#আবিৰ খণ্ড(২৩)

So you finally came ha??You are looking extra beautiful by the way.Is this the glow after seeing me??
:Damn!!!!!!

ক’ৰ পৰা ওলালেহি ধৰিবই নোৱাৰিলোঁ।জেকেটটো হাতত ধৰি চাইহে আছো।ঠাণ্ডাত চাগে কাৰোবাৰ লগত বাইকত আহিছিল।চকুকেইটা অলপ ৰঙা আৰু চলচলীয়া।নকটো অলপ ৰঙচুৱা।গ্ৰে কালাৰৰ ফুল শ্লীভচ টি চাৰ্টটো,মিহিকৈ ওলোৱা দাড়িখিনৰে সৈতে ভাগৰুৱা লাগিছে যদিও হাঁহিটো একেই, উজ্জ্বল।

:You can touch me and check, I am real.
:Yeah, sad.
:How rude Ananya!

জেকেটটো আগবঢ়াই দি সিফালে মুখ ঘূৰালো।গানৰ ভলিউম যিমানলৈকে বাঢ়ে বঢ়াই দিছোঁ।সোনকালে গৈ পালেই হয় আৰু।
অলপ দূৰ গৈ পোৱাৰ পিছতে সুৰেশৰ পুত্ৰ জিজ্ঞাস আহি আমাৰ ওচৰত হাজিৰ।
:Ani bhaiya,I will sit with you.
:No!
সৰু লৰাৰ দৰে মুখ খন কৰি মোৰ ফালে চালে অনিৰুদ্ধই।
হাঁহি উঠি গল যদিও দেখুৱাই দিয়া নাই।ময়েই টপৰাই উত্তৰ দিলো।
:Yes of course ,come Jigyas.

উফ ভগৱান।
ল’ৰাটোক মোৰ কাৰণেই পঠিয়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।গোটেই ৰাস্তাটো কেনেকৈ যে গলোহেঁতেন।অনিৰুদ্ধই আৰু কি কি শুনালেহেঁতেন ঠিক নাই।
প্ৰায়বোৰ কথাৰে উত্তৰ মোৰ ওচৰত নাথাকে।
মই পলাবলৈ বাট এটা বিচাৰিয়েই আছিলোঁ।
কিন্তু মোৰেই ভাগ্য বেয়া।
উঠি লৈ খৰধৰকৈ ওলাই যাবলৈ লওঁতেই hair pin বেণ্ড এটাত গাড়ীখন এনেকৈ ঘূৰিলে যে মোৰ সোঁহাতখন সন্মুখৰ আনটো ছিটত আৰু বাওঁহাতখন অনিৰুদ্ধৰ কলাৰত থৈ কোনোমতে হে নপৰাকৈ ৰ’লো।
হাউলি গৈ নিজকে ৰখাওঁতে অনিৰুদ্ধক একেবাৰে কাষতে পালো।
বুকুখন ধক কৈ উঠিল।

