#আবিৰ খণ্ড(৩০)

ৰূমৰ ওচৰ পালোহি।অনিৰুদ্ধ গান শুনাত ব্যস্ত।চকুকেইটা জপাই বেলেগ এখন পৃথিৱীত বিচৰণ কৰি আছে।আয়ু আৰু হিবা উঠি গ’লেই।মইহে ওলায়েই যাব পৰা নাই।
:Excuse me.
নাই, একো উত্তৰ নাই।
উপায় নাপাই আঙুলিৰে তেওঁৰ বাহুত লাহেকৈ খুঁচি দিলো।
:Oouch.
:মই নামিব লাগে।উঠি দিব নেকি?
:নিদিওঁ।
:What!!!!!
হাঁহি এটা মাৰি তেওঁ উঠিল।সকলোকে বিদায় জনাই নামি আহিলোঁ।তেওঁ খিড়িকীয়েদি চাই আছে।এবাৰ ঘূৰি চালোঁ।
ইংগিতত জনালে ফোন কৰিম।উত্তৰ নিদিলোঁ।
আয়ু আৰু হিবাক কথা পাতিবলৈ এৰি মই আগবাঢ়িলোঁ।এইকেইটাৰ গোটেই ৰাস্তাটো কথা পাতিও এতিয়ালৈকে শেষেই নাইহোৱা।
:ঐ জাপৰী, ৰহ।
:কি হ’ল।
:ঘৰলৈ যাবি নে কি ক আকৌ, টিকেট কাটিব লাগে নহয়।
:মই ট্ৰেইনত যাম, তই ফ্লাইট ল ধনী মানুহ।
ট্ৰেইনত যোৱাৰ আন কাৰণ নাই।পইচা কেইটামান বাচিব।আৰু এতিয়া মই অযথা পইচা খৰছৰ কথা ভাবিবও নোৱাৰোঁ।আহোঁতে ককাক লৈ এনেয়েও ফ্লাইট ল’বই লাগিব।আয়ুক আৰু একো কোৱাৰ সুযোগ নিদিয়াকৈ ৰুমলৈ আহিলোঁ।অত্যন্ত ভাগৰ লাগিছে।দীঘলকৈ উশাহ টানি বিচনাত নিজকে এৰি দিছো।অনিৰুদ্ধৰ ফৰাছী পাৰ্ফিউমৰ সুগন্ধি এতিয়াও উশাহত আছেই।হাজাৰবাৰ ভাবোঁ, হাজাৰবাৰ নিজকে ভুল প্ৰমাণিত কৰিব খোজোঁ।অনিৰুদ্ধ মিছা, অনিৰুদ্ধৰ মোৰ প্ৰতি থকা আত্মীয়তা মিছা।মই ভালপোৱাৰ যোগ্য কেনেকৈ হ’ম।মোক চোন মোৰ মা দেউতাইও ভাল নাপায়।
বুকুৰ বাওঁফালে বিষ এটাই উক দিছে, কি হৈছে নাজানো।
বিচনাত অলপ সময় তলমূৰ কৰি পৰি থাকিলোঁ।
উশাহ লৈছোঁ যদিও বিষটো আছে।
এমাহমানৰ পৰা বেছি ঘনে ঘনে অনুভৱ হৈছে, ডক্টৰৰ ওচৰলৈ যোৱা মানে এসোপা মান টেষ্ট, হাজাৰ টকাৰ খৰছ।
মনৰ জোৰতে উঠি আহি পানী অলপ খাই মুখ হাত ধুই আবেলিৰ চাহকাপ বনাবলৈ ল’লো।
:অনন্যা,মেৰে লিয়ে ভি স্পেচিয়েল ছাই বনা দ’ পিলিছ।
হিবাই মোৰ হাতৰ চাহ খাই ভালপায় আজিকালি।আদা আৰু জালুক দিয়া চাহকাপ প্ৰথম মই কলিকতাৰ বিশেষ এখন দোকানত খাইছিলোঁ।একেই সোৱাদ, একেই ভাললগা।
ককাৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই আহি এডমিছন লৈছিলোঁ কলিকতাৰ এখন সম্ভ্ৰান্ত শিক্ষানুষ্ঠানত।দেউতাই মোটা অংকৰ ডনেছন দি মেনেজমেণ্ট কোটাৰ ছিট এটা মোক দিয়ালে।Electronics and Telecommunications বিভাগত অনিচ্ছাসত্বেও জইন কৰিলোঁ।Mechanical Engineering কৰাৰ হেঁপাহ ৰখা মই একেবাৰে অনীহা ৰাখিছিলো এইটো বিভাগত।কিন্তু উপায় নাপায় লৈছিলোঁ।দেউতাই কি কৰি কি মিলাই মোক এডমিছন দিয়াইছে ময়ো ভালকৈ জনা নাছিলো।গতিকে তৰ্ক কৰাৰ প্ৰশ্নই নুঠে।
যি পাইছোঁ তাতেই সন্তুষ্ট হোৱাৰ দৰে আছিল কথাবোৰ।
কলেজৰ হোষ্টেলত ছিট নাছিল।গতিকে সিদ্ধান্ত হৈছিল মই প্ৰথম ছেমিষ্টাৰটো প্ৰদীপ খুড়াৰ ঘৰত থাকিম।তেওঁৰ ঘৰত কেৱল তেওঁ আৰু তেওঁৰ পত্নী।পুত্ৰ সিদ্ধাৰ্থ তেতিয়া ৰাছিয়াত থাকিছিল।দেউতাই যে মোক নজৰত ৰাখিব বিচাৰিছে সেইয়া মই খুব ভালকৈয়ে বুজি পাইছিলোঁ।প্ৰদীপ খুড়া মানুহজন খুব মৰমীয়াল আছিল, লগতে তেওঁৰ পত্নী অৰুনিমা খুড়ীও।
‘ঘৰ’যেন লগা এখন ঘৰ,মৰম আৰু হাঁহিৰে উমাল।
প্ৰথম দেখিয়েই মোক সাৱটি কোৱা মানুহগৰাকীৰ মাজত মই মমতা বিচাৰি পাইছিলোঁ।
ভাল লাগিছিল।
এটা ৰাতি থাকি দেউতা ঘূৰি যাবলৈ ওলাই মোক এখন ATM কাৰ্ড দি কৈছিল
:যি লাগে উলিয়াই ল’বি।
:নালাগে, ককাই পইচা পঠিয়াই দিম বুলি কৈছে ।
দেউতাই একো প্ৰতিবাদ কৰা নাছিল।মন কৰিছিলোঁ ঘৰৰ বাহিৰত দেউতা বেলেগ এজন মানুহ আছিল।মোৰ সৰু সৰু কথাৰ খেয়াল ৰাখিছিল।ফ্লাইটত আহোঁতেও বাৰে বাৰে খোৱাৰ কথা সুধিছিল।মোৰ লগত কোনোদিন ভালকৈ কথা পাতি নোপোৱা দেউতাই এদিনতে যেন সকলো কথাই পাতিব খুজিছিল।কলেজৰ কেম্পাছত মোৰ সুবিধা অনুযায়ী সকলো বস্তু আছেনে নাই তাৰো খবৰ লৈছিল।মই আচৰিত হৈছিলোঁ।

