#আবিৰ খণ্ড (১৪)

এটি যুগৰ শেষত অকণমান আদৰ, মোৰ বাবে, কেৱল মোৰ বাবে।
চকুকেইটা জপাই দিলো।
বুকুৰ ভিতৰৰ ধুমুহাজাক যেন হঠাৎ শান্ত হৈ গ’ল।
লগতে মোৰ উশাহটোও চোন ৰৈ যোৱাৰ দৰে লাগিছে।
: অনন্যা!
চকু মেলি চালো আকৌ এবাৰ।
কিমান মৰমেৰে মাতিলে উত্তৰ দিবলৈ শব্দ হেৰাই যায়,আলফুল হেঁপাহ এটাই কলিজাটো খুন্দিয়াই থৈ যায়।
অবিন্যস্ত চুলি আৰু হুইস্কীৰ পাতলীয়া নিচাই চকুকেইটাক বৰ আমনি দিছে।ছাঁ পোহৰৰ মায়াসনা সময়ত অনিৰুদ্ধৰ সান্নিধ্য, মই বাৰু কেনেকৈ স্থিৰ হৈ থাকোঁ!
অনিৰুদ্ধই কাণৰ কাষৰ চুলিখিনি আঁতৰাই দিব খুজিলে, মই দুখোজ পিছুৱাই আহিলো।
:মই নাজানো কিয় মই তোমাক লৈ ইমান ব্যস্ত হৈ পৰিছো, কিন্তু অনন্যা, তুমি বুজি পোৱা নাই তুমি এনেকৈ থাকি নিজৰ লগত কিমান বেছি অন্যায় কৰিছা।You are blessed with abundant talent.
সুভাষিণীৰ পৰা মই সকলো গম পাওঁ।এক সপ্তাহত তুমি যিমানখি শিকিছা,কৰিছা ,আজিলৈকে কোনেও কৰিব পৰা নাই।
অনিৰুদ্ধই কৈয়েই আছে,মইহে একো শুনা নাই।
“তই মোৰ গোসাঁনী ছোৱালী, আমাৰ ঘৰৰ মানুহে তোৰ মূল্য নুবুজে, পোহৰ অনিবি দেই মা, মই তোৰ নামত লিখি থৈ যাম এই জানকী কানন,ভালকৈ ৰাখিবি,তইহে পাৰিবি,মই জানো। “
ঠাণ্ডাৰ দিনত ককাৰ ভৰিত মিঠাতেল সানি দিওঁতে ককাইও এনেকৈ কৈছিল মোক।ককাই বুজিছিল মই কিমান বেছি হতাশাত ভুগিছিলো,মন ভাল লগাবলৈ কৈছিল এইবোৰ কথা।মইয়ো জানিছিলো মই যে লখিমী ছোৱালী নহয়।মিঠাতেলৰ বাতিটো আঁতৰাই ককাৰ ভৰিৰ ফালেই শুই পৰিছিলো।নাম গাইছিল তেওঁ,বৰগীত শুনাইছিল।
“পুত্ৰ পৰিবাৰ, সৱহি অসাৰ…. “
মোৰ অস্থিৰ মনটো ক্ষন্তেকৰ বাবে হলেও প্ৰশান্তিৰে ভৰি পৰিছিল।

ককাৰ পাছত জীৱনত প্ৰথমবাৰৰ কাৰণে কোনোবাই মোক প্ৰশংসা কৰিছে।ইয়াৰ উত্তৰ কেনেকৈ দিয়ে সেইটো মই নাজানো।
:Ananya, you really need to open up, please!
কৈ দিওঁ বুলিয়েই কৈ দিব নোৱাৰি, কিছু কথা ৰাখি থওঁ আমি বুকুৰ কোণত, সেইখিনি দুখ আমাৰ, কেৱল আমাৰ।
:Let’s go inside, I am feeling cold here.
হিবাই মোক বিচাৰি বিচাৰি সেইখিনি পালেহি, অলপ অপ্ৰস্তুত হ’লো।অনিৰুদ্ধক একো কোৱাৰ সুযোগ নিদিয়াকৈ গুছি আহিলো।

