আমাৰ আশে পাশে এতিয়া কিছু কথা বতাহত উৰি ফুৰিছে।ধৰি আনি ওঁঠত গুজি ল’বলৈহে আমি দুয়ো অপাৰগ।
কোনে কয়??
মৌনতা অসহনীয়।মইতো ভালপাওঁ, বহুত বেছি ভালপাওঁ।বুকুৰ ভিতৰৰ নেদেখাবোৰ চাবলৈ, নোপোৱাবোৰ চুবলৈ, মৌনতাৰ বাহিৰে আছেইবা কি???
অনিৰুদ্ধৰ হাতৰ মুঠিটো লাহে লাহে আৰু বেছি সৱল হৈ আহিছে।সামান্য পোহৰত উজলি থকা মুখ খন মোৰ ফালে ঘূৰাই তেওঁ মোক চাই আছে, আৰু মই সন্মুখলৈ চাই ভাবিছোঁ…
যদি মই কেতিয়াবাই নিজক শেষ কৰি দিলোহেঁতেন, এই মুহুৰ্তৰ ভাল লগা খিনি হেৰুৱাই পেলালোহেঁতেন।
ইমানবোৰ চকুপানীৰ পাছত হাঁহি এটা ৰৈ আছে বুলি নাজানিলোঁহেঁতেন।
আমি আচলতে জীয়াই থকাৰ সপোন সদায় দেখিব লাগে।
:অনন্যা…
:হমম
:কি ভাবিছা?ভয় লাগিছে নেকি?
:Nope.
তেওঁ সৰুকৈ হাঁহি দিলে।উত্তৰ নো কি দিম।এইখিনি সময় মনে মনে থাকি পাৰ কৰিব খুজিছো।ভাল লাগিছে তেনেকৈয়ে।
কৰ্কশ শব্দ এটা কৰি লিফ্টখন খোল খালে।লাইটবোৰ জ্বলি উঠিল।অনিৰুদ্ধই হাতখন এৰি দিলে।দুয়ো ওলাই আহিলোঁ।
:কি কাম আছে নোকোৱা?
:এনেই, কিবা এটা ভাল নাইলগা আজি।
:গা বেয়া লাগিছে?
:নাই।
:Life is tough Ananya, but trust me, everyone is suffering,struggling,fighting their own battles everyday.
:মোৰ জীৱনটো বহুত বেলেগ অনিৰুদ্ধ।
:মোৰ বিষয়ে তুমি কি জানা?কেতিয়াবা মোক সুধিছা,মই কেনে আছোঁ?
কথাষাৰে মোক চুই গ’ল।কিমান বেছি স্বাৰ্থপৰ মই।আজিলৈকে অনিৰুদ্ধক এবাৰলৈও সোধা নাই, কেতিয়াও জানিবৰ ইচ্ছাও কৰা নাই।ভালে আছেনে আপুনি?
দুয়ো আহি তেতিয়া অফিচ বিল্ডিংটোৰ বাহিৰত।
:মই ড্ৰপ কৰি দিওঁ?
:নালাগে, মই কেব লৈ ল’ম।
:ভালকৈ যাবা।
এক মিনিটো তাত ৰৈ নাথাকিল তেওঁ।উভটি খোজ ল’লে।মই চাইয়ে ৰ’লো তেওঁক।ইমান সুখী, ইমান প্ৰাণময়, ইমান হাঁহি থকা মানুহ এজনৰ মনত আন কিবাও থাকিব পাৰে নেকি?যদি আছে তেন্তে তেওঁ কিয় অকল মোক ক’ব বিচাৰে।মইতো তেওঁৰ কোনো নহয়।
অলপ পিছত কেবখন আহি ওচৰত ৰ’লহি। আগৰ ছিটটোত বহিবলৈ গৈ দেখোঁ মানুহ এজন বহি আছে।কোলাত এটা প্ৰায় এবছৰীয়া কেঁচুৱা। প্ৰথম যেতিয়া অফিচত দেখিছিলোঁ দেউতাক কিছুমানে নিজৰ কেঁচুৱাক অফিচলৈ লৈ আনে, গোটেই দিনটো খোৱাৰ পৰা আৰম্ভ কৰি ডায়েপাৰ সলোৱা, কান্দিলে লৈ লৈ ফ্লুৰটোৰ ইফালৰ পৰা সিফালে ঘূৰাই ফুৰোৱা, এই সকলো কাম কৰে তেতিয়া মনটো ভাল লাগিছিল।সদায় বেয়া পাই অহা দেউতা শব্দটোলৈ অকণমান সন্মান জাগিছিল।
কেঁচুৱাটো দেউতাকৰ কোলাত থিয় হৈ পিছলৈ চাই আহিছে।পিছৰ ছিটত মই আৰু আন এগৰাকী মহিলা।তেওঁ লেপটপ খুলি কাম কৰি আছে।কেনিও চাবলৈ সময় নাই।ইমান মৰমলগা কেঁচুৱাটোৰ ফালেও মূৰ দাঙি চোৱা নাই।মইহে চাই চকু কেইটা টিপিয়াই দিলোঁ।খিলখিলাই হাঁহি দি মোৰ ফালে হাত দুখন মেলি দেখুৱালে।একোলা ল’ব লাগে যেন তেনে এটি ভাৱত।দেউতাকে দেখা পাই হাঁহি দেখুৱালে।
:Can I please hold him for once?
