#আবিৰ খণ্ড (২২)

অনিৰুদ্ধক মনৰ পৰা একেবাৰে আঁতৰাই ৰাখিছোঁ এইকেইদিন।পাগলৰ দৰে কাম কৰিছোঁ।নিজৰ কাম শেষ কৰি আকৌ যাওঁ সুভাষিণীৰ পৰা নতুন কাম বিচাৰি। সিদিনাৰ মেছেজটোৰ পাছত আমাৰ আৰু একো কথা হোৱা নাই।
নোহোৱাটো দুয়োৰে বাবে ভাল।
মই সুধি চাম বুলি ভাবিও সুধিব নোৱাৰিলোঁ।
এইবোৰ কথাই মোক খুলি খুলি খাই,কিন্তু তেনেদৰে থাকি মই মোৰ চাকৰিটো হেৰুৱাই পেলাব নোৱাৰোঁ।
গতিকে চেষ্টা কৰিছো মগজটোক শান্ত ৰাখিবলৈ, নিজকে স্থিৰ কৰি ৰাখিবলৈ।

আজিও একেদৰেই অফিচ আহিছো।নিজৰ কাম কৰিছোঁ।এনেতে টানিয়া আহিল মোৰ ওচৰলৈ
:তুম আ ৰহী হ’ না শাদী পে?
দুদিন পাছত কৃতিকাৰ বিয়া।তালৈকে যোৱাৰ প্ৰস্তুতি চলিছে ।কোন কেনেকৈ যাব সেইয়া লৈ আজি বহুদিন আগৰপৰাই আলোচনা হৈয়ে আছে।কৃতিকা ইতিমধ্যে ছুটি লৈ ঘৰলৈ গৈছে।যোৱাৰ আগত বাৰে বাৰে মোক কৈ গৈছিল মই যাতে বিয়ালৈ যাওঁ।আনকি শুভাষিণীকো কৈ থৈ গৈছিল মোক যাতে তেওঁলোকে লৈ যায়।কৃতিকাৰ দৰাৰ ঘৰ চালেম নামৰ ঠাইখনত।গতিকে দুয়ো ঘৰৰ সন্মতিক্ৰমে য়েৰকাদৰ(Yercaud)এটা ৰিজৰ্টত বিয়াৰ reception হ’ব।আমাৰ সকলোৰে থকাৰ ব্যৱস্থাও কৰা হৈছে।
মই ইতিমধ্যেই সুৰেশক জনাই দিছিলোঁ যাব নোৱাৰিম বুলি।আজি টানিয়াই আকৌ কিয় সুধিছে বুজি পোৱা নাই।
:নেহী, মেইন নেহী আ ৰহী হুঁ।
:May I know why?
:মন নেহী হে।
:How selfish you are Ananya?Its her big day and you are not coming because you don’t feel like?
তুম কিচি ক’ অপনা দ’ষ্ট ভি নেহী মানতি হ’ না?

কৈয়ে উচাট মাৰি আঁতৰি গল টানিয়া।মোক কিন্তু তাইৰ কথা কেইটাই অলপ হ’লেও জোকাৰি গ’ল।টিমৰ সকলো মানুহ যাব।আনকি সুভাষিণীও যাব স্বামীৰ সৈতে।হিবাই মোক লগ ল’বলৈ এইকেইদিন সাহস গোটাব পৰা নাই।তাইৰ যোৱাৰ ইচ্ছা আছে যদিও মুখ খুলি ক’ব পৰা নাই ।কৃতিকাৰ লগত তাইৰ প্ৰায়ে কাম থাকে, গতিকে ভাল চিনাকি।তাতে য়েৰকাদ ঠাইখন খুব ধুনীয়া।চাবলৈ যাবলৈ ইচ্ছা হৈছে বেচেৰীৰ।কিন্তু মই নাযাওঁ বুলি জানি সেইবিষয়ে কথা উলিয়াবলৈও সাহস নাইকৰা।
মই বাৰু বেছি স্বাৰ্থপৰ হৈ গৈছোঁ নেকি দিনে দিনে?

