অনিৰুদ্ধৰ ক’বলগীয়াখিনি মোৰ শুনিবৰ ইচ্ছা নাছিল, একেবাৰেই নাছিল।
কিন্তু হিবাৰ সন্মুখত মই তেওঁক অপমান কৰিবও বিচৰা নাই।
আৰু সকলোৰে অধিকাৰ থাকে, নিজৰ খিনি কোৱাৰ, নিজৰ পক্ষ ৰখাৰ, মোৰো আছিল, যিটো মোক দিয়া নহ’ল কোনোদিন। মই কেৱল শুনিছিলোঁ,মানিছিলোঁ আৰু কেতিয়াবা খঙত উফৰাই পঠিয়াইছিলোঁ।
কিন্তু ক’ব নোৱাৰিলোঁ কোনোদিন, ক’বই নোৱাৰিলোঁ কেতিয়াও।
হিবাক আগবাঢ়িবলৈ কৈ মই অনিৰুদ্ধৰ ডেস্কৰ ওচৰতে ৰৈ থাকিলো।সেইসময়ত ওচৰৰ কিউবিকেল কেইটা একেবাৰে খালি।কৰ’বাত এজন দুজন বেছেলৰ বহি অফিচৰ নেটৱৰ্কত চিনেমা ডাউনলোড কৰি আছে।অনিৰুদ্ধৰ সৈতে এইটো মূৰত অকলে কিবা এটা সহজ হ’ব পৰা নাই মই।
:Tell me.
থিয় হৈ থাকিয়েই সুধিলো।
একো নক’লে।
মোৰ কাৰণে নিজেই চকী এখন টানি আনিলে তেওঁ।বহিলো।লেপটপ টো খুলিবলৈ কোৱাত অন কৰিলোঁ।
:কাম কৰি লওঁ আগতে, তাৰ পাছত কথা পাতিম, হ’ব?
কি??????
এই ৰাতিখন আকৌ কাম আৰম্ভ কৰিম??
পাগল হোৱা নাইতো???
অনিৰুদ্ধই যেন গমেই নাপায় সময় কিমান হৈছে,মাত্ৰ এইটো কৰা সেইটো কৰা কৈ গৈ আছে আৰু মই কৰি গৈ আছোঁ।মাজতে নিজে গৈ দুকাপ চাহ আনিলে,মই কফি খাই বেয়া পাওঁ বুলি ভালকৈ জানে আজিকালি।
:অসমৰ মানুহে অকল চাহ খায়?
:পানীও খায় কেতিয়াবা।
খং এটা এনেও উঠিয়েই আছিলে, আৰু বেয়াকৈ ক’বলৈ মন আছিল,কিন্তু নক’লো।
অনিৰুদ্ধই কথা বঢ়াবলৈ কিবাকিবি কৈ থাকিল,উত্তৰ হে নিদিলো।ইচ্ছাই নাছিল।ঘড়ীটোলৈ চালো,১০টা বাজি গ’ল।কাম তেতিয়াও শেষ হোৱা নাই।
: Ananya,how is your kid?
কি পেডত খটখটকৈ চলি থকা হাতখন ৰৈ গ’ল মোৰ।অনাকাংক্ষিত প্রশ্নটোৰ উত্তৰ যে মই নিদিওঁ
বা মই দিব নোৱাৰোঁ সেইয়া অনিৰুদ্ধই ভালকৈয়ে জানে।
আচলতে অনিৰুদ্ধই আঘাত কৰিব জানে, মোৰ ভিতৰখন জোকাৰি দিব জানে।
অনিৰুদ্ধ মোৰ বাবে ভয়ংকৰ, বিপদজনক।
:I dont know.
