#আবিৰ খণ্ড(৩৬)

:ময়েই সৱ ভাল পাওঁ, তুমি নোপোৱা?
:Nope.
:Aah
অনিৰুদ্ধই বুকুত লাহেকৈ হাতেৰে খুন্দিয়াই হাঁহি দেখুৱালে, বহুদিনৰ মূৰত মোৰ মুখতো হাঁহি এটা ফুটি উঠিল।
:মই জানো।There is something you love about me.
:তেনেকুৱা একো নাই।
:মিছা কথা।
:সঁচা।
:You love my eyelashes, you touched them with so much affection, I still feel it.

লাজ এটাই আৱৰি ধৰিলে।হয়, চুই চাইছিলো সেই জোনাক ৰাতি, অনিৰুদ্ধৰ ধুনীয়া চকুযুৰিৰ দীঘল দীঘল পলক।মন গৈছিল আলফুলে যেন আঁকি দিম এটি চুমা।থুপুৰ দৰেই নিষ্পাপ চকু দুটা।
গোল গোল, তিৰবিৰাই থকা ।
:অনন্যা,একো নোকোৱা?
:আপুনি যিবোৰ কথা কয়, উত্তৰত মোৰ ক’বলগীয়া নাথাকেই।
:যিবোৰ মানে?কোনবোৰ?
:আপুনি মোৰ বিষয়ে একো নজনাকৈ,একো নভবাকৈ কৈ দিব পাৰে ভাল পাওঁ, ভাল লাগে ধৰণৰ কথাবোৰ।
:What do you mean by that?
:I mean just look at you,you are so perfect in everything. But I am a born looser Anirudh. I am the human version of failuer you know.
:তেনেকৈ কিয় কৈছা।
:সঁচাটো কৈছো।
অনিৰুদ্ধই একো কোৱা নাই।চাই আছে।মই হে অশান্তি পাইছোঁ।এনেকৈ ভিডিঅ’ কল কৰা অভ্যাস নাই মোৰ।তাতে অনিৰুদ্ধই কলিজাৰ ভিতৰখনো জুমি চাব পাৰে।এইবাৰ তেওঁ উঠি বহিল।অলপ চিৰিয়াছ যেন দেখা গ’ল।

:অনন্যা, মই তোমাক একো কথাত জোৰ নকৰোঁ।কিন্তু তুমি এনেকৈ থাকিলে কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিবা।একেঠাইতে ৰৈ থকা মানুহে একেটা দৃশ্যকে চাই চাই জীৱনটো পাৰ কৰে।ইফালে সিফালে কি আছে নেদেখে।তোমাৰো একেই হৈছে।তুমি ইমান বেছি নিজৰ দুখ আৰু অতীত লৈ ব্যস্ত থাকিলে আহিবলগীয়া দিনবোৰ একেই থাকিব।একো বেলেগ নহয়।আৰু তোমাৰ লাইফত কি হৈছে বা কি হ’ব সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে।সৱ দোষ আনৰ ওপৰত জাপি বহি থাকিলে এনেকৈয়ে থাকি যাবা তুমি।মই মাত্ৰ তোমাক এইটো কথাকে বুজাব খুজিছোঁ।কিন্তু তুমি ইমান বেছি admanet যে মই কেতিয়াবা নিজকে আঁতৰাই আনিম বুলিও ভাবো।

কথাবোৰৰ পৰা অনিৰুদ্ধৰ অলপ খং উঠা যেন লাগিল।মোৰ পৰা তেওঁ কি আশা কৰি আছে মই বুজোঁ, কিন্তু একো কৰিব হে নোৱাৰোঁ।মনে মনে শুনি আছোঁ।তেওঁ ও ৰৈ গ’ল,মোক কথা কৈ যে লাভ নাই ভালকৈয়ে বুজিছে