ৰূমলৈ ঘূৰি আহিও একেটা কথাকে মনত ঘূৰি থাকিল।অনিৰুদ্ধ থকা হ’লেতো মই কেতিয়াও নাযাওঁ।এতিয়া তেওঁ নাযায় বুলি ভাবি মনতে এবাৰ যোৱাৰ কথা ভাবি চালো।আজি সুভাষিণীয়েও কৈ আছিল, সৱ যাব, মই অকল নগ’লে কথাটো বেয়া দেখিব।।অৱশেষত সিদ্ধান্ত ল’লো,ময়ো যাম।ভাত খাই থাকোঁতে হিবাক কথাটো কোৱাত তাই জাপ মাৰি উঠিল।আৰু সদায়ৰ দৰে প্ৰথম চিন্তা কাপোৰ, নিজৰ লগতে মোৰ কাৰণেও।
:আচাম কে ল’গ শাদি মেইন ক্যা পেহেন তে হে’?তুম ভি ৱহী পেহেন’ না।সৱ অপনা অপনা ট্ৰেডিচনেল ড্ৰেচ পেহেন কে যায়েংগে,কিত্না অচ্ছা লগেগা।

কথাটো শুনিও উত্তৰ নিদিলোঁ।মোৰ ওচৰত তেনেকুৱা একো কাপোৰ নায়েই।মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাই বুলি ক’ব পাৰি। অলপ ডাঙৰ হোৱাৰ পৰাই কোনো বিয়া সকাম খাবলৈ মই নাযাওঁ।মায়ে নিবলৈ ইচ্ছাও নকৰে।

মাত্ৰ ককাই এবাৰ মোক আইতাৰ এযোৰ বৰ মৰমৰ কাপোৰ দিছিল।সেইযোৰকে সামৰি থৈছো নিজৰ বুলি।
:হিবা,তুমহে কুচ দিখানা হে।

বাকচ খুলি পুৰণা মুগাৰ মেখেলা আৰু ৰিহা খন উলিয়াই আনিলো।হিবাৰ চকু কেইটা ডাঙৰ হৈ গ’ল।হাতেৰে বোৱা বুলি কওঁতে তাই বিশ্বাসেই নাইকৰা।আৰু ইমান বছৰ পুৰণি কাপোৰ বুলিও তাই মানি ল’ব পৰা নাই।ককাই এইযোৰ কাপোৰ মোক দিয়াৰ দিনা কৈছিল,
“আইতাই এদিনো পিন্ধিবলৈকে নাপালে।মাৰে এইবোৰ বেয়া পায়।তই ভালকৈ ৰাখিবি।নিপিন্ধ বুলি জানো, আওপুৰণি হল।হলেও দেচোন, আইতাৰৰ মৰমৰ কাপোৰ।”

চকুকেইটা সেমেকি আহিল।কাপোৰযোৰ নাকত লগাই চালো।পাঁচবছৰ বয়সতে হেৰুৱাইছিলো যদিও আইতাই লগোৱা আফগান স্ন’ ৰ চিনাকি গোন্ধটো মোৰ বৰ আপোন।
গুলপীয়া গাল দুখন আৰু ডাঙৰ সেন্দুৰৰ ফোঁটটোৰে সৈতে আইতা মোৰ বাবে দুৰ্গা দেৱীৰ দৰেই আছিল।
:তুম য়েহি পেহেন’ অনন্যা।পুৰাণা হে,পৰ বহত প্যাৰা হে।

