মূৰটো হাতেৰে খামুচি সজোৰে চিঞঁৰি দিছো মই।
কেনেকৈ ইমান দুৰ্বল হৈ পৰিলো মই।অনিৰুদ্ধৰ অকণমান খং, সামান্য অভিমানত মই গলি গ’লো কেনেকৈ!
ছ’ৰীও কৈছো মই কাৰোবাক, মই???
নাই, মই এনেকৈ কাৰোবাৰ ওচৰত হাৰি যাব নোৱাৰোঁ।
অফিচলৈ গৈ অনিৰুদ্ধক কম মই দুঃখিত নহয়, নাইবা একোৱেই নকওঁ।
কিন্তু অনিৰুদ্ধক দেখিলে ভাবি থকা কথাবোৰ খেলিমেলি হৈ যায়, কিয়??
এইকেইদিন এইবোৰ ভাবিয়েই সময় পাৰ কৰিছো।দীঘলীয়া ছুটী শেষ হৈছে ।আজি আকৌ যাব লাগিব, অনিৰুদ্ধৰ সৈতে মুখামুখি হ’ব লাগিব,টানিয়াৰ সেই বিশেষ চাৱনি সহ্য কৰিব লাগিব।একেবাৰেই ইচ্ছা নাই ,কিন্তু উপায়ো নাই।তাতে আজি মই সুভাষিণীৰ কাৰণে কিবা এটা লৈ যোৱাৰো কথা আছে।হিবাক টানি আজুৰি উঠাই কামত লাগিছো দুয়োজনী।কালিয়ে প্ৰয়োজনীয় বস্তুবোৰ আনি থৈছিলো।এতিয়া youtube চাই চাই বনাবলৈ আৰম্ভ কৰিছো।কি হয় নাজানোঁ, বেয়া হ’লে লাজো পাম।টেষ্ট কৰোঁতে কৰোঁতে আধা আমিয়েই খাই পেলালোঁ।হ’লেও বহুদিনৰ পিছত মই মনেৰে কাৰোবাৰ কাৰণে কিবা এটা কৰিছোঁ।বিশেষ একো নহয়, পায়স বনাইছো দুইজনীয়ে।সুভাষিণীৰ খুব মন গৈছে আনে বনোৱা কিবা এটা খাবলৈ, মোৰ আগত প্ৰায়ে কৈ থাকে।সেইবাবেই এই আয়োজন আজি।সৰু গ্লাছৰ টিফিন বক্সটোত পায়স খিনি ভৰাই ল’লো।কোনেও নেদেখাকৈ মনে মনে দিব পাৰিলেই হয়।
সকলোতকৈ আগতেই অফিচ পালোহি আজি।কোনো অহা নাই বুলি ভাবি মনটো ভাল লাগোতেই পিছফালৰ পৰা অনিৰুদ্ধই মাত দিলে।
:Good Morning Ananya.Come with me, we need to talk.
শেষ।
সেইদিনাৰ কথাই ক’ব চিউৰ।
কিহে পাইছিল মোক সোনকালে আহিবলৈ।লগত অহা হিবাই আয়ুক লগ পাই চাহ খাবলৈ ৰৈয়ে দিলে গ্ৰউণ্ড ফ্লুৰতে।
:Morning, tell me .
:Come.
হাতত মেকবুকটো লৈ অনিৰুদ্ধ আগবাঢ়িল ,পিছে পিছে মই। ডাঙৰ conference ৰূমটোত আগৰে পৰাই সুৰেশ বহি আছো।ডাঙৰ LED টিভি টোত ppt এখন display হৈ আছে।কিয় জানো সুৰেশক দেখি মনটো ভাল লাগিল।অন্ততঃ মই ভাবি থকাৰ দৰে অনিৰুদ্ধই সেইদিনাৰ কথা উলিয়াব নোৱাৰে।অনিৰুদ্ধৰ পিছে পিছে সোমাই গ’লো।
:Good morning Ananya, please take a seat.
সুৰেশৰ মুখ খন অলপ চিন্তিত যেন লাগিল।অনিৰুদ্ধৰ মুখতো হাঁহি নাই আজি।কি হৈছে একো ধৰিব পৰা নাই।
:Ananya, did anyone ask you run any script, did you login after we came back from the party that day?
