#আবিৰ খণ্ড(১৯)

আজিকালি চকু মুদিলে থুপু আৰু ককাৰ লগতে আৰু এখন মুখে মাজে মাজে ভুমুকি মাৰে।
অনিৰুদ্ধৰ।
আৰু উচপ খাই সাৰ পাওঁ মই,কিয় সেই মানুহজনৰ প্ৰতি মোৰ মনত হেঁপাহৰ ৰাগ এটি বাজি থাকে??
মই শুনো কি নুশুনো,আপোন সুৰত সেই ৰাগ আজি কিছুদিনৰ পৰা যে বাজিয়েই আছে।সিদিনাৰ সেই ক্লান্ত দুচকুৰ আকুলতা মোৰ বুকুৰ মাজলৈকে শিপাইছে।
অনিৰুদ্ধই যদি মোৰ বুকুত ঘৰ সাজিছে, তেন্তে সেইয়াও এটি সপোন মোৰ বাবে,যিটো সপোন মই নিজেও সঁচা হোৱাটো নিবিচাৰোঁ।

আজি জীৱনৰ প্ৰথমটো দৰমহা পাইছো।মনটো ঠিক কেনেকুৱা লাগিছে ময়ো সঠিককৈ নাজানো।কৰিবলগীয়া বহুতেই আছে মোৰ।নিজৰ কাৰণে নহয়।ককা আৰু থুপুৰ কাৰণে।এইকেইটা পইচাৰে কিমান কি মিলাব পাৰিম ভাবিছোঁ।education loan টো এতিয়াও চলিয়েই আছে।
মাহে আঠ হাজাৰ টকা পিজিৰ আন্টিকে দিব লাগে।ঘৰ এটা ভাড়া ল’বলৈ হলেও deposit দিব লাগিব প্ৰায় এক লাখ টকা।কোনোফালৰ পৰাই একো মিলা নাই মোৰ।ককাৰ ওচৰত নিজকে বৰ সৰু অনুভৱ কৰিলো ।সেইজন মানুহৰ কাৰণেই আজি মই নিজে কিবা এটা কৰিব পাৰিছোঁ।
মোক জীয়াই ৰখা মানুহজনৰ শেষৰ সময়চোৱা দুখৰ হোৱাটো মই নিবিচাৰো।
ঘৰখনত অশান্তি হ’ব বুলি দেউতাৰ প্ৰতিটো কথা মনে মনে সহ্য কৰা ককাই কেৱল মোৰ কাৰণেই যুঁজিছিল।

স্পষ্টকৈ মনত আছে মোৰ, বা গুচি যোৱাৰ তেতিয়া মাত্ৰ এটা সপ্তাহ পাৰ হৈছিল।মোৰ হায়াৰ চেকেণ্ডাৰী ৰিজাল্ট ওলাইছিল।তিনিটা বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ।আয়ুয়ে ঘৰতে আহি ৰিজাল্ট দি গৈছিলহি।মই তেতিয়া ঠিক গৃহ বন্দী হৈ থকাৰ দৰে আছিলোঁ।দেউতাৰ শাসনৰ যেন সকলো সীমা চেৰাই গৈছিল।
ইফালে বাৰো তেতিয়ালৈকে একো খা খবৰ নাই।ৰাজু দাৰ বুঢ়া মাক দেউতাকৰ ওচৰতো একো উত্তৰ নাছিল।ককাৰ ভৰিয়ে হাতে ধৰি মাফ খোজা সেই মানুহ জনৰ অসহায় মুখখন দেখি মোৰ বেয়া লাগিছিল।
ককা মৌন হৈ থাকিলেও দেউতা নাছিল।বুঢ়া মানুহজনৰ ওপৰত জঁপিয়াই পৰিছিল।
এইবোৰৰ মাজত মোৰ ৰিজাল্ট কি হৈছে সুধিবৰ সময় কাৰো ওচৰতে নাছিল।
আৰু এদিন সকলোকে আচৰিত কৰি দেউতাই খোৱাৰ টেবুলত মোক কৈছিল।
:আৰু পঢ়ি ফালিব নালাগে তই।এজনীয়ে মোৰ নাক কাণ কাটিলেই, তয়ো একেই কৰিবি মই জানো।
:মোৰ এন্ট্ৰেন্স ক্লিয়েৰ হৈছে, মই ইঞ্জিনিয়াৰিং কৰিম।
:ঘৰৰ বাহিৰ ন’হবি।তোৰ ব্যৱস্থা মই কৰি আছোঁ।
সৱ বুজি পাইছিলোঁ মই।
দেউতাই বাক মন্ত্ৰীৰ পুতেকলৈ বিয়া দিম বুলিয়েই সেইজনৰ নেগুৰত ধৰি ঘূৰি ফুৰিছিল।বায়ে এনেকুৱা এটা কাণ্ড কৰি দেউতাৰ সৱ প্লেন ওলোটাই দিলে।
এতিয়া সেইবাবে বাৰ কাৰণে নহ’ল যেতিয়া মোকেই সেইটোলৈ বিয়া দিব।
মায়ে একো মাত মতা নাছিল, ককাই ভাতৰ কাঁহীত পানী ঢালি উঠি গৈছিল।কিন্তু ময়ো ইমান সহজে হাৰ মানি লোৱা মানুহ নাছিলো।
কিমান সপোন থাকে এজনী ছোৱালীৰ।মোৰো আছিল।হয়তো বাকীবোৰ ছোৱালীতকৈ অলপ বেলেগ, কিন্তু আছিল।ঘৰৰ উশাহ বন্ধ কৰা পৰিবেশ টো এৰি মই পৃথিৱীখন চাবলৈ বিচাৰিছিলো।
ককাৰ ওচৰত বহি দিনৰ দিনটো মই কান্দি কান্দিয়েই পাৰ কৰিছিলো।
মায়ে দেউতাৰ লগতো কথা পতা বন্ধ কৰি দিছিল।মাৰ মতে দেউতাৰ দোষতে বা গুচি গৈছিল।এইবোৰৰ মাজত মই আকৌ এবাৰ অৱহেলিত হৈছিলো।
আৰু এদিন আবেলি আমাৰ ঘৰলৈ নতুন আলহী আহিছিল।হাফ পেন্ট এৰি মই চুৰিদাৰ পিন্ধি আলহীৰ আগত ওলাইছিলোঁ।তৰা আৰু মায়ে বিধে বিধে খোৱা বস্তু ৰান্ধি ডাইনিং সজাইছিল।কান্দি কান্দি ফুলি থকা মোৰ চকু কেইটা সেইদিনা প্ৰথমবাৰৰ কাৰণে কাজলৰ ডাঠ লেপ সানি সজাইছিলো।

