#আবিৰ খণ্ড(৩২)

আচৰিত কথা কি জানেনে?
জীৱন চলি থাকে, ৰৈ নাযায়।আমি ৰৈ যাওঁ, দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ।
আৰু কেতিয়াবা…কেতিয়াবা একো একোটা যুগ।
নিজকে তেতিয়া চকৰিৰ দৰে লাগে, উঠিছোঁ, লৰচৰ কৰিছোঁ, কিন্তু আকৌ একেঠাইতে আহি ৰৈ গৈছোঁ।
মোৰ জীৱনটো ঠিক তেনেকুৱাই।
ঘূৰিপকি আহি এটা বিৰাট শূন্যত আহি ৰৈ যায়।কিছুদিন পাছত জীৱনৰ সাতাইশটা বছৰ পাৰ কৰিম, কিন্ত মই মোৰ নিসংগ শৈশৱৰ খং অভিমানবোৰত আজিও ছটফটাই আছোঁ।

:অফিচ নেহী জানা অনন্যা?
আঠটা বাজিল।কালিৰ দিনটোত হৈ যোৱা ঘটনাবোৰে ৰাতিটো শুবলৈ নিদিলে।হিবাই মোৰ বিচনাৰ ওচৰৰ খিড়িকী খন খুলি দিলে।মৃদু বতাহ এছাটি ৰূমৰ ভিতৰলৈ সুমাই আহিল।লগতে ফুলৰ সুগন্ধি।এইসময়ত আমাৰ ইয়ালৈ ফুল বিকা মানুহজন আহে।আণ্টিয়ে খোপাত লগাবলৈ গজৰা আৰু পূজাৰ বাবেও ফুল কিনে।লগতে পিজিৰ কিছু ছোৱালীয়েও ফুল কিনি পূজা কৰে।মইহে নাস্তিক ইয়াত।হিবাইতো যেনেতেনে কৰি হ’লেও দিনটোত পাঁচবাৰ নামাজ পঢ়ে।
এবাৰ ককাই কৈছিল, মোৰ অস্থিৰ মনক প্ৰাৰ্থনাৰ প্ৰয়োজন।একান্ত ভাৱে কৰা প্ৰাৰ্থনাই মনক প্ৰশান্তি আনি দিয়ে।
পৰাপাৰহীন দুখৰ মাজতো ক্ষণিকৰ বাবে হ’লেও মানুহে শান্তি বিচাৰি পায়।
কৰি চাম কেতিয়াবা, যেতিয়া ঈশ্বৰ আছে বুলি বিশ্বাস কৰিব পাৰিম।
অনিৰুদ্ধই দিয়া wind chime টো মৃদু শব্দ কৰি বাজি আছে।ঠিক যেন এটা গুঞ্জৰিত প্ৰাৰ্থনা।শুনিলেই বুকুখন ভৰি যোৱা সুৰ।বিচনাৰ পৰা উঠি আহিবলৈকে গাত জোৰ নাই যেন লাগিছে।ডক্টৰৰ ওচৰলৈ যাম বুলিও যোৱা হোৱা নাই।তাতে অনিৰুদ্ধই যদি সঁচাকৈ প্ৰজেক্ট এৰি যোৱাৰ সিদ্ধান্ত লৈছে তেন্তে কাম আৰু দুগুণ বাঢ়িব।তাতে সুভাষিণীও মেটাৰ্নিটি লিভত যাব।কি যে হ’ব !!!
মই মানে য’তেই যাওঁ তাতেই সৱ খেলিমেলি।
গা ধুই অকল চাহ একাপ খাইয়েই অফিচলৈ ওলালো।আজি ব্ৰেকফাষ্টত ‘ওপমা’ দিছে,মই খাই বিৰাট বেয়া পাওঁ।অফিচতে কিবা খাম বুলি হিবাৰ লগত ওলাই আহিলো।

