বিছনা খন আঁতৰাই টুল এখন আনি ফেন খনৰ একেবাৰে তলতে থলো।
আত্মহত্যা মহাপাপ।
পঢ়িছিলোঁ কেতিয়াবাই।
কিন্তু নিজক ঘিণ কৰি কৰি জীয়াই থকাতো জানো পাপ নহয়?
সকলোৰে অশান্তিৰ কাৰণ নিজেই বুলি জনাৰ পাছত জীয়াই থকাটো জানো উচিত।!
গাঁঠিটো মাৰিব নাজানোঁ,কেইবাবাৰো চেষ্টা কৰি কৰিও পৰা নাই।
ডায়েৰী খুলিও একো লিখি থৈ যোৱা নাই মই, লিখিবলৈ একো নায়েই।
তেতিয়ালৈ মই যোগেশ দাদাই অনা ভাঙৰ নিচাত ডুবিয়েই আছোঁ, ৰাতি দুই বাজিছে।বগা বাংলোত নিস্তব্ধতাই বিৰাজ কৰিছে।
প্ৰায় একবছৰ আগতে হৈ যোৱা ঘটনাটো এতিয়াও মোৰ মনত সজীৱ।
বিকাশৰ হাঁহি, লগৰকেইটাৰ লোলোপ দৃষ্টি, মোৰ গালত পৰা চৰটো।
সৱ মনত আছে।
মা দেউতাৰ মনত নাই চাগে, মোৰ আছে।
দেউতাই ইতিমধ্যে বা ঢুকাল বুলি মানি লৈ শ্ৰাদ্ধও পাতিলে, ককাৰ হাজাৰ বাধা, কান্দোনেও ৰখাব নোৱাৰিলে।
মা নিমাত, মোৰ লাহে লাহে এনেকুৱা লাগিবলৈ ধৰিছে, মা মনে মনে থাকি আন এখন যুদ্ধ যুঁজি আছে।সেইখন যুঁজ তেওঁৰ একান্তই নিজৰ।
হায়াৰ চেকেণ্ডেৰীৰ পাছত পঢ়াও ৰৈ গৈছিল মোৰ।একবছৰ সম্পূৰ্ণৰূপে বন্ধ কোঠাত পাৰ কৰা মই মানসিক ভাৱে চাগে অসুস্থ হৈ পৰিছিলোঁ তেতিয়া।মোৰ একোৱেই ভাল নালাগিছিল।মই সপোন দেখা বাদ দিছিলোঁ।ৰাতি ৰাতি সাৰে ৰৈছিলোঁ।কিবা কিবি অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰিছিলোঁ।
আৰু শেষত সিদ্ধান্ত লৈছিলোঁ, যাওঁগৈ, সিপাৰে কিজানিবা আইতাক লগ পাওঁৱেই।
গাঁঠিটো সঠিককৈ দিব পাৰিলোঁ।
কিন্তু এনেতে দৰ্জাত ধাম ধামকৈ শব্দ হ’ল,টুল খন প্ৰকাণ্ড বিচনাখনৰ তললৈ ঠেলি গাঁঠি দিবলৈ লোৱা মাৰ পুৰণা শাড়ীখন তুলিৰ তলত ভৰাই দিলোঁ।ৰাতি দুই বজাত কোন হ’ব পাৰে??
দৰ্জাখন সামান্য ফাঁক কৰি চাওঁ, বুকুত হাত দি ককা ৰৈ আছে।
মুখত বিন্দু বিন্দু ঘাম।
:কি হৈছে তোমাৰ ককা?
:ধৰ চোন মোক, বুকুখন বিষাইছে।
ককাক ধৰি আনি বিচনাত শুৱাই দিলোঁ, ঘন ঘনকৈ উশাহ লৈছে, মাজে মাজে একেবাৰেই সাৰ সুৰ নোহোৱা হৈও যায়।
ওলাই গৈ মা দেউতাৰ দৰ্জাত জোৰ জোৰকৈ টোকৰ মাৰিলোঁ।
:কি হে পাইছে এই ৰাতিখন?