:তুম পাগল হ’ অনন্যা।
হিবাৰ মতে অনিৰুদ্ধৰ মোৰ প্ৰতি কোনো ইন্টাৰেষ্ট নাই। তেওঁ যি কৰি আছে সেইয়া নিশ্চয় কিবা এটা প্লেন কৰি কৰিছে। নাইবা কিবা প্ৰেংক হ’ব।
কাক বিশ্বাস কৰিম মই?
অনিৰুদ্ধৰ চকুকেইটাই মিছা মাতিব পাৰে জানো?
কিন্তু হিবাই তাৰ পিছত কোৱা কথাখিনি মোৰ মোহভঙ্গ কৰিবৰ বাবে যথেষ্ট আছিল।
মই অফিচৰ পৰা গুচি অহাৰ কিছু সময় পিছতেই টানিয়াক লৈ অনিৰুদ্ধ নিজৰ ৰূমলৈ গৈছিল, আৰু দুয়ো কাপোৰ কানি সলাই ৰেডী হৈ ডিনাৰৰ কাৰণে আহিছে।
:Are you sure Hiba?
:Taniya told me, that they both went to his room to freshen up and get ready for the party and ..

দুয়োজনীয়ে খাবলৈ বহিছিলো যদিও হিবাই খোৱা এৰি মোক জ্ঞান দিবলৈহে ধৰিলে।আমাৰ সিফালৰ টেবুলখনতে অনিৰুদ্ধ, টানিয়া, কৃতিকা আমাৰ টিমৰে প্ৰশান্ত বহিছে।মন কৰিলো কথাৰ মাজতে টানিয়াই অনিৰুদ্ধক কাণে কাণে কিবা এটা কৈ খুব হাঁহিছে।মোৰ ফালে যিদৰে চালে মোৰ বিষয়েই কিবা ব্যংগ কৰিছে যেনহে লাগিল।তেজ এখিনি উজাই আহিলে মূৰলৈকে।হুইস্কী আৰু অনিৰুদ্ধৰ নিচা একেলগে ফাটি গ’ল।
সাংঘাতিক খং উঠিছে, আনৰ ওপৰত নহয়, নিজৰ ওপৰত।
খোৱাৰ মাজতে সুৰেশ আহি সৱকে উদ্দেশ্যি কিবা কিবি ক’লে।সকলোকে ভাল কামৰ বাবে প্ৰশংসা কৰিলে।মোৰ মূৰত এতিয়াও হিবাৰ কথাবোৰহে ঘূৰি আছে।
:Ananya,its your first team dinner, how is the feeling?
সকলোৱে মোৰ ফালেই চাই আছে।
:Nice.
:Only one word?
:I mean,yeah, its really nice.
একেটা কথাকে অলপ বহলাই কলো।ইয়াত ভাল লগা আছেই বা কি!
:So you like your team, any complain against anyone?
সুৰেশে ধেমেলীয়া সুৰত কোৱা কথাষাৰ টানিয়াৰ হজম নহল।
:She doesn’t like to talk much Suresh, she only talks to selective people, right Ananya?
মোক ইতিকিং কৰি আজিলৈকে কোনো সাৰি যোৱা নাই, কিন্তু আজি অসভ্য আচৰণ কৰিব নোৱাৰোঁ মই।
:I dont have anything against anyone. But I just want to say that working with Subhashini is really very encouraging and fun. I am really gonna miss her.
:Thats true, she is a gem.
সকলোৱে সুভাষিণীৰ বাবে হাত চাপৰি বজালে।মোৰ ফালে চাই “Thank you” বুলি কওঁতে সুভাষিণীৰ চকুকেইটা চলচলীয়া হৈ পৰিল।উঠি গৈ ওচৰতে ৰ’লো।
:But we must thank Anirudh also, he is the best lead.
টানিয়া।
ওপৰতে কথা কোৱাটো এইজনীৰ হবি নেকি?
অনিৰুদ্ধক ইমান তেল কিয় মাৰি থাকে বুজি নাপাওঁ।মন নাথাকিলেও সৱৰে লগত অনিৰুদ্ধৰ বাবেও হাতচাপৰি বজালো।মোলৈ চোৱাত বেলেগ ফালে মুখ ঘূৰালোঁ।
খোৱা শেষ হোৱাৰ পাছত কোন কেনেকৈ যাব সেই লৈ আলোচনা হল।সময় এঘাৰ বাজি গ’ল তেতিয়া।মই আৰু হিবাই কেব লৈ আহিম বুলি কোৱাত সুৰেশে বাধা দিলে।মই ড্ৰিংক কৰা হয়তো তেওঁ দেখিছিলে। গতিকে সিদ্ধান্ত হ’ল অনিৰুদ্ধই হিবা, টানিয়া, মোক আৰু সুভাষিণীক ড্ৰপ কৰিব।
সুৰেশৰ ঘৰ বিপৰীত দিশত, গতিকে তেওঁৰ গাড়ীত কৃতিকা আৰু প্ৰশান্ত যাব।বাকীবিলাকৰ নিজৰ বাইক আছে।
