কি আছে এই ক্ষণত????
কিয় শূন্য বুকুত ভৰা ভৰা অনুভৱৰ জোৱাৰ?
সমগ্ৰ পৃথিৱী যেন নাইকিয়া হৈ গৈছে মোৰ বাবে।
আছে কেৱল অনিৰুদ্ধ, এই স্পৰ্শ আৰু মোৰ বৈৰাগী মনত উদয় হোৱা নতুন মোহ, নতুন মায়া ।
বুকু ভৰাই জী লৈছোঁ এটি মুহূৰ্ত।
ইয়াৰ পাছত আহিবলগীয়া শূন্যতাৰ সৈতে যুঁজ দিবলৈ।
:Thank You!
আঁতৰাই আনিলোঁ মোৰ হাতখন, অনিৰুদ্ধই লাহে লাহে দুচকু খুলিছে।
চাই আছে মোৰ ফালে,বহু কথাই কৈ গৈছে চকুৰ ভাষাৰেই।
বুজিব পাৰোঁ, কিন্তু দেখুৱাই দিব নোৱাৰোঁ।
:How can someone carry so much love inside and still so rude outside!!!!
অনিৰুদ্ধই কোৱা কথাষাৰ নুশুনাৰ ভাও জুৰি উঠি আহিলোঁ।
:কিমান আৰু পলাই ফুৰিবা অনন্যা?
বাওঁহাতেৰে খামুচি ৰাখিলে মোৰ বাওঁহাতৰ মুঠিটো।
এটি উশাহৰ হিচাপ খেলিমেলি হ’ল।
তেওঁ উঠি আহি মোৰ সন্মুখত থিয় হৈ ৰ’ল।
নিজেই মোৰ হাতখন তেওঁৰ চকুৰ ওচৰলৈ নি আকৌ এবাৰ বুলাই দিলে চকুৰ পলকত।মই চাই থাকিলোঁ ,একো কৰিব পৰা হৈ থকা নাই এতিয়া।কিন্তু দুচকুৰে দুটোপাল লুণীয়া পানী বৈ আহিল।তেওঁৰ হাতত থকা মোৰ হাতখন নি বুকুৰ ওপৰত থৈ শুনাই দিলে তেওঁৰ উশাহৰ শব্দ।কঁপি উঠিলোঁ।এইবোৰ কি হৈছে মই যেন সহিব পৰা নাই।কাষ চাপি আহিছে অনিৰুদ্ধ,বহুত বেছি কাষলৈ।
সামান্য সৰু হৈ যোৱা চকু কেইটা অলপ যেন চঞ্চল।
দুহাতেৰে মোৰ মুখ খন তুলি ধৰিলে তেওঁ
:প্লিজ গুচি যোৱা ইয়াৰপৰা।ময়ো মানুহ অনন্যা।
I don’t want to do something which will make you uncomfortable. Please go.
ভীষণ লাজ পালোঁ।মোৰেই ভুল নহয় জানো।কিয় আহিছিলোঁ তেওঁৰ ওচৰলৈ, তাকো স্পষ্ট কৈ জনাৰ পাছত যে তেওঁ মোৰ কাৰণে কি অনুভৱ কৰে, নিজকে বুৰ্বকৰ দৰে লাগিল।অনিৰুদ্ধই বাট এৰি কাষত থিয় হ’ল,আৰু এবাৰো তেওঁৰ ফালে নোচোৱাকৈ গুচি আহিলোঁ মই।
বিবাহৰ থলীত তেতিয়া ভিৰ নাই।আধা মানুহ ইতিমধ্যেই গুচি গৈছে।দৰা কইনা আৰু পৰিয়ালৰ সকলো খোৱাত ব্যস্ত।হিবা আৰু আয়ু দুইটা নিজৰ মাজতে কথা পাতি পাতি খাই আছে।প্লেট এখনত অলপ কিবা অলপ লৈ সিহঁতৰ ওচৰ পালেগৈ।
:ক’ত আছিলি, মাথা বিষ হৈছে নেকি আকৌ?