:Sure.
নিজৰ কোলাত আলফুলে তুলি লোৱা অকণমানিটোক চাই মই আকৌ এবাৰ শিয়ঁৰি উঠিলোঁ।
“থুপু”
উফ।এনেকুৱাই, ইমানেই মৰমলগা এখন মুখ।মোৰ থুপু।ফুলা ফুলা গাল আৰু ডাঙৰ ডাঙৰ চকু।মোৰ কোলাত এনেকৈয়ে হাঁহে সি।আকৌ বা কেতিয়া দেখোঁ তাক।
শেষৰবাৰ যেতিয়া তাক দেখিছিলোঁ, সি প্রথম মোক মাতিব পৰা হৈছিল।বাক এৰি মোৰ লগত শুইছিল।সৰু হ’লে কি হ’ল,প্ৰতিটো শিশুৱে বুজি পাই তাৰ লগত প্ৰকৃত ভালপোৱা কাৰ আছে।কোনে তাক বুকুৰ মাজত সামৰি ৰাখিব খোজে।সি মোৰ মুখত হাত দি কলকলাই কিবা এটা কয়।মই বুজি পাওঁ।মোৰ দৰে সি ও লাহে লাহে অদৰকাৰী হৈ পৰিছে সেইখন ঘৰত।মই তাক সাৱটি ধৰিলে সি গোটেইটো কুচিমুচি সুমাই থাকে।তিনিবছৰ সম্পূৰ্ণ হোৱাই নাই তেতিয়া তাৰ।
মোৰ বুকুখন আৰু বেছিকৈ বিষাবলৈ ধৰে।থুপুৰ জীৱনটো মোৰ নিচিনা হোৱাটো মই সহ্য কৰিম কেনেকৈ??
:Excuse me, I need to get down.
মাত্ৰ কেইটিমান মুহুৰ্তৰ বাবে মোক থুপুৰ কথা মনত পেলাই দিবলৈকে যেন আহিছিল অকণমানি কেঁচুৱাটো।দেউতাকে নামি যাওঁতে মোৰ কোলাৰপৰা পৰা লৈ যোৱা অকণমানিটোক মই নেদেখা হোৱালৈকে চাইয়ে থাকিলোঁ।
মনত পৰিল মোৰ আৰু এটি অসম্পূৰ্ণ কাম।মই অতদিনে ভয় কৰি থকা যুঁজ খন মই আৰম্ভ কৰিবই লাগিব।
থুপুক মই মোৰ ওচৰলৈ আনিবই লাগিব।
ৰূমলৈ আহি দেখোঁ হিবা কান্দি কান্দি বিচনাত শুই আছে।কি হৈছে সুধি সুধি ভাগৰি গৈছোঁ কিন্ত নকয়।এবাৰ ধমকি দিয়াৰ দৰে সুধিলত ফটো এখন দেখুৱালে।দেখি কঁপি উঠিলোঁ।এইটো হিবাৰ ভায়েক।মুখ খন চিনিবই পৰা নাই।গোটেই গাতে তেজ।এক্সিডেণ্ট হ’ল চাগে।তাই তেতিয়াও একো কোৱা নাই।আকৌ সুধিলোঁ তাই গোটেইজনী জকজকাই উঠিল
:আপ কে হি ল’গ’ নে মাৰা হে মেৰে ভাই ক’।
কথাটো শুনি উচপ খাই উঠিলোঁ।কি হৈছে একো ধৰিব পৰা নাই।আকৌ সুধিলত তাই ক’লে কেনেকৈ তাইৰ সৰু ঠাইখনত এতিয়া ধৰ্মীয় ৰাজনীতি চলিছে।সমনীয়া ল’ৰাৰ মাজত লগা সাধাৰণ কাজিয়া গৈ ধৰ্মীয় যুঁজ হ’লগৈ।আৰু তাৰে সুযোগ লৈ যাৰ যাৰ ব্যক্তিগত মতভেদ আছিল তেওঁলোকেও যোগ দিলেহি।হিন্দু মুছলিমৰ কাজিয়া হ’লগৈ।আৰু তাতে তাইৰ ভায়েকেৰ এই দশা হ’লগৈ।
হিবাৰ কথাৰ উত্তৰ মোৰ ওচৰত নাই।ষোল্ল বছৰীয়া লৰাটোক এনেকৈ মাৰিব পাৰেনে মানুহে।