সময়তকৈ সোনকালেই পালোহি অফিচ।কেৱল সুৰেশ আহিছে।টানিয়া আজি ছুটিত আছে।তাই ৰাতিপুৱাই টিমৰ whatsapp গ্রুপটোত মেছেজ কৰিছিল।
মোৰ ডেস্কৰ ওচৰ পাই দেখোঁ অনিৰুদ্ধ নিজৰ ছিটত বহি কাম কৰি আছে।
:গুড মৰ্ণিং।
কাহানিও কৰি পোৱা নাই।আজি কিয় জানো মন গ’ল।ময়েই আগতীয়াকৈ মাত লগালো।
:Excuse me???I mean, are you real!!Or its just me daydreaming like a teenager !!
কৈয়েই হা হা কৈ হাঁহি দিলে ।কিহে পাইছিল জানো মোক।নমতা হ’লেই ভাল আছিল।নিজেৰ ছিটত গৈ বহি থাকিলো।তেওঁৰ হাঁহি শুনি সুৰেশ উঠি আহিল।কিয় হাঁহিছে তাকে সুধি আকৌ এবাৰ মোক লাজত পেলালে।লেপটপটো খুলি মেইল পঢ়াৰ ভাও জুৰি আওকাণ কৰিলোঁ।
:So Ananya, ready to face your new lead. He is just opposite to our ‘happy go lucky’ Anirudh.

সুৰেশৰ কথাত কি কম ভাবি নাপালোঁ, এনেই হাঁহি এটা মাৰি শলাগ লৈ থৈ দিলো।ইতিমধ্যে মেইল আহিছে আমাৰ নতুন লিড হ’ব অমৃত ৰাজাশেখৰণ।কোন চিনি নাপাওঁ।
মই কিবা সোধাৰ আগতেই সুৰেশে ক’লে যে তেওঁ আগতে এইটো টিমতে আছিল।দুবছৰমান আগত কিবা কথাত লাগি এৰি গৈছিল।এতিয়া অনিৰুদ্ধৰ ঠাই ল’ব পৰা বেলেগ মানুহ নাই বাবে সুৰেশে বহুত ৰিকুৱেষ্ট কৰিছে ঘূৰি আহিবলৈ।আৰু লগতে জনালে অমৃত অলপ খঙাল মানুহ।কামৰ ক্ষেত্ৰত অলপ খেলিমেলিও সহ্য নকৰে।আজিৰপৰা তেওঁ আহিব অনিৰুদ্ধৰ পৰা কাম শিকিবলৈ।যিহেতু কাম বহুত শিকিবলগীয়া আছে, সেইবাবে অনিৰুদ্ধক দুসপ্তাহ নহয়, দুমাহৰ পাছতহে প্ৰজেক্ট এৰি যাবলৈ দিয়া হ’ব।কিয় জানো মনত অলপ ভাল লাগি গ’ল।অন্ততঃ আৰু দুমাহ তেওঁক লগ পাই থাকিম।আমাৰ মাজত কিবা সম্পৰ্ক থাকক বা নাথাকক, এই মানুহজনক দেখিলে মই সাহসী হৈ উঠোঁ।
আকৌ এবাৰ জী উঠাৰ প্ৰয়াস কৰোঁ।
:মোক আৰু দুমাহ সহ্য কৰিব পাৰিবা নে?
সুৰেশ আঁতৰি গৈছে।ঘূৰি চাই দেখোঁ তেওঁৰ দৃষ্টি কম্পিউটাৰ স্ক্ৰীণত।অভ্যস্ত আঙুলি কেইটাই তেতিয়াও কিবাকিবি টাইপ কৰিয়েই আছে।
:কি চাই আছা,কোৱা আকৌ।পাৰিবা তো?
:মই সহ্য কৰি আছোঁ বুলিনো কেতিয়া কৈছোঁ?
টেবুলত হাতেৰে ভেজা দি তেওঁ চকীখন চলাই আনি মোৰ ওচৰ পালেহি।মই তেওঁৰ চকুলৈকে চাই আছোঁ।কাম কৰোঁতে তেওঁ চছমা পিন্ধি লয় সদায়, আজিও পিন্ধিছে।
কিন্তু তেওঁৰ চকুৰ চাৱনি তেতিয়াও মই সহ্য কৰিব নোৱাৰোঁ।
সৱ খেলিমেলি হৈ যায়।
:তেন্তে মোৰ পৰা ইমান পলাই ফুৰা কিয়?ভয় কৰা?
:আজিলৈকে এনেকুৱা কোনো মানুহ জন্ম হোৱা নাই যাক মই ভয় কৰোঁ।
:সেইটো তোমাৰ ভ্ৰম।তুমি মোক ভয় কৰা, বহুত বেছি ভয়।Now take this.
জেপৰপৰা বগা ৰুমাল এখন উলিয়াই মোৰ হাতত দিলে, একো বুজিব নোৱাৰি অঁকৰাৰ নিচিনাকৈ তেওঁৰ মুখলৈ চাই থাকিলো।তেওঁ আঙুলিৰে কপাল খনলৈ দেখুৱালে।বিন্দু বিন্দু ঘাম।
তাৰমানে?
মই সচাকৈ ভয় কৰোঁ নেকি অনিৰুদ্ধক???
তেওঁ আঁতৰি গ’ল।সুভাষিণীৰ মাত শুনি ময়ো লেপটপটো হাতত লৈ আনটো কিউবিকেললৈ খোজ ললো।

