইৰ ওচৰলৈ নগৈ মই আনটো মূৰে থকা অলপ কম পোহৰৰ ঠাই খিনিলৈ গলো।অনিৰুদ্ধক দেখাৰ পিছত দিনৰ কথাবোৰে আকৌ আমনি কৰিলে।একেকোবে শেষ কৰিলো গোটেইখিনি ড্ৰিংক।
অলপ সময় তাতেই ৰৈ থাকিলো, নিচা মোৰ লগা নাই,কিন্তু উচ্চস্বৰত বাজি থকা মিউজিকে মূৰৰ বিষ দুগুণে বঢ়াই দিলে।
:Ananya.
অনিৰুদ্ধৰ মাতত জোখতকৈ বেছি কোমলতা।
: Come with me.
সিফালে থকা দৰ্জাখন খুলি মোক অনিৰুদ্ধই বাহিৰলৈ উলিয়াই আনিলে।অপেন ৰুফ টপ।এটা কোণত স্মকিং এৰিয়া।
আনটো ফালে মোক হাতত ধৰি লৈ গল অনিৰুদ্ধই।
আৰু মই এবাৰো বাধা নিদিলো।
:Please say something Ananya?
এল ই ডি লাইটৰ কম পোহৰতো হাজাৰ জোনৰ পোহৰেৰে উজ্জ্বল অনিৰুদ্ধৰ চকুত মই মোৰ বাবে কিবা এটা দেখিলো।
নিৰাপত্তা, ভালপোৱা, আদৰ, নে সন্মান?
মোৰ গালত অনিৰুদ্ধৰ সোঁহাত!
আহ্ মই হাৰি যাব খুজিছো, মাত্র এবাৰ।
(আগলৈ)

9 thoughts on “#আবিৰ খণ্ড(১৩)

  1. Baa is it your true story? , moi aajiloike classr kitap ru “miri jiyari” kitapor bahire oinyo kitap baa grontho pohi pua nai .. kin2 najanu kiba mur apunar hundor bhakha bure kiba jen bukut khundiua jen onubhob korale .. mur kitapr bikhoye aku gyan nai
    Kin2 aji moi jec arnab astha love story pohu buli nett search korute apunar post2 palu .. ru abar pohi eriboi nuarilu akebare hekh kori h arilu .. apuni please oti hunkalei next episode keita upload korok .. moi ru rokhibo nuarisu..

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s