হাউচ কোটটোৰ গাঁঠি মাৰি মাৰি মা উঠি আহি দুৱাৰ খুলিলে।মুখত বিৰক্তি।
:ককাৰ কিবা হৈছে।
ঘৰত হুলস্থুল লাগিল।দেউতা উঠি আহিল,ৰাতিয়েই ককাক হস্পিতাল লৈ যোৱা হ’ল। হাৰ্টত ব্লক।এটা দুটা নহয় তিনিটা ডাঙৰ ডাঙৰ ব্লক।
অক্সিজেন দি থোৱা ককাই কাহোঁতে তেজৰ চেঁকুৰা ওলাইছিল।চেঁচা পৰি যায় হঠাৎ।কিন্তু যেতিয়াই মাত মাতে, কেৱল মোক বিচাৰে।ডাক্তৰৰ পৰামৰ্শ মতে ককাৰ অপাৰেচন কৰাৰ সিদ্ধান্ত হ’ল।মা দেউতাৰ গালি শুনিও মই কিন্তু ককাৰ লগে লগেই থাকিলোঁ।ৰাতি ৰাতি ICU ৰ বাহিৰত বহি থকিলোঁ।আচলতে ককা নোহোৱা হৈ যাব বুলি ভয় খাইছিলোঁ।আৰু তাতোকৈ ভয় খাইছিলোঁ মই যদি মৰি থাকিলোঁ হেতেন, তেন্তে এই মানুহজন যে হাৰ্ট এটেক হৈ মৰি গলহেঁতেন সেইয়া নিশ্চিত আছিল।
নিজকে ধিক্কাৰ দিলোঁ।
স্বাৰ্থপৰ মই।
ভয়াতুৰ মই।
ককাৰ ওচৰত নিজকে অপৰাধী যেন লাগিল।
যোগেশ দাৰ লগত মই বহি থাকোঁ, মা দেতাৰ হাজাৰ বাধাও মই নামানো, হস্পিতালতে চিঞঁৰি চিঞঁৰি কাজিয়া কৰোঁ।কিন্তু তথাপি ককাক এৰি নাযাওঁ।কিজানিবা মই ঘূৰি আহি লগ নাপাওঁ।
আইতাৰ দৰে যদি ককাও নাইকিয়া হৈ যায়।
গ্লাছৰ খিড়িকী খনেদি বাহিৰৰ পৰাই চাই থাকোঁ।ককাই উশাহ লৈছেনে?
যোগেশ দাৰো মোৰ কাৰণে বেয়া লাগে,ওচৰতে বহি কিবাকিবি বুজাই থাকে।মই কিন্তু একো নুশুনো।মোক সেই সময়ত কেৱল ককাক ঘূৰাই লাগে।আজীৱন এই মানুহজনৰ যত্ন লম মই।
মাত্ৰ এটা সুযোগ দিয়া ভগৱান!
কাহানিও প্ৰাৰ্থনা নকৰা মই বাৰে বাৰে হাত যোৰ কৰি ওপৰলৈ চাওঁ।
অপাৰেচনৰ আগ মুহূৰ্ততো ককাৰ ওচৰত মই থাকোঁ।
:মা অ’, মোৰ একো নহয় দে, আইতাই কৈ থৈ গৈছে মোক, তোৰ সৈতে থাকিবলৈ।
সেহাই সেহাই কথাবোৰ কয় ককাই।
কান্দিছিলোঁ সেইদিনা,বছৰ বছৰ ধৰি সাঁচি ৰখা চকুপানীবোৰ বোৱাই দিছিলোঁ।ককাক ধৰি লৈ মই খুব কান্দিছিলোঁ।
ডাক্তৰে গালি পাৰিছিল, মই কিন্তু শুনা নাছিলোঁ।
প্ৰায় এক সপ্তাহ দিন হস্পিতালত কটাই ককা ঘূৰি আহিছিল, আগতকৈ অলপ দুৰ্বল হৈ।আৰু মই নিজৰ খোলাটোৰ পৰা ওলাই দিনে ৰাতিয়ে ককাৰ পাছে পাছে লাগি ফুৰিছিলোঁ।
ককাৰ লগতে শুইছিলোঁ, খাইছিলোঁ।
গীতা পঢ়িছিলোঁ, বাঁহী বজাইছিলোঁ।
আকৌ এবাৰ জী থাকিবলৈ চেষ্টা কৰিছিলোঁ।
:Aah
হঠাৎ জোৰেৰে ব্ৰেক মৰা গাড়ীখনে মোৰ চিন্তাৰ ধাৰাত ব্যাঘাত জন্মালে।কাষত বহি থকা অনিৰুদ্ধই দুচকু জপাই গান শুনি আহিছিল, ব্ৰেক মাৰোঁতে সন্মুখৰ ছিটটোত ধামকৈ কপাল খন দি খুন্দা মাৰিলে।
:Are you alright?
