#আবিৰ খণ্ড (৩৫)

l am there for you, always.
গালখনত লাহেকৈ চুই দিলে অনিৰুদ্ধই।
বুকুখন ধককৈ উঠিল।

নিশাৰ আকাশৰ পৰা আইতাই তেতিয়া আমালৈকে চাই আছিল।
সদায় দুখোজ পিছুৱাই যোৱা মই আজি একে ঠাইতে ৰৈ আছোঁ।ঠাইখিনি শূণ্য।শাৰী শাৰী কৈ জকমকাই ফুলি থকা বুগেনভিলিয়া আৰু জোনাকে ছটিয়াই দিয়া সোণালী সোণালী এমুঠি পোহৰ।অনিৰুদ্ধৰ চকুত এনেকৈয়ে খেলি থাকে জোনাক, পোহৰ পোহৰ সপোন।মই বিচাৰি পাওঁ এটোপোলা উশাহ, মোক জীয়াই ৰাখিব পৰাকৈ।বাওঁহাতখন তুলি চুই চালো মোৰ গালত থকা তেওঁৰ সোঁহাতখন।
আস !
মোৰ সন্মুখত ৰৈ থকা মানুহজন সঁচা নে?
ইমান ভাললগা একেলগে বিচাৰি পোৱাটো সম্ভৱ নে?
মোৰ আৰু অলপ কাষ চাপি আহিল অনিৰুদ্ধ।
কলিজাৰ কম্পনত ভালপোৱাৰ ৰুণজুন শব্দ..
চকুকেইটা জপাই দিলোঁ,মেলি দিলেই যেন সপোন এটা ভাঙি থাকিব।
কপালৰ আগত পৰি থকা চুলিকেইডাল আঁতৰাই দিলে তেওঁ।
:অনন্যা…
:হমম..
ডিঙিটো যেন কিহবাই সোপা মাৰি ধৰিছে, কথাবোৰ বাহিৰলৈ ওলোৱা নাই, আৰু বেছি ভিতৰলৈহে সুমাই গৈ আছে।মোক সামৰি ল’বলৈ মই নিজেও পৰা নাই এতিয়া।
আৰু…
খেলিমেলি অনুভৱৰ মাজত দিশহাৰা হৈ উপঙি ফুৰা অস্থিৰ মনটোক বুটলি আনিব খোজোঁতেই…
অলপ হাউলি অনিৰুদ্ধই কৈ উঠিল
:Mystery girl, now go from here or just hold me before I fall for you again..
লাজ কৰিব মই নাজানো, কিন্তু চকু মেলি সন্মুখত হাঁহি থকা অনিৰুদ্ধক দেখি গালখন পুৰিছে।আৰু কিবা কোৱাৰ আগতেই উভতিলো, তেওঁ ৰৈয়ে আছে..
:Hey, listen
থমকি ৰ’লো
:Will call you..
পিছলৈ ঘূৰি নোচোৱাকৈ খোজ ল’লোঁ ৰূমলৈ।

হিবা নথকা ৰূমটোত অকলে থাকিবলৈ কিবা এটা ভাল লগা নাই আজি।আমাৰ ৰূমটোত এখন খালি বিছনা এনেয়েও আছে।আচলতে ৰূমটো তিনিজনী ছোৱালী থাকিব পৰা।কিন্তু আগৰপৰাই থকা ছোৱালীজনী বিয়া হৈছে নতুনকৈ।সেইবাবে এতিয়াও অহা নাই।মই অহাৰ আগতেই গুচি গৈছিল।হিবাই কোৱামতে তাইও এদিন নে দুদিন হে লগ পাইছে।
এতিয়া সেইখন বিচনাত আমাৰ গোটেই বেগবোৰ থোৱা থাকে।হিবাৰ ফালৰ ৱাল খনত ঢেৰ ফটো।তাতে মাক আৰু ভায়েকৰ সৈতে তাইৰ এখন ফটো আছে।দেখি মনটো বেয়া লাগি গ’ল।ভায়েকটোক তাই খুব মৰম কৰে।সৰুতেই দেউতাকে এৰি থৈ গৈছিল সিহঁতক।দেউতাকৰ আন এখন সংসাৰ আছে এতিয়া।হিবাৰ মাহীমাক আছে, মাহীমাকৰ সন্তান আছে।কৈছিল এদিন সকলোবোৰ তাই।তাই মাক আৰু ভায়েকৰ বাবেই হাঁহি থাকে সদায়।মনত ক্ষোভ আছে,কিন্তু কাৰো আগতেই নেদেখুৱাই।অকলেই সামৰি ৰাখে সকলো।মোকো কয় তাই, হাঁহি থাকিবলৈ।
মই নোৱাৰোঁ, মই নাজানো।
হাঁহিবোৰ কেতিয়াবাই হেৰুৱাই পেলালো।

