#আবিৰ খণ্ড(২৫)

:I love you Ananya.
পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ল’লে অনিৰুদ্ধই।মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে?

মোক এনেকৈ সামৰি লোৱা মানুহ আছেনে?
মোক ভালপাওঁ বুলি কোৱাও সহজ নে?
এইয়া ক্ষন্তেকীয়া আৱেগ নে জীৱনজোৰা সমৰ্পনৰ আৱাহনী সংগীত?
অনিৰুদ্ধৰ সৱল দুবাহুত চটফটাই উঠিলোঁ মই।
হঠাৎ তেওঁ কি কৰি পেলালে হয়তো তেওঁ নিজেই নাজানে।
মই আচৰিত হোৱাই নহয়, অস্থিৰো হৈছোঁ।
বুকুৰ শুকান শুকান অনুভৱবোৰ তেওঁৰ উশাহৰ উমত গলি গলি মোৰ চকুৱে দি বৈ আহিছে।
নিৰৱধি।
শোক এটাই খুন্দা মাৰি ধৰিছে।
এইবাৰ যে হুকহুকাই কান্দিছো মই, আৰু যিমান জোৰেৰে মই কান্দিছো,সিমানেই সৱল ভাৱে অনিৰুদ্ধই সাৱটি ধৰিছে মোক।
:Shhh,please Ananya no.
বগা বাংলোৰ অকলশৰীয়া দিনবোৰ, নিজক ঘিণ কৰি দিনটোত দহবাৰকৈ গা ধোৱা সময়বোৰ,থুপুক সাৱটি অকলে কন্দা ৰাতিবোৰ, সকলোবোৰে যেন আজি একেলগে হেঁচা মাৰি ধৰিছে মোক।
:Leave me… Anirudh… Please

নাই, এৰি দিয়া নাই মোক, ধৰিয়েই ৰাখিছে।এইবাৰ তেওঁ মোক ঘূৰাই দিলে নিজৰ ফালে।মূৰত হাত ফুৰাই কৈ উঠিল
:এনেকৈ কিয় কান্দিছা অন্যান্য,সকলো ঠিক হৈ যাব, তুমি কৰিবা ঠিক, মই আছোঁ,মই তোমাক হেৰাই যাবলৈ দিব নোৱাৰোঁ।
:কিয়??
অনিৰুদ্ধই কিমান বুজিছে মোৰ কথা সেইয়া মই নাজানোঁ, কিন্তু মোক এনেকৈ কোৱা মানুহ ককাৰ পাছত চাগে এইয়াই প্ৰথম।
বিশ্বাস হোৱা নাই মোৰ।
অনিৰুদ্ধক সজোৰে ঠেলি আঁতৰাই পঠাইছোঁ।
মোৰ সোঁহাতখন তেতিয়াও তেওঁৰ হাতৰ মুঠিত।
:কোনে ক’লে মই হেৰাই যাম বুলি?কিয় ভাবিছে মই শেষ হৈ যাম বুলি।অনন্যা আছিল,আছে আৰু থাকিব।এবাৰ মৰা মানুহক আকৌ কোনে মাৰিব হা??মই অকলেই জীয়াই থাকিম।থাকিব পাৰিম।
:I am sorry, may be I just got carried away Ananya..

:Excuse me!You said you love me because you got carried away?You hugged me because you got carried away?Have you lost it Anirudh?