যিমান পাৰোঁ নিজকে কামৰ মাজতে ব্যস্ত ৰাখিলোঁ।লাঞ্চ ব্ৰেকৰ পাছতেই সুৰেশৰ লগত অমৃত আহিল।মানুহজন দেখাতেই অলপ খঙাল নিচিনা।বেছি একো কথা নাইপতা কাৰো লগত।সৱৰে লগতে গহীনত কথা পাতি থকা মানুহজন কিন্তু অনিৰুদ্ধৰ লগত বেলেগ।
:What’s up bro?
Bro??
Really?
দুয়োটা মানুহ ইমান বিপৰীত অথচ ‘bro’ ।দুয়োজনে হাঁহি হাঁহি আমাৰ ফালেই চাই চাই কিবা কথা পাতি থাকিল।মাজতে সুভাষিণী উঠি গৈ তিনিওজন একেলগে চাহ খাবলৈ ওলাই গ’ল।আজি অফিচৰ পৰিৱেশটো কিবা বেলেগ ধৰণৰ।নিজকে অকলশৰীয়া নিচিনাও লাগিছে।টানিয়া নাই,কৃতিকাও ছুটিত।প্ৰশান্তই মোৰ লগত এনেয়েও বেছি কথা নাপাতে।সোনকালে কাম কেইটা কৰি ওলাই যাব পাৰিলেই হ’ল। সাত বজাৰ মিটিং খন আজি নাই। গতিকে দেৰিলৈকে নাথাকিলেও হ’ব। যেনেতেনে চাৰে ছয় বজালৈকে বহি থাকিলো।
বেগ সামৰি ওলাই আহোঁতে সৱেই চালে।সুৰেশক গা বেয়া লাগিছে বুলি কৈ গুচি আহিলো।অনিৰুদ্ধ আৰু অমৃত তেতিয়া নিজৰ ঠাইত নাই।দেখাৰ আগতে পলাব খুজিছোঁ মই।
আৰু গ্লাছৰ দৰ্জাখন ঠেলি ওলাই আহিয়েই সেই দুজনকে দেখিলোঁ।অনিৰুদ্ধই আচৰিত হৈ এবাৰ মোলৈ আৰু এবাৰ হাতৰ ঘড়ীটোলৈ চালে।
মই কাষেদি পাৰ হৈ গুচি আহিলোঁ।
:Amrit, you go to my place, I will just come okay.

