#আবিৰ খণ্ড (২১)

নৈৰ দৰে ।
হয়, নৈৰ দৰেই আছিল মোৰ ভিতৰখন।
বাৰিষাৰ নহয়, খৰালীৰ।
শুকান, শূন্য আৰু অলপ ৰঙচুৱা।

সেই দিনটোৰ কথাই বুকুখনত আকৌ এবাৰ খুচি থৈ গ’ল।
বহি থকা ঠাইতে সৰুকৈ তেজৰ এটা ডোঙা।নাকৰ পৰা বৈ আহিছে।হিবাই খৰধৰকৈ কপাহ অকণ আনি হেঁচি ধৰিছেহি।
তাইৰ চকুত অকণমান পানী আৰু হাজাৰটা প্ৰশ্ন।
মোৰ চকুত একো পঢ়িব নোৱাৰে তাই।মই শিলৰ দৰেই কঠিন।মোৰ চকু মুখত একো নেদেখে কোনেও।আজিও দেখা নাই।

এইখিনি সময়ত আকৌ এবাৰ মোক নিচাৰ দৰকাৰ হৈছে।
সকলো পাহৰিব পৰা নিচা।
হিবাক আঁতৰাই ৰূমৰ পৰা ওলাই আহিলোঁ।নৱেম্বৰ মাহৰ ঠাণ্ডা আৰু নিজৰেই চেঁচা হুমুনিয়াহ বোৰে মোক যেন খোজ কাঢ়িব নোৱাৰা কৰি পেলাইছে।নিজকে চুচৰাই নিয়া দি নিছোঁ।
খালী ভৰিৰেই খোজ লৈছো আয়ুৰ ওচৰলৈ।নিজান ৰাস্তাটোত পৰি থকা শিলগুটি কেইটাই তলুৱাখনত বিন্ধিছে।
হ’লেও যে ৰ’বলৈ সময় নাই মোৰ।

পুৰণা বিল্ডিংটোৰ সন্মুখ পাই আয়ুলৈ ফোন কৰিবলৈ লৈ দেখো মোবাইলটো এৰি থৈ আহিলোঁ।
Security গাৰ্ড জনক কৈ তেওঁৰ ওচৰত থকা লেণ্ডলাইন টোৰ পৰা আয়ুৰ ইণ্টাৰকমত ফোন কৰিলোঁ।সেই খিনি সময়ত গাৰ্ডজনৰ চকুত মোৰ কাপোৰবোৰ আকৌ খোল খাইছে।


নিশা এঘাৰ বজাত দুটা লৰা থকা ৰূমলৈ মই যিটো অৱস্থাত আহিছোঁ, আমাৰ ভদ্ৰ সমাজে তাক ভাল চকুৰে নাচায়।
কিন্তু এইখন সমাজক মই কেতিয়াবাই বুঢ়া আঙুলি দেখুৱাই থৈছো।সৱ চাল্লা বেইমান।
ফোনৰ উত্তৰ নাই।
আয়ুলৈ ৰৈ থাকি লাভ নাই।
চাৰি নম্বৰ মহলালৈকে চিৰিকেইটা বগাই যাওঁতে উশাহটো ৰৈ যোৱা যেন লাগিল।
দুৱাৰত টোকৰ মাৰিবলৈও শক্তি নাই মোৰ।
যেনেতেনে হাতখন দিওঁতেই খোল খালে দৰ্জাখন।

:কি হ’ল তোৰ ঐ???পাগল নে কি মানে!!
কি কৈছে শুনাৰ ধৈৰ্য্য নাই মোৰ।
ৰঙা চকু কেইটা আৰু মোৰ অৱস্থা দেখি সি বুজিছে চাগে মোৰ হৈছে কি!

:কিবা এটা দে মোক।
:নিদিওঁ।তোৰ অৱস্থা টো কি হৈ আছে দেখিছোঁ ।
মদ খাই আৰু বৰবাদ কৰিব নালাগে।
:দে নহলে মই কিবা কৰি দিম আয়ু।
:কি কৰিবি?মৰিবি?ভালেই পাব তোৰ বাপেৰে।ইঞ্চুৰেঞ্চৰ পইচা পাব যে।
:আয়ু!!!

