অনিৰুদ্ধক উপেক্ষা কৰি আঁতৰি আহিলো।ৰূমৰ ছাবি হিবাৰ ওচৰত।তাইৰ ওচৰলৈ গৈ পিছফালৰ পৰা মাত দিলো।
:ক্যা হোৱা অনন্যা, য়ে ক্যা হাল বনায়া হে তুমনে ?
:কুচ নেহী,give me the key please.
অভ্যৰ্থনা থলীৰ হুলস্থুলৰ মাজত মই থকা নথকাৰ কথা নাহে।ৰূমলৈ গুচি আহিলোঁ।বাথৰূমত কিমান দেৰি সুমাই থাকিলো নিজেই নাজানোঁ।মুখ খন বাৰে বাৰে ধোৱাৰ পাছতো বিষন্নতা বোৰ আঁতৰি নগ’ল।কাপোৰযোৰ সলাম বুলিও নোৱাৰিলোঁ।
যেতিয়া মনটো ভাগৰুৱা হয়, শৰীৰেও নাটনে।বিচনাত পৰিও মই চকুহাল মুদিব পৰা নাই।অনিৰুদ্ধৰ কথাবোৰে মোক শান্তিত থাকিবলৈ দিয়া নাই।
হয়, মই জানো তেওঁৰ গাত ভুল নাই।
কিন্তু বিকাশৰ বন্ধু বুলিয়েই ঘিণ কৰিম মই তেওঁক।
হয়তো আজীৱন।
সেই মানুহজনক বুকুৰ কোনোবা এটা কোণত মই চাগে ঠাই অকণ দিছিলোঁ।তেওঁ দেখি মনত অলপ হলেও ভাল লগা অনুভৱ কৰিছিলোঁ।
তেওঁ অফিচলৈ নাহিলে তেওঁৰ খালি ঠাই টুকুৰা লৈ বাৰে বাৰে চাইছিলো।
কিন্তু এতিয়া…
চকু কেইটা সেমেকি আহিল।
এনেতে কাষৰ সৰু টেবুলখনত থকা ফোনটো বাজি উঠিল।
এইটো নম্বৰৰ পৰা ককাই হে ফোন কৰে।একে বাৰতে উঠালো
:হেল্ল’
:মাজনী।
ফোনটো বুকুত সাৱটি দীঘলকৈ উশাহ এটা ল’লো।ককাৰ এষাৰ মতে মোৰ মনত হাজাৰটা সঞ্জীৱনী মন্ত্ৰৰ প্ৰশান্তি ঢালি দিব পাৰে।
:ককা, ভালে আছা নে?
:শুনচোন, তই আহচোন এবাৰ, মই যামগৈ।অকলে অকলে নালাগে থাকিব।এনেও মোক ইয়াত কোনেনো ভাল পায়, তোৰ ওচৰতে থাকিম।শুনিছ নে মা?
:উম,শুনিছোঁ।
:তই পইচাৰ কথা চিন্তা নকৰিবি।মই লেখাপানীৰ বাগান খিনি বেছি দিম।গোটেইবোৰ ইহঁতক নিদিওঁ নহয়।সেইয়া তোৰ।বুজিছ নে।
:মোক সেইবোৰ নালাগে ককা, পইচা আছে, আৰু অলপ যোগাৰ কৰি লৈ আনিম তোমাক।
:তোৰ গাটো ভালনে?খোৱা বোৱা কৰিবি দেই।তই আকৌ খোৱাত বেয়া নহয়।মই যাম তই চিন্তা নকৰিবি।তাত শাক পাইছ নে?
শাকৰ ভাজি খাই ভাল পাওঁ।মায়ে নাজানিলেও ককাই জানে।কিমানদিন খোৱা নাই নিজৰেই মনত নাই।
:গোসাঁনী,আছ নে অ’ আই।
:ককা,কথা এটা সুধোঁ নে তোমাক?