তাৰমানে দেউতাই মাৰ সন্মুখত মোক মৰম কৰিব নোৱাৰে!!
তাৰমানে মায়ে মোক ভাল নাপায় বাবেই বাধ্যত পৰি দেউতাই মোক ভাল নাপায়।
তাৰমানে মই কি মাৰ সন্তান নহয়??????
আৰু তাৰ পাছত অন্য এক প্ৰশ্নই মোক খুলি খুলি খাবলৈ লৈছিল।
:মই মাজে মাজে আহি থাকিম।
:মোক লগ কৰিবলৈ?ককাক লৈ আহিবা পাৰা যদি আহিবা।নোৱাৰিলে তুমিও আহিব নালাগে।
:হ’ব।
মোক দিয়া আছুতীয়া কোঠাটোত আমাৰ কথোপকথনবোৰ বেৰত গুঞ্জৰিত হৈ আকৌ আমাৰ মাজলৈকে ঘূৰি আহিছিল।মই দেউতাক মাফ কৰিব পৰা নাছিলোঁ, আৰু দেউতাই মোৰ আগত ক্ষমা খুজিব পৰা নাছিল।
:অচিনাকি মানুহক বৰকৈ বিশ্বাস নকৰিবি, আৰু কিবা লাগিলে প্রদীপক ক’বি।
:চিনাকি মানুহকে বিশ্বাস নকৰোঁ, অচিনাকি বাদেই দিয়া।
কথাষাৰ দেউতাৰ বুকুভেদি পাৰ হৈ গৈছিল।সুন্দৰ চেহেৰাৰ দেউতাৰ মুখৰ কেহেৰাজ বৰণ মোৰ চকুত পৰিছিল।বিচনাৰ কাষতে থকা study টেবুল খনতে ATM কাৰ্ড খন থৈ দেউতা গুচি গৈছিল।মই তেওঁক আগবঢ়াই দিবলৈকো ওলাই অহা নাছিলোঁ।খুড়া খুড়ী আচৰিত হৈছিল, কিন্তু মোক একো সোধা নাছিল।আমাৰ পৰিয়ালৰ ভিতৰুৱা কথাবোৰ তেওঁলোকে জানে।গতিকে মোক প্ৰশ্ন কৰি যে লাভ নহয় সেইয়া বুজি উঠিছিল।