: তোমালোক অকণ ফুৰি আহা যোৱা, আমাৰ বাগান খন দেখাই আনা বেবী।
ৱাহ, বেবী।
মানুহৰ আগত একদম বেলেগ এটা ৰূপ ল’ব পাৰে মায়ে।প্ৰায় এমাহ ঘৰতে বন্দী হৈ থকা মই সেইদিনা অচিনাকি ল’ৰা এজনৰ লগত ওলাই গৈছিলো।
মোৰ মনত তেতিয়া নতুন একুৰা জুই লাগিছিল।মই সিদ্ধান্ত লৈছিলোঁ মই মৰি যাম কিন্ত দেউতাৰ কথা নুশুনো।কেৱল ধৰ্ম আৰু জাত পাতৰ কাৰণেই মোৰ জীৱনটো যদি দেউতাই শেষ কৰিব পাৰে তেন্তে তেনেকুৱা জীৱন মই নিজেই শেষ কৰি পেলাম।
:তুমি বিয়াৰ পাছতো পঢ়িব পাৰিবা?
বাগানৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে সেই অচিনাকি মানুহজনে মোক কৈছিল।মোতকৈ প্ৰায় দহ বাৰ বছৰ ডাঙৰ মানুহজনৰ প্রতি মোৰ কোনো ধৰণৰ আক্ষেপ নাই।তেওঁ দেউতাৰ কথামতে মোৰ ঘৰলৈ আহিছে।গতিকে মই তেওঁক অসন্মান কৰা নাছিলো।
:মোৰ পঢ়াৰ ইচ্ছা নাই।
:তোমাৰ ৰিজাল্ট ইমান ভাল হৈছে, কিয় নপঢ়িবা?
:এনেই।
ঘৰলৈ ঘূৰি আহিছিলো।সেইদিনাৰপৰা ঠিক দুমাহৰ পাছত মোৰ বিয়াৰ দিন ঠিক হৈছিল।মাৰ কাৰণেই দেউতাৰ লগত আমাৰ সম্পৰ্কীয় মানুহৰ ভাল সম্বন্ধ নাই।গতিকে এইবাৰ কথা লৈ মাত মতা মানুহ অকল ককা।খুড়া আমাৰ ঘৰলৈ কেতিয়াও অহা দেখা নাছিলো।পেহী এজনী আছিলে বুলিহে শুনিছিলো
কিন্তু দেখা মনত নপৰে।গতিকে মোৰ হৈ কোনোবাই মা দেউতাক বুজাব বুলি মই আশাও কৰা নাছিলো।
সাজু হৈছিলো আন এখন যুদ্ধলৈ।