আয়ুৰ মুখকত সামান্য চিন্তাৰ ৰেশ।
:অলপ বিষাইছে।সেইকাৰণে ৰূমতে শুই আছিলো।
:মোক ফোন কৰি নিদিলি কেলেই, খানা লৈ আনিলোঁ হেঁতেন না তালৈকে।খাই লৈ শুই থাকিবি গৈ, গৰম পানীৰে ভৰি ধুই শুবি।
কছাৰী পোৱালীটো মোৰ।বৰ চিন্তা তাৰ ,মোৰ কিবা এটা হয় বুলি।খাই থাকোঁতেই ফোনটো বাজিল।অনিৰুদ্ধৰ মেছেজ।
:ভুল নুবুজিবা। I so wanted to hold you in my arms Ananya, you need it too,I know. Please don’t misunderstand me.
ফোনটো হাতৰ পৰা সৰি পৰিল।চৰ্চৰণী খাই উঠিলোঁ।তাৰমানে সেইকাৰণে মোক পঠিয়াই দিলে তাৰপৰা।
খং এটাও উঠি আহিল, নিজৰ ওপৰতে।প্লেটখন থৈ কৃতিকাক মাত লগাই খৰধৰ কৈ ওলাই আহিলোঁ।ৰূমলৈ গৈ বিছনাত পৰি দিব পাৰিলেই যেন শান্তি।কাইলৈ তাতে ঘূৰি যাবলৈ আছে।সুৰেশৰ মতে ন বজাত ব্ৰেকফাষ্ট কৰি ইয়াৰপৰা ওলাব লাগিব।
পাৰ্টি কেতিয়া শেষ হয় ঠিক নাই।আকৌ এবাৰ অনিৰুদ্ধৰ মুখামুখি হ’ব নোৱাৰিম।
:Careful!
য’তে বাঘৰ ভয় ত’তে ৰাতি হয়।
পিছলৈ চাই চাই কথা পাতি গৈ থাকোঁতে ধামকৈ খুন্দা মৰা মানুহজন আন কোনো নহয়, অনিৰুদ্ধ।
উফ।
চকুলৈ নাচালো ,কি কৈছে তাকো শুনা নাই, আগলৈ চাই প্ৰায় দৌৰি যোৱাদি গৈ ৰুমত সোমালো।দৰ্জাখনতে আঁউজি বহুত দেৰি ৰৈ থাকিলোঁ।
মোৰ লগত চোন আগতে এনেকুৱা হোৱা নাই কেতিয়াও।
এইয়াই নেকি ভালপোৱা???
ওহোঁ।
জীৱনত প্ৰথমবাৰ মোৰ বাবে চিন্তা কৰা মানুহ লগ পাই মই জোখতকৈ বেছি ভাবিছোঁ, কোনোবাখিনিত স্বাৰ্থপৰ হৈ পৰিছোঁ।
মোৰ মাজত প্ৰেম হৈ যোৱাকৈ ভাললগা একো নাই,সেইয়া মই ভালকৈয়ে জানো।
কাপোৰ কানি সলাই বিচনাত পৰিলোঁ।ভাগৰ আছিলেই, এতিয়া টোপনিও ধৰিছে।
ছয় বজাতে সাৰ পালোঁ।দেখোঁ কাষতে হিবা শুই আছে।টানিয়া নাই।ভীষণ ঠাণ্ডা আৰু কুঁৱলী।
মুখ হাত ধুই নাইট ড্ৰেচটোৰ ওপৰতে জেকেটটো পিন্ধি ৰূমৰ পৰা ওলাই আহিলোঁ,ঠাইখন ভালকৈ চোৱাৰ লগতে অলপ খোজ কাঢ়িলোঁ।চাফা কৰা মানুহ এজন দুজনৰ বাহিৰে আৰু কোনো নাই।অলপ দূৰৰ পৰা দেখিলো অনিৰুদ্ধ আৰু সুৰেশ জগিং কৰি আছে, মোক দেখি সুৰেশে হাত খন ডাঙি দেখুৱালে।অনিৰুদ্ধৰ মুখত একো অভিব্যক্তি নাই।কালি ৰাতিৰ আৱেগিক মুহূৰ্ত বোৰৰ বাবে ময়ো অলপ লাজ পাইছোঁ।