হঠাৎ সুৰেশৰ প্ৰশ্ন শুনি আচৰিত হৈ গ’লো।
:No Suresh. I didnt login.
এইবাৰ অনিৰুদ্ধ আৰু সুৰেশ দুয়োজনে ইজনে সিজনৰ মুখলৈ চালে, মই তেতিয়াও কি হৈছে একোৱেই বুজা নাই।অনিৰুদ্ধই মেইল এটা খুলি মোক পঢ়িবলৈ দিলে।তাত লিখা আছিল যে মোৰ id ৰপৰা শুক্ৰবাৰৰ দিনা এটা activity আছে যাৰ ফলত বহুখিনি ডাটা ইতিমধ্যে delete হৈ গৈছে।আৰু সেইটো কথা client ৰ পৰা গৈ higher managememt পাইছেগৈ।
:But it is showing your id.
:Trust Me Suresh, I didnt do anything.
পিছৰ কথাকেইটা কওঁতে মাতটো নোলোৱা হৈ গৈছে।এইয়া কেনেকৈ সম্ভৱ।
মইতো এইকেইদিন অফিচৰ কোনো কামেই কৰা নাই।আৰু এনেকুৱা ডাঙৰ কাম এটা মই সুভাষিণী বা অনিৰুদ্ধক নুসুধাকৈ কেতিয়াও নকৰোঁ।
:Then who the hell has done it??
অনিৰুদ্ধই প্ৰায় চিঞঁৰি উঠাৰ দৰে মোক কলে।চকুৱে মুখে খং স্পষ্ট।কিন্তু ময়ো জানো মই এই কাম কৰা নাই।চাই থাকিলো সেই অনিৰুদ্ধৰ চকুযোৰলৈ।
ৰঙা চকুলৈ ভয় অন্ততঃ মই নকৰোঁ।
:Did you share your id with anyone?
:Yeah.
:with whome?
:Subhashini.
:Have you lost it Ananya???Dont you know that’s confidential?
মই জানি বুজি একো কৰা নাই, সেইদিনা মোৰ কম্পিউটাৰটোত configuration হোৱা নাছিল বাবে মই সুভাষিণীৰ লেপটপত লগিন কৰিছিলো কাম এটাৰ কাৰণে।তেতিয়াই ক’ব লগীয়া হৈছিল।কিন্তু সেইটো যে ইমান ডাঙৰ ভুল হ’ব মই কেতিয়াও ভবাই নাছিলো।
:Now you have to write an email saying it was a mistake and it won’t happen again.
:But I haven’t done it.
:But you have created a mess madam.
অনিৰুদ্ধই কটাক্ষ কৰি কোৱা কথাকেইটাই মোক বুজাই দিলে যে ইয়াত কোনো কাৰো আপোন নহয়।অনিৰুদ্ধই সঁচাকৈ বুজা নাই নে যে এই ভুল মই জানি বুজি কৰা নাই???
:I have to go for another meeting, please work with Anirudh. Sort it Ani, please.