ওলাই আহোঁতেও টানিয়াই অনিৰুদ্ধক অলপ সময়ৰ কাৰণেও এৰি নিদিলে।
আমাক হোটেলৰ সন্মুখতে ৰখাই অনিৰুদ্ধই গাড়ীখন আনিবলৈ গ’ল। গাড়ী খন সেইঠাইত ৰখোৱাৰ লগে লগে টানিয়া খৰধৰকৈ গৈ সন্মুখৰ ছিটটোত বহি ল’লে।এক মিনিটৰ কাৰণেও সুভাষিণীৰ সুবিধা অসুবিধাৰ কথা নাভাবিলে।প্ৰেগনেন্ট মানুহজনীক আগৰ ছিটত বহিবলৈ দিব লাগে বুলি অনিৰুদ্ধৰো খবৰ নহ’ল।
এইবাৰ খংটো ৰখাব নোৱাৰিলোঁ।
চিধা গৈ অনিৰুদ্ধৰ ফালৰ দুৱাৰখনত গৈ ধামকৈ মাৰিলো।
আচৰিত হৈ নামি আহিল।
:if you forgot let me remind you that Subhashini is pregnant, tell your girlfriend to sit in the back or you both just carry on, I will drop her in cab.
বেছিকৈ খং উঠিলে মোৰ এনেকুৱাই হয় ,মুখত যি টি ওলাই যায়। কি কৈছো নাজানো , কিন্তু কৈছো।
:Mind your words Miss.
দৰ্জাখন জোৰত মাৰি আঁতৰি গ’ল অনিৰুদ্ধ।হাতত ধৰি সাৱধানেৰে লৈ আনিছে সুভাষিণীক।সন্মুখৰ দুৱাৰখন খুলি টানিয়াক নামিবলৈ কৈ সুভাষিণীক বহাই দিলে।
টানিয়া পিছৰ দৰ্জাখন খুলি সোমাল,পিছে পিছে হিবা,অনিৰুদ্ধই ড্ৰাইভিং ছিটত বহি মোলৈ এবাৰো নোচোৱাকৈ গাড়ী ষ্টাৰ্ট কৰিলে।
ইমানেই যদি ইগ’ তেন্তে মোৰ পিছত এনেকৈ লাগি আছিল কিয় !
ময়ো এৰি নিদিওঁ।
বহুদেৰীলৈকে গাড়ীত নবহাত তেওঁ নামি আহিল।
:You know what, show this attitude to someone else, but for now, my team is my responsibilty. So sit in the car .NOW.
সময় প্ৰায় বাৰ বাজিবৰ হ’ল।এতিয়া তৰ্ক কৰি লাভ নাই।মনে মনে গৈ গাড়ীত বহিলো।গোটেই ৰাস্তাটো মই মনে মনেই থাকিলোঁ।অৱশ্যেই ভুল মোৰেই আছিল।ইমান বেয়াকৈ ক’লে সৱৰে খঙ উঠিব।কিন্তু যি হৈ গল তাক মই সলনি কৰিব নোৱাৰিলোঁ।
অনিৰুদ্ধৰ ফালে এবাৰ চালো। খঙত ৰঙা পৰি আছে।সুভাষিণী আৰু টানিয়াৰ কথাবোৰৰ চমু উত্তৰ দি সামৰি থৈছে।নিজে একো কোৱা নাই।মাজত বহি অহা হিবাই কি হ’ল মোক সুধি আছে বাৰে বাৰে।
:First we will drop Subhashini, anyone has any problem with that.
কথাষাৰ মোৰ বাবেই আছিল বুলি বুজি পালো।উত্তৰ হে নিদিলো।টানিয়াই এনেও দিবই উত্তৰ মই জানো।
সুভাষিণীৰ পাছতে টানিয়াৰ ঘৰ পাম।
:Anirudh, lets drop them next and then while coming back you can drop me.
:No, I dont have time.
অনিৰুদ্ধৰ উত্তৰত টানিয়তকৈ বেছি মই হে আচৰিত হলো। সুভাষিণীক নমাই এইবাৰ টানিয়াৰ ৰূমৰ ফালে গাড়ী আগবাঢ়িল।
নামি যাওঁতে টানিয়াই অনিৰুদ্ধক ভালকৈ বাই কৈহে গৈছে।পৰা হ’লে চাগে চুমা এটাকে খাই দিলেহেঁতেনে।টানিয়াৰ ৰূমৰপৰা আমাৰ ৰূমলৈ প্ৰায় পোন্ধৰ মিনিটৰ বাট।ঘড়ীটো চালো, বাৰ বাজি পোন্ধৰ মিনিট।বেংগালুৰুৰ ব্যস্ত ৰাজপথ প্ৰায় জনশূন্য।অনিৰুদ্ধই এবাৰো পিছলৈ নোচোৱাকৈ গাড়ী চলাইছে।হিবা আৰু মই মনে মনে বহি আহিছো।
:Anyone has problem with music?
উত্তৰলৈ বাট নাচাই অনিৰুদ্ধই ব্ৰায়ান এডাম্ছৰ গান এটা জোখতকৈ বেছি ভলিউমত লগালে।