:সুধ আকৌ কি কথা।
:কোনোবাই যদি নজনাকৈ কিবা ভুল কৰে আৰু সেইটো কথাই আমাক বহুত কষ্ট দিয়ে, সেই মানুহ্জকনক আমি কি কৰা উচিত?
:কি হ’ল মোক কৈ দেচোন, মনটো পাতল হ’ব।
কথাবোৰ ইমান সহজ হয় জানো?
ককাৰ সলনি যদি মোক মোৰ মায়ে এবাৰলৈও এনেকৈ সুধিলেহেঁতেন!
:তোমাক ক’ব নোৱাৰিম ককা।মোক প্ৰশ্নটোৰ উত্তৰ দিয়া।
:শুন মা, যি কথাই নহওঁক লাগিল, তোৰ মনত যদি অশান্তি দিছে, তেন্তে খোলাকৈ কৈ দে।ভাল পাওঁ বুলি, বেয়া পাওঁ বুলি কৈ নিদিয়া মানে আমি নিজকো ফাঁকি দিয়া।কৈ দিলে বুকুখন পাতল লাগে।মনবোৰ খোলা হয়।কথাবোৰ পাতি চাব লাগে, তেতিয়াহে উত্তৰ ওলাব।বুজিছ।
:ককা, মাঘৰ বিহুৰ আগত লৈ আনিমগৈ তোমাক।বৰুৱা খুড়াৰ লগত কথা পাতি থব।
বৰুৱা খুড়া আমাৰ উকীল।
:মই যাম বুলিলে কোনে কি কৰিব। শুনচোন ,তৰাক লৈ যাম নেকি, ভাত পানী কেইটা ৰান্ধি দিব।
:নালাগে, মই সেইবোৰ চাম ককা, এতিয়া ৰাখা, মই আয়ুৰ সৈতে যাম কেইদিনমান পিছত।
ককাৰ লগত কথা পাতি মনটো মুকলি লাগিল।মোৰ এটাই সপোন, ককাৰ শেষৰ সময় খিনি মোৰ সৈতে পাৰ হওক।মই জানো তাত থাকিলে ককাৰ কি দশা হ’ব।খুব ভালকৈয়ে জানো।
বিছনাৰ পৰা উঠি আহিলো।চুলিখিনি পকাই খোপা এটা বান্ধি ললোঁ।ধুই অহা মুখ খনত অথনিৰ মেক আপৰ নামমাত্ৰও বাকী ৰোৱা নাই।বেগৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলালো।
এই সময়ত প্ৰয়োজন।
পাফ কেইটামান একে লেঠাৰিয়ে টানি নাকে মুখে ধোঁৱা বোৰ উলিয়াই দিলোঁ।
অলপ আগতে অনুভৱ কৰা বুকুৰ বিষটো ও যেন ওলাই গৈছে ধীৰে ধীৰে।
Orbit এটা মুখত লৈ ৰূমটো লক কৰি অনিৰুদ্ধৰ সৈতে কথা পতাৰ উদ্দেশ্যে ওলাই আহিলোঁ।কিন্তু ক’তো তেওঁক দেখা নাপালোঁ।হয়তো মই এৰি অহা ঠাইতে তেওঁ এতিয়াও তেনেকৈয়ে আছে।
তাতো গৈ চালো, নাই।
ক’লৈ বা গুচি গ’ল।
কথা পতাৰ আশা বাদ দি ঘূৰি আহিলোঁ, দেখোঁ আমাৰ ৰূমৰ সন্মুখত তেওঁ ৰৈ আছে।
:ছৰী ক’বলৈতো সুযোগ এটা দিয়া?
:ok
:You are okay to talk now?
:hmm
তেওঁৰ আন্ধাৰ মুখখন অকণমান পোহৰ হৈ উঠা যেন লাগিল।
:But first go get a shwal, its cold.
গৰম কাপোৰ তেনেকৈ অনা নাই।পিন্ধি অহা জেকেটটো হে আছে।
:I am fine.