সুৰেশ ওলাই গ’ল।
অনিৰুদ্ধই চকী এখন টানি মোৰ ওচৰত বহিল।
মই চোৱা নাই তেঁওৰফালে, ইমান সহজে ৰং সলোৱা মানুহ মই ভাল নাপাওঁ।মনে মনে ভাবিলো, অনিৰুদ্ধৰ পৰা এতিয়াৰ পৰা নিৰ্দিষ্ট দূৰত্বত থাকিম সদায়, মানুহৰ ওচৰ চাপি মই সদায় এনেদৰেই আঘাত পাইছো।
সমস্ত দোষ মূৰ পাতি লৈ মেইল লিখিছো, ছৰী কৈছোঁ, আগলৈ কেতিয়াও নকৰোঁ বুলি কথা দিছো।কিয় জানো এবাৰলৈও মোৰ আজি কান্দিবৰ মন যোৱা নাই।মোৰ লগত কেতিয়াবা কিবা ভাল হ’লেহে চাগে মোৰ চকুপানী ওলাব।এইবোৰ মোৰ লগত হৈয়ে থকা ঘটনা।
আনে কৰা ভুলৰ শাস্তি মূৰ পাতি লওঁতেই জীৱনৰ বাকী দিনকেইটাও যাব যেন পাইছো মই।মেইল টো লিখি এবাৰ নিয়ম মাফিক অনিৰুদ্ধক দেখুৱালো, পঢ়ি চাই দুটা লাইন অলপ সলনি কৰিবলৈ ক’লে,কৰিলো।
এনেতে ৰূমলৈ হুৰমুৰকৈ সুভাষিণী সুমাই আহিল।
ঘটনাটো ইতিমধ্যেই সৱেই গম পাইছে।কিন্ত শুনি আচৰিত হ’লো এই কাম সুভাষিণীয়ে কৰিছে বুলি কোৱাতহে।
আচলতে সুভাষিণীৰ ইচ্ছাকৃত ভুল নাছিল।যিহেতু মই সেইদিনা তেওঁৰ লেপটপত লগিন কৰিছিলো গতিকে মোৰেই id টো চেভ হৈ আছিল।আৰু সুভাষিণীয়ে লৰালৰিকৈ স্ক্ৰীপ্ট এটা চলাবলৈ যাওঁতে সকলো খেলিমেলি হৈ গ’ল।
:I am really sorry Ananya.You dont need to reply to that email, I will take all the blame.
:No, Ananya send that email.
অনিৰুদ্ধৰ কথা শুনি আচৰিত হলো, মই ভুল কৰা নাই বুলি জানিও মোক কিয় মেইল কৰিবলৈ কৈছে।
এই মানুহবোৰ ইমান জটিল কিয়।অনিৰুদ্ধই সুভাষিণীক নিজৰ ঠাইলৈ পঠিয়াই দিছে।মই তেতিয়াও শিলৰ দৰে ৰৈয়ে থাকিলোঁ।
:What??Send it.
অনিৰুদ্ধ ইমান কঠোৰ হ’ব পাৰিছে কেনেকৈ???
মেইলটা পঠিয়াই দিলো।
খং, দুখ কি লাগিছে নাজানো।কিন্ত মই সুস্থ হৈ থকা নাই।বিৰাট খং উঠিছে মোৰ।নিজৰ ওপৰত,অনিৰুদ্ধৰ ওপৰত, সুভাষিণীৰ ওপৰত।
:Sent.
:Listen Ananya …
নুশুনিলো, গুচি আহিলো,অনিৰুদ্ধৰ প্ৰতি যি সামান্য সন্মান আছিল সেইয়াও আজি নাইকিয়া হৈ গ’ল।লেপটপটো নিজৰ ঠাইত থৈ ওলাই আহিলো।
Smoking zone টোৰ পৰা অলপ আঁতৰত চিগাৰেট এটা জ্বলাই গোটেই কথাবোৰ মনতে আকৌ এবাৰ জুকিয়াই চালো।
নাই কোনোফালৰ পৰাই মই ভুল নহয়।
আৰু কোনো ফালৰ পৰাই অনিৰুদ্ধ শুদ্ধ নহয়।
চিগাৰেটৰ শেষৰ অংশটোৱে ছালখনত পুৰি নিলতহে ঘূৰি আহিলো বৰ্তমানলৈ।
উঠি আহিলো, দূৰৰ পৰাই অনিৰুদ্ধ আৰু টানিয়াক হাতত কফিৰ কাপ লৈ সেইফালেই অহা দেখিলো।
ৱাহ, কি টাইমিং।
কাষেৰেই পাৰ হৈ আহিলো, এবাৰো নোচোৱাকৈ, অনিৰুদ্ধৰ প্ৰতি আৰু কোনো মোহ নাই মোৰ, খং আছে, বহুত বেছি খং।
কিন্তু মোৰ লগত যিয়েই নহওক, সুভাষিণীৰ মনটো বেয়া হোৱাটো মই বিচৰা নাই।বেগৰপৰা টিফিনটো লৈ সুভাষিণীৰ ওচৰলৈ গ’লো।ইতিমধ্যে টিমৰ সকলো আহিছে।মই সেইখিনি গৈ পোৱাৰ লগে লগে কৃতিকা, প্ৰশান্ত, সুভাষিণী সবেই বুজাবলৈ আৰম্ভ কৰি দিলে।মোৰ একো শুনাৰ ইচ্ছা নাই যদিও উপায় নাই।সৱৰে কথা শেষ হ’লত সুভাষিণীক টিফিন টো আগবঢ়াই দিলো।
আচৰিত হৈ মোৰ ফালে চালে।
:মেৰে লিয়ে??
