#আবিৰ খণ্ড(২৪)

ইফালে সিফালে চাওঁতেই কোনোবাই চুলিত টানি দিয়াৰ দৰে লাগিল।ঘূৰি চালো, আয়ু।
:তই কি কৰিলি বে,অকণ অকণ ধুনীয়া লাগিছে।
:তোক কেলেইনো।যা ইয়াৰপৰা।
:ঐ,ইমান মৰমলগা ন মোৰ মানুহজনী।
:কি???
মোৰ কাষতে ৰৈ থকা হিবালৈ চাই আয়ু গোটেইটো উৰি যাওঁ যেন।ইয়াৰনো আৰু কি, কিমান দিন থাকে এই প্ৰেম নাজানো।
কিন্তু হিবাক সঁচাকৈ মৰম লাগিছে।পাতল হালধীয়া আনাৰকলি চুৰিদাৰযোৰ আৰু মূৰৰ একে ৰঙৰ হিজিব খনে তাইৰ উজ্জ্বল মুখ খনি আৰু শুৱাই তুলিছে।দুইটাকে কথা পতাৰ সুযোগ দি অকণমান আঁতৰি সুভাষিণীৰ ওচৰ চাপিলো।সুৰেশৰ পত্নী আৰু ছোৱালী হৰ্ষিতাও সুভাষিণীৰ ওচৰতে আছিল।অলপ সময় কথা পাতি আমি সকলো একেলগে কৃতিকাৰ ওচৰলৈ যাবলৈ উঠিলোঁ।অনিৰুদ্ধৰ কিন্তু তেতিয়াও ক’তো দেখাদেখি নাই।
:Ananya, where is Anirudh??
মই কেনেকৈ জানিম।খং উঠি আহিল।মোক কিয় সুধিছে ।
:No idea, Suresh.
অলপ পাছত দেখোঁ টানিয়া আৰু প্ৰশান্তৰ সৈতে কথা পাতি পাতি সোমাই আহিছে অনিৰুদ্ধ।মোক দেখাৰ আগতেই সেইখিনিৰ পৰা আঁতৰি হিবাৰ পিছফালে থিয় হলোহি।
:Guys, let’s bless the couple.

তেতিয়াও সকলোৰে শেষত থাকিয়েই আগবাঢ়িলোঁ।এনেও মই এনেকৈ থাকি ভালপোৱা মানুহ।ষ্টেজৰ ওচৰ পাই ৰৈ গলো।সকলো উঠি গৈ ফটোৰ বাবে প’জ দিছে।দৰা কইনাক মাজত লৈ এফালে হিবা,আয়ু, সুৰেশ,তেওঁৰ পত্নী,সুভাষিণী আৰু তেওঁৰ স্বামী।
আনফালে টানিয়া,অনিৰুদ্ধ,প্রশান্ত আৰু টিমৰ আন দুজন।
মই একেবাৰে শেষত গৈ হিবাৰ কাষত ৰ’লো।সুৰেশ আৰু সুভাষিণীয়ে ডাঙৰ উপহাৰৰ টোপোলাটো আগবঢ়াই দিলে।আৰু সকলো ব্যস্ত থাকোতেই মই তাৰ পৰা আঁতৰি আহিবলৈ ললোঁ…
:Ananaya, please come here.
শেষ।
কৃতিকাৰ মাতত নামি যাবলৈ লৈও ৰৈ গ’লো,আৰু ঘূৰি লৈ
নাচাওঁ বুলিও এবাৰ তেওঁৰ ফালে চালো।
ব্লেক কালাৰৰ থ্ৰী পিছ চুইট, gelled up চুলি আৰু একেবাৰে চিনাকি হাঁহিটোৰে সৈতে অনিৰুদ্ধ।
মোৰ চকুত চকু পৰাৰ লগে লগে তেওঁ চকু দুটা জপাই দিলে।
যেন এক স্বস্তিৰ নিশ্বাস।
বিচাৰি বিচাৰি হাবাথুৰি খোৱা কিবা এটা বিচাৰি পোৱাৰ দৰে।
সময়বোৰ কেতিয়াবা সঁচাকৈ ৰৈ যায়,ইমান বোৰ মানুহৰ মাজতো এটা আছুতীয়া পল আমাৰ বাবেও আছে।
থাকে, এনে এটি ক্ষণ আমাৰ সকলোৰে জীৱনতে থাকে, আমি বিচাৰোঁ বা নিবিচাৰোঁ।
য’ত গাল দুখন অকণমান ৰঙচুৱা হয়, উশাহবোৰ ঘন হয়, হাত ভৰি বোৰ অকণমান হলেও কঁপি উঠে।
মোৰো ঠিক তেনেকুৱাই হৈছে।
নিজকে সামৰি কৃতিকাৰ কাষ পালোগৈ।
:Your dress is so pretty Ananya!!
দৰা কইনাক মাজত লৈ এফালে অনিৰুদ্ধ আৰু আনফালে মই।যিমান পাৰোঁ সেইফালে নোচোৱাকৈ কেমেৰাৰ ফালেই চাই থাকিলোঁ।
আৰু শেষ হোৱাৰ লগে লগেই আঁতৰি আহিলোঁ।
ঘূৰি চোৱা নাই।কিবা এটা যেন সহজ হব পৰা নাই মই।