দুৱাৰমুখত আমাৰ কথাবোৰ শুনি কাষৰ ফ্লেটৰ দৰ্জা খোল খালে।আদ বয়সীয়া মহিলা গৰাকীয়ে এনেদৰে দৰে চাই আছে যেন কিবা সাংঘাতিক মনোৰঞ্জন দিম আমি এতিয়া।
চাৰ্কাছ বোৰ বন্ধ হোৱাৰ পৰা মানুহবোৰৰৰ উপায় নোহোৱা হল।বেয়া পায় লাভ নাই।
:সোনকালে দে মই যাওঁ ইয়াৰপৰা।
আয়ুৰ ৰূমমেট আহি এবাৰ আমাক চাই গ’লহি।সি মোক আজিলৈকে মাতি পোৱা নাই।সাংঘাতিক বেয়া ছোৱালী মই তাৰ কাৰণে।
অকালপক্ক লৰাটোক দেখিলে মোৰ হাঁহি উঠে।সমাজ সংস্কাৰৰ গোটেই ঠিকাটো যেন সিয়েই লৈ থৈছে, ঠিক তেনে এটা attitude।মোক দেখিলে গাটো ধুই দিব যেন কৰে।তাকে দেখুৱাই আয়ুক ঠেলি সুমাই আহিলো।

ফ্লেটৰ নামত এইটো কি বুজা টান।হলটোতে আয়ুৰ বিছনা।খেলিমেলি ৰূমটোত আধাখোৱা পিজ্জা,বিয়েৰৰ বটলৰপৰা আৰম্ভ কৰি নথকা বস্তু নাই।নেপেলোৱা ডাষ্টবিনৰ লেতেৰা গোন্ধ।য’ত ত’ত পৰি থকা কাপোৰৰ দ’ম।
:ৰহ বুলি কৈছোঁ নাই মই।ব’ল ইয়াৰ পৰা।
আয়ুৰ খং উঠিছে।হয়তো অলপ লাজো পাইছে সি।মোক হাতত ধৰি ৰূমৰপৰা উলিয়াই লৈ আনিলে ।বাহিৰত থকা তাৰ লেতেৰা ছেণ্ডেল এযোৰ পিন্ধিবলৈ দিলে।দুয়োটা নামি আহিলো ।
:কি হ’ল ক’বি নে কি?
:একো নাই হোৱা মোৰ।হিবাই ড্ৰিংক কৰিলে বেয়া পায় so তোক বিচাৰি আহিছিলোঁ।সিমানেই।
:কোনোবাই কিবা ক’লে তোক?
:কোনে কি ক’ব!
অলপ সময় তেনেকৈয়ে পাৰ হ’ল।মই বিচাৰিলেও একো ক’ব নোৱাৰোঁ কাকো।মোৰ সুখ দুখঃ কাৰো লগতেই ভগাব নাজানো মই।আজিও নাইপৰা।
:মই ঘৰলৈ যাম, মায়ে মাতিছে।যাবি যদি ব’ল।
:ক’লৈ যাম মই????ক’ত থাকিম
:আমাৰ ঘৰত থাকিবি।ককাক চাই আহিবি।
:নাযাওঁ।
:তোক অকলে এৰি থৈ নাযাওঁ মই।এনেকুৱা পগলা উক দিলে কোনে চাব তোক।

কথা কেইটা কওঁতে আয়ুয়ে মোৰ ফালে চোৱা নাই।হাতৰ চিগাৰেটটো আগবঢ়াই সি মুখ ঘূৰালে।এই লৰাটোক মই কেতিয়াও বুজি নাপাওঁ।মোতকৈ সৰু,মগজুত খোৱাৰ বাহিৰে বেলেগ চিন্তা নাথাকে, কিন্তু কেতিয়াবা মোৰ অভিভাৱক হৈ পৰে সি।
বাওঁহাতৰ চিগাৰেট টো পাফ এটা টানি সোঁহাতেৰে আয়ুৰ হাতত খামুচি ধৰিলো।এইখন হাতেই মোক এদিন আন্ধাৰৰ মাজৰ পৰা তুলি আনিছিল।আজিও মনত আছে মোৰ সেই দিনটো।