হাতৰ নখ এটা কামুৰি কামুৰি উত্তৰ দিলোঁ।মই যেতিয়াই বেছি নাৰ্ভাছ হওঁ,এনেকৈ নখ বোৰ কামুৰি থাকোঁ।মোৰ সৰু সৰু নখ কেইটা কেতিয়াও বাঢ়িবলৈ নাপায়েই।
মই যে আকৌ অস্থিৰ হৈ পৰিছোঁ, তেওঁ বুজিছে, হয়তো মনত খুব আনন্দ পাইছে।
:Ananya, hey, look at me …
হঠাৎ অনিৰুদ্ধ মোৰ ইমান ওচৰ চাপি আহিল যে মোৰ উশাহ লোৱাও কঠিন হৈ পৰিল।
ফৰাচী পাৰ্ফিউমৰ চিনাকি সুবাস আকৌ এবাৰ উশাহত অনুভৱ কৰিলো, অনিৰুদ্ধৰ চকুৰ দীঘল দীঘল পলক, আৰু বৈ পৰা চেলাউৰী ডাল ইমান ওচৰৰ পৰা প্ৰথম দেখিলোঁ।ঘন চুলি কোচা আৰু পাতলীয়া ডাঢ়িৰে এজন সুদৰ্শন পুৰুষ অনিৰুদ্ধ।সেইবাবে চাগে তেওঁৰ মোৰ প্ৰতি অহেতুক আত্মীয়তা,দায়বদ্ধতা ,মোৰ কিবা এটা হজম হোৱা নাই।নিজৰ দুখলগা অৱস্থাটো মই ভালকৈয়ে দেখিছো।
:I have a tough life Anirudh, better you stay away from it. আৰু মই মোৰ জীৱনৰ ভাল বেয়া গোটেইবোৰ সামৰি ঠিকেই চলি আছোঁ, হঠাতে আপুনি আহি খেলিমেলি কৰি নিদিব।মই বহুত কষ্ট কৰি আজিৰ অৱস্থা পাইছোহি।অলপ সময় জীয়াই থাকিবলৈ পালে সুখী হম।Hope you understand!!
নিজৰ দুৰ্বলতা মই কেতিয়াও অনিৰুদ্ধক দেখুৱাব নোৱাৰোঁ।তেওঁৰ চেহেৰাত মই ভুল নাযাওঁ।
কিন্তু মোৰ প্ৰতি অকণমান মৰম দেখুওৱা,আদৰ কৰা মানুহৰ অভাৱ।অনিৰুদ্ধৰ মোৰ প্ৰতি কেয়াৰ, Concern জোখতকৈ অলপ বেছি।
গতিকে মই যে কোনোবাদিনা ভুল কৰি পেলাম সেইয়া মই জানো।
মোৰ ফালে কিছু সময় থৰ লাগি চাই থাকি অনিৰুদ্ধ নিজৰ ঠাইৰ পৰা উঠিল।
:Lets go.
চাৰে দহ বাজিছে তেতিয়া।
একো প্ৰশ্ন নকৰাকৈ মই ওলাই আহিলো।এই সময়ত মই অকলে থাকিব বিচাৰোঁ।অনিৰুদ্ধই একো কোৱা নাই।খং উঠিলে মুখ খন অলপ ৰঙা হৈ যায় তেওঁৰ, আৰু চকুকেইটা জপাই মাজে মাজে দীঘল দীঘল উশাহ লয়।
কথা নকয়।
লিফ্টত সোমাৱাৰ পাছতো একেই নিৰৱতা।
অনিৰুদ্ধ দিনে দিনে মোৰ কাৰণে এটি সাঁথৰ হৈ গৈ আছে।আৰু এই সাঁথৰ ভাঙি চাবলৈ ইচ্ছা মোৰ নাই।
অনিৰুদ্ধৰ গাড়ী চলিল, মই আজি পিছৰ ছিটত।নিজৰ ইচ্ছাতে বহিছোঁ।অনিৰুদ্ধই একো নক’লে।কিন্তু মোক আচৰিত কৰি গাড়ীখন মোৰ ৰূমৰ ফালে নগৈ বিপৰীত দিশত আগবাঢ়িল।
:আমি ক’লৈ গৈছো?
:To break your cage.
:Excuse me?
:Can’t.
:Damn!
:Dont worry, I am not cheap like you think.
একো কোৱা নাই।অনিৰুদ্ধই মোক বিপদত পেলাব নোৱাৰে।অফিচৰ পৰা ঘৰ safely নোপোৱালৈকে emergency number ত যোগাযোগ কৰিব পাৰি।কিবা খেলিমেলি দেখিলেই ফোন কৰি দিম।
আন দিনাতকৈ বেছি জোৰত গাড়ী চলালে অনিৰুদ্ধই।গাড়ী এইবাৰ অলপ ভিৰ জেগাৰ পৰা আঁতৰি বেলেগ ৰাস্তা ল’লে।এখন ডাঙৰ ফ্লাইঅভাৰৰ তলেৰে গৈছে।অলপ দূৰ গৈ অনিৰুদ্ধই গাড়ী ৰখালে।মোৰ ফালৰ দৰ্জা খন খুলি ৰৈ থাকিল।নিজেই নামি আহিলোঁ।
লেতেৰা জাবৰৰ দ’ম এটাৰ পৰা অহা অকতা গোন্ধ এটা নাকত লাগিল।উশাহ ল’ব নোৱাৰা উৎকট দুৰ্গন্ধ।অলপ দূৰে দূৰে থকা ষ্ট্ৰীট লাইট কেইটাৰ পোহৰবোৰো ভালকৈ নপৰে ঠাইখনত।
:Come. I will show you what is called a tough life.