অনিৰুদ্ধ যে মোৰ ওচৰলৈ আহিছে জানিও পিছলৈ ঘূৰি চোৱা নাই।কোবাকুবি কৈ গৈ লিফ্টত সুমাই বন্ধ হোৱা বুটামটো টিপি দিলোঁ।কিন্তু তেওঁ হাতখন মাজত দি ৰখাই দিলে।
:Too much Ananya.
:দেৰি হৈছে মোৰ।
:কি কামৰ কাৰণে দেৰি হৈছে?
:পাৰ্চনেল উৱৰ্ক।
:আৰু কিমান মিছা কথা কোৱা।আৰু দেৰি হৈছে যদি মই থৈ আহিম।আগতে মোৰ কথাটোৰ উত্তৰ দিয়া।
মই যিমান পাৰোঁ লিফটখনৰ চুকটোত সুমাই আছোঁ।তেওঁ দুৱাৰখনৰ সন্মুখত ৰৈ মোৰ ফালে নোচোৱাকৈ কথাবোৰ কৈ আছে।
:কি কথা মোৰ মনত নাই।
তেওঁ ঘূৰি লৈ মোৰ একেবাৰে সন্মুখত থিয় হ’ল।লিফ্ট তেতিয়া দহ নম্বৰ ফ্লুৰ পালেগৈ।মই মানে লৰালৰিত আপ বুটাম টিপিলোঁ।
মই পাগল,পক্কা পাগল।
:মনত পেলাই দিব লাগে?
মই তেতিয়াও লিফটখনৰ display খন চাই আছোঁ।তললৈ নামিছে।আঁঠ নম্বৰ মহল পাইছেহি।অনিৰুদ্ধ আৰু মোৰ মাজত এতিয়া মাত্ৰ এটি উশাহৰ বাট।মুখত chewing gum লৈ দৃষ্টি মোৰ ওপৰতে ৰাখি লাহে লাহে কি প্ৰশ্নৰ উত্তৰ পঢ়িবলৈ লৈছে তেওঁ মই নাজানো।
আৰু ঠিক তেনেতে…
ধামকৈ শব্দ কৰি লিফ্টখন ৰৈ গ’ল।
সকলো আন্ধাৰ।
:Shit!Shit!Don’t worry, I am here.
তিনি আৰু দুই নম্বৰ মহলৰ মাজতে লাগি ধৰিলে।এতিয়া কি হ’ব মই নাজানো।অনিৰুদ্ধই মোবাইলটো উলিয়াই চালে, নেটৱৰ্ক নাই।লিফ্টত এটা emergency বুটাম থাকে।তেওঁ সেইটো টিপিছে যদিও কাম কৰা নাই।
তাৰমানে এতিয়া অপেক্ষাৰ বাহিৰে আন উপায় নাই।
পোহৰত মোক প্ৰশ্ন কৰি মোৰ একেবাৰে ওচৰত ৰোৱা মানুহজন কিন্তু আন্ধাৰত মোৰ পৰা একেবাৰে আঁতৰত লিফটখনৰ আনটো মূৰত ৰৈ আছে।
আন্ধাৰৰ সুযোগ নোলোৱা পুৰুষ।
থাকে নেকি?
মই প্ৰথম দেখিছোঁ।
বেয়া পাওঁ বুলিলেও বেয়া পাব নোৱাৰা এই মানুহজন মোৰ আজিকালি ভাল লগা হৈ আহিছে।মিঠা মিঠা অনুৰাগ এটা নতুনকৈ জাগিছে।
:Ananya.
:Hmmmm
:Relax, we will be fine, okay ??Don’t worry.
সৰু ল’ৰা ছোৱালীয়ে যে ভয় খালে মাক দেউতাকে বুজাই দিয়ে ,ঠিক তেনে এটি সুৰত অনিৰুদ্ধই মোক ক’লে।
:Hmm.
কিছুসময় তেনেকৈয়ে পাৰ হ’ল…

মোবাইলটো উলিয়াই পোহৰ কণ লৈ মই নিজেই তেওঁৰ ফালে আগবাঢ়ি গ’লো।
কাষতে ৰৈ থাকিলোঁ।এইখিনিতেই মোৰ সাহসবোৰ মোলৈ ৰৈ থাকে।
মোবাইলটো চার্জ নাই।কিমান দেৰি চলে নাজানোঁ।
তেওঁৰ হাতত যিহেতু পোহৰ আছে,মোৰ ফোনটো মই বেগৰ কাষৰ চেইন ডাল খুলি ভৰাই থ’লো।
আকৌ নীৰৱ কিছু মুহূৰ্ত…
অনিৰুদ্ধই তেওঁৰ সোঁ হাতখন মোৰ ফালে আগবঢ়াই দিলে।
আৰু একো নাভাবি আন্ধাৰতে খামুচি ধৰিলোঁ।আঙুলিৰ ফাঁকে ফাঁকে আমাৰ নোকোৱা আবেগবোৰ বিয়পি পৰিল।
অনিৰুদ্ধই তেতিয়াও বাওঁহাতেৰে নিজৰ মোবাইলটোৰে লিফ্টখন পোহৰাই ৰাখিলে,মই যাতে ভয় নাখাওঁ তাৰবাবে।
তেওঁ নাজানে, মই আন্ধাৰতো বিশ্বাস কৰা মানুহ তেওঁ।
বাওঁহাতখন তেওঁৰ হাতত এৰি সোঁহাতেৰ নিজৰ বুকুত হাত দি চালোঁ।উশাহবোৰ এতিয়া ঘন নহয়।
শান্ত।
প্ৰশান্ত।

(আগলৈ)

9 thoughts on “#আবিৰ খণ্ড(৩২)

  1. Indranee baa I can’t explain how deeply I am in love with your writing skill😍.. Your each and every word touch my soul ❣️… Ufff am just speechless.. Desperately waiting for the next part..

    Like

  2. Bohut bhal lagil porhi ba…porhi hekh holei ru khali humuniah eta ahe..akou bohut din robo lagibo..PLZZ ru alop dighol k dbo ba..plzz

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s