আমাৰ মাজত দূৰত্ব তেতিয়া মোৰ আউল বাউল চুলিৰ খেলিমেলি খিনিৰ সমান।তেওঁৰ আৰু মোৰ উশাহ বোৰ ঘন নহয়, ৰৈ গ’ল,একেবাৰে।এই সময়খিনিয়ে কি আনিছে মই নাজানো।নিজৰ বুকুৰ শব্দ আৰু অনিৰুদ্ধৰ কঁপি উঠা ওঁঠ দুটা
মই বুজিব পৰা নাই।
পলক নেপেলোৱাকৈ মোলৈ চাই ৰৈছে অনিৰুদ্ধই।
চকু কেইটা সৰু হৈ গ’ল তেওঁৰ।
কি দেখিছে?কি বিচাৰিছে?
:Di, you gonna sit on Ani Bhaiya’s lap?
জিজ্ঞাসে দাঁতকেইটা উলিয়াই হাঁহি দেখুৱালে।
অথনিৰ পৰা মৰম লাগি থকা লৰাটোলৈ সাংঘাটিক খং এটা উঠি আহিল।
নিজকে সামৰি থিয় হ’লো।
:Sorry!
অনিৰুদ্ধই একেবাৰে সৰুকৈ কোৱা শব্দটো মোৰ কাণত নহয়, একেবাৰে বুকুত লাগিল।স্থিৰতা হেৰুৱাই তেওঁৰ ইমান ওচৰত আহি ৰোৱাৰ পাছতো মোৰ শৰীৰৰ কোনো অংশতে তেওঁ হাত দিয়া নাই।সাৱধানেৰে আঁতৰাই ৰাখিছে নিজক।
পুৰুষ!নিজক সন্মান কৰা পুৰুষ অনিৰুদ্ধ।
লাহেকৈ আঁতৰি আহি আনটো ছিটত বহিলো যদিও এবাৰ ঘূৰি চালো।তেওঁ তেতিয়া জিজ্ঞাসৰ লগত গেম খেলাত ব্যস্ত।মই আঁতৰি অহাৰ লগে লগেই টানিয়া নিজৰ ঠাইৰ পৰা উঠি গৈ অনিৰুদ্ধৰ কাষতে ৰৈ কথা পতাত লাগিল।বাৰে বাৰে গাড়ীখন টাৰ্ন লওঁতে হাতখন তেওঁৰ হাতত দি হে ৰৈছে।
মই বাৰু অলপ জ্বলিছো নেকি?
নাই, মোৰ সেইবোৰ চাই থকাৰ দৰকাৰ নাই।
কিন্তু নাচাওঁ বুলিওচোন বাৰে বাৰে চকু যায়।
এবাৰ তেওঁৰ চকুত চকু পৰাত ভীষণ লাজ পালো।য়েৰকাদৰ পাহাৰীয়া ৰাস্তাৰ মনোমোহা সৌন্দৰ্য মই উপভোগ কৰিব পৰা নাই।নিজকে সুধি চাইছোঁ, আয়ুকচোন মই ইমান ভাল পাওঁ,কিন্তু হিবাৰ সৈতে তাক দেখি মোৰ এনেকুৱা নহয় কিয়!
অনিৰুদ্ধকতো মই ভীষণ বেয়া পাওঁ।
তেন্তে এতিয়া মোৰ ভিতৰি অলপ হলেও বেয়া লাগিছে কিয়।
কথাবোৰ ভাবি ভাবি বাহিৰলৈ চাই আহিছো।মেপত চাওঁতে আমাৰ ৰিজৰ্টটো আৰু চল্লিশ কিলোমিটাৰ দেখাইছে।তাৰমানে আৰু প্ৰায় এক ঘন্টা লাগিবই।
এনেতে এটা মেছেজ, অনিৰুদ্ধৰ।
:Come back, please!I need to talk to you!please.
টানিয়া তেতিয়াও তাতেই, তেনেহ’লে মোক কিয় মাতিছে।
মেছজটো চাইও একো উত্তৰ নিদিলো।
গান শুনি শুনিয়েই বাকী খিনি ৰাস্তা পাৰ কৰিলোঁ।


