#আবিৰ খণ্ড (১৮)

“Reached home safe”
অনিৰুদ্ধৰ মেছেজটো পাই কিবা এটা ভাল লাগি গ’ল।ৰাতিপুৱা প্ৰথম চকু মেলি এই তিনিটা আখৰে মনটো জীপাল কৰি তুলিলে।

হিবাই ওলাই মেলি ৰৈ ৰৈ গুচি গ’ল।মইহে বিচনাৰ পৰাই উঠিব পৰা নাই।মূৰটো বিষাইছে।ছুটি লবলৈও ভাল লগা নাই।যেনেতেনে উঠি আহিলোঁ।অলপ দেৰি হ’ব বুলি সুৰেশলৈ মেচেজ এটা পঠিয়াই দিলোঁ।
কালি ৰাতিৰ কথাবোৰ মনত পৰি মনটো খেলিমেলি লাগি গৈছে।
অনিৰুদ্ধই কিয় বা মোক চাই আছিল?
নিজৰ ভিডিও কিয় বা অন কৰিছিল?
নাই নাই,অলপ বেছিয়েই ভাবিছোঁ।অভাৰ থিংকিং মোৰ পুৰণা বেমাৰ।আকৌ উকাইছে এইকেইদিন।খৰধৰকৈ ওলাই আহিলো অফিচলৈ বুলি।

সোমাই আহিয়েই অনিৰুদ্ধৰ ডেস্কলৈ চকু গ’ল। ক’লা কফি কাপটো,সৰু মাৰ্বল পথ’ছ আৰু জেড প্লেণ্টৰ পট দুটা,এসোপামান sticky নোটছ, আৰু এখন সৰু নোট বুক।লকাৰত ভৰাবলৈ পাহৰিলে চাগে।লেপটপটো অন কৰি মেইল পঢ়িবলৈ লাগিলো। অলপ পিছত সুভাষিণী আৰু সুৰেশ মোৰ ডেস্কৰ ফালে আগবাঢ়ি আহিল।
:Great Job Ananya, I think we have two Anirudh in our team now.
কালি ৰাতিয়েই কাম শেষ কৰি মেইল পঠিয়াই দিছিলো, তাৰ কাৰণেই এই প্ৰশংসা।
আচৰিত নহয়নে?
এদিন আগত মোক বহুৱাই লৈ জেৰা কৰা হৈছিল, আৰু আজি একেখিনি মানুহেই মোৰ প্ৰশংসাত পঞ্চমুখ।
অনিৰুদ্ধই ঠিকেই কৈছিল, ভাল বা বেয়া সকলো মাত্ৰ ক্ষণিকৰ বাবেহে, গভীৰতা ক’তো নাই।
হাঁহি এটি লৈ থাকিব পাৰিলেই সকলো সহজ।

আজি অফিচত অনিৰুদ্ধৰ চিনাকি সুবাস, গহীন মাতটো নাই।অলপ খালি খালি অনুভৱ এটাই চুই গ’ল।ঠিক সকলো থাকিও যেনেকৈ মই সদায় ঘৰত খালি বুকু এখন লৈ ঘূৰি ফুৰিছিলোঁ।উমি উমি জ্বলিছিলোঁ নিথৰ ৰাতি বোৰত।বগা বাংলোৰ ক’লা দিনবোৰ আকৌ এবাৰ মনত পৰি গ’ল।

ওলাই আহি আকৌ ধোঁৱাৰ কুণ্ডলীত নিজকে উৰুৱাই দিছোঁ।যিমানেই ধোঁৱাবোৰ কুণ্ডলী পকাই ওলাই যায়, মোৰ ভিতৰৰ খালি ঠাইবোৰে আৰু বেছি শূন্য হৈ শেষ হোৱাৰ বাট বিচাৰি পায়।

