#আবিৰ খণ্ড(২৯)

কিয় মই আনৰ দৰে নহয়?
কিহে মোক আনৰ দৰে হ’বলৈ নিদিয়ে!
এইবোৰ কথাই মোক আমনি দিব নোৱাৰা হৈছে আজিকালি, কিন্তু অনিৰুদ্ধক দিছে।
তেওঁ বিচাৰে মই তেওঁৰ সৈতে সহজ হৈ কথা পাতো, তেওঁক কিবা এটা সুধো,তেওঁৰ কথাত হাঁহিবলৈ শিকো, কিন্তু তেনেকুৱা একো হৈ নুঠে।
অনিৰুদ্ধ নিৰাশ হয় বাৰে বাৰে, আজিও হৈছে।
মই কেনেকৈ কওঁ অনিৰুদ্ধ, ক’ৰ পৰা আৰম্ভ কৰোঁ, ক’ত গৈ শেষ কৰোঁ।
খুলি নকলেওতো বুজিব পাৰে মানুহে, কিছুমান কথা নোকোৱাকৈ, নজনাকৈ থকাই ভাল।
হাতত ক’ৰবাৰপৰা আহি পানী অকণ পৰা যেন লগাত কাণৰ হেডফোন আঁতৰাই চালোঁ, অনিৰুদ্ধই উশাহ ল’ব পৰা নাই, চলি থকা গাড়ীত পানী খাওঁতে খুব বেয়াকৈ চর্চৰণি খাইছে।কাঁহি কাঁহি ৰঙা পৰি গৈছে গোটেই মানুহজন।
বুকুখনত ধৰি ধৰি জোৰে জোৰে কাঁহিছে।
মনত পৰিল ককাৰ সেই অসহায় মুহূৰ্তবোৰলৈ।
একো নাভাবি তেওঁৰ হাতৰপৰা বটলটো লৈ ছিটত থ’লো।নিজৰ ছিটৰপৰা উঠি তেওঁৰ ওচৰতে থিয় হৈ আছোঁ,মুখৰ পৰা পানীখিনি মচি দিলোঁ।
চাই আছে মোৰ ফালে,আচৰিত নে অভিভূত, নাজানোঁ।
কিবা ক’ব খুজিছিল,এনেতে আয়ু উঠি আহি তেওঁৰ পিঠিখন মোহাৰি দিলে।সকলোৱে কি হৈছে বুলি ঘূৰি চালে।
তেতিয়াহে যেন মই কি কৰি আছোঁ বুজি পালোঁ।

নিজৰ ঠাইত আহি বহিলো।
অলপ পাছত তেওঁ ঠিক হ’ল।

:এইটো বটল পেলাই দিব।
বহল মুখৰ বটলটোৰে পানী খাওঁতে আগতেও চৰ্চৰণি খাইছে অফিচত।ইমানকনো নাজানে।ল’ৰাবোৰ কিছুমান কথাত ইমান অঁকৰা কিয় থাকে বুজি নাপাওঁ।আয়ুকো দেখিছোঁ, অনিৰুদ্ধও একেই।
:ঠিক আছে, পেলাই দিম।
:এতিয়া ভাল লাগিছে নে?
কিয় সুধিলোঁ নাজানোঁ, কিন্তু মুহুৰ্তৰ বাবে ময়ো ভয় খাইছিলোঁ, তেওঁৰ উশাহ বন্ধ হৈ যাব যেন দেখি মোৰো উশাহ বন্ধ হৈ যোৱাৰ দৰে হৈছিল।
কিয় হৈছিল, সেইয়াও বুজোঁ, কিন্তু মগজুৰ পৰা সেই উত্তৰ হৃদয়লৈ যাবলৈ দিয়াত মই অপাৰগ।
এই মানুহজনৰ প্ৰতি মোৰ আকুলতা আছে, মৰম আছে,আদৰ আছে।
তেওঁক দেখিলে মোৰ ভাল লাগে, আনে নকৰা কামবোৰ কৰা মানুহজন মোৰ কিবা এটা চিনাকি যেন লাগে।আৰু তেওঁ যেতিয়া মোলৈ চাই,মোৰ বুকুৰ কোনোবাখিনিত নতুন সপোন এটাই গঁজালি মেলে।

:মই ইমান জলদি নমৰো দিয়া।
:মৰাৰ কথা কোনেনো কৈছে।
:তেন্তে ইমান ভয় কিয় খাইছিল?কিয় তোমাৰ চকুকেইটাত এতিয়াও পানী বিৰিঙি থকা দেখিছোঁ?