:তোক নাহিবলৈ কৈছিলোঁ নে নাই, বাৰে বাৰে আহি থাক যে, লাজ চৰম আছে নাই।

দেউতাৰ এইবোৰ কথা শুনিও সি আহিছিল।মোক বিচাৰি।হাতত কেতিয়াবা কিবা এটা লৈ।মই তেতিয়া ভয়াৱহ দিনবোৰৰ সৈতে যুঁজি যুঁজি নিজৰ মাজতে শুই পৰিছিলোঁ।পঢ়া শুনা সকলো বাদ পৰিছিল।এটা বছৰ নষ্ট হৈছিল তেনেকৈয়ে।
কিন্তু ভাবি আচৰিত হওঁ, ইমানৰ পাছতো মই কেতিয়াও মৰাৰ কথা ভবা নাছিলোঁ।মৰিবলৈ বহুত উপায় আছিল,কাৰণো আছিল।
জীয়াই থাকিবলৈ বিশেষ একো নাছিল, ককাৰ বাহিৰে।
আয়ুৰ বাহিৰে।
তাক চাবলৈকে ওলাই আহিছিলোঁ এদিন বন্ধ কোঠাটোৰ পৰা।

সেইদিনাও গেইটৰ মুখত আয়ু ৰৈ আছিল।হাতত কেইটামান লিচু।সিহঁতৰ বাৰীৰ।

সম্পূৰ্ণ এটা বছৰৰ পাছত দেখিছিলো তাক।সেইবাৰ সি হায়াৰ চেকেণ্ডেৰী পৰীক্ষা দি উঠিছিল।
:মায়ে দিছে ল।আধা আধা কৰিবি।
:হমম।
:আমাৰ ঘৰলৈ যাবি?মায়ে আজি ভাপত দিয়া মাছ বনাইছে।
:ওহোঁ।
:পকৰি খাবি?
:ওহোঁ
:তোক কথা এটা ক’বলৈ আছিলে।
:কি?
:তোক সবেই বেয়া পালেও মই ভাল পাওঁ।
দহটা লিচুৰ আধা আধা কৰি পাঁচটা তাৰ হাতত দি মই একো নোকোৱাকৈ গুচি আহিছিলোঁ।আয়ুয়ে একো নাজানে, নালাগে জানিব।কিন্তু মোৰ বাবে সি দেৱদূত হৈ আহিছিল সেইদিনা।
মই সেইদিনা প্ৰথম বাৰৰ বাবে ৰাতিটো নকন্দাকৈ পাৰ কৰিছিলো।

আয়ুৰ হাতত ধৰি ৰূমৰ ওচৰ পালোহি।ৰাতিটো বৰ বেছি নিজান আজি।কোনো মানুহ নাই আশে পাশে।
:মই চাই আছোঁ যা।
গেইটৰ মুখত তাক এৰি ৰূমলৈ খোজ ললোঁ।ভাগৰ লাগিছে খুব।ৰূমটো আন্ধাৰ।হিবা শুই পৰিছে ইতিমধ্যে।ৰূমতে ফোনটো এৰি থৈ গৈছিলো।অনিৰুদ্ধৰ মিছড কল কেইবাটাও।
কলবেক কৰিলোঁ।
:Hello
:Hey, did you call me?I got missed calls from your number.
সংযোগসীমাৰ বাহিৰত বুলি কোৱাৰ কাৰণে কেইবাবাৰো try কৰিছিলোঁ।
:Yeah!
:সৱ ঠিকে আছেতো, আৰু ইমান দেৰি উঠোৱা নাছিলা কিয়?
:মই ৰূমত নাছিলোঁ।
:ইমান ৰাতি ক’ত গৈছিলা?
:আয়ুৰ ৰূমলৈ।
:What????I mean, alright!
:
:ইমান ৰাতি অকলে গৈছিলা?
:So??
:Its not safe right?
:He is my friend Anirudh.
:I didnt mean it.
:বুজা নাই মই।
:মইয়ো তোমাক বুজি পোৱা নাই অনন্যা!