গৰুটোত মূৰ থৈ বিচাৰি চাইছোঁ আকৌ এবাৰ, কিজানিবা ঠিক কোনখিনিত মই একেবাৰেই নিজক হেৰুৱাই পেলাইছিলোঁ সেইয়া বিচাৰি পাওঁ।
সিদ্ধাৰ্থৰ হাতত অপদস্থ হৈ মই আৰু এটা দিনো প্ৰদীপ খুড়াৰ ঘৰত থকা নাছিলোঁ।পিছদিনাই বস্তু সামৰি ওলাই আহিছিলোঁ।ক’লৈ যাম এবাৰো ভবা নাছিলো, কিন্তু ওলাই আহিছিলো।
কলকাতাৰ মুকুন্দপুৰৰ গলিয়ে গলিয়ে থাকিবলৈ ঠাই বিচাৰি ঘূৰি ফুৰিছিলোঁ।কোনো এটা পিজিত খালি ছিট নাছিল।
ককালৈ ফোন কৰি পাগলৰ নিচিনাকৈ কান্দিছিলোঁ।আৰু আবেলিৰ ফ্লাইট লৈ দেউতা আৰু ককা আহিছিল।মা কিন্তু নাহিল।মই তেওঁক ঘিণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনাৰ পৰা।বেয়া পোৱাবোৰ ঠিক সেইদিনাই ঘৃণালৈ ৰূপান্তৰিত হৈছিল।দেউতাই আকৌ ঘৰলৈ ঘূৰাই আনিব খুজিছিল।কিন্তু মই নাযাওঁ বুলি সিদ্ধান্ত লৈছিলোঁ।কোনোদিনেই মাৰ ওচৰলৈ যাবলৈ মোৰ মন নাছিল।
প্ৰায় এসপ্তাহ মই ককাৰ সৈতে হোটেলৰ ৰূমতে থাকিছিলো।দেউতাই কলেজৰ ওচৰৰ বেলেগ এটা প্ৰাইভেট হোষ্টেল ঠিক কৰি দিছিল।আৰম্ভ কৰিছিলোঁ নতুন জীৱন।
কলেজৰ চাৰিটা বছৰৰ প্ৰথম তিনিটা বছৰ সেইটো হোষ্টেল ৰূমতেই পাৰ কৰিছিলো।বন্ধু সিমান নাছিল মোৰ।কাৰণ মানসিক ভাৱে মই তেতিয়া লাহে লাহে আৰু বেছি নিসংগ হৈ পৰিছিলোঁ।মই বেয়া পাইছিলো সকলোকে, নিজকো।হোষ্টেলৰ চাৰিজনীয়া কোঠাটোৰ বাকী তিনিজনী ছোৱালীৰ মাজত বন্ধুত্ব আছিল, কিন্তু মোৰ লগত কোনেও ভাল কৈ কথা পতা নাছিল।মই অকলেই থাকিছিলোঁ, খাইছিলোঁ, ফুৰিছিলোঁ।ক্লাছতো মাত্ৰ দুই তিনিজন বন্ধু বান্ধৱী আছিল, তাৰে মাজত আছিল কলিকতাৰে ছোৱালী স্নেহা।প্ৰথম প্ৰথম কলেজলৈ আহোঁতে বন্ধু হোৱা সকলোৱেই দুই তিনিমাহৰ পাছতে মোৰ পৰা আঁতৰি গৈছিল।কাৰণ মই সিহঁতৰ কাৰণে ‘কামোৰ’ আছিলোঁ।
আৰু মই সকলোকে সিদ্ধাৰ্থ আৰু বিকাশৰ দৰেই চৰিত্ৰৰ বুলি ভাবিছিলোঁ।সিহঁতে মোক যিমানেই নিজৰ পৰা বেলেগকৈ ৰাখিছিল, মই সিমানেই নিজৰ সংগ উপভোগ কৰিবলৈ শিকিছিলো।