মোৰ মাজে মাজে মগজটো নাইকিয়া হৈ যায়, আৰু তেতিয়াই মই এনেকুৱা কাম কিছুমান কৰোঁ।হয়, কৰিলোঁ মই এইটো মূৰ্খামি।কি দৰকাৰ আছিল তেওঁৰ ওচৰত নিজক উদঙাই দিয়াৰ।

:আয়ু, ইয়ালৈ আহ।
জোখতকৈ বেছি চিঞঁৰি আয়ুক মাতিলোঁ।
:Sorry.I was just pulling your leg.আৰু বটলটো বাৰু মই পেলাই দিম।
যি কয় কৈ থাকক, মৰিলেও ঘূৰি নাচাওঁ।এই চকুযুৰিয়ে যাদু জানে।
অনন্যাক গলাব পৰা যাদু, নতুন সপোন দেখুৱাব পৰা যাদু।
গ্লাছখন আৰু অলপ খুলি মুকলি বতাহত নিজকে এৰি দিলোঁ।এজাক চেঁচা বতাহে মোক কোবাই গৈছে, মেলি ৰখা আউল বাউল চুলি খিনি হাতেৰে সামৰিব নোৱাৰি বেগৰ চেইন খুলি ক্লাট্চ বিচাৰিবলৈ ধৰিলোঁ।
:Take this.

পকেটৰ পৰা কিবা এটা উলিয়াই তেওঁ মোৰ ফালে আগবঢ়াই দিলে।মই তেওঁৰ গাড়ীত এৰি অহা ক্লিপডাল।
এতিয়াও আছে?
লগতে ৰাখিছে?
:I was waiting for a moment like this to return it, take it.
হাতৰ পৰা ক্লিপডাল লওঁতে অলপ হলেও কঁপি উঠিলোঁ,এই নতুন নতুন কথাবোৰ, সৰু সৰু পলবোৰ,মোৰ কলিজাৰ ইফালে সিফালে আজিকালি ঘনাই ভুমুকি মাৰিবলৈ ধৰিছে।

যিটো বয়সত এইবিলাক ভাল লাগিব লাগিছিল, ভাল পাব লাগিছিল, সেইখিনি সময়ত মই নিজৰ লগতে যুঁজি থাকিলোঁ।পলাই ফুৰিলোঁ সকলোৰে পৰা।ককাৰ অসুখৰ পিছত মই আৰু বেছি নিঃসংতাত ভুগিবলৈ ধৰিছিলোঁ।ৰাতি ৰাতি উঠি উঠি ককাই উশাহ লৈ আছে নাই চাই থাকোঁ, ককাই অকণমান কাহিলেও চিঞৰ বাখৰ লগাওঁ।এইবোৰ দেখি দেখি ককা যেন আৰু বেছি চিন্তিত হৈছিল।আৰু তাৰ মাজতে এদিন মায়ে মোক আকৌ এবাৰ আচৰিত কৰি নিজৰ সিদ্ধান্ত শুনালে।
:পঢ়া শুনা এনেকৈ বাদ দি কি কৰিম বুলি ভাবিছ?
ভাতৰ টেবুলত সেইদিনাও মই ককাই খোৱাৰ নিচিনাকৈ খিছিৰি খাইছিলোঁ।মা দেউতাই তৰা আৰু নতুনকৈ অহা বাহাদুৰে বনোৱা নতুন ৰেচিপিৰ সোৱাদ লৈছিল।
:মইতো এৰো বুলি এৰা নাই, এৰুৱাই দিলে মই কি কৰিম।
:ক’লকাতা যাব লাগিব তই।এবছৰে এণ্ট্ৰেন্সৰ কাৰণে অকণমান যদি পঢ়িলিহেঁতেন,মোৰ ইমান মূৰৰ কামোৰণি ন’হলহেঁতেন।
:একো নাই, মই মেনেজ কৰি দিম।
অপৰাধীৰ দৰে মোৰ পৰা সদায় পলাই ফুৰা দেউতাৰ চমু উত্তৰ।
:মই ক’ত পঢ়োঁ সেইটো মই দিছাইড কৰিম।
:নোৱাৰ।সৱ তোৰ ইচ্ছামতে নচলে মাজু।তোৰ বাহিৰেও আৰু মানুহ আছে এইখন ঘৰত।এজনীতো জীয়াই আছেনে মৰিলে তাকো খবৰ নাই, এতিয়া চকুৰ আগত তই এনেকৈ থাকি কি শাস্তি দিব খুজিছ মোক ?কি কি সহিম মই?
মোক কোৱা কথাকেইটাৰ শেষৰ শাৰীটো মায়ে ককাৰ ফালে চাই কৈছিল।আৰু আচৰিত ধৰণেৰে সেইদিনা মৌন হৈ ৰৈছিল ককা।