:ককা মোক কেলেই কোনেও ভাল নাপায়?মই মা দেতাৰ নিজৰ হয় নে নহয়?
:বেয়া কথাবোৰ কেলেই কৈ থাক নো?তই আমাৰে ছোৱালী, তোক সৱেই ভাল পায়, মই পাওঁ।আইতাই নিজেই তোক গোসাঁনী নামটো দিছিলে।
:মায়ে তেন্তে কেলেই ইমান বেয়া পায় মোক?
:এইবোৰ বহুত কথা।
ককাই একো নকয়, গোঁসাই ঘৰৰ জ্বলি থকা চাকি গছৰ শলিতা ডাল ঠিক কৰি আৰু অকণ তেল ঢালি দিয়ে, হাতৰ তলুৱাত তাৰে অকণ উম সামৰি আনি মোৰ মূৰত দি আশীৰ্বাদ দিয়ে।মই তেতিয়াও স্থিৰ চকুৰে শিলৰ মূৰ্ত্তি তোলৈ চাই থাকোঁ।
:এইজনী তোমাৰ ছোৱালী প্ৰভু, চকু মেলি চাবা।
মই কিয় ভগৱানৰ ছোৱালী?
ককাই উত্তৰ নিদিয়ে।
অৱশেষত মই উত্তৰ বিচাৰি সকলো সীমা চেৰাই গৈছিলো।প্ৰতিটো কাম মা দেউতাৰ বিপৰীতে গৈ কৰিছিলো।স্কুলৰ লগৰ ল’ৰাৰ পৰা খুজি আনিছিলো নতুন নতুন নিচা।
মোক মাৰি মাৰি দেউতাৰ হাত বিষাইছিল, কিন্তু মই হাৰি যোৱা নাছিলো।
সেই জেদ মোৰ বাবে মোৰ সাহস আছিল, কিন্তু মই বুজিয়েই নাপালো কেতিয়া মই জীৱনৰ আটাইতকৈ ধুনীয়া সময়বোৰ আন্ধাৰৰ মাজতে পাৰ কৰি পেলালোঁ।
মাৰ মূৰৰ কামোৰণি হৈ পৰিছিলো মই।
পিছলৈ লাহে লাহে বুজিছিলো মায়ে মোক কিয় বেয়া পায়।
মোৰ এটাই দোষ আছিল, মই ককাক ভাল পাইছিলোঁ, আইতাক ভাল পাইছিলোঁ।
মই মানুহক ভাল পাইছিলোঁ।
দেউতাই যিদিনা নিজে বাগানৰ ফেক্টৰীত জুই লগাবলৈ নিৰ্দেশ দি পিছত একো নজনাৰ ভাও ধৰিছিল, মই মনে মনে থাকিব নোৱাৰিছিলোঁ।দেউতাই বিচাৰিলেই জিলা বন্ধ হৈ যায়, বাগানৰ মজদূৰৰ মাজত হুলস্থূল লাগে, ঘৰত নেতা পালিনেতাৰ ভিৰ লাগে।
দেউতাই নিজক ভগৱানৰ দৰে ভাবিবলৈ ধৰে।
আৰু সেই অহংকাৰ ভাঙি মই প্ৰশ্ন কৰোঁ
:ককাৰ পইছা লৈ মোক দম নেদেখুৱাব।আপোনাৰ ঔকাদ কি?
আকৌ এবাৰ বন্দী হওঁ ৰূমত,একেই নাটকৰ পুনৰাবৃত্তি।
ককাৰ হাজাৰ বাধা স্বত্বেও দেউতাই এইবোৰ কৰে, মাৰ সম্পূৰ্ণ সহযোগ থাকে।প্ৰতিবাদ কৰোঁ কেৱল মই।ঘৰত গৰম শলাৰে তৰাৰ হাত জ্বলাই দিয়া মায়ে উদাত্ত কণ্ঠৰে মঞ্চত নাৰী মুক্তিৰ শ্লোগান দিয়ে, গামোছা পিন্ধে।
সেইখন ঘৰৰ সকলোবোৰ কেৱল মিছা আছিল।
দেউতাৰ ওচৰলৈ অহা গুণ্ডা কেইটাৰ এটাই তৰাক এদিন পিঠিত ঢকা মাৰি দিছিল, কান্দি কান্দি তাই যেতিয়া মাক কৈছিল, উত্তৰত তাইহে মাৰ পৰা গালি খাইছিল।
আৰু মই ঠিক মায়ে কৰাৰ দৰে গৰম শলা ডাল পাকঘৰৰ পৰা নি সেই মানুহটোৰ হাতত লগাই দিছিলো।
দেউটাত reputation বেয়া হৈ গৈছিল।
মই সুখী হৈছিলো।
যিমানেই ডাঙৰ হৈ আহিছিলো,সিমানেই বেছি মই অকলশৰীয়া হৈ পৰিছিলো,মা দেউতাৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছিলো।

আয়ুৰ ঘৰ খন আৰু ককা নথকা হলে মই চাগে কেতিয়াবাই মৰি থাকিলোঁহেতেন।ভাল মানুহৰ মাজত থাকি ভাল পাইছিলোঁ সৰুতে।হয়তো এতিয়াও।
সেইবাবেই চাগে অনিৰুদ্ধলৈ আজি মনত পৰিছে মোৰ।
মোৰ গালত তেওঁৰ সেই আঙুলি কেইটাৰ আলফুল পৰশ,মোলৈ চালে সৰু হৈ যোৱা সেই ধুনীয়া চকু কেইটা, তাত তিৰবিৰাই থকা সেই নিয়ৰৰ দৰে জীপাল আকুলতা বোৰ।

ফোনৰ মাতত বৰ্তমানলৈ ঘূৰি আহিলো।
ঘৰৰ ফোন।
এবাৰতে উঠালোঁ, ককাৰ মাত।
:ককা, তুমি কেনেকৈ ফোন কৰিলা?
:তৰাই লগাই দিছে, গাটো বৰ বেয়া লাগি আছে এইকেইদিন।এবাৰ তোক চাওঁ চাওঁ লাগিছে।বেছিদিন নাথাকোঁ আৰু ।তই আহিবিনে?
জ্বলি থকা চিগাৰেট টোৰ সৈতে ময়ো জ্বলিছো।কেনেকৈ যাওঁ সেইখন ঘৰলৈ, যিখন ঘৰত মোৰ কাৰণে অকণো ঠাই নাছিল।
য’ত থুপুৰ কাৰণে অকণো মৰম নাছিল।

