#আবিৰ খণ্ড(৩১)

পেকেটটো খুলি বহুপৰ চাই আছোঁ।
ভিতৰত এটা সৰু পিতলৰ wind chime. উলিয়াই অনাৰ লগে লগে মধুৰ শব্দৰে বাজি উঠিল।ফুৰিবলৈ গৈ তেওঁ সকলোৰে কাৰণে কিবা নহয় কিবা এটা আনিছিল।প্ৰথম দিনাই টানিয়া আৰু সুভাষিণীৰ হাতত দেখিছিলো তেওঁ লাডাখৰ পৰা অনা কিছুমান বস্তু।মোলৈ কিবা আনিছে বুলি মই সপোনতো ভৱা নাই।অনাকাংক্ষীত ভাৱে লাভ কৰা ক্ষুদ্ৰ উপহাৰো আশীৰ্বাদ যেন লাগে।
গধুৰ মনটোক আওকাণ কৰি ওঁঠত পাতলীয়া হাঁহি এটা খেলি গ’ল।

খিৰিকীৰ ওপৰৰে গজালটোত আঁৰি থ’লো।পেকেটতো পেলাবলৈ বুলি লওঁতেই ভিতৰত আৰু কিবা এটা আছে যেন লাগিল।জোকাৰি চাওঁতে সৰু অকণমানি সোণালী ৰঙৰ ঝুমকা এযোৰ সৰি পৰিল ।সৰু সৰু rose gold পাথৰ থকা কাণফুলিযোৰ হাতত লৈ চাই থাকোঁতেই হিবাই থপিয়াই নিলেহি।
:Ayooooo, so cute.Ananya.
:Yeah, very cute.
:Anirudh likes you na?
:পতা নেহী।
:মুঝে বতা সকতি হ’।
:অভি নেহী হিবা।অভি নেহী।
কথাবোৰ নিজেই বুজা নাই ভালকৈ।জীৱনটো নতুনকৈ আৰম্ভ কৰা ইমান সহজ নহয়।পুৰণি দিনৰ ভয়াৱহ স্মৃতি কিছুমান এতিয়াও ছাঁৰ দৰে মোৰ পিছে পিছে ঘূৰি ফুৰে।মই যিমানেই আগলৈ দৌৰো, সিমানেই পিছলৈ টানি আনে মোক।মই আকৌ মোৰ চাৰিওফালে প্ৰাচীৰ বান্ধি লুকাই যাওঁ।
অকলে থকাৰ অভ্যাস কৰোঁ।
নিজৰ মাজত সম্পূৰ্ণ হ’ব পৰা মানুহ এজনী হোৱাৰ সপোন দেখোঁ।
স্বয়ংসম্পূৰ্ণ হোৱাৰ হাবিয়াসে মোক যেন বেছিহে নিসংগ কৰি পেলাইছে।অনিৰুদ্ধ মোৰ জীৱনলৈ অহাৰ পাছত এনে লাগে,ময়ো হাতত হাত থৈ আগবাঢ়ি চাওঁ নেকি?
ময়ো ‘মোৰ’ কিছু কথা ‘আমাৰ’ কৰি লওঁ নেকি?
অসহায় যেন লাগিলে মোৰ বাবে ৰৈ থকা অনিৰুদ্ধক সাৱটি লওঁ নেকি?
তাৰপিছত…
তাৰপিছত অনিৰুদ্ধ যদি মিছা হয়!!
তেওঁ যদি এটি ভ্ৰম হয়!!
তেওঁ যদি মোক চুই চাই পেলাই দিয়ে, নাইবা জোখতকৈ জোৰেৰে হেঁচা মাৰি ধৰি মোৰ উশাহবোৰ নাইকিয়া কৰি দিয়ে!!
ককা আৰু থুপুৰ পৰা মোক আঁতৰাই লৈ আনে!!
এনেকুৱা নোহোৱাৰ দাবী কোনোৱেইতো কৰিব নোৱাৰে!!!


:ঐ ছোৱালী, ইয়াতে ফ্ৰী খানা খাই খাই কিমানদিন থাকিবা আৰু।
প্ৰদীপ খুড়াৰ ঘৰত থকা তেতিয়া প্ৰায় তিনিমাহ হৈ গৈছিল।প্ৰথম বছৰত হোষ্টেল নাপাওঁ বুলি নিশ্চিত আছিলোঁ।খুড়া খুড়ীয়ে নিজেই ৰখাইছিল।প্ৰাইভেট হোষ্টেল বিচাৰিলে বেয়া পাইছিল।কিন্তু হঠাৎ তেওঁলোকক চাৰপ্ৰাইজ দিবলৈ অহা পুত্ৰ সিদ্ধাৰ্থই মোক হজম কৰিব পৰা নাছিল।অহাৰ দিনাৰপৰাই আমাৰ সৰু সুৰা তৰ্ক আৰম্ভ হৈয়ে গৈছিল।খুড়া খুড়ীয়ে বুজাই বুজাই হাৰি গৈছিল।কিন্তু সিদ্ধাৰ্থৰ মনোভাৱ সলনি হোৱা নাছিল।