:মাৰৰ লগত তৰ্ক কৰি নেথাকিবি, পঢ়িবলৈ হে কৈছে, তোৰ ভালৰ কাৰণেই কোৱা নাই জানো আই।
:মই তোমাক এৰি ক’তো নাযাওঁ ককা।
:একেবাৰে যাব নালাগে নহয় মা,আহি থাকিবি আকৌ, প্লেনত আহিলেচোন দুঘণ্টা মানতে পাবিহি।ময়ো যাম নহয়।আৰু আমাৰ প্ৰদীপ আছেই তাত।
:কোন প্ৰদীপ?
:পাহৰিলি হ’ব পায়,কেলেই দেউতাৰৰ বন্ধু।আগেয়ে ইয়াতে আছিলে।এতিয়া তাতে কিবা ডাঙৰ ব্যৱসায় কৰে।
:মই গুচি গলে তুমি একেবাৰে অকলে অকলে হৈ যাবা।
:অকলে অকলে নহয়, অকলশৰীয়া।কেলেই হ’ম,নহওঁ, মোৰ লগত আইতা আছে,মাধৱ আছে।যি মানুহৰ অন্তৰত ঈশ্বৰ থাকে, সেই মানুহ কেতিয়াও অকলশৰীয়া নহয়।মাধৱে অৰ্জুনক কুৰুক্ষেত্ৰৰ যুদ্ধতো লগ দিছিল,আমাক জীৱনৰ যুঁজত নিদিবনে??

তাৰ পাছত অনেক দিন অনেক ৰাতি মই ভাবিছিলোঁ, নিজৰ লগত তৰ্ক কৰিছিলোঁ।আৰু শেষত সিদ্ধান্ত লৈছিলোঁ।মই যাম।ককাৰ কাৰণেই মই যাম।
এদিন নিজৰ ভৰিত থিয় হৈ ককাক লৈ যাম ইয়াৰপৰা।
এখন ঘৰ বনাম, য’ত কেৱল ককা আৰু মই থাকিম।
মা দেউতা, তেওঁলোকৰ অহংকাৰ,কাজিয়া, ফোঁপোলা অভিজাত্য, এইবোৰ একো নোহোৱা এখন সৰু ঘৰ।

স্মৃতিবোৰ চকুপানীৰ টোপাল এটা হৈ সৰি পৰিল।
:We will reach your PG in just half an hour.ইমানদেৰি না তুমি কিবা এটা ক’লা না মোক কিবা কোৱাৰ সুযোগ দিলা।কিয় অনন্যা?
:কি ক’ম?
:তোমাৰ যি মন যায়।
:অনিৰুদ্ধ।
:হমম।
:You should not leave this team.
:You gonna miss me?
:Nope.
:Aah

(আগলৈ)

3 thoughts on “#আবিৰ খণ্ড(২৯)

  1. বা আৰু অলপ শুনকালে দিবচোন। কিমানবাৰ যে siteটো check কৰো…
    ♥️♥️♥️

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s