তেওঁৰ ওচৰত উত্তৰ নাই।এটি অবোধ শিশুৰ দৰে তলমূৰ কৰি তেওঁ শুনি আছে।আৰু তেওঁক দেখি মোৰ যেন খঙটো আৰু বেছি বাঢ়ি হে গৈছে।সকলোৰে ওপৰত উঠি থকা সীমাহীন খং আজি মই তেওঁৰ ওপৰতে যেন উজাৰি দিম।আৰু তাৰ পাছতহে যেন মই শান্তি পাম।কৈয়ে আছোঁ,মোৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ তীক্ষ্ণ বাণ তেওঁ বুকুপাতি গ্ৰহণ কৰিছে।
মনে মনে।
অসহায় ভাৱে।
ভালপোৱাই মানুহক জানো অসহায় কৰিব পাৰে?
নে ভালপোৱাৰ অভিনয় কৰা মানুহবোৰে সময়ত উপযুক্ত সংলাপ বিচাৰি নাপাই এনেকৈ অসহায় হোৱাৰ অভিনয় কৰে।
উফ।
কিয় যে আহিছিলোঁ মোৰ তেনেকুৱা লাগিছে এই সময়ত।
:I know men like you very well!
কৈয়ে আঁতৰি আহিব খুজিলো, কিন্তু এইবাৰ মোৰ সন্মুখত যেন আন এজন অনিৰুদ্ধ।
চকুত খংবোৰ আঙাঠাৰ দৰে দল দলকৈ জ্বলিছে।তথাপি চাই ৰ’লো পলক নেপেলোৱাকৈ।চকু তল কৰা মানুহ মই নহয়।

:Dont you dare cross your limit Ananya.

অনিৰুদ্ধৰ এনে ৰূপ মই দেখা নাই কেতিয়াও।হয়তো মই কোৱা কথাই তেওঁৰ male ego হাৰ্ট কৰিছে।
বেয়া নহয়।
হোৱাটো বিচাৰোঁ।
মোৰ কাম হৈ গৈছে ইতিমধ্যে।

কথাবোৰ আৰু বেয়ালৈ যোৱাৰ আগতেই তাৰ পৰা আঁতৰি আহিব খুজিলো।কিন্তু মোক আকৌ এবাৰ আচৰিত কৰি মোৰ কঁকালত বাওঁহাতেৰে মেৰিয়াই ধৰি ওচৰ চপাই নিলে অনিৰুদ্ধই।তেওঁৰ বুকুত খুন্দা খাই যোৱাকৈ।
:What did you say?Man like ‘This’. You think I am dying to touch you right?

অনিৰুদ্ধই কথা কোৱা নাই, চিঞঁৰিছে, মোৰ চকুত চকু থৈ।তেওঁৰ উশাহবোৰ ঘন ঘন।লগতে মোৰো।কিন্তু কিয় জানো তেওঁৰ চকুত মই সঁচা কিবা এটা দেখিলোঁ।
:কি ভাবিছা তুমি অনন্যা।I am school going teenager?
I am a thirty year old man do you bloody understand?I have seen life, hell everything.