যিটো মই আজিও কৰোঁ।সেইবাবেই চাগে কোনোবাই এতিয়া মোৰ লগত কথা পাতিলে বা ভাল মাত এষাৰ মাতিলে মোৰ বিশ্বাস কৰিবলৈকো টান হয়।
কথাবোৰ ভাবি থাকিলে শেষ নহয়, মইহে শেষ হৈ যাম যেন লাগে।
ফোনটো বাজি আছে, অনিৰুদ্ধৰ ফোন।
উঠালো।
:শুৱা নাই?
:ওহোঁ।
:অকলে বেয়া লাগিছে?
:হিবাক মিছ কৰিছোঁ।
:আৰু মোক?
:মানে?
:একো নাই।
:
:অনন্যা…
:হমম
:I want to see you..

অনিৰুদ্ধই ফোনটো কাটি ভিডিঅ’ কল কৰিছে।নুমাই থোৱা লাইটটো অন কৰিলোঁ।গাৰুটো পোনাই বিচনাত আউজি বহিলো।
বগা টি চাৰ্ট পিন্ধি বিচনাত পৰি পৰি মোৰ লগত কথা পাতি থকা মানুহজন কিবা এটা মৰম লাগিবলৈ লৈছে আজিকালি।
ভাল লাগিবলৈ লৈছে।
:Say something
:You look tired.শুই যাওক আপুনি।কাইলৈ অফিচত কথা পাতিম।
:নালাগে,এতিয়াই কোৱা।
:কি ক’ম।
:যি মন যায়, মই জানো তোমাৰ ক’বলগীয়া বহুত আছে।
:আছে,কিন্তু নকওঁ।You will judge me.
:I never judge people, no matter what. You still dont trust me?
:I trust you, but not this society.
আকৌ দুয়ো মনে মনে …
:অনন্যা,সৱ কথা ইমান বেছি complicate নকৰিবা।জীৱনটো আজি আছে, কাইলৈ নাথাকিবও পাৰে।মই নাথাকিবও পাৰোঁ।হেৰাই যোৱাৰ পিছত বিচাৰি ফুৰি লাভ আছে জানো?মই তোমাক ভাল পাওঁ, তোমাৰ লগত কথা পাতি, তোমাৰ সৈতে সময় পাৰ কৰি ভাল পাওঁ। তাতকৈ বেছি মই ভবা নাই।তুমিও নাভাবিবা।Let’s keep everything simple.
:hmm
:ময়েই সৱ ভাল পাওঁ, তুমি নোপোৱা?
:Nope.
:Aah
অনিৰুদ্ধই বুকুত লাহেকৈ হাতেৰে খুন্দিয়াই হাঁহি দেখুৱালে, বহুদিনৰ মূৰত মোৰ মুখতো হাঁহি এটা ফুটি উঠিল

(আগলৈ)

6 thoughts on “#আবিৰ খণ্ড (৩৫)

  1. I also need people without judgement around me🙂…I often think of
    it…Why do everybody just judge us by our look or behaviour??…Why can’t
    they go through our heart even if just for once ??😐

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s