#আবিৰ খণ্ড (১৭)

জোনটোৰ সৈতে আহি থাকোঁতে অনিৰুদ্ধক যেন পাহৰিয়েই পেলাইছো।
:Are you hungry Ananya?
:Nope
আজি যেন ভোক পিয়াহ সকলো পাহৰি পেলাইছোঁ।এতিয়াও মনত ভাঁহি আছে মোক আশীৰ্বাদ দিয়া চন্দ্ৰা দিদিৰ হাত খনলৈ।নামটো তেওঁ নিজেই কৈছিল মোক।অনিৰুদ্ধৰ ফালে ঘূৰি চালো।মানুহজন বাৰু ভাল নেকি?
ককা,আয়ু আৰু থুপুৰ বাহিৰে আৰু ভাল মানুহ আছে নেকি এই পৃথিৱীত!!
এই মানুহজনকচোন মই লাহে লাহে বিশ্বাস কৰিবলৈ লৈছোঁ।
ভাল লগা, ভাল পোৱা এইবোৰ মানুহে এনেই ভাৱে ইমানকৈ।
পৃথিৱীৰ আটাইতকৈ গভীৰ সম্বন্ধ প্ৰেমৰ নহয়, বিশ্বাসৰ।
অনিৰুদ্ধৰ প্ৰতি মোৰ বিশ্বাস বাঢ়িছে, এইয়া জানো ভালপোৱাৰ বাবে কাটি লোৱা আলিবাট নহয়??
উফ্।
কি হৈছে মোৰ।
কথাবোৰ ভাবি ভাবি ৰূমৰ ওচৰ পালেহি।সময় তেতিয়া চাৰে এঘাৰ বাজিছে।আমাৰ ৰূমলৈ সোমাই যোৱা গলিটোৰ মুখতে সেইটো আয়ু, কাষত হিবা।আচৰিত হোৱা নাই।আজিকালি প্ৰায়ে দুয়োটা ফোনত কথা পাতি থাকে।প্ৰেম নে কি নাজানোঁ।আয়ুৰ এনেও বেছিদিন কাৰো লগত নিটিকে।

গাড়ীখন কাষলৈ চপাই ৰখাই দিলে অনিৰুদ্ধই।
বেগটো লৈ নামি আহিলোঁ।
গাড়ীৰ পৰা অনিৰুদ্ধও নামি আহিল, আৰু আমাক একেলগে দেখি আয়ু আৰু হিবা আগবাঢ়ি আহিল।
:ক’ত আছিলি তই ইমান দেৰি?
আয়ুৰ কথাৰ সুৰটো অলপো ভাল নালাগিলে মোৰ।
মোৰ ওপৰত অধিকাৰ দেখুৱাই কথা ক’লে বেয়া পাওঁ মই। সেইয়া লাগে যিয়েই নহওক।

অনিৰুদ্ধও অপ্ৰস্তুত হোৱা যেন লাগিল। মোক ফ্ৰেছ হৈ ফোন এটা কৰিবলৈ কৈ তেওঁ গুচি গ’ল।
:তোৰ মাথাটো আছে নে নাই হাঁ। ইমান ৰাতি সেইটোৰ লগত যে ঘূৰি আছিলি ,কি বিশ্বাসত ?আৰু সেইটোৰ কি এজনীৰে মন ভৰা নাই নিকি?যেতিয়াই তেতিয়াই চোন টানিয়াৰ লগতে ঘূৰি ফুৰে।এতিয়া নতুনকৈ তোৰ পিছত লাগিছে।বেছি ফাল্টু কৰিলে মাথা ফালি দিম মই।
:চুপ, একদম চুপ।মোক কোনেও ফুচুলাই নিয়া নাই মই নিজেই গৈছিলোঁ।আৰু মই কি কৰি আছো মই জানো আয়ু, তই বেছি লেকচাৰ দিব নালাগে।যা এতিয়া ইয়াৰ পৰা।মূৰ বিষাইছে মোৰ।
হিবাই একো বুজি পোৱা নাই যদিও আমি যে কাজিয়া লাগিছো সেইটো গম পাইছে।আয়ুক যাবলৈ কোৱাৰ লগে লগে সি দপদপাই গুচি গল।
ময়ো হিবাক হাতত ধৰি ৰূমলৈ লৈ আনিলোঁ।

