আবিৰ #AABIR খণ্ড (২০)

অনিৰুদ্ধৰ নাম্বাৰটো আকৌ এবাৰ ডায়েল কৰিলো মই। বাৰে বাৰে সংযোগসীমাৰ বাহিৰত বুলি কৈ কাট খাই গৈছে।ভয়ত নে দুখত মই মানুহজনী জ্বৰে ঘমা দি ঘামিছো নিজেই ধৰিব পৰা নাই।
অনিৰুদ্ধই সেই মানুহটোক কেনেকৈ চিনি পায়?
অনিৰুদ্ধই মোৰ অতীত জানি মোৰ লগত খেল খেলি আছে নেকি???
নাইবা একো নাজানি মোক ভাল পাবলৈ লোৱা অনিৰুদ্ধই যদি আজি মোৰ অতীতৰ বিষয়ে সকলো গম পাই যায়। আকৌ এবাৰ ফটোখন চালো।
গাটো বিছাই ডকা দি ডাকিলে।
কি কৰিব এই পাষণ্ডটোৱে এইবাৰ।
যদি ই কথাবোৰ মই কোৱাৰ আগতেই অনিৰুদ্ধক কৈ দিয়ে???

বগা বাংলোৰ ক’লা দিনলিপিৰ পাতবোৰ আজি এখিলা এখিলা কৈ মেল খাইছে চকুৰ আগত। মা দেউতাৰ জেদ আৰু অহংকাৰৰ আগত হাৰ মানি মই বিয়া হ’বলৈ সাজু হৈছিলো তেতিয়া। ককাই বুজাইছিল, পঢ়া শুনা এৰি নিদিবি। তোৰ ভাল হ’ব।
আৰুনো ক’ব কি????
মানুহজন বৰ অসহায়। মই বুজিছিলো।

বিয়াৰ আয়োজন আৰম্ভ হৈছিল।মই দিনে দিনে আৰু বেছি অসুখীয়া আৰু জেদী হৈ পৰিছিলো।মা দেউতাৰ লগতে ককাৰ লগতো কথা বতৰা কমি আহিছিল।আয়ু আহিলেও দেউতাই তাক বাহিৰৰ পৰা খেদাই পঠিয়ায়।দেউতাৰ দৰে সমাজৰ এজন আগশাৰীৰ মানুহে ইমান কম বয়সীয়া ছোৱালীক বিয়া দিবলৈ ওলোৱা কথাটো লৈ গোটেই ঠাইখনতে বু বু বা বা আৰম্ভ হৈছিল।
প্ৰশ্ন সদায় মোৰ চৰিত্ৰৰ ওপৰতে উঠিছিল।
কিন্তু অহংকাৰে মূৰত ধৰা মা দেউতাই সেইবোৰ চিন্তা কৰি চোৱাই নাছিল।