কপালত হাতখন দি সৰু ল’ৰাৰ নিচিনাকৈ মূৰটো জোকাৰি দেখুৱালে।
মূৰটো মোৰ ফালে আগবঢ়াই দিলে, ফু কৰি দিয়া, তেনে এটি আব্দাৰত।
অসহজ লাগিল, কিন্তু কৰিলোঁ।
তেওঁ চকুকেইটা জপাই থৈছে।লাহেকৈ ফু মাৰি দিওঁতে কঁপালৰ চুলিকেইডাল খেলিমেলি হৈ গ’ল।
:কি ভাবি আহিছা ইমানকৈ?
তেওঁৰ প্ৰশ্নৰ উত্তৰ নাই।
:Nothing.
এইসময়ত আমি কৃষ্ণ গিৰি পাইছোহি।ৰাস্তাটোৰ কাষতে এটা সুন্দৰ হ্ৰদ।চৌপাশ খুব ধুনীয়া।
:Just look at that.
পৰিৱেশটো দেখি তেওঁ যেন excited হৈ গ’ল।মোৰ বেছিয়েই ওচৰ চাপি আহিল।মই যিমান পাৰোঁ নিজকে আঁতৰাই আনিলোঁ নিজক।অলপ লাজ পালে চাগে তেওঁ..
:Oh Sorry.
:You should be!
কঠোৰ হোৱাৰ ইচ্ছা নাছিল, কিন্তু মই তেনেকুৱাই।মুখৰ পৰা কোমল কথা আজিকালি নোলায়েই।
:অনন্যা,মই কলৈ যাম নুসুধা?
:Nope.
:This nope is surely killing me slowly.
একো উত্তৰ নিদিলোঁ, দিয়াৰ ইচ্ছা নহ’ল।
অনিৰুদ্ধই কিবাকিবি কৈছিল, মই বাহিৰলৈ চালোঁ।
কিছু সময় আকৌ নীৰৱতা।
আৰু মোৰ কাণৰ পৰা earpod টো নিজেই আঁতৰাই তেওঁ কৈ উঠিল…
:মই একেটা ভুল দুবাৰ নকৰোঁ অনন্যা।তুমি খুলি কৈ দিয়া প্লিজ, মই তোমাক যদি আমনি দিছোঁ, মই নিজক আঁতৰাই নিম।I respect you a lot .You can tell me,should I go away?
একেবাৰে সৰুকৈ কোৱা কথাকেইটাই কিন্তু মোৰ বুকুত বৰ ডাঙৰকৈ খুন্দা মাৰিলে।
:I don’t know Anirudh, I just don’t know.
(আগলৈ)
আগলৈ….বাট চাই ৰ’লো
LikeLike
বহু অপেক্ষিত ক্ষণবোৰৰ ঠিকনা আবিৰ💕💕গভীৰৰ পৰা গভীৰলৈ গৈ আছো প্ৰতিটো খণ্ডত🙂🙂🙂
LikeLike
❤❤❤
LikeLike
বহুত বহুত ভাল লাগিল 💚💚💚
LikeLike
ৰৈ আছোঁ হেপাহেৰে।।।। বহু ত ভাল লাগিছে।।
LikeLike
Bhal lagile pohi. Next khnodo Tu loi baat sai rolu.
LikeLike
অপেক্ষাৰত
LikeLike
Mojah ♥️
LikeLike
আজিৰ খণ্ডটি বৰ চুটি যেন লাগিল বা!☺️
আবিৰ ৰ এই যাত্ৰাটি আৰু মধুৰ আৰু দীঘলীয়া হওক তাকে আশা কৰিলোঁ।
আনটো খণ্ডলৈ আশাৰে বাট চাই ৰলো।
পাৰিলে অলপ সোনকালে দিব দেই🙏🙏💞💞😊😍
LikeLiked by 1 person
❤️❤️❤️❤️bohut vl lgil baa
LikeLike
Bohut val lagil…pisor khondo tuloi opekhya mathu atia
LikeLike
Alp hunkale hunkale dibo sn bht deri dkhibo dhoijoi nthke…
LikeLike
khosai rokhib nowara hoi goiso aru story bilak jen adin t a khekh kri dim tenekua lage
LikeLike