অনিৰুদ্ধক একো ক’ব নোৱাৰিলোঁ মই।তেওঁক অনুসৰণ কৰি কেইখোজ মান গৈ যি দৃশ্য দেখিলোঁ, সেই দৃশ্যই মোৰ অন্তৰাত্মা জোকাৰি গ’ল।
সেই গেলা জাবৰৰ দ’মটোৰ পিছফালে এডোখৰ ঠাইত প্ৰায় দহগৰাকী মান কিন্নৰ।তাত কিয় তেনেকৈ ৰৈ আছে বুজিবলৈ দেৰি নালাগিল।মুখত উগ্ৰ প্ৰসাধন আৰু অদ্ভুত বেশ ভূষাৰে গ্ৰাহকৰ বাবে বাট চাই ৰৈ আছে।তাৰে এগৰাকীয়ে জাবৰৰ দ’ম টোৰ পৰা কিবা এটা বুটলি খাইছে।
বমি বমি ভাৱ এটা উজাই আহিল।
অলপ আঁতৰৰ পৰা চাই আছোঁ।
এনেতে দুজন মানুহ বাইকত আহিল। আৰু আহিয়েই তেওঁলোকৰে দুগৰাকীমানক সোধ পোছ নকৰাকৈ মাৰিবলৈ ধৰিলে।বাকীবোৰে হাত যোৰ কৰি কিবা কিবি কৈছে।একো বুজি নাপালোঁ।কঁকালৰ খুঁচনীৰ পৰা পইচা উলিয়াই দিছে।যি দিব পৰা নাই তাক মাৰিছে।গোৰ মাৰি দিছে,মুখ খন জাবৰৰ মাজত হেঁচি ধৰিছে।এগৰাকীয়ে মুঠি খুলি নিদিয়াৰ বাবে চুৰীৰে ৰেপি পইচা উলিয়াই লৈছে।
ৰৈ থকা ঠাইতে থৰ থৰ কৈ কঁপি আছোঁ মই।অনিৰুদ্ধই মোলৈ চাই হুমুনিয়াহ কাঢ়িছে।
:মই যেতিয়া প্ৰথম বাৰ এই দৃশ্য দেখিছিলোঁ, বহু দিনলৈ খাব শুব পৰা নাছিলোঁ।পুলিচৰ লগতো কথা পাতিলো, একো লাভ নাই।এইবোৰ দালাল।ইহঁতৰ লগত কোনেও লাগি নলয়।মানুহ মাৰি পেলাব পাৰে ইহঁতে।আৰু মই ইমান সাহসী নহয় অনন্যা। মই জীয়াই থাকিব বিচৰা সাধাৰণ মানুহ।
সেইকাৰণে কেতিয়াবা আহোঁ, পইচা দিওঁ, কিবা এটা খাবলৈ দিওঁ।সিমানেই।কিন্তু আচৰিত কি জানা, নিজে নৰকত থাকিও ইহঁতে মোক স্বৰ্গ সুখৰ আশীৰ্বাদ দিয়ে।হাঁহি হাঁহি মোৰ মূৰত হাত থয়, মই দিয়া এশ টকাটো লৈ লাখ টকীয়া হাঁহি এটা উপহাৰ দিয়ে।
I truly admire them.
এই মানুহবোৰ অমৰ।কোনেও মাৰিব নোৱাৰে ইহঁতক।জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ থাকে ইহঁতৰ।
এতিয়া মোক কোৱা, প্ৰতিদিনে এনেকৈ থাকিও হাঁহিব পাৰে মানুহে,আনক সুখী হোৱাৰ আশীর্বাদ দিব পাৰে,তুমি কিয় নোৱাৰা????
অনিৰুদ্ধই মোৰ চকুত চকু থৈ সুধিলে।
নিজৰ মাজতেই সোমাই থকা মই আনৰ দুখ দেখিয়েই নাই পোৱা নেকি বাৰু সচাঁকৈ!
নাই, নহয়, অনিৰুদ্ধই ভুল বুজিছে মোক।
:অনিৰুদ্ধ….
:হম..
:কিবা এটা দি আহিব পাৰিম নে?
বেগৰ পৰা পইচাকেইটা লৈ আগবাঢ়িলো।
ইতিমধ্যে সেই মানুহ দুটা গুচি গৈছিল।অনিৰুদ্ধক দেখা পাই দুগৰাকীমান কিন্নৰ দৌৰি আহিল।
ঠিক যেন মৃত্যু মুখৰ পৰা উভতি অহা মানুহে ইশ্বৰ দেখা পাইছে।
পইচা কেইটা লৈ এগৰাকী দৌৰিছে ওচৰৰ হোটেলখনলৈ।
ভোকে মানুহক কি কি নকৰায় এই পৃথিৱীত!