“Look into my eyes
You will see
What you mean to me”

এইটো মোৰো ভাল লগা গান, কিন্তু এতিয়া একেবাৰেই শুনিব মন যোৱা নাই।

পোন্ধৰ মিনিট মোৰ বাবে পোন্ধৰ বছৰ যেন লাগিল।
অনিৰুদ্ধক ছৰী কম নে নকম ভাবি থাকোঁতেই ৰুম পালোহি।নামি লৈ ৰৈ আছোঁ, হিবাই অনিৰুদ্ধক ধন্যবাদ জনাই মোলৈ চাই কিবা এটা ইংগিত দি অলপ আঁতৰি গ’ল।
অনিৰুদ্ধৰ সন্মুখত ৰৈ মইহে বুৰ্বকৰ দৰে মনে মনে আছোঁ।
:You don’t have to thank me. Your ego will get hurt, right?
জীৱনত বহুত কিবাকিবি শুনিছো, সহিছো, কিন্তু অনিৰুদ্ধৰ ৰুক্ষ ব্যৱহাৰ মই মানি লব পৰা নাই, সহ্য কৰিব পৰা নাই।দুখ লাগিছে।
:I am sorry, I was mean to you, I am really …
আৰু একো কব নোৱাৰিলোঁ, কান্দিবও পৰা নাই কিন্তু বুকুখন কিবা এটা খুন্দা মাৰি ধৰিছে।
:Hey …
অনিৰুদ্ধৰ আগত কিয় এনেকুৱা কৰিছো মই নাজানো, তললৈ চাই চকুপানী খিনি যিমান পাৰোঁ চেপি ৰাখিলো।
:Ananya ..
নাই দেখা মই অনিৰুদ্ধক, একো দেখা নাই, পানীৰে উপচি পৰিছে মোৰ দুচকু।ভয় খাইছো কিজানি বাহিৰত নেদেখালেও মনেৰে বিচৰা সেই আদৰকণ মই আঁকোৱালি লোৱাৰ আগতেই হেৰাই যায়।
অনিৰুদ্ধই যদি মোক কেতিয়াও আমনি নকৰে?
অনিৰুদ্ধ যদি মোৰ বাবে কেতিয়াও চিন্তিত নহয়?
মোলৈ যদি তেওঁৰ দুখ নালাগে?
:Ananaya, you want to say something, should I call you later?
:nope.
:Uff, this girl!
একো নাভাবি অনিৰুদ্ধই আলফুলে মোৰ চুলিত হাত বুলাই দিলে।
আৰু পাৰ ভাঙি বৈ আহিল চকুৰ লুণীয়া পানী।
এই হেঁপাহ শিপাইছে, বুকুৰ নেদেখা কোণলৈকে।
বেংগালুৰুত এতিয়া নিয়ৰ সৰিছে।

(আগলৈ)

8 thoughts on “#আবিৰ খণ্ড (১৪)

  1. খুবেই ভাল লাগিল। পৰবৰ্তী খণ্ডলৈ অপেক্ষা থাকিল।

    Like

  2. হৃদয়লৈকে শিপাই গৈছে কাহিনীটোৱে। নাজানো কিয় বৰ্তমানলৈকে এই কাহিনীটোত নিজৰ নামটোৰ লগতে নিজৰ বিফলতাবোৰো বিচাৰি পাইছো আৰু সদায় চকুপানীৰদ্বাৰা দুখবোৰ আঁতৰ কৰিছো নিঃশব্দে।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s