ফোনটো কাটি গ’ল নে অনিৰুদ্ধই কাটি দিলে নাজানো।জানিবৰ ইচ্ছাও ন’হল।খিৰিকীৰ পৰ্দাখন আঁতৰাই চালো।আয়ু তেতিয়াও ৰৈয়ে আছে।ফোন কৰি তাক যাবলৈ ক’লো।
টোপনিৰ লগত বহুদিন দেখাদেখি হোৱাই নাই।Insomnia নে আন কিবা ভবাও নাই বাৰু।চকুৰ তলৰ দাগবোৰ আৰু বেছি ক’লা হৈ গৈছে দিনে দিনে।আজি ৰাতিও মোৰ টোপনি নাহে মই জানো।অনিৰুদ্ধ আৰু বিকাশৰ মাজত কি আলোচনা হব পাৰে তাকেই ভাবি পাৰ কৰিছোঁ সময়বোৰ।ইটোৰ পিছত সিটো চিন্তাই খুলি খুলি খাইছে মোক।

ঘড়ীটোলৈ চালো।চাৰে তিনিটা বাজি গৈছে।বাহিৰত আবতৰীয়া পাতল বৰষুণজাকৰ টোপ টোপ শব্দ।গাৰুটো সাৱটি চকুমেলি পৰি আছোঁ মই।কাৰ বাবে সাৰে থাকোঁ, কাৰ বাবে মৰিও জী থাকোঁ মই নিজেই নাজানো।অনিৰুদ্ধই কি ভাবি মোক কি কৈছে মই বুজিছোঁ।কিন্তু আয়ু আৰু মোৰ মাজত মই কাকো সুমাবলৈ নিদিওঁ।দিব নোৱাৰোঁ।
কিছুমান সম্পৰ্ক কাকো বুজাব নোৱাৰি।
আয়ু আৰু মইয়ো ঠিক তেনে এটি সম্পৰ্কৰে বান্ধ খাই আছো।
আৰু অনিৰুদ্ধ??????

সেই মানুহজন মোৰ লগত কিয় বান্ধ খাইছে আজি কিছুদিনৰ পৰা।
কিয় বেলেগ এই অনুভৱ???

ফোনৰ নটিফিকেছনৰ শব্দত চকু মেলি চালোঁ।ইমান ৰাতি কাৰ মেছেজ হ’ব পাৰে।

অনিৰুদ্ধৰ মেছজটো দেখি বুকুখন চিৰিং কৈ উঠিল
“Ananya, this is not fair, you should not have done this!!!”

(আগলৈ)

6 thoughts on “#আবিৰ খণ্ড (২১)

  1. অনন্যাৰ অতীতজীৱন যিমানেই খোল খাইছে,বুকুখনো সিমানেই গধুৰ হৈ গৈ আছে😥

    Like

  2. Jimanei annaya r past gm pai goi asu ximanei besi interesting hoi goi ase… Next part tu jldi diok ba… I m eagerly waiting

    Like

  3. ৰৈ আছো, সন্ধানী মনটোৱে বাৰে বাৰে প্ৰশ্ন কৰিছে।

    Like

  4. Baa…. Xunkale diatu koribo na… Imn din deri hoi jai. . Last episode Tu e pahori jau ki hoisil… Link tue heraijai… Plz bea npbo… ❤

    Like

  5. Baa olop joldi dibo bht asha re roi thaku pohibo babe story tu mur bhut mili goise itsah aru besi bahise poha olop joldi dibo 🙏

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s