অনিৰুদ্ধৰ লগতে মোকো আশীৰ্বাদ দিলে আজি।মই আচৰিত হ’লো,
মৰি মৰি জীয়াই থকা মানুহেও ইমান হাঁহিব পাৰেনে?
আন্ধাৰ ভৱিষ্যত, নিসংগ জীৱনেও মানুহক হৰুৱাব নোৱাৰেনে?
এই লেতেৰা বোৰ মনলৈ সোমাই যাবলৈ দিয়া নাই এওঁলোকে।
মোৰ মূৰত থকা হাতখনত চুৰীৰ দাগ, মৰা তেজ, কিন্তু মৰমৰ স্পৰ্শ একেই আছে।
আশীৰ্বাদৰ ৰং আজি বগা, ঠিক এওঁৰ খোপাত থকা গজৰাডালৰ দৰেই।
হাতখনৰ ঘাঁ ডোখৰ চুই চালো, কেঁচা।
:মেৰী উমৰ ভী তুঝে লগ জায়ে বেটি, তু কভী উদাস না হ’, য়ে ইন্সান ফৰিষ্টা হে’। তু ইনকে সাথ খুচ ৰহেগী।
অনিৰুদ্ধৰ ফালে চালো, হয় জানো তেওঁ ‘ফৰিষ্টা’? এই সময়ত চোন মোৰো তেনেকুৱাই লাগিছে।
বিদায় ললোঁ,এখন নতুন পৃথিৱীৰ স’তে চিনাকি আজি। অনিৰুদ্ধৰ নিচিনাকৈ ময়ো আহিম কেতিয়াবা, কিবা এটা কৰিম।
আজি মোৰ দুখৰ বোজাটো এওঁলোকৰ হাঁহিৰ ওচৰত সৰু হৈ পৰিল।
অনিৰুদ্ধই নোকোৱাকৈয়ে সন্মুখৰ ছিটত বহিলো।ড্ৰাইভিং ছিটত বহি অনিৰুদ্ধই গাড়ী ষ্টাৰ্ট দিলে।আকাশৰ জোনটোলৈ চালো।ক’লা ডাৱৰ এখিনিয়ে বাৰে বাৰে ঢাকি দিছে, কিন্তু প্ৰতিবাৰেই সুৰুঙা বিচাৰি ওলাই আহিছে আৰু বেছি উজ্জ্বল হৈ।
মইও জীয়াই থাকিবলৈ শিকিম, কেৱল নিজৰ দুখ, নিজৰ কষ্টক লৈ নহয়, আশে পাশে থকা মানুহবোৰৰ বাবেও মই জীয়াই থাকিম।
:আকৌ কেতিয়া আহিম?
:তুমি যেতিয়া কোৱা।
এইবাৰ খোৱা বস্তু আনিম নে কাপোৰ, কি খাই বা ভাল পায় সুধিবলৈকে নহ’ল।
:Music?
অনিৰুদ্ধই সুধি সুধি সকলো কাম কিয় কৰে?
:মই গান এটা লগাব পাৰিম নেকি?I mean if you dont mind.
আজি মই গান শুনিম। আশীৰ্বাদৰ ৰং লাগিছে মোৰ শিল হোৱা কলিজাত।
:Omg,why not.
ব্লুটুথ অন কৰি মোৰ মোবাইলত বহুদিনৰ মূৰত এটি ভাল লগা গান বজালো।
আকাশ কেন ডাকে…
মন ছুটি যায়…
এ.চি বন্ধ কৰি গ্লাছ নমাই মই বাহিৰলৈ চাই আহিছো।
মোৰ সমানে সমানে জোনবাইটো আহি আছে।
থুপুৰ মুখখনৰ নিচিনা গোল, কোমল।
ককাৰ কপালৰ চন্দনৰ ফোট টোৰ দৰে বগা,পৱিত্ৰ।
(আগলৈ)
Waiting for the next part😊
LikeLike
Finally 🤧
LikeLike
ভাল লাগিল বা।’পানীও খায় কেতিয়াবা ‘ শাৰীটো বৰ হাস্যকৰ হৈছে ।
LikeLike
❤️🙂
LikeLike
wow … antor khan sui gol ….
LikeLike
খুব সুন্দৰ আপোনাৰ লিখনি। পৰবৰ্তী খণ্ডৰ বাবে আগ্ৰহেৰে বাট চাই ৰ’লো।আশাকৰো অতি সোনকালে পাম।
LikeLike
আপোনাৰ লিখনী সদাই প্ৰিয় । প্ৰত্যেকটো শাৰী খুবেই ধুনীয়া
LikeLike