অনিৰুদ্ধই আৰু একো নক’লে, দুয়ো লাহে লাহে খোজ ললো।
কাষেৰে খোজকাঢ়ি যাওঁতে এবাৰ ভুলতে তেওঁৰ আঙুলি কেইটাই অজানিতে মোৰ আঙুলি কেইটা চুই গ’ল।
আঁতৰাই আনিলো নিজকে।
আমি গৈ লন খনৰ এটা মূৰত থকা কাঠৰ বেঞ্চ খনত বহিলো।আমাৰ সন্মুখত এখন সৰু ফুলনি,সিফালে বিয়াৰ অভ্যৰ্থনা স্থলী।
মোক বহিবলৈ দি তেওঁ থিয় হৈয়ে থাকিল।
:মই জানি বুজি একো কৰা নাই অনন্যা।
শূণ্যলৈ চাই তেওঁ হুমুনিয়াহ কাঢ়িলে।
:হমম।
তেওঁ এইবাৰ মোৰপৰা অলপ আঁতৰি বেঞ্চখনৰ আনটো মূৰত বহিল।অফিচৰ মিটিং বা কনফাৰেন্স বিলাকত গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে কথা কোৱা অনিৰুদ্ধৰ কথাবোৰ আজি ইমান খেলিমেলি কিয় মই বুজি পোৱা নাই।মোৰ আগত তেওঁৰ কি হৈ যায়।
হাতৰ আঙুলি কেইটা বাৰে বাৰে ফুটাইছে, মুখ খন মোহাৰি আছে,কিবা যেন ক’ব খুজিও ক’ব পৰা নাই।হাতত পিন্ধা স্মাৰ্ট ৱাটছত ইনকমিং কল, তেওঁ উঠোৱা নাই।
দুয়ো মনে মনেই আছোঁ।
:I am sorry!
:Its okay.
:সঁচাই?তুমি মোক মাফ কৰি দিছা, আই মিন অলপ আগতেটো তুমি মোক…
:I have anger issue.
:অনন্যা,তুমি এনেকৈ কিয় আছা?কি আছে তোমাৰ মনত?কিহে তোমাক ইমান কষ্ট দিছে?
মোৰ মনত ধুমুহা আছে অনিৰুদ্ধ, যি প্ৰতিনিয়ত ভাঙি থৈ যায় মোক, মোৰ ভিতৰৰ মানুহজনীক।
মোৰ মনত এখন সাগৰ আছে,উত্তাল তাৰ ঢৌ।সেইবাবেই চাগে বাহিৰত ইমান শান্ত হৈ থাকিব পাৰো।
কিন্তু, এইবোৰ জানো কোনোবাই বুজি পাব।
সামৰি থলো নিজৰ মাজতে।
:একো নাই।
:আচ্ছা, এতিয়া খংটো কেনেকৈ কমিল?
:ককাৰ লগত কথা পাতি।
নোকোৱা হ’লেও হয়, কিন্তু মুখত ওলাই গ’ল।
:ককাক মিছ কৰা বহুত?
:বহুত।
:May I ask you one thing?
:কি কথা?
:তোমাৰ দেউতা Green Honey ৰ মালিক, সঁচা?
তাৰমানে বিকাশৰ পৰা সকলো গম পাইছে অনিৰুদ্ধই।মই অতদিনে লুকুৱাই থোৱা চিনাকি তেওঁ গম পাইছে।দেউতাৰ নিজৰ ব্ৰেণ্ড, গ্ৰীণ হনী।অসমৰ আটাইতকৈ প্ৰিমীয়াম কোৱালিটিৰ চাহৰ নাম।অনিৰুদ্ধৰ ফালে চালো, মোলৈকে চাই আছে, চকুত বহুত প্ৰশ্ন।মই বাহিৰত খাবলৈ যেতিয়া পইচা নাই বুলি মানা কৰোঁ,টিমৰ ৱিকেণ্ড পাৰ্টিত আঁতৰি থাকোঁ, তেতিয়া টানিয়াই lower middle class mentality বুলি কথা শুনাই, মই একো নকওঁ।মই জানো অনিৰুদ্ধইও তেনেকৈয়ে ভাবি আছিল।সেইবাবে চাগে আজি বেছি আচৰিত হৈছে।
:মোৰ দেউতাই কি কৰে সেইটো কিয় লাগে।মই নিজে মাত্ৰ কেইটামান টকা ঘটি আছোঁ, তাৰে বেংগালুৰৰ নিচিনা ঠাইত চলি আছোঁ, সেইটো জানিলেই হ’ল।আৰু দেউতাৰ পইচা লৈ অহংকাৰ কৰা নাই কাৰণেই চাগে নিজে কিবা এটা কৰিব পাৰিছোঁ।
:I am proud of you!