কলেজৰপৰা আহিয়েই মই মোৰ ৰূমটোত সুমাই থাকোঁ।খোৱা টেবুলত নাখায় নিজৰ ৰূমতে খাবলৈ লৈছিলোঁ।এমাহৰ কাৰণে অহা সিদ্ধাৰ্থ মোৰ কাৰণে এবছৰীয়া আলহীৰ দৰে হৈ পৰিছিল।মই আকৌ ঘৰত থকাৰ দৰে ৰূমতেই সুমাই থকা হৈছিলোঁ।
কলেজৰ নতুন বন্ধু বান্ধৱীবোৰৰ মাজত মই কেৱল নিজকে জোৰ কৰিহে ৰাখিছিলোঁ।কাৰোৰে লগত মই এবাৰলৈও নিজক মিলাই চাব পৰা নাছিলোঁ।কিছু অভিজ্ঞতাৰ বাবেই হওক বা মা দেউতাৰ অৱহেলাৰ বাবেই হওক, মই অকালপক্ক আছিলোঁ।সিহঁতৰ অদ্ভুত ধেমালি কিছুমানত মোৰ ভীষণ খং উঠিছিল।
মনে মনে আঁতৰি আহিছিলোঁ।আৰু লাহে লাহে মই নিজৰ বাবে শামুকৰ খোলাৰ দৰে কিবা এটা নিৰ্মাণ কৰিছিলোঁ।

তাৰ পাছত…
এদিন মনে মনে ৰূমত চিগাৰেট হুপি আত্মবিভোৰ হৈ থকা অৱস্থাত দুৱাৰত টোকৰ পৰিল।ৰাতি চাৰে এঘাৰ বজাত মোৰ ৰূমলৈ আগতে কোনো অহা নাই।লৰালৰিকৈ চিগাৰেট লুকুৱাই, গোটেই ৰূমতে deodrant মাৰি দৰ্জা খুলিলোঁ।
সন্মুখত সিদ্ধাৰ্থ।
:কি লাগে।
:I am sorry yaar. ভিতৰলৈ আহিব দিয়া।
দৰ্জাখন প্ৰায় ঠেলা মাৰি সোমাই আহি চিধাই বিচনাত বহা সিদ্ধাৰ্থৰ কথাৰ সুৰ বেলেগ আছিল।
আনদিনাতকৈ কোমল,নম্ৰ।
:মোৰ গাৰ্লফ্ৰেণ্ড বৰ পজেছিভ।তুমি ইয়াত থকাটো তাই ভাল নাপায়।সেইকাৰণে কামুৰি আছিলোঁ তোমাক।
:মই হোষ্টেল চাই আছোঁ।
চকী খনত বহি টেবুলত থকা কিতাপখন এনেই লুটিয়াই আছোঁ।
:আৰামছে থাকা,মই তাইক কৈ দিছোঁ তুমি অলৰেডি ইয়াৰপৰা গুচি গৈছা বুলি।
:মিছা কথা নোকোৱা হ’লেও হয়।
:তুমি মিছা কথা নোকোৱা নেকি?মায়ে কৈছে তোমাৰ past life বোলে তামাম ইন্টাৰেষ্টিং।
:মানে?
:Oh come on.তুমি বোলে বহুতৰ লগতে কিবাকিবি কৰি আছিলা তাত?সেইকাৰণে ইয়াত থৈ গৈছে তোমাৰ পাপাই।
অলপ মজা মোকো দিয়া না প্লিজ।
:খুড়া… খুড়ী…
:মা পপাক মাতি লাভ নাই বেবী,এইটো ৰূমৰ পৰা তালৈকে মাত নাযায়।তাতে দৰ্জা বন্ধ,টিভি ফুল ভলিউমত লগাই থোৱা আছে… All set baby, all set.
বিছনাৰ পৰা উঠি আহি মোৰ চকীখনৰ হেণ্ডেল ডালত হাত থৈ ৰৈ আছে সিদ্ধাৰ্থ।ময়ো চাই আছোঁ, ইমান লেতেৰা কথাৰ উত্তৰ দিব মই নাজানোঁ।
কিন্তু মই কিবা কৰাৰ বা কোৱাৰ আগতেই সি মোৰ মুখ খন জোৰকৈ মেলি সৰু পিল এটাৰ নিচিনা কিবা এটা ভৰাই দিলে।
আৰু মই যাতে সেইটো উলিয়াই পেলাব নোৱাৰোঁ তাৰ কাৰণে মুখ খন চেপি ধৰি থাকিল।লাহে লাহে পিলটো গলি মুখত এটা অদ্ভুত সোৱাদ লাগিল।মোৰ চাৰিওফালৰ বস্তুবোৰ যেন ধোঁৱা ধোঁৱা।আৰু মোৰ চকীখন যেন উৰি গৈ আছে, লগতে ময়ো।
মূৰটো আছে, গাটো যেন নাই।
জিভাখন ডাঠ, চকুকেইটা গধুৰ।