মানুহৰ কথা বতৰা, মিহিকৈ বাজি থকা গান,আৰু কেমেৰাৰ ফ্লাছৰ শব্দৰ মাজত মই অলপ নীৰৱতা বিচাৰি আঁতৰি আহিলো।সকলো কথা পতা, খোৱাত ব্যস্ত।সৰুকৈ পতা বাৰ খনত আয়ু,প্ৰশান্ত আৰু অনিৰুদ্ধ একেলগে।যেন বহুদিনৰ চিনাকি।
ইচ্ছা থাকিও আজি সেইফালে যোৱা নাই।
আইতাৰ কাপোৰযোৰ পিন্ধি হাতত গিলাছ তুলিব নোৱাৰোঁ মই।
আইতাইতো চাগে বিচৰা নাছিল মোৰ জীৱনটো এনেকুৱা হোৱাটো।কিন্তু হৈ গ’ল।
হিবাই স্কুলীয়া বান্ধৱী লগ পাইছে,নিজৰ ভাষাত কথা পতাত ব্যস্ত।ওচৰত ৰৈ থাকিও নিজকে অলপ অকলশৰীয়া লাগিল।
ভিৰৰ পৰা আঁতৰি ৰিজৰ্টটোৰ আনটো ফাললৈ খোজ ললো।এটা সৰু পানীৰ জুৰি বৈ গৈছে সেইফালেদি।এখন সৰু কাঠৰ দলং।তাত ভেট,পদুম আৰু কিছুমান বনৰীয়া ফুল ফুলি আছে।জোনৰ পোহৰত ঠাইখিনি যেন আৰু বেছি ধুনীয়া হৈ পৰিছে।
আকাশ খনলৈ চালো।আগৰ পৰাই চাওঁ।আজিও আইতাক বিচাৰি চাইছোঁ।আটাইতকৈ উজ্জ্বল তৰাটো আইতা।
“সৌৱা চা, আইতাই চাই আছে তোলৈ, তই চকু টিপিয়াই দে,আইতাইও টিপিয়াই দিব”
বিশ্বাস কৰিছিলোঁ, কাৰণ ককাই কৈছিল।
ককাই মিছা কথা নকয়।
মেলি লোৱা ৰিহাৰ আচলখন দুহাতেৰে তুলি অকাশখনলৈ দেখুৱালো।
“আইতা,চোৱা, মই তোমাক সামৰি ৰাখিছোঁ”
মনতে কোৱা কথাবোৰ আইতাই শুনে, ককাই বুজে।
আৰু নো আছে কোন মোৰ বুলিবলৈ!!!!
আচলটোৰে মুখ খন ঢাকি কিমান দেৰি থাকিলো নাজানো।
কাৰোবাৰ উপস্থিতিৰ উমান পাই উচপ খাই উঠিলোঁ।
দুহাত বুকুত সাৱটি দলং খনৰ আনফালৰ কাঠৰ ৰেলিং খনত আউজি ৰৈ থকা মানুহজন অনিৰুদ্ধ।
মই চোৱাৰ লগে লগে শেঁতা হাঁহি এটা মাৰি দেখুৱালে।
:এনেকৈ কিয় আছা?
:এনেই।
:You have something to say?
:Nope.
:Your bindi is misaligned.Again.