অনিৰুদ্ধ ফোঁপাইছে,মন কৰিলোঁ, যদিওবা মই তেওঁৰ ইমান কাষত এতিয়াও ৰৈ আছোঁ তেওঁৰ হাতখন কিন্তু কেতিয়াবাই আঁতৰাই নিছে।অলপ আঁতৰি থিয় হলো।খঙত কি কৈ দিলোঁ তেতিয়া মই নাভাবিলো।কিন্তু এতিয়া মোৰ বেয়া লাগিছে।হয়তো মই তেনেকৈ ক’ব নালাগিছিল।কাঠৰ দলং খনৰ ৰেলিং খনত ধৰি তেওঁ পানী খিনি চাই আছে।একো কোৱা নাই।
আচলতে কিবা কবলৈ একো বাকীয়েই ৰোৱা নাই।সকলো কোৱা হৈ গৈছে।হয়তো এইয়াই আমাৰ শেষ কথা আছিল।
হোৱা উচিত।
আকাশলৈ চালোঁ, আইতাই তেতিয়াও চাই আছে আমাক।
মোক দেখি আকৌ এবাৰ তিৰবিৰাই উঠিল।
মই বাৰু অনিৰুদ্ধক ক্ষমা খোজা উচিত নেকি?
নাই, মই ইমান সৰু হৈ যাব নোৱাৰোঁ।
তেওঁৰ ফালে চালোঁ, মোৰ ফালে তেতিয়াও ঘূৰি চোৱা নাই।
এখোজ দুখোজকৈ তাৰপৰা আঁতৰি আহিব ধৰিলোঁ।
:Ananya, he was my roommate in Delhi.
কাৰ কথা কৈছে অনিৰুদ্ধই??
বুজিবলৈ বেছি সময় নালাগিল।
ঠাইতে ৰৈ গলো মই।
বজ্ৰপাত পৰি যে মাজে মাজে ফালি নিয়ে গছবোৰক, অনিৰুদ্ধৰ কথাষাতেও ফালি নিলে মোক।
মুহূৰ্ততে যেন ছাই হৈ উৰি গল মোৰ খং, অভিমান, সন্মান,সকলোবোৰ।
বিকাশৰ আসুৰিক তৃপ্তিৰ ভাগ তাৰমানে অনিৰুদ্ধয়ো লৈছে?
আৰু সেইবাবেই অনিৰুদ্ধৰ মোৰ প্ৰতি এই অহেতুক আত্মীয়তা!
নে মই সহজেই ধৰা দিম বুলি ভাবি তৰা এখন জাল।
ধুমুহাৰ গতিৰে আগুৱাই গ’লো অনিৰুদ্ধৰ ফালে, গাৰ সমস্ত জোৰেৰে তেওঁক জোকাৰি দিলোঁ।
:I hate you Anirudh, I hate you.
বহুত কিবাকিবি কোৱাৰ ইচ্ছা আছিল, কিন্তু নোৱাৰিলোঁ।

:Ananya, stop. মোক ক’বলৈ দিয়া প্লিজ।
কৈ গৈছে তেওঁ ।
বিকাশ অনিৰুদ্ধৰ চিনিয়ৰ।দুয়ো একেখন কলেজতে পঢ়িছিল।কিছুদিন আগতে কথা পাতি সকলো মিলি ফুৰিবলৈ গৈছিল।তাতে নিজৰ পত্নীক লৈ বিকাশো আহিছিল।অনিৰুদ্ধই যেতিয়া অসমৰ ছোৱালী তেওঁৰ টিমত আছে বুলি কয় আৰু মোৰ নাম উল্লেখ কৰে তেতিয়া বিকাশ অস্থিৰ হৈ উঠে মোৰ ফটো চাবলৈ।আৰু তাৰ পাছত ৰাতি অকলে অনিৰুদ্ধক মাতি নি সকলো কথা কয়।বিকাশ হেনো অনুতপ্ত।
কথাটো শুনাৰ লগে লগে যেন বিকাশৰ সলনি অনিৰুদ্ধকে চৰ মাৰি দিম মোৰ তেনে লাগিল।
অনুতপ্ত।
My foot.
:I never knew him well Ananya.
:
: I left the trip in between and just came here to meet you, trust me, please.Please dont misunderstand, please.
মোৰ সন্মুখত আঁঠু লৈ কি কৈছে অনিৰুদ্ধই সেইয়া শুনাৰ শক্তি মোৰ নাই।

একো ক’ব পৰা হৈ থকা নাই মই।অনিৰুদ্ধক সেই ঠাইতে এৰি মই খোজ ললো, জীৱনৰ নতুন প্ৰত্যাহ্বান।

অনন্যাৰ মৃত্যু যেন সমাগত।

(আগলৈ)

11 thoughts on “#আবিৰ খণ্ড(২৫)

  1. গ্ৰুপত দিয়ালৈ ৰৈ নাথাকোয়েই। দেওবাৰ আৰু বৃহস্পতিবাৰে কিমান যে খুলি চাও এই পেজটো😍😍

    Like

  2. বাইদেউ অকণমান দীঘল কৰি দিবহে…..😁
    বহুত ভাল লাগি আছে….আৰু কথাবোৰ বুজিবলৈ চেষ্টা কৰিছো। 💛

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s