তাৰ লগত মিলাই readymade blouse ক’ত পাম সেয়াও হিবাই ভাবি উলিয়ালে।মনটো মোৰো অলপ মুকলি লাগিল।কিমান আৰু পুৰণা দিনৰ সেমেকা ভাৱনাতে সুমাই থাকিম।
আইতাৰ হাঁহিটোলৈ মনত পৰি নিজেও অকণমান হাঁহিলো।
কাইলৈ অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰ, তাৰ পাছত পাৰ্লাৰ,তাৰ পাছত বিৰিয়ানি… উফ হিবাৰ লিষ্ট খন ডাঙৰ হৈ হৈ গৈয়ে থাকিল।
লাইটটো অফ কৰি কাপোৰযোৰ সাৱটি চকু মুদিলো।
এনেতে আয়ুৰ ফোন।
:কি হ’ল?
:শুইছিলা নেকি মইনা কলিজা?
:পইচা লাগে তোক?
:নহয়, বেলেগ এটা কথা হে।
:কি?
:মই যাব পাৰিম নাই বিয়ালৈ?
:তাঁৰ কেইডাল জোৰা লগাই ল তাৰ পাছত মোক ফোন কৰিবি।
:প্লিজ প্লিজ, কিবা এটা কৰি দে না,মই পইচা দিম ন গাড়ী খৰছ, এনেও ছিট খালি থাকিব মই হিচাপ কৰিলো।আৰু তাত গৈ মই বেলেগ হোটেল চাই ল’ম,বিদ্যা কৈছোঁ।
:মই টানিয়াক সুধিব লাগিব,সৱ তাইয়ে arrange কৰিছে, আৰু মই সেইজনীক কিমান বেয়া পাওঁ তই জানই।
:মোৰ কাৰণে নালাগে তই হিবাৰ কাৰণে কৰি দে।
:ধেই এইডাল।ফোন থ।
এওঁলোকৰ প্ৰেম কিমানখিনি পালেগৈ জনাই নাছিলোঁ।মনে মনে বাৰু বেয়া পোৱা নাই।দুইটা মোৰ মৰমৰ।কি কৰিব পাৰোঁ চাব লাগিব।

নিজকে অলপ মানুহৰ নিচিনা ৰূপ এটা দিয়াৰ প্ৰয়োজন আছিল। কেতিয়াবা নিজক ভাল পাবলৈও মানুহে নিজৰ যত্ন লব লাগে।এইটো কথা মই লাহে লাহে উপলদ্ধি কৰিছোঁ।হিবাৰ পৰাও শিকিছো।মই নিজৰ মাজত ডুবি থকা সময়বোৰত কেতিয়াবা তাই কয়, আমি নিজকে যদি মৰম নকৰোঁ, ভাল নাপাওঁ, আনে আমাক ভাল পোৱাটো সম্ভব কেনেকৈ?
ঘৰখন যেনেকৈ আমি ধুনীয়াকৈ ৰাখিলে ভাল পাওঁ, ঠিক তেনেকৈ শৰীৰটোও ৰাখিব লাগে!
এইবোৰ কথা মোক আজিকালি হিবাই কয়।
মই নুশুনো, নামানো, নুবুজোঁ, হলেও তাই কৈ থাকে।
আজি পাৰ্লাৰত স্পা কৰা চুলিখিনি চুই মোতকৈ তাইৰ ফুৰ্টি বেছি, বেগত কাপোৰ ভৰাই থাকোঁতেও মাজে মাজে চুই চালেহি।

অনিচ্ছাসত্বেও মই টানিয়া আৰু প্ৰশান্তক কৈ আয়ুৰ কাৰণে ছিট এটা যোগাৰ কৰিলোঁ।পোৱা ঠিক ৭ বজাত আমাক পিক আপ পইণ্টত ৰ’বলৈ কোৱা হ’ল।প্ৰায় ৫-৬ ঘণ্টাৰ ৰাস্তা।আজি শনিবাৰ ।গতিকে ট্ৰেফিক অলপ কম হয়।হিবা আৰু মই দুইজনী আহি ৰৈ আছোঁ।জেকেট পিন্ধিও কঁপি আছোঁ ঠাণ্ডাত।ঠিক ৭ বাজি ১৫ মিনিটত গাড়ী আহি পালেহি।
বাৰটা মানুহ বহিব পৰা এখন ডাঙৰ টেম্পো ট্ৰেভেলাৰ।সোমাইয়ে প্ৰথম ছিটত সুৰেশ আৰু তেওঁৰ পত্নী।পিছৰ ছিটত প্ৰশান্ত আৰু টানিয়া ।এজন মানুহ বহিব পৰা ছিট কেইটাৰ এটাত সুৰেশৰ ক্লাছ চিক্সত পঢ়া জীয়ৰী, আনটোত তেওঁৰ ৭ বছৰীয়া ল’ৰাটো।
দুইটা গেম খেলাত ব্যস্ত।সুভাষিণী এইখন গাড়ীত নাই।তেওঁ স্বামীৰ সৈতে নিজৰ গাড়ীত।সুৰেশৰ পত্নীৰ সৈতে চিনাকি হলো।তেখেত পেছাত ডক্টৰ।কম কথা কয় যদিও হাঁহিমুখীয়া।আমাৰ টিমৰ আৰু দুজন মানুহ আহিছে, তেওঁলোকৰ লগত বেছি ভালকৈ এতিয়াও চিনাকি নাই মোৰ।
কামবোৰো আমাৰ বেলেগ বেলেগ।হাঁহি এটা মাৰি সম্ভাষণ জনাই একেবাৰে শেষৰ ঢ়িটৰ আগৰ দুটিয়া ছিটটোত হিবা আৰু মই বহিলো।দহবাৰ মান ফোন কৰাৰ পাছত ফোঁপাই জোপাই আয়ু ওলাইছেহি।আৰু তেখেত অহাৰ লগে লগে মই উঠি গৈ আগৰ ছিটত বহিব লগা হ’ল।অৱশ্যেই মই অকলে বহি ভাল পাওঁ।
পিঠিৰ বেগটো কাষতে থৈ হেডফোনটো লগাই ললোঁ।আৰম্ভ হল আমাৰ য়েৰকাদ অভিমুখী যাত্ৰা।