তেওঁলোক আহি মোৰ ওচৰ পোৱাৰ আগতেই তাৰ পৰা আতঁৰিলোঁ।অনিৰুদ্ধই কিবা কবলৈ বিচাৰিছিল, নুশুনিলো।
বাৰাণ্ডাতে ব্ৰাছ কৰি কৰি হিবা ৰৈ আছিল।
মোক দেখি টান মাৰি ভিতৰলৈ লৈ গ’ল।
আৰু তাৰ পাছত তাই যিখিনি কথা ক’লে,শুনি মোৰ তেজ উতলি আহিল।
কালি ৰাতি পাৰ্টিৰ শেষৰফালে মদৰ নিচাত টানিয়াই দৰা ঘৰৰ কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে।তাকে লৈ বহুত হুলস্থুল।আৰু বুজাবলৈ গৈছিল অনিৰুদ্ধ আৰু সুৰেশ।তেওঁলোকে এনেই বহুত কথা শুনিব লগীয়া হ’ল।
আৰু….
হিবাই কোৱামতে টানিয়াক ৰূমলৈ লৈ আনিছিল অনিৰুদ্ধই, বাৰে বাৰে পৰি গৈছিল তাই,সাৱটি ধৰিছিল অনিৰুদ্ধক …
:Enough!I don’t want to hear anything.
আৰু শুনাৰ ধৈৰ্য্য নাই মোৰ।আজিলৈকে কাৰো প্ৰতি মোৰ মনত ঈৰ্ষা নাছিল।কিন্তু অনিৰুদ্ধৰ লগত টানিয়াৰ সম্পৰ্ক মোৰ আজিকালি কিবা এটা সহ্য নোহোৱা হৈ আহিছে।খঙতে ব্ৰেকফাষ্ট কৰিবলৈও ওলাই নাহিলো।ৰূমতেই অৰ্ডাৰ কৰিলোঁ।
কৃতিকা আৰু পৰিয়ালৰ সকলোকে মাত লগাই ওলাই আহিলোঁ।মাকে আমাক উপহাৰ স্বৰূপে কিবা এটা দিলে।মোকো দিছে এখন ধুনীয়া পাতল গুলপীয়া ৰঙৰ শাৰী।তেওঁলোক আবেলিলৈ যাবগৈ।কৃতিকাক সাৱটি লওঁতে মোক কাণে কাণে ক’লে
:I am so happy to see you smiling Ananya!
এই মানুহবোৰ ইমান ভাল!
মোৰ হাঁহিটোৰো খবৰ ৰাখে।
কইনা কইনা লগা ছোৱালীজনীক এৰি আহোঁতে মনটো বেয়া লাগিল।মই তাইৰ লগত কথা পাতি থাকোঁতেই অনিৰুদ্ধ আহিল।
:I need to talk.
:I don’t think so Anirudh.
কি থাকিল আৰু কথা পাতিবলৈ, তেওঁক মই বুজিয়েই পোৱা নাই এতিয়াও।আহি চিধাই গাড়ীত বহিলোহি।এইবাৰ আগতীয়াকৈ এটিয়া ছিট এটাত বহি আছোঁ।এজন এজনকৈ সকলো আহিল।আৰু মই ভবাৰ দৰেই অনিৰুদ্ধ আহি প্ৰথমেই মোৰ ওচৰ পালেহি,মই কাণত হেডফোন লগাই বাহিৰলৈ চালোঁ।
:I have an announcememt to make.