:অনন্যা, কব চে আপকা ফোন বজ্ ৰহা হে,উঠা ল’ না।
চকুকেইটা বন্ধ কৰি পৰি থাকোঁতে কিমান দেৰি হল গমেই নাপালোঁ।অফিচৰ পৰা আহি কাপোৰ কানি একো সলোৱা নাই।দহ বাজিবৰ হ’ল।হিবাই জোকাৰি দিলতহে সাৰ পালোঁ।
অনিৰুদ্ধৰ ফোন।
:hello
:Ananya!
উফ।
আজি প্ৰায় দহ দিনৰ পাছত অনিৰুদ্ধৰ মাত শুনিছোঁ।তেওঁ যোৱাৰ পাছত সেই এদিনেই যি মেছেজ কৰিছিল।তাৰ পাছত আমাৰ মাজত একো কথা হোৱা নাই।
:Yeah
বিছনাৰ পৰা উঠি বহিলো।বুকুখন অলপ জোৰেৰে ধক ধক কৰিছে।
:কিয় ফোন কৰিছো নুসুধা?
:কিয়?
:Listen to this.
শংকুৰাজৰ অলকানন্দা গানটো শুনি আচৰিত হ’লো।
অসমীয়া গান????
অনিৰুদ্ধই অসমীয়া গান কিয় শুনিছে???
:Nice song right?
:Why did you call me Anirudh?
:Oh yeah, make sure you are present at Kritika’s wedding.
নিজে বাইক ট্ৰিপ লৈ ধুনীয়া জেগাত ঘূৰি ফুৰিছে আৰু মোক বিয়া খাবলৈ গৈ ব’ৰ হবলৈ কৈছে।
:No, I won’t
:প্লীজ,মই যাব নোৱাৰিম ন,মোৰ গিফ্টটো লৈ যাবা তুমি।
:Excuse me!
মই চাকৰ নেকি কিবা।
আৰু টানিয়াকো ক’ব পাৰে চোন।মোক কিয় কৈছে।
:No, you will take my gift, thats final.
ফোনটো কাটি দিলে।
কৃতিকাৰ বিয়ালৈ এতিয়া আৰু মোক ভগৱান আহিলেও নিব নোৱাৰে।

হোৱাটচ্এপত অনিৰুদ্ধৰ মেছেজ। মোৰ এড্রেছ বিচাৰিছে। কিন্তু মোৰ চকু গ’ল হোৱাটচ্এপৰ ডি পি খনলৈ।লাডাখৰ ধুনীয়া পৰিৱেশৰ মাজত অনিৰুদ্ধ, লগত তেওঁৰ কেইজনমান বন্ধু।

তাৰ কাষতে আৰু এখন চিনাকি মুখ মই দেখিলো।
যিখন মুখ মই আৰু কেতিয়াও চাব নিবিচাৰো।
অনিৰুদ্ধই জানি বুজি মোলৈ এইখন ফটো পঠোৱা নাইতো???

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড(১৯)

  1. খুব ভাল লাগিছে পঢ়ি। আগলৈও আৰু সুন্দৰ হৈ যাওক কাহিনীটো। তাকেই কামনা কৰিছো। 😊❤❤❤

    Like

  2. Ki kom aru.Apunar protito post loi kimn j agrohere roi thku nhoi apunak mne moi vakhare bujabo nwrim🥺pohi thakute akou humai poru ananya aru anirudh r mjt.tahatr mjt moi jen nijok bisari pau.ufffff ki kom aru…….Ako next part loi wait korisu🥺❤️…..Lots of love from duliajan indranee ba….bht val lge apunar story bur…..mur hukh dukhor logori hoi goise aru.

    Like

  3. Dhuniya hoise ba. Parhi val lagile bhut.

    > Indranee Sharma posted: ” আজিকালি চকু মুদিলে থুপু আৰু ককাৰ লগতে আৰু এখন
    > মুখে মাজে মাজে ভুমুকি মাৰে।অনিৰুদ্ধৰ।আৰু উচপ খাই সাৰ পাওঁ মই,কিয় সেই
    > মানুহজনৰ প্ৰতি মোৰ মনত হেঁপাহৰ ৰাগ এটি বাজি থাকে??মই শুনো কি নুশুনো,আপোন
    > সুৰত সেই ৰাগ আজি কিছুদিনৰ পৰা যে বাজিয়েই আছে।সিদিনাৰ সেই ক্লান”
    >

    Like

  4. Indranee porhi bhal lagil. Matro porhuoi hisabe moi bhabu aru jodi olop gobhir aru ‘impactful’ hoi besi bhal lagibo. Xubhessa thakil.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s