এখন হাত মোৰ ফালে আহি আছে….. আহি আছে।
হাতখন মুখ হ’ল,মুখ খন শৰীৰ হ’ল।
উশাহ ল’ব নাইপৰা, কিন্তু নিজকে লৰচৰ কৰিবও নাইপৰা মই।
আৰু হঠাৎ মুখ খন চিনাকি চিনাকি লাগিল…
বিকাশৰ নিচিনা…
তাৰ বন্ধুবোৰৰ নিচিনা…
সেই নতুন নিচা ইমানেই শক্তিশালী আছিল যে মই একোৱেই কৰিব পৰা নাছিলোঁ।
কিন্তু যেতিয়াই মোৰ শৰীৰৰ কাপোৰ বোৰ খহিবলৈ ধৰিলে, সেই বিষাক্ত দিনটোৰ স্মৃতিবোৰ ঘূৰি আহিল, মোৰ গাটো জিকাৰ খাই উঠিল।
সিদ্ধাৰ্থৰ তলপেটত জোৰেৰে গোৰ মাৰি দিলোঁ।
তাৰ পাছত বহুত চেষ্টা কৰি দৰ্জাখনৰ ওচৰ পালেহি, জোৰে জোৰে চিঞঁৰিলো।নাই কাৰোৰে সঁহাৰি নাই।
প্ৰায় আধা ঘন্টা ধৰি এখন যুজঁ চলিল বন্ধ কোঠাত।
বস্তুবোৰ চেদেলি ভেদেলি হৈ পৰিল।
দুয়োটাৰে শৰীৰত ঘাঁ।
তথাপি সিদ্ধাৰ্থই হাৰ মনা নাই।আকৌ এবাৰ জঁপিয়াই পৰিল মোৰ ওপৰত।
:অনন্যা, অনন্যা।
দুৱাৰত টোকৰ পৰিল।খুড়ীৰ মাত শুনি সিদ্ধাৰ্থ আঁতৰি গ’ল।দৌৰি গৈ দৰ্জা খুলি দিলোঁ।ৰূমত কি ঘটিছিল বুজিবলৈ তেওঁৰ বাকী নাথাকিল।
:বাবু, কি কৰিছ তই ইয়াত, ৰূমত যা।
মাত্ৰ সেইষাৰ বাক্য???
আৰু একো নাই ক’বলৈ???
খুড়ীৰ ঘৃণাৰ দৃষ্টি মোৰ ওপৰত হে পৰিল।সমস্ত দোষ যেন মোৰেই আছিল।
:খুড়াৰ আগত এইবোৰ ক’ব নালাগে।তুমি চল দিছা কাৰণে সি চল পাইছে।আৰু ল’ৰা মানুহৰ এইটো বয়সত ভুল হয়েই।

মাৰ দৰে মৰম কৰা খুড়ী এক মিনিটতে আন এজনী মানুহলৈ ৰূপান্তৰিত হৈছিল।
পুত্ৰস্নেহত অন্ধ মানুহ।
বাথৰূমত গৈ বমি কৰিছিলো, নাকৰ পৰা প্ৰথমবাৰৰ বাবে বৈ আহিছিল ৰঙা ৰঙ সোঁত।
মন,শৰীৰ সকলোবোৰ অসুখীয়া।
এটা এটাকৈ বস্তুবোৰ সামৰি থাকোঁতে ককালৈ মনত পৰি কান্দিছিলোঁ।কিন্তু কাকোৱেই একো ক’ব নোৱাৰিলোঁ

আজিও পৰা নাই।হয়তো কেতিয়াও নোৱাৰিম।

(আগলৈ)

5 thoughts on “#আবিৰ খণ্ড(৩১)

  1. কিমান সহিব আৰু অন্যন্যা
    সচাঁই বৰ দুৰ্বিষহ তাইৰ জীৱন💔

    Like

  2. মোক সিদ্ধাৰ্থ আৰু তেওঁৰ পৰিয়ালৰ এড্রেসটো দিয়াছোন 😡😡

    Like

Leave a Reply to Dolly Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s