পাৰে।
মানুহে সৱ কৰিব পাৰে।
ঘৰত মাক অকলে।দেউতাক নোহোৱা ঘৰখন হিবাই চলাই আছে।তাইক যাবলৈ কাপোৰ কানি যি ওপৰতে আছিল বেগত ভৰাই দিলোঁ।মোৰো দুখ লাগিছে বহুত।এইবোৰ কথাৰ অন্ত নাই।পৃথিৱীখন শেষ হোৱাৰ পথত।কোনে ক’ত আৰম্ভ কৰিছিল সঠিককৈ কোনেও নাজানে।ইতিহাস খুঁচৰি কোনে চাব।মাৰিব লাগে, কাটিব লাগে।অকল ধৰ্মই নে,জাতি আৰু অঞ্চল বিশেষেও এই কাৰ্য্য চলিয়েই আছে।ডাঙৰ ডাঙৰ মানুহবোৰে জুইকুৰা জ্বলাই দিয়ে,মৰেগৈ হিবাৰ ভায়েকৰ দৰে সাধাৰণ মানুহবোৰ।
তাইক বাছ ষ্টেচনত থ’বলৈ আয়ু আহিল।কিন্তু হিবাই তাক ঘূৰিও নাচালে।তাৰ গাত নো কি দোষ।ময়েই কৈছিলোঁ থৈ আহ বুলি।কিন্তু এইখিনি সময়ত হিবাক বুজাই লাভ নাই।কেবত উঠি হিবা গুচি গ’ল।বহুত দেৰিলৈকে আয়ু মোৰ ওচৰতে থাকিল।তাৰো মনটো বেয়া লাগিছে।ওচৰৰে সৰু চাহৰ দোকানখনত বহি দুয়োটাই সেইবোৰ কথাকে পাতি আছোঁ।কথাৰ মাজতে আয়ুয়ে ক’লে
:তাইক মই সঁচাকৈ ভাল পাওঁ জাননে।বিদ্যা শপত।তাই মোক চাগে আৰু নামাতে কেতিয়াও।
আয়ুলৈ চালোঁ।ইমান কোমল মনৰ লৰাটোক হিবাই বুজিব লাগিব।মই বুজাম।পৰিস্থিতি ভাল হওক, সকলো ঠিক কৰি দিম।
:তই বিশ্বাস কৰিছ ন।মা কচম কৈছোঁ।আমাৰ মায়েও জানে।
:আগতে তাইৰ ভায়েকটো ভাল হওক, সেইটো ভাৱ।এইবোৰ পিছতো পাতিব পাৰিবি তাইৰ লগত।সৱ কথাৰে এটা সময় থাকে।
সি কি বুজিলে নাজানো।চিগাৰেট টানি তাতে বহি থাকিল।
আয়ুক এৰি ৰূমলৈ খোজ ললোঁ।বেছি ভাবিব পৰা শক্তি এতিয়া মোৰ বাকী ৰোৱাগৈ নাই।মোবাইলটো হাতত তুলি নম্বৰ এটা ডায়েল কৰিলোঁ।বহুত দেৰি ৰিং হোৱাৰ পাছত..
:Hey, you alright?
:ওহোঁ।
:মই অফিচৰ পৰা ওলাইছোঁ, তোমাক চাই যাম এবাৰ।ওলাই আহিব পাৰিবা?
:হমম।
অফিচলৈ পিন্ধি যোৱা কাপোৰ কেইটা সলাই মুখ হাত ধুলো।কথাবোৰ মগজত তেতিয়াও পাক খাইয়েই আছে।ঘৰত পিন্ধা পাইজামা পিন্ধিয়েই তললৈ নামি আহিলোঁ।
(আগলৈ)
Ufff,,,, baa aru alp dighal koriba na,,,, kahini tur majot nijok bisari sau ketiaba 😌
LikeLike
Someone should make a film with this story. It would be great.❤️❤️
LikeLike
Khub val lgil ❤️❤️…… please next 2 aibr olp khunkle dibo sun ba…… Plsssss🙏🙏😊…….
LikeLike