কথাটো কৈ তেওঁ নিজৰ ঠাইৰপৰা আহি মোৰ একেবাৰে কাষ পালেহি।আচৰিত হৈ চাই ৰ’লো।কঁপালৰ ফোঁটটো ঠিক কৰোঁ বুলি হাতখন ওপৰলৈ তুলিলোঁ।মিহি ষ্টীলৰ খাৰু খিনি জুনুক কৈ উঠিল।
নাইপৰা মই একো কৰিব।অনিৰুদ্ধক উপেক্ষা কৰিব নোৱাৰি।
স্থিৰ চাৱনিৰে তেতিয়াও চাই আছে মোৰ ফালে।
আৰু মোক আচৰিত কৰি কপালত আঙুলি বুলাই ৰঙা ফোঁট টোত চুই দিলে তেওঁ।
ডিঙিটো শুকাই গৈছে মোৰ,চকু কেইটা নিজে নিজে জাপ খাই গৈছে।
এই স্পৰ্শ কিয় ইমান বেলেগ।
কঁপালৰ ফোঁটটোৰ ৰঙা খিনি মোৰ গাল দুখনলৈকে বৈ আহিল।
:Ananya!!
:
:Please say something!
অনিৰুদ্ধৰ মাতত সচকিত হৈ উঠিলোঁ।নতুন সপোন দেখাৰ ভুল কৰিবলৈ ওলাইছোঁ মই।নাই, এইয়া ভুল।
:Let me go Anirudh.
:No, please.
:
দূৰৰ পৰা ভাঁহি অহা মৃদু সঙ্গীতৰ সুৰ, জোনৰ পোহৰ, বৈ যোৱা পানীৰ কলকল শব্দ আৰু সন্মুখত অনিৰুদ্ধ।
কি নাম এই সময়ৰ?
আৱেগ?
অনুৰাগ?
নে
আদৰ??
দুখোজ পিছুৱাই গ’ল তেওঁ, কিবা ক’ব খুজিও যেন ক’ব পৰা নাই।দীঘল দীঘল উশাহ লৈছে, ইফালে সিফালে চাইছে।
এনেকুৱা কিয় হয়??
:I am sorry Ananay,but…
বুকুত নতুন আশংকা!কি ক’ব অনিৰুদ্ধই।
:but??
:মই হাৰি গৈছোঁ বাৰে বাৰে,তোমাৰ ওচৰত।মোক নুসুধিবা কিয়?
আকৌ ওচৰ চাপি আহিল তেওঁ, মোৰ আউল বাউল চুলিখিনিত হাত ফুৰাই দিলে।বাধা দিব নোৱাৰিলোঁ।
:Its not sympathy,trust me. But I know many things about you Ananya. I am sorry I asked Ayushman which is not right but…
:What the F.. Anirudh!How dare you!!!
চিঞঁৰি উঠিলোঁ।আয়ুৰ ওপৰত প্ৰচণ্ড খং উঠি আহিল।মিনিটৰ ভিতৰতে সি মোক পুতৌৰ পাত্ৰ বনাই দিলে।
:প্লিজ মোক ভুল নুবুজিবা।মই তোমাক জানিব বিচাৰিছিলোঁ ,কিন্তু ইমানখিনিও নহয়।He was drunk Ananya please dont be angry.
:Really?
চকুৰ পানীবোৰ বাধা দি ৰাখিব পৰা নাই।খঙত নে দুখত মই কঁপি উঠিছোঁ নাজানো।নিজকে ইমান অসহায় মোৰ কেতিয়াও লগা নাছিল।
অপৰাধীৰ দৰে ৰৈ আছে অনিৰুদ্ধ।চকুৰ কোণত এডোঙা পানী।
সঁচা নে মিছা, মই নাজানোঁ।
:I want to be a part of your life,am I asking too much??
অনিৰুদ্ধই কোৱা কথাষাৰৰ উত্তৰ দিয়াৰ ইচ্ছাও নহল মোৰ।
:Say something, please!
:
:I don’t need a man to survive Anirudh.
:But I need a woman,a woman like you.I don’t care if you call me a weak man,a coward,a fool or anything.I don’t give a shit.All I want and need is you Ananya,only “YOU”.
অনিৰুদ্ধৰ মাতটো আনদিনাত কৈ ডাঙৰ।
জোনৰ পোহৰবোৰ যেন কমি আহিছে।এই সময়ত কি কৰিম মই ভাবি পোৱা নাই।অনিৰুদ্ধই কি জানে কিমান জানে মই নাজানো।কিন্তু জানিব নালাগিছিল।
:মই বাৰে বাৰে কৈছোঁ,মোক অকলে থাকিবলৈ দিয়ক প্লিজ।
হাতযোৰ কৰি পোৱা নাই কেতিয়াও,আজি কৰিছোঁ।
:Ananya!
:Anirudh,do you know my past?
:I don’t care.
:I was a drug addict.
:I don’t care
:I tried to kill myself
:I don’t care
:I have a child
:I don’t care
:I don’t even know how many people have seen me naked…..
নাইপৰা ক’ব,বুকুখন বিষাইছে মোৰ।আজিলৈকে সাঁচি ৰখা চকুপানীৰ আজি বান্ধ খোল খাইছে।অনিৰুদ্ধৰ ফালে চাব নোৱাৰোঁ।তেওঁৰ ফালে পিঠি দি বোৱাই দিছোঁ বুকুৰ শিল গলি বৈ যোৱা নৈ খন।
কিমান আৰু সহিম এইবোৰ।
ভালপোৱা মোক নালাগে, অকণমান সময় শান্তিৰ পালেও মই সুখী হ’ম।সেয়াও যেন মোৰ প্ৰাপ্য নহয়।অনিৰুদ্ধ আঁতৰি যাব,মই জানো।
কিন্তু….
:I love you Ananya.
পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ললে অনিৰুদ্ধই।মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে?