বিয়ালৈ ঠিক পোন্ধৰ বিশ দিন বাকী থাকোঁতে এদিন সেই মানুহজন আমাৰ ঘৰলৈ আকৌ আহিল।নিজে সোধা নাছিলোঁ যদিও নামটো বিকাশ বুলি গম পাইছিলো।দিল্লীৰ কোনোবা এখন কলেজৰপৰা আধাতে পঢ়া বাদ দি ঘূৰি আহি অসমত ব্যৱসায় আৰম্ভ কৰিছিল।
দেউতাৰ কাৰণে এইবোৰ বৰ জৰুৰী। ল’ৰা নোহোৱা ঘৰখনত দেউতাৰ ব্যৱসায় চলাবলৈ এজন মানুহৰ দৰকাৰ।মানুহজন আহিলে মোৰ ভাল নালাগিছিল।কিন্তু বাধ্য হৈ মই তেওঁৰ লগত কথা পাতিছিলোঁ।
কেইদিনমান পাছত মই সেই মানুহজনৰ লগত থাকিম বুলি মই কল্পনা কৰিও চোৱা নাছিলো।
:আন্টি, মই অনন্যাক অলপ বজাৰ কৰাবলৈ লৈ যাব পাৰিম নেকি?
মা একেবাৰতে মান্তি হৈছিল।মাৰ কথামতেই আকৌ এবাৰ সেই মানুহজনৰ গাড়ীত উঠি মই ফুৰিবলৈ গৈছিলো।
:তুমি কথা পাতি বেয়া পোৱা নেকি?
:উম।
:তোমাৰ বিয়া হোৱাৰ ইচ্ছা নাই ন?
প্ৰশ্নটো শুনি মই ভয় খাইছিলো।দেউতাক যদি লগাই দিয়ে?মোৰ লগতে ককাৰো অশান্তি হব।
:আছে।
:I will help you. মই নিজেই বিয়া খন ভাঙি দিম।
:সঁচা?????
মৃত্যু মুখৰ পৰা উভতি আহিছিলো মই।সমুখত দেখি থকা আন্ধাৰ খিনি একেবাৰতে যেন আঁতৰি গৈছিল।
:আপুনি ভাল মানুহ।
:ৰ’বা।মোৰ এটা condition আছে।
:মই সৱ চৰ্ত মানি ল’ম।
:Intelligent move huh!
গাড়ীখন গৈ গৈ অৰ্ধ নিৰ্মিত শ্বপিং প্লাজা এটাৰ সমুখত গৈ ৰ’ল। ঠাইখিনিত দোকান বজাৰ সিমান একো নাই। মই বিকাশৰ ফালে আচৰিত হৈ চালো।
: ভিতৰত মোৰ অফিচ বনাই আছোঁ, ব’লা।
চিৰিয়েদি উঠি গৈ তিনি নম্বৰ মহলা পালোগৈ। ডাঙৰ বিল্ডিংটোত মোৰ আৰু বিকাশৰ বাহিৰে আন কোনো নাই।গৈ গৈ সৰু কোঠা এটা পালো।বেৰবোৰত প্লাষ্টাৰ কৰাই নাই, ইটাবোৰত পানী বিৰিঙি আছে।মজিয়াখন ভঙা শিল ইটাৰে ভৰ্ত্তি।
কিয় আনিছে বুলি ভাবি থাকোতেই বিকাশে হঠাৎ মোক পিছফালৰ পৰা জোৰেৰে ঠেলা মাৰি দিলে ।কৰ্ফাল খাই মজিয়াত পৰিলোঁ।
:বাপেৰে বুৰ্বক পাইছে মোক হাঁ?স্কুলতে প্ৰেগনেন্ট হৈ গ’লি চাগে ন।এতিয়া বদনাম হোৱাৰ ভয়ত বিয়া পাতিছে।কোনে আজিৰ দিনত ইমান সৰুতে ছোৱালী বিয়া দিয়ে হাঁ??
মোৰ ওচৰত আস্তিন কোঁচাই ৰঙা ৰঙা চকুৰে ৰৈ থকা মানুহটোলৈ মোৰ ভয় লাগিছিল।কোনোমতে
চুচৰি গৈ কোঠাটোৰ চুক এটাত কুচি মুচি বহি পৰিছিলোঁ।বিকাশে আৰু বহুত লেতেৰা লেতেৰা শব্দ ব্যৱহাৰ কৰিছিল।মনে মনে শুনি ৰৈছিলো।
এইবোৰৰ মাজলৈ মোক নিজৰ পৰিয়ালৰ মানুহেই ঠেলি দিছে।
আক্ষেপ কৰিমেই বা কেনেকৈ।
:তোৰ নিচিনা ছোৱালীক ভালকৈ চিনি পাওঁ।নাইন টেইনত drugs খাবি,মদ খাবি আৰু বদনাম হ’লেই বিয়া পাতিবি।
:মই তেনেকুৱা একো কাম নাইকৰা।
:চুপ থাক।একদম চুপ।
মোৰ লগত অলপ পিছত কি হ’বলৈ গৈ আছে মই ভালকৈয়ে বুজি উঠিছিলোঁ।ককাই শিকাই দিয়া আৰু মই কোনোদিন গাই নোপোৱা প্ৰাৰ্থনা টো মনত বাৰে বাৰে আঁওৰাইছিলো।
:নিউজ বনাম মই তোক লৈ চাই থাক।
থৰথৰকৈ কঁপিছিলো মই।
:তোৰ বাপেৰে তোক মাৰি পিটি বিয়া দিবলৈ লৈছে।আজিকালি জোখতকৈ বেছি পলিটিকেল হৈ গৈছে মানুহটো।চল্লিশ লাখ টকা মাজত সোমাই খাই দিলে বে মোৰ।I must take revenge. এক মিনিটত সৱ শেষ হৈ যাব আজি।চিনি পোৱা নাই মোক চাল্লা ।

বিকাশে কাৰোবালৈ ফোন কৰি মাতি পঠিয়ালে। অলপ পাছত আৰু দুজন মানুহ তালৈ আহিছিল।
:বাপেৰলৈ ফোন কৰ।
মোৰ হাতত ফোনটো জোৰেৰে হেঁচি ধৰি বিকাশে কোৱা কথাকেইটাই মোক কঁপাই তুলিলে।

:নকৰোঁ মই।
:নকৰিলে তোৰ লগত মই কি কৰিম চাই থাক।
:কি কৰিবি হাঁ??
ভয় লাগিলেও মই যুঁজিছিলো।বিকাশৰ ৰঙা চকু কেইটালৈ সমান খঙেৰে চাইছিলো।
:খং দেখাইছ মোক হাঁ, চাল্লী..
মোৰ গালত উপৰ্যুপৰি চৰিয়াইছিল বিকাশে। মই কিন্তু এবাৰলৈও কন্দা নাছিলো।