:তোমাক লৈ আনিম গৈ, এমাহ সময় দিয়া মোক।
:তই ভালে আছ নে মা?
:হমম।
আৰু কথা পাতিব নোৱাৰিলোঁ।তিনিটামান পাফ টানি ঘূৰি আহিলোঁ নিজৰ কামলৈ।ক’ৰপৰা কি মিলাও একো বুজি পোৱা নাই, ককাৰ যদি কিবা এটা হয়, মই কেনেকৈ জীয়াই থাকিম।
চকু কেইটা মুদি দিছো।
নাকৰ পৰা আকৌ বৈছে নিমখীয়া তেজৰ সোঁত।
ৱাছ ৰূমলৈ দৌৰ মাৰিলো।

এইটো সময়ত মোক আয়ুৰ বাহিৰে কোনেও নুবুজে। তালৈ ফোন কৰিলো। কালিৰ পৰা তাৰ লগত মাত বোল বন্ধ। হ’লেও সি ফোনটো উঠালে।
:কি হ’ল?
:কেফেটেৰিয়ালৈ আহ।
:নাযাওঁ।
:চৰ মাৰি দিম আয়ু কৈ দিছো। আহ এতিয়াই। তই বেছি মূৰৰ ওপৰত উঠিছ।
ফোনটো কাটি আয়ুৰ ওচৰলৈ দৌৰিলো।
সৰুকালৰ সেই থুপুকা মোৰ দন্দুৰাটো আজি অলপ গহীন। কালিৰ কাৰণে নিজে মাফ খুজিলো। ককাই ফোন কৰা কথা কোৱাত তাৰো মনটা সেমেকি গ’ল।
: লৈ আহোঁগৈ ব’ল । তোৰ বাপেৰে কি ডাল কৰিব।
:আনি ক’ত ৰাখিম?
আগ পাছ নভৱাকৈ বহুত কাম কৰিলো জীৱনত। আৰু নকৰোঁ।
আয়ু এতিয়াওচোন ডাঙৰেই হোৱা নাই।
বেছি দূৰলৈ একো ভাবিব নোৱাৰে।

ৰূমলৈ ঘূৰি আহিও ক’তো মন বহা নাই। খাবলৈও মন যোৱা নাই। ফোনটো উলিয়াই অনিৰুদ্ধৰ নাম্বাৰটো চাই আছো। ফোন বা মেচেজ কৰাৰ সাহস নাই।
কেতিয়াবা হয় এনেকুৱা, আমি কাৰোবাক বিচাৰি চাওঁ কোনো এক সময়ত, মনৰ কথাবোৰ কৈ দিব বিচাৰোঁ।
কিন্তু মগজুৰ ওচৰত উত্তৰ দিবলৈ একো বিচাৰি নাপায় ৰৈ যাওঁ।

“Ananya, life can be tough at times, but remember, you are strong”
অপ্ৰত্যাশিত, কিন্তু অত্যাৱশ্যকীয়।
অনিৰুদ্ধৰ মেচেজটো কেইবাৰ পঢ়িলে মন ভৰিব????

আগলৈ

8 thoughts on “#আবিৰ খণ্ড (১৮)

  1. প্ৰতিটো খণ্ড পঢ়াৰ লগে লগে আকৌ সোমাই যাওঁ , অনিৰুদ্ধ -অনন্যাৰ পৃথিৱীখনত । খণ্ডবোৰ যিমানেই পাৰ হৈছে সিমানেই ভাল লগাবোৰ ‘আবিৰ’ৰ মাজত বিচাৰি পাইছোঁ । আকৌ কি হ’ব, কি হ’ব মনোভাৱেৰে নতুন খণ্ডটিলৈ অপেক্ষা …💚

    Like

  2. “কেতিয়াবা হয় এনেকুৱা, আমি কাৰোবাক বিচাৰি চাওঁ কোনো এক সময়ত, মনৰ কথাবোৰ কৈ দিব বিচাৰোঁ।
    কিন্তু মগজুৰ ওচৰত উত্তৰ দিবলৈ একো বিচাৰি নাপায় ৰৈ যাওঁ।”

    কি লিখিছে বা🔥🔥

    Like

  3. Wow Baa❤….. এনেকুৱা লাগে যেন, সোমাই পৰিছে প্রতিটো চৰিত্ৰৰ মাজত

    Like

  4. কেতিয়াবা হয় এনেকুৱা, আমি কাৰোবাক বিচাৰি চাওঁ কোনো এক সময়ত, মনৰ কথাবোৰ কৈ দিব বিচাৰোঁ।
    কিন্তু মগজুৰ ওচৰত উত্তৰ দিবলৈ একো বিচাৰি নাপায় ৰৈ যাওঁ।

    realated…..!!!

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s