:তুম ঠিক হ’ না অনন্যা।
:হাঁ,তুমহে কুছ বতানা হে।
হিবাক সকলো খিনি কলো।কথাবোৰ শুনি থাকোঁতে তাইৰ চকুপানী সৰিছে, ছোৱালীজনী বৰ কোমল মনৰ।মোৰ কাৰণে তাই ৰাতিৰ আহাৰ আনি থৈছে।মই হাত ভৰি ধুই আহোঁ মানে গৰম কৰিও আনিলে।
খাওঁতেও তাই কি কি দেখিলো,অনিৰুদ্ধৰ লগত কাজিয়া কৰিলো নেকি সেইবোৰেই সুধি থাকিল।

খোৱা শেষ কৰোঁতেই অনিৰুদ্ধই ফোন কৰিলে।আজি প্ৰথম বাৰৰ কাৰণে কৰিছে,উঠাম নে নুঠাম ভাবি থাকোঁতে মিছ্দ কল হৈ গ’ল।
পিছৰবাৰত উঠালো।
:Hello.
:Hi, so lets finish the work now.Come in skype.
:now?
:Yes mam, now.
এইডালৰ পৰা মানে শান্তি নাই।যি অকণ ভাল ভাৱ আহিছিল হাৱা হৈ উৰি গ’ল।
বিচনাৰ পৰা উঠি আহি আকৌ লেপটপ অন কৰিলোঁ।হিবাই আচৰিত হৈ বিচনাৰ পৰা মূৰ তুলি চালে।তাই শুবলৈ লৈছে,গতিকে লাইট অন নকৰাকৈয়ে কাম কৰিব লাগিব।টেবুল লাইটটোকে অন কৰি ললোঁ।
অনিৰুদ্ধই skype ত কল কৰিছে।ভিডিও অন নকৰোঁ আমি। অকল অডিও সংযোগ কৰিলো।
এইখন মিটিং কিমান দেৰি চলিব ঠিক নাই।
:Share your screen and just follow the steps I am going to tell.
:okay.
কৰি গৈ আছো।
মাজে মাজে টোপনিয়ে হেঁচা মাৰি ধৰিছে।বটলটো খুলি পানী অকণ চকুকেইটাত সানি লৈছো।ইটো সিটো কাম উলিয়াইয়ে আছে অনিৰুদ্ধই।সময় চালো।ৰাতি আঢ়ৈ বাজি গৈছে।এতিয়াও কাম বাকী আছেই অলপ।
:Are you sleepy?
:Of course.
:Really?I was expecting a ‘nope’,the signature one.
উত্তৰ নিদিলোঁ।অনিৰুদ্ধই কম ভলিউমত লাকি আলিৰ গান লগাই থৈছে।ইমান ৰাতিও কোনোবাই গান শুনেনে?টোপনি আৰু বেছিকৈহে বাঢ়িছে গান শুনি শুনি।
:মোৰ বহুত ভাগৰ লাগিছে, আমি কাইলৈ কৰিব পাৰিম নেকি?
:মই কাইলৈৰ পৰা দুসপ্তাহ অফিচত নাথাকিম।সেইকাৰণে ইমান দেৰি লৈকে তোমাক কামত লগাই আছোঁ।কামটো ময়ো কৰিব পাৰিলোঁ হেঁতেন, কিন্তু তুমিতো শিকিব লাগিব।পিছত কেতিয়াবা দৰকাৰ হলে নিজে কৰিব পাৰিব লাগিব।
অনিৰুদ্ধ দুই সপ্তাহ নাথাকিব, কিন্তু কিয়?
সুধি চাওঁ?
নাই, বেছি হৈ যাব।
:Hey, you wont ask me anything?
:Nope.
অনিৰুদ্ধই নিজেওতো ক’ব পাৰে।আৰু দুসপ্তাহ মানে কৃতিকাৰ বিয়ালৈকে নাথাকে।আমি সবেই বিয়ালৈ যোৱাৰ কথা।তাৰমানে অনিৰুদ্ধ নাযায়।
ভালেই হ’ব, মই মুকলি মনেৰে যাব পাৰিম।
কাম শেষ হওঁতে হওঁতে চাৰিটা বাজিল।
অনিৰুদ্ধই এবাৰ verify কৰিলে।
:Okay, send an email with all the steps we followed, and tell them its done.
:okay, good night.
মনটো ভাল লাগি গ’ল।
:I cant sleep now, have my flight in another 3 hours. Will book a cab now and directly go to Airport.