: হাঁ।
একো কোৱা নাই, চকুপানী দুটোপালহে বিৰিঙিছে।পায়সখিনিৰ ফটো এখন মাৰি তেওঁৰ স্বামী লৈ পঠিয়াইছে।
মোক দুবাৰ মান সাৱটি ধৰিলে।এশবাৰ মান আজিৰ ঘটনাৰ কাৰণে মাফ খুজিলে।
:What’s going on here.
অনিৰুদ্ধৰ গহীন মাত শুনি সৱ মনে মনে থাকিল।মই একে ঠাইতে বহি থাকিলো, ঘূৰিও নাচালো।
:See, what Ananya got for me.
সুভাষিণীয়ে সৰু ছোৱালী এজনীৰ দৰে অনিৰুদ্ধক পায়স খিনি দেখুৱালে ।লগতে মাত্ৰ খাবলৈ মন গৈছে বুলি কোৱাৰ বাবেই যে মই নিজে বনাই নিছোঁ সেইয়াও ক’লে।অনিৰুদ্ধই কোনো উত্তৰ নিদিয়াকৈ শুনি থাকিল।সুভাষিণীয়ে কোৱাত এচামুছ খাইও চালে।
:Its really good, Thank you.
মই তেতিয়াও ঘূৰি চোৱা নাই।
অনিৰুদ্ধৰ চকুত মায়া আছে,আৰু সেই মায়া যে স্বাৰ্থপৰ আৰু মিছাৰ এক অদ্ভুত মায়া, সেইয়া মই আজি বুজি উঠিছোঁ।
সকলো নিজৰ নিজৰ কামত লাগিল। গোটেই দিনটোত মই এবাৰো অনিৰুদ্ধৰ মুখামুখি নহ’লো।
সন্ধিয়াৰ মিটিং খনত আকৌ মোৰ কথা ওলাল। কিন্তু এইবাৰ আচৰিত ধৰণেৰে অনিৰুদ্ধই মোৰ হৈ মাত মাতিলে। ক্লায়েন্টক নিজেই কথা দিলে যে ডিলিট হোৱা সমস্ত ডাটা তেওঁ restore কৰি দিব। মাত্র দুদিনৰ সময় বিচাৰিলে। আনকি মোক অলপ টানকৈ কোৱাৰ বাবে আমাৰ অনচাইট মেনেজাৰ ফাৰ্ণান্ড’ক দ্বিতীয় বাৰ তেনেকৈ নক’বলৈ সকীয়াই দিলে। এঘন্টাৰ সলনি প্ৰায় দুঘন্টা চলিল আজিৰ মিটিং। অৱশেষত সিদ্ধান্ত হ’ল দুদিনৰ ভিতৰত অনিৰুদ্ধই সকলো ঠিক কৰিব লাগিব।
অনিৰুদ্ধৰ কথাৰ ওপৰত কোনেও মাত নামাতিলে।
মিটিং শেষ কৰি সকলো ঘৰলৈ যাবলৈ ওলাল। মোৰো ন বজাৰ কেব।
বেগটো সামৰি থাকোঁতেই অনিৰুদ্ধ মোৰ
ওচৰলৈ আহিল।
:একো সুধিবলগীয়া নাই??
:Nope.
:But I do have a lot to tell. Ananya!!!!
(আগলৈ)
Waiting for next
LikeLike
excited for the next one 😍😍 good going
LikeLike
❤️ waiting for the next part
LikeLike
Nice
LikeLike
Ahhh 🥰Loved it ,waiting for the next part
LikeLike