আঁঠু দুটা জোৰেৰে সাৱটি বহি আছোঁ ।
:তোৰ জেদটোৱে বৰবাদ কৰিব তোক চাই থাক।
টাইম নাই মোৰ ওচৰত।কাপোৰ খোল।
ওপৰৰ চাঁদখন যেন মোৰ মূৰৰ ওপৰত খহি পৰিল।
বিকাশৰ ভৰিত ধৰি কান্দিবও নোৱাৰোঁ ।মোৰ স্বাভিমানে মোক বাধা দিছে।
কি কৰিব সি?
ৰেপ??
শৰীৰ শেষ কৰিব পাৰিব, আত্মাক কেনেকৈ শেষ কৰিব। হাজাৰটা আঘাত লৈও জীয়াই থাকিম মই।
:তই ক’বই লাগিব। তোৰ বায়েৰ ক’ত আছে অকল মই জানো। চাফা হৈ যাব। বুজিলি।
:মই ক’ম। কি কম কৈ যাওক।
:Very smart. মোৰ চল্লিশ লাখ টকা এতিয়াই লাগে। যিমানেই দেৰি হ’ব তোৰ সিমানেই বিপদ হ’ব কৈ দিছো।

ককাই দেউতাক বাৰে বাৰে কৈছিল, এই পৰিয়ালটোৰ লগত শত্ৰুতা বা মিত্রতা একোৱেই ভাল নহয়, আঁতৰি থাক, নাই নুশুনিলে। চাহ মজদূৰৰ লগত কিছুদিন আগতে মিটিং হোৱা মই শুনিছিলো। কিন্তু পইছাৰ কথা কি কৈ আছে মই একো বুজা নাই। দুখীয়া মানুহৰ পইছাবোৰ মিলা প্ৰীতিৰ মাজেৰে খাই থয় দেউতাহঁতে। এইবাৰ কি হ’ল নাজানো।

দেউতালৈ ফোন কৰি কথাবোৰ কওঁতে মই এবাৰো কঁপা নাছিলো। দেউতাই চিয়ঁৰিছিল, বিকাশৰ নাম লৈ অকথ্য গালি পাৰিছিল, কিন্তু এবাৰো মোক একো সুধা নাছিল। ফোনটো বিকাশৰ ফালে আগবঢ়াই দিলো। সি দেউতাক এঘন্টা সময় দিলে।

আৰু সেই একঘণ্টা সময়ত মই নৰকৰ যাত্ৰা কৰিছিলো। নাই মোক সিহঁতে ৰেপ কৰা নাছিল। পুলিচৰ ওচৰত যাতে একো প্ৰুফ নৰয়, তাৰবাবে সিহঁতি মোৰ লগত সাৱধানেৰে কৰিছিল মানসিক অত্যাচাৰ।
অশালীনতাৰ সীমা চেৰাই মই হৈ পৰিছিলো নগ্ন, অসহায়, বাকৰুদ্ধ।
চকুৰ পৰা পানী নহয় যেন তেজহে বৈছিল সিদিনা।আৰু মোৰ অসহায় অৱস্থা দেখি সিঁহতি কিৰিলি পাৰি হাঁহিছিল।

দেউতা গৈ যেতিয়া মোক ঘূৰাই আনিছিল, সেইদিনা আন এজনী অনন্যা ঘৰলৈ ঘূৰি আহিছিল।
মোৰ বিয়াৰ কথাবোৰৰ অন্ত পৰিছিল,ককাই ভগৱানক পূজা কৰা বাদ দিছিল।
মা অলপ সলনি হৈছিল, মোৰ পৰা যেন পলাই ফুৰিছিল।
(আগলৈ)

22 thoughts on “আবিৰ #AABIR খণ্ড (২০)

  1. বুকুখন যেন কোনোবা এঠাইত বিন্ধিছে ….এনেকুৱা অনুভৱ হৈছে…….সঁচাকৈ ‌ইমান নিষ্ঠুৰ‌ হ’ব পাৰেনে পিতৃ-মাতৃ…..কাহিনীটোৰ লগত ইমানেই একাত্ম‌ হৈছোঁ যে‌ গোটেই দৃশ্যাৱলীয়ে চকুৰ আগত ভাঁহি আছে……….অপেক্ষা থাকিল…..

    Like

  2. বা, পিছৰ খণ্ড টো কেতিয়া আহিব…. অধীৰ আগ্ৰহেৰে বাট চাই আছো।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s