সুৰেশৰ কথাৰ প্ৰতি সকলোৱে মনোযোগ দিলে।অনিৰুদ্ধ তেতিয়াও মোৰ কাষতেই থিয় হৈ আছে।
:Its definitely not a good news but Anirudh is going to leave this team in just two weeks. So this may be our last trip together.
আচৰিত নহয়, চক খালোঁ।ময়েই নহয় আমি সকলোৱেই।
একেবাৰেই অনাকাংক্ষীত আছিল।
অলপ হাউলি তেওঁ মোৰ কাণৰ কাষত কৈ উঠিল
:Last trip, please be with me!!!
মন কৰিলোঁ সুৰেশৰ বাহিৰে এই কথাটো কোনেও জনা নাছিল।
কিন্তু অনিৰুদ্ধ কলৈ যাব?
কিয় যাব?
:Our young man is in love, but we cant reveal the name now. But as per company policy he cant be in this team after this .But Anirudh, I am really happy for you.
আমাৰ কোম্পানীৰ পলিছি অনুযায়ী এজন মেনেজাৰ বা টিম লিড কেতিয়াও তেওঁৰ তলত কাম কৰা কৰ্মচাৰীৰ লগত সম্পৰ্কত থাকিব নোৱাৰিব।কাৰণ তেতিয়া যোগ্যতা অনুযায়ী পাবলগীয়া সুবিধা বা এৱাৰ্ড বিলাকত অন্যায় হোৱাৰ ভয় থাকে।আৰু সেইবাবেই হয়তো অনিৰুদ্ধই এৰি যাব খুজিছে অতদিনে কাম কৰি থকা তেওঁৰ টিমটোক।
মোৰ বাবে?
নে টানিয়াৰ লগত কালি যি হ’ল সেইবাবে?
সকলো নিজৰ ঠাইত বহিল, অনিৰুদ্ধ তেতিয়াও মোৰ কাষতে থিয় হৈয়ে আছে।উপায় নাপায় উঠি আহিলোঁ।শেষৰ আগৰ ছিটটো আমাৰ বাবেই যেন খালী আছিল।খিৰিকীৰ কাষৰ ছিটত মই বহিলো।তেওঁ কথা আৰম্ভ কৰাৰ আগতেই বাহিৰলৈ চালো।
কিছুসময় মনে মনে পাৰ হ’ল।
:Take this.
Airpod টোৰ এটা Earpod মোৰ ফালে আগবঢ়াই দিলে।
বুজি নাপায় তেওঁৰ ফালে চালো।
:শুনা।
কাণত লগাই ল’লো।
বাজি আছে
“Jheeni jheeni in saason se
Pehchani si awazon mein
Goonje hai aaj aasman
Kaise hum bezubaan”
(আগলৈ)
(প্ৰথম অধ্যায় ইয়াতে সামৰিলোঁ।থুপুৰ জন্ম কাহিনীৰে দ্বিতীয় অধ্যায় আনিম)
❤️❤️
LikeLiked by 1 person
❤❤
LikeLiked by 1 person
❤️
LikeLiked by 1 person
“এটি উশাহৰ হিচাপ খেলিমেলি হ’ল !”❤
LikeLiked by 1 person
Bohut val lagise
LikeLiked by 1 person
প্লিজ গুচি যোৱা ইয়াৰপৰা।ময়ো মানুহ অনন্যা।❤❤
LikeLike
Awesome
LikeLike
সচাঁকৈ, মোৰো অনুভৱত এটি উশাহৰ হিচাপ খেলিমেলি হ’ল।❤❣
LikeLike
💛💛💛💛
LikeLike
❤
LikeLike
Next episode please joldi diyok😣
LikeLike
Aabir kio diya nai ….bht din hol sun
Sent from my iPhone
>
LikeLike