প্ৰায় এক বজাত আমি গৈ আমাৰ ৰিজৰ্টটো পালোগৈ।কৃতিকাৰ দেউতাক আৰু খুড়াক গেইটৰ সন্মুখত ৰৈয়ে আছিল।সুৰেশৰ সৈতে ফোনত সংযোগ ৰাখিয়েই আছিল তেওঁলোকে।আমাক খুব সুন্দৰকৈ আগবঢ়াই নিলেহি।ৰিজৰ্টটো কিমান ধুনীয়া ভাষাৰে বুজাব নোৱাৰি।
প্ৰকৃতিৰ কোলাত যেন আন এখন স্বৰ্গ।নামি আহোঁতেও অনিৰুদ্ধই মোক কিবা ক’ব খুজিছিল, কিন্তু আওকাণ কৰি মই হিবা আৰু আয়ুৰ ওচৰলৈ খোজ ললো।
:Ananya,we dont have room for your friend, remember?
টানিয়াই শুনাই দিলে যে আয়ুৰ কাৰণে ইয়াত থকাৰ ব্যৱস্থা নাই।মানে সি ‘বিন বুলায়ে মেহমান’।সুধি চাই গম পালোঁ এইটো ৰিজৰ্টত আৰু এটাও ৰুম খালি নাই।
:He can stay with me!
অনিৰুদ্ধ আৰু আয়ু একেলগে?????
:No Way.
আপোনা আপুনি ওলাই গ’ল মোৰ মুখৰ পৰা।
:Thanks bro!
Bro??
Really!
আয়ুক ঘোচা মাৰি দিবলৈ মন গৈছিল।অনিৰুদ্ধক এনেই দেখিবই নোৱাৰে, এতিয়া নিজৰ কামত অহাৰ লগে লগে Bro!!
মোৰ কাষেৰেই দুইটা কথা পাতি পাতি নিজৰ ৰূমৰ ফালে আগবাঢ়িল।মই আৰু হিবা কৃতিকাক লগ কৰিবলৈ তাই থকা cottage টোৰ ফালে আগবাঢ়িলোঁ।ইতিমধ্যে সুভাষিণীও আহি পালেহি।আমাক দেখি কৃতিকা দৌৰি আহিল।
পাতল হালধীয়া পাটৰ শাৰী, খোপাত এথোপা ফুল, ডিঙিত গহনা, ভৰিত পায়েল, দুহাতত মেহেন্দিৰ ডাঠ ৰং, তাইক দেখি অজানিতে চকু কেইটা সেমেকি আহিল।
খুব ধুনীয়া দেখাইছে তাইক।
কইনাৰ সাজত চাগে সকলো ছোৱালীকে খুব ধুনীয়া দেখাই।
মোক বাৰু কেনেকুৱা লাগিব??
:She is my mom.
ৰূমটোত কৃতিকাৰ মাক, মাহীয়েক আৰু তাইৰ তিনি চাৰিজনী মান কাজিন।সকলোৰে লগত চিনাকি হ’লো।তাৰে এগৰাকীয়ে আমাক ৰাতিৰ reception ৰ কাৰণে সজাই দিবলৈ সাজু হ’ল।মই নালাগে বুলি কোৱাত হিবাই চকু পকাই দেখালে।আৰম্ভণি মেহেন্দিৰে কৰিব।আৰু মেহেন্দিৰ নাম শুনি হিবাই জাপ মাৰি গৈ হাত পাতি বহিল।মই লাঞ্চৰ কথা মনত পেলাই দিলতহে উঠি আহিল।

লাঞ্চ কৰিবলৈ যাওঁতেও অনিৰুদ্ধক কথা কোৱাৰ সুযোগ নিদিলোঁ।লাহে লাহে যে তেওঁৰ খং উঠিছে বুজি পালোঁ।
খাই বৈ অলপ জিৰণি লবলৈ সবেই নিজৰ নিজৰ ৰূমত সোমালো।
আমাৰ cottage টোত মই হিবা আৰু টানিয়া।মাজৰটোত সুৰেশৰ পৰিয়াল।তাৰ সিফালৰটোত আয়ু আৰু অনিৰুদ্ধ।টানিয়াৰ পৰা শুনামতে অনিৰুদ্ধই কাৰো লগত ৰুম share কৰিব নোখোজে, সেইবাবে নিজৰ পইচাৰে অকলে এটা ৰূম বুক কৰিছিল।পিছে এতিয়া হঠাৎ কি হ’ল কোনেও বুজি নাপালে।
মই পিছে বুজি পালো।
কিন্তু এইটো ভাবি ভাবি হাঁহিও উঠিল যে পালেগে আয়ুৰ নিচিনা লেতেৰা এটাক হে।

সন্ধিয়া ৭ বজাত সকলোকে ৰেডি হৈ পাৰ্টি Venue লৈ যাবলৈ কোৱা হ’ল।লাঞ্চ কৰি অকণমান শুবলৈ মন গৈছিল যদিও হিবাৰ উৎপাতত সেইয়া হৈ নুঠিল।দুইজনী মেহেন্দি লগাই বহি আছো।টোপনিত মোৰ চকু জাপ খাই গৈছে।কিন্তু কিয় জানো জীৱনত প্ৰথম বাৰ কাৰোবাৰ বিয়ালৈ আহি, এইবোৰ কৰি মোৰ কিবা এটা ভাল লাগিছে।নতুন নতুন লাগিছে।

নিজৰ সম্বন্ধীয় মানুহৰ লগত মা দেউতাৰ ভাল সম্পৰ্ক নাছিল ।কাৰোবাৰ বিয়া সকাম হলে ককা যায় ড্ৰাইভাৰ লৈ, আমাক নিব খুজিলেও মায়ে যাবলৈ নিদিয়ে।কিমান কি কি যে হেৰুৱাই পেলালো মাহঁতৰ অহংকাৰৰ কাৰণেই।