আৰম্ভ হৈছিল নতুন জীৱন।কলেজ লাইফ।আৰু মই ডুবিছিলোঁ বেলেগ এখন দুনীয়াত।নতুন ফ্রেণ্ড, নতুন ঠাই আৰু কিছুমান নতুন নতুন অভিজ্ঞতা।খুড়া খুড়ীৰ সৈতে কিন্তু মই নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিলোঁ।কাৰণ মোৰ সকলো কথাই যে তেওঁলোকে দেউতাক কৈ দিব মই জানিছিলোঁ।খুব সাৱধান আছিলোঁ সেই ক্ষেত্ৰত।মোৰ নতুন বন্ধু বান্ধৱী কাকোৱেই মই ক’ত থাকোঁ জানিবলৈ দিয়া নাছিলোঁ।মোক লগ কৰিবলৈকো আহিবলৈ দিয়া নাছিলোঁ।পঢ়া শুনাৰ বাহিৰে সকলো কৰিছিলোঁ।ককাক দিয়া কথা মই যেন পাহৰি পেলাইছিলোঁ।মা দেউতাৰ অত্যাধিক শাসনৰ তলত গুজৰি গুমৰি থকা মই মুক্ত হৈ উৰিছিলোঁ।পইচাৰ কাৰণে চিন্তাই নাছিল, নিৰ্লজ্জৰ দৰে দেউতাই দি থৈ যোৱা কাৰ্ডখনেৰেও পইচা উলিয়াইছিলোঁ।মুঠতে বেপৰুৱা এটা জীৱন।মা দেউতাৰ ওপৰত প্ৰতিশোধ লৈছোঁ বুলি ভাবি মই নিজকে আৰু বেছি ধ্বংসৰ পথলৈ লৈ গৈছিলোঁ।

চাহ উতলি পৰি গ’ল।হিবা দৌৰি আহিল।
:তুম পাগল হ’,কাঁহা ধ্যান ৰেহতা হে তুমহাৰা?
:হিবা!
:ক্যা হোৱা?
:Anirudh said that…
:what?
:Nothing.

মোবাইলৰ স্ক্ৰীণত চিনাকি নম্বৰ এটা দেখি দৌৰি আহিলোঁ।
:হেল’
:মা…ই।
:থুপু….
বুকুৰ বাওঁফালৰ বিষটো দুগুণ বেছিহৈ খুন্দা মাৰি ধৰিলে।এই এটা মাতৰ কাৰণে মৰি মৰি জীয়াই আছোঁ মই।
:মাজু, মই মনে মনে ফোন কৰিছোঁ আজি, তই কেতিয়া আহিবি?
:বা প্লিজ আকৌ এবাৰ তাৰ মাতটো শুনিব দে মোক, প্লিজ বা।
বিচ্ছিন্ন হৈ গৈছে লাইনটো।উফ আৰু নোৱাৰোঁ।এই চক্ৰবেহুৰ পৰা কেনেকৈ নিজকে উলিয়াই আনিম মই।কিয় ইমান জটিল মোৰ প্ৰতিটো দিন,প্ৰতিটো ৰাতি।
ফোনটো দলিয়াই দিছোঁ, শেষ কৰি দিম যেন লাগিছে সকলোবোৰ।
হাতত চাহৰ কাপ লৈ ৰৈ থকা হিবাই মোৰ অস্থিৰ অৱস্থাটো দেখি আঁতৰি গৈছে।
:Ananya, you have a visitor.
কুক জনৰ মাতত ওলাই আহি তললৈ চালোঁ।
ভিজিটিং ৰূমত অনিৰুদ্ধক দেখি মই যেন মোৰ হেৰুৱা উশাহটো ঘূৰাই পালোঁ।তেওঁ কিয় আহিছে সুধাৰ সময়ো মোৰ নাছিল।
:Hey, are you okay, Annanya..?
কঁপি থকা ওঁঠ দুটা আৰু বুকুৰ বিষটোৱে মোক কথা ক’বলৈ নিদিলে।মাত্ৰ মূৰটো জোকাৰি তেওঁক বুজালো,
মই ঠিকে নাই, একেবাৰেই নাই।
ইফালে সিফালে চাই অনিৰুদ্ধ কাষ চাপি আহিল।মূৰত হাত থৈ এটাই কথা কৈ গ’ল
:তুমি ভবাতকৈও বহুত বেছি শক্তিশালী তুমি।তুমি ঠিকে থাকিবই লাগিব অনন্যা।মই আছোঁ,থাকিম।
মোৰ হাতত এটা সৰু পেকেট দি আঁতৰি যোৱা মানুহজনলৈ চাই মই এটাই কথা ভাবিছোঁ
“অনিৰুদ্ধ যদি সঁচা তেন্তে মই জীয়াই থাকিব পাৰিম”।

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড(৩০)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s