বিবাহৰ থলীৰ পৰা তেতিয়া ভাঁহি আহিছে…

Inkem inkem inkem kaavaale…
Chaaley idi chaaley…
Neekai nuvve vachi vaalaavey,
Ikapai thiranaalley

(আগলৈ)

19 thoughts on “#আবিৰ খণ্ড(২৪)

  1. Uffff ata uxahote pohi xeikh kra jen lagile baa…aabir khn pohible bhut hepahe roi thaku baa 2male bhut bhut mrom♥️..

    Like

  2. আবিৰ পঢ়ি খুব ভাল লাগিছে, পঢ়ি গলে নিজৰ উপস্থিতি তাৰ মাজত অনুভৱ কৰো। কিন্তু বহু দিন অপেক্ষা কৰিব লগা হয়।

    Like

  3. ইমমমমমানন ধুনীয়াকৈ কেনেকৈ লিখে 💖💖 অলপ সোনকালে দিবচোন 🙏

    Like

  4. অৱশেষত দুটি পৃথক মনৰ মিলন হ’ব গৈ আছে অনন্যা আৰু অনিৰুদ্ধ ♥️

    Like

  5. অৱশেষত দুটি পৃথক মনৰ মিলন হ’ব গৈ আছে অনন্যা আৰু অনিৰুদ্ধ ।

    Like

  6. Hello

    I’m from Assam and I have read your book JEC and loved it. I’m also reading
    your new book “Abir” and wait for the updates. Always check my email to for
    the new chapter. It has become my routine 😁.
    Your are very talented. I hope you’re doing well and keep
    writing wonderful stories.

    Thank you
    Panchami Boro

    Like

  7. পঢ়ি আবেগিক হৈ কৈছোঁ। যিমান পাৰে সোনকালে দিব চেষ্টা কৰিব বাইদেউ ❤❤🙏🏼

    Like

  8. কি নাম এই সময়ৰ ?
    আৱেগ ?
    অনুৰাগ ?
    নে আদৰ ?
    সছাকৈয় হৃদয় চুই গ’ল বা আপোনাৰ লিখনিয়ে ৷

    Like

  9. বা সোনকালে সোনকালে দিবা চোন, পঢ়ি ইমান ভাল লাগিছে

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s