চিলমিল টোপনিৰ পৰা সাৰ পাই দেখোঁ আমাৰ ৰূমৰ দুৱাৰ খোলা।মোৰ বাহিৰে কোনো নাই।উঠি গৈ ইফালে সিফালে চাওঁতে দেখোঁ বাহিৰত সবেই একেলগে চাহ খাই আছে।
অনিৰুদ্ধক দেখি ওলাই নগলো।চাহৰ কাপটো হাতত লৈ তেওঁ তেতিয়াও আমাৰ ৰূমৰ ফালেই চাই আছে।


মুখ হাত কেইটা ধুই ওলাই আহি দেখোঁ টানিয়া আৰু হিবাই
কাপোৰ কানি সলালেই।দুয়োজনীৰে কাপোৰ বোৰ কইনাৰ কাপোৰৰ নিচিনা জাক জকম।অৱশ্যে সিহঁতৰ শৰীৰৰ উজ্জ্বল ৰং আৰু বেছি ধুনীয়াকৈ ফুটি উঠিছে।
ময়ো আইতাৰ পুৰণা মেখেলা চাদৰ যোৰ পিন্ধি নিজকে চালো।মই দেখাত আইতাৰ দৰে ধুনীয়া নহয়,কিন্তু কাপোৰ যোৰ বৰ ধুনীয়া।বিউটিচিয়েন গৰাকীয়ে কোৱা স্বত্তেও বৰ বেছি মেক আপ নকৰিলোঁ।মাত্ৰ মোৰ মুখৰ শেঁতা পৰা ৰংটো তেওঁ অকণ উজ্বলাই দিলে।চকুত কাজল লগাই সৰু ৰঙা ফোঁট এটা ললোঁ।খোলা চুলিখিনি এবাৰ ঠিক কৰি ললোঁ।
:লিপষ্টিক!
চিগাৰেট খোৱা ওঁঠত ৱাইন কালাৰৰ লিপষ্টিক সানি দিলে হিবাই।কাণৰ সৰু ফুলি যোৰ খুলি তাই কালি কিনি দিয়া অলপ ডাঙৰ ঘুৰণীয়া ফুলি যোৰ পিন্ধিলোঁ।কাণ খন বিষাই গলগৈ। উকা ডিঙিৰেই থাকোঁ মই।আজিও পিন্ধা নাই বেলেগ গহনা।ওলাই আহিলোঁ ৰূমৰ পৰা। আমাৰ ৰূমৰ পৰা অলপ আঁতৰত বিভিন্ন লাইট আৰু ফুলৰ সৈতে পাৰ্টিৰ কাৰণে সজাই তুলিছে ঠাইখন।ইমূৰত সুন্দৰ সাজ সজ্জাৰে এটা ষ্টেজ।দৰা কইনা আৰু মাক দেউতাক বহি আছে।যদিও বিয়াৰ সকলো নিয়ম তেওঁলোকৰ ঘৰত হৈছেই তথাপি আজি আকৌ এবাৰ মালা পিন্ধোৱাৰ লগতে সেন্দুৰ দিয়াৰ কথা।তাৰেই যো জা চলি আছে।সেইখিনি পোৱাৰ লগে লগে সকলোৰে জাকজমক কাপোৰ আৰু গহনাৰ মাজতো কিন্তু সবেই মোৰ পুৰণা মুগাৰ কাপোৰ সাজ চুই চালেহি।কি হয়, ক’ত পায়, কেনেকৈ পিন্ধিছোঁ সৱ ক’ব লগীয়া হৈছে?

কিন্তু ইমানবোৰ মানুহৰ মাজতো মোৰ চকুৱে মাত্ৰ এজন মানুহক হে বিচাৰি ফুৰিছে!!!

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড(২৩)

  1. বৰ আগ্ৰহেৰে পঢ়ো বা আবিৰৰ প্ৰতিটো খণ্ড ৷এক ব্যক্তিক্ৰম আমেজ বিচাৰি পাওঁ ৷ অপেক্ষা থাকিল আগলৈ . .

    Like

  2. যিমানেই যি নহওঁক য’তেই নাথাকক কিয়,লাগিলে সেয়া অসমৰ বাহিৰতে হওঁক বা ভাৰতৰ বাহিৰতে হওঁক মুঠতে কলিজাৰ এডোখৰ অসমীয়া সাজযোৰ মেইন।♥️♥️♥️♥️♥️♥️♥️

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s