:You should not be.
আকৌ মৌনতা।কথাবোৰ খেলিমেলিতেই শেষ হয় দুয়োৰে মাজত।দুয়ো সন্মুখৰ ফালে চাই বহি আছো।
মিহি বতাহজাক আৰু শীতৰ এই সেমেকা গধূলিটো কিবা যেন অদ্ভুত।বাৰে বাৰে সলনি হৈছে ইয়াৰ ৰং।
অলপ ঠাণ্ডাও লাগিছে, ৰিহাৰ আচলটো টানি গাটো ঢাকি ললোঁ।
:ককাৰ লগতে তোমাৰ আৰু কাৰোবালৈও মনত পৰে, সেইবাবে
লেপটপত ফটো ৰাখিছা?মিছ কৰা বহুত?
বেঞ্চখনত ধৰি ৰখাইছো নিজকে, কিয় মনত পেলাই দিছে মোক তেওঁ সেই ঘাঁ টুকুৰা।
:You miss him na?
অনিৰুদ্ধ কাষ চাপি আহিল।
মূৰ তুলি চালো।
:তেওঁৰ চকুকেইটা চলচলীয়া,মোৰ বাবেইনে?
এনে লাগিল, শেষৰবাৰ থুপুক এৰি আহোঁতে তাৰ চকু কেইটা হে যেন।
একেই।
দীঘল দীঘল পলকৰ সৈতে গোল গোল দুটা কজলা চকু।মোক মিনিটতে শিলৰ পৰা পানী কৰিব পৰা।
:I dont miss him, I carry him in my heart.
অনিৰুদ্ধই সিফালে চাই চকুকেইটা মোহাৰিলে।আকৌ মৌন সময়।
:Anirudh….
:Hmmmm
মোৰ ফালে ঘূৰি চালে তেওঁ।
:Close your eyes, please.
:কি?আই মিন কিয়?
:বেয়া পাইছে যদি নালাগে।
:Noooo, I would love to.
মোৰ ফালে সামান্য ঘূৰি লৈ তেওঁ চকুকেইটা জপাই দিলে।
মুখত সামান্য কৈ ফুটি উঠা এটা হাঁহি।
সমস্ত আৱেগেৰে মোৰ সোঁহাতৰ আঙুলিৰে আলফুলে চুই চালো তেওঁৰ চকুৰ দীঘল দীঘল পলক।
আহ,একেই স্পৰ্শ, নিষ্পাপ, নিৰ্মল।
থুপুক কোচত তুলিও এনেকৈয়ে চুই চাওঁ।
নিমিষতে ছাই হৈ গ’ল মোৰ সকলো দুখ, অহংকাৰ,অভিমান।
মোৰ ভাল লাগিছে এইখিনি সময়, মই জী উঠিছোঁ এইখিনি সময়ত।
দিল -এ-নাদান তুঝে হোৱা ক্যা হে????????
Val lgil bahut
LikeLike
♥️
LikeLike
Uffff❤❤❤❤
LikeLike
কিয় যে শেষ হয় খণ্ড বোৰ । আপোনাৰ লিখনীত যাদু আছে সঁচাকৈ।
LikeLike
We are blessed to have a author like you❤️
LikeLike
❤️❤️
LikeLike
আপোনাৰ লিখনি সঁচাকৈ মায়া হনা ❤️
LikeLike
Baa নিচা হৈ গৈছে লিখনিৰ সৈতে❤
LikeLike