সান্নিধ্যৰ ‘তুমি সুবাস’ গানটো কাণত বাজি আছে।মিহি বতাহজাকে কুঁৱলীৰ ফাঁকে ফাঁকে কিবা এটা মিঠা অনুভূতি কঢ়িয়াই আনিছে।এই অনুভৱ খিনি বৰ ভাল লগা।মাজে মাজে আয়ুয়ে খাবলৈ ইটো সিটো দি আছে।খাবলৈ মন নাই যদিও লৈ থওঁ।NH44 ত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি যাত্রা কৰি আমি ১০:৩০ বজাত চালেম পালোহি।
তাতেই সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ নামিলো।সুৰেশ আৰু তেওঁৰ পত্নীয়ে আমাৰ সকলোকে সুন্দৰ South Indian ব্ৰেকফাষ্ট কৰালে।খাই বৈ আহি গাড়ীত বহিলো।এতিয়াৰ পৰা পাহাৰীয়া ৰাস্তা আৰম্ভ হব।২০ টা hair pin বেণ্ড আছে।কিন্তু অলপ দূৰ গৈয়ে গাড়ীখন আমাৰ আগ নাবাঢ়ে।ৰৈ আছে।ফোনত কথা পাতি পাতি সুৰেশ নামি গ’ল।পিছে পিছে টানিয়া।
কিমান দেৰি ফচিম এতিয়া ঠিক নাই।
গান শুনি বহি থকাই ভাল।
চকু কেইটা মুদি খিড়িকীতে মূৰটো পেলাই দিলো।কাণত তেতিয়া বাজি আছে ‘বাৰ্তালাপ’,মৈত্ৰেয়ীৰ শব্দৰ যাদু আৰু কণ্ঠৰ মায়াত ডুবি আছো ।
“পাহৰণিৰে তুলি অৱগুন্থণ
এটি দুটি মিঠা
শব্দৰ গুঞ্জন
দুটি ওঁঠৰ তুলিকাত
জীপাল হেজাৰ বাৰ্তালাপ”
(বার্তালাপ:মৈত্ৰেয়ী পাটৰ)

কিন্তু…
:Aah finally.
চিনাকি সুবাস উশাহত পাই বুকুখন ধককৈ উঠিল।
সন্মুখত অনিৰুদ্ধ।
মই চোৱাৰ লগে লগে চকুকেইটা ডাঙৰ কৰি হাঁহি দিলে।
ব্লেক লেডাৰ জেকেটটো খুলি মোলৈ এনেকৈ আগবঢ়াই দিলে যেন মই সেইটো ধৰিবলৈহে ৰৈ আছিলো।
আৰু এবাৰো একো নুসুধাকে মোৰ কাষৰ ছিটটোৰ পৰা মোৰ বেগটো আঁতৰাই নিজে বহিলে।অঁকৰা নিচিনাকৈ চাই হে আছোঁ।
:So you finally came ha??You are looking extra beautiful by the way.Is this the glow after seeing me??
:Damn!!!!!!

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড (২২)

  1. নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ বা।আজিৰ খণ্ডটোৰ বাবে ধন্যবাদ।♥️

    Like

  2. We can clearly feel your words baa!!!
    Thanks for giving us such wonderful feelings… 💕

    Happy New Year Indranee Baa!! ✨🎉
    Much love ❤

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s