ইমান কষ্ট কেনেকৈ কৰিব পাৰে?দিনৰ দিনটো অফিচৰ কাম, তাৰ পাছত মোৰ লগত এতিয়া ইমান দেৰিলৈকে কাম কৰি আকৌ এতিয়া যাব এয়াৰপোৰ্ট।কিয় জানো অনিৰুদ্ধলৈ কিবা এটা বেয়া লাগিল।মোৰ কাৰণেইটো এতিয়ালৈকে কাম কৰি আছিল।
:মোৰ কাৰণেই আপোনাৰ কষ্ট হ’ল।ইমান দেৰি লৈকে কাম কৰিব লগা হ’ল।Sorry.
:Are you really feeling sorry?
:Yeah.
:Then do me a favour please.
:Yeah Sure.
:When I am not in office, make sure nobody put pressure on Subhashini, if any such thing happens, you please message me or call me.

মই জানো অনিৰুদ্ধই বিচাৰে তেওঁৰ টিমৰ সকলো ভালে থাকক।ভালকৈ কাম কৰক।কিন্তু সুভাষিণীক লৈ তেওঁৰ চিন্তা দেখি আজি আৰু বেছি সন্মান উপজিল।
:Sure.Bye.
:Bye Ananya, Sleep now.
বেছি গা বেয়া লাগিলে অনিৰুদ্ধই কাইলৈ চুটি লবলৈয়ো ক’লে।নিজে ইমান কষ্টৰ মাজতো মোৰ কথা ভবাৰ বাবে মোৰ কিবা এটা ভাল লাগিল।
Skype কলটো কাটি দিবৰ সময়ত হে ভুলতে মোৰ video অন হৈ গল।
কাটি দিবলৈ লওঁতেই অনিৰুদ্ধৰ মাত…
:Please don’t disconnect.

অনিৰুদ্ধই মোক এনেকৈ দেখাটো মই বিচৰা নাছিলো।বিশেষকৈ এই গোটেই পাণ্ডা অঁকা পিংক কালৰৰ নাইট চুইট আৰু এইডাল hair band ত।এইযোৰ মোক হিবাই পছন্দ কৰি দিয়া।সৱ ক’লা ক’লা তাই ভাল নাপায়।সেইকাৰণে এইযোৰ আনিছিলো।
কিন্তু অনিৰুদ্ধই দেখিলতহে বেছি লাজ পালোঁ মই।
:Now I can travel peacefully, bye.
:Bye, safe journey.
:Oh, Thank you.
:Anirudh..
:Hmm
:Thank you for today.
উত্তৰ নাই দিয়া তেওঁ।
কিছু সময়ৰ কাৰণে যেন সময় খিনি ৰৈ গৈছে।অনিৰুদ্ধই নিজৰ ভিডিও অন কৰিছে।
যাবলৈ ৰেডি হৈ আছিল চাগে, এইমাত্ৰ গা ধুই অহাৰ নিচিনা লাগিল, চুলি খিনি খেলি মেলি,ভিজি থকা, বটল গ্ৰীণ চাৰ্ট টোৰ ওপৰৰ দুটা বুটাম খোলা।
চকু কেইটা অকণমান ৰঙা, ভাগৰ সুস্পষ্ট।
পিছফালৰ মিউজিক চিষ্টেমটোত তেতিয়াও বাজি আছে ..
“কভী এইচা লগতা হে, দিল মে জ’ বাত হে
জিচে কেহনা ছাহো, পৰ মে কেহ পাও না”

ক’বলৈ একো নাছিল। মাত্ৰ চাই ৰ’লো, অনিৰুদ্ধৰ চকুলৈ…

প্ৰথমবাৰৰ বাবে বুকুখন অলপ বিষাইছে, উশাহটো
ঘন।

আগলৈ

3 thoughts on “#আবিৰ খণ্ড (১৭)

  1. ইন্দ্ৰানী বা পিছৰ খণ্ড কেইটা সোনকালে দিব । আপোনাৰ এটা খণ্ড পঢ়ি পিছৰ তোলে ৰব য়ে নোৱাৰোঁ । বহুত ভাল লাগিছে । Plz বা সোনকালে দিব না । ❤️❤️❤️Lots of love বা

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s