:অনন্যা,বেয়া নাপাবা।I was bit harsh. Sorry.
:Its okay.
:তোমাৰ চাগে কথা পতাৰ ইচ্ছা নাই।শুই থাকা।কাইলৈ অফিচত লগ পাম।গুড নাইট।
:মইতো কোৱা নাই ইচ্ছা নাই বুলি।
:What??
:
:মই পাগল হ’বলৈ বেছি দিন নাই।
তেওঁ নিজৰ চুলি কেইডাল খামুচি কথাটো কোৱাৰ ভংগীমাত নাহাঁহি নোৱাৰিলো।অলপ জোৰকৈয়ে হাঁহিলো।বাওঁফালৰ বেৰীয়া দাঁতটো চাগে তেওঁ প্ৰথম বাৰ মন কৰিলে।কাৰণ মোৰ হাঁহি বহুত কম মানুহে হে দেখিছে।আয়ুৰ ভাষাত হাতী দাঁত সেইটো মোৰ।আপুৰুগীয়া।কেতিয়াবা হে ওলায়।
অনিৰুদ্ধই চাইয়ে আছে.. এই চাৱনিত আজিকালি লাহে লাহে হেৰাই যাওঁ মই
:অনন্যা…
:হমম..
:You miss your home na???
অনিৰুদ্ধক উত্তৰ দিবলৈ লৈও ৰৈ গৈছোঁ।কি কম।ঘৰলৈ মনত পৰে, সদায় পৰে।কিন্তু বগা বাংলোলৈ নহয়।ককাৰ ঘৰ খনলৈ মনত পৰে।থুপুলৈ মনত পৰে।
:অনিৰুদ্ধ.. মোৰ থুপুলৈ মনত পৰে.. সদায়।
:You want to talk about it now?
:I am not ready.. but…
:Shhhh.. its okay.. relax.
:কথাবোৰ ক’বলৈ মোৰো মন যায়, কিন্তু আৰম্ভ কৰিবলৈ একো নাথাকে।আৰু শুনাৰ পাছত আপুনি কি ভাবিব সেইটো মই নাজানোঁ।আগতে হোৱা হ’লে হয়তো নাভাবিলো হেঁতেন, কিন্তু এতিয়া মোৰ কাৰণে আপুনি কি ভাৱে সেইটো জৰুৰী।
:কিয়?
:কিয় টো ৰ উত্তৰ নাই।
কিছুসময় আকৌ দুয়ো মনে মনে ৰৈছোঁ..
:চাৰিওফালে এবাৰ চোৱা অনন্যা।আজি হিবা বা তাইৰ ভায়েকৰ লগত যি হৈছে, সেইয়া জানো ভাল হৈছে?বেয়া মানুহ থাকিবই।নাথাকিলে ভাল বেয়াৰ বিচাৰ কৰিবা কেনেকৈ।তুমি কিছুমান বেয়া মানুহ লগ পালা, দুখ পালা।যিটো মই বিচাৰিলেও নাইকিয়া কৰিব নোৱাৰোঁ।কিন্তু বিশ্বাস কৰা, তোমাৰ আহিবলগীয়া দিনবোৰ কেতিয়াও মই জানি বুজি আন্ধাৰ হ’বলৈ নিদিওঁ।আৰু তুমি কোৱাৰ দৰে মই নহয়।ময়ো সাধাৰণ মানুহ।চিম্পল লাইফ এটা বিচাৰোঁ।একদম চিম্পল।সেইবাবে চাগে তোমাৰ ওচৰত ইমান কমফৰটেবল হওঁ।ইমান ফেক ৱৰ্ল্ড খনত একদম ফিল্টাৰ নোহোৱা তোমাৰ কথাবোৰ মোৰ ভাল লাগে।ইমান কেনেকৈ নিজক বেলেগকৈ ৰাখিছা?
ট্রেণ্ড কি তোমাৰ কোনো concern নাই, মানুহে কি ভাবিব তুমি কেয়াৰ নকৰা।যি মন যায় কৈছা, কৰিছা। I just love you the way you are.

অনিৰুদ্ধই কৈ যোৱা কথাবোৰ নিজৰেই বিশ্বাস হোৱা নাই।আজিলৈকে নিজৰ প্ৰশংসা মই কেতিয়াও শুনা নাছিলোঁ।আজি প্ৰথম বাৰ কোনোবাই এনেকৈ মোক প্ৰশংসা কৰিছে।উত্তৰ দিবলৈ একো নাই।সঁচা মিছাৰ বিচাৰ নকৰোঁ।কথাবোৰে বুকুত খুন্দিয়াইছে।ভাল লাগিছে।মোৰ বাবেও কোনোবাই ভালকৈ ভাবে।সেইয়া জানিয়েই চোন আজিকালি ভাল লগা হৈ আহিছে দিনবোৰ।
:তুমি একো নোকোৱা?
:একো নাই ক’বলৈ?
:ঘৰলৈ কেতিয়া যাবা?ককাক আনিবলৈ।
:আপুনি কেনেকৈ জানিলে?
মই কোনোদিন অনিৰুদ্ধৰ আগত এইবোৰ কথা পতা নাই।হঠাৎ প্ৰশ্নটো সুধি উচপ খাই উঠিলোঁ।
:তোমাৰ বন্ধুৱে তোমালোক দুইটাৰে কথা কৈ দিয়ে।
আয়ু!
এইটোৰ পৰা শান্তি নাই।বিয়াৰ পৰাই দুয়োটাৰে কথা আৰম্ভ হৈছিল।তাৰমানে এতিয়াও পাতি থাকে।
:আৰু কি কি কৈছে আয়ু য়ে আপোনাক?
:সৱ।
:সৱ মানে?
:নকওঁ।মাত্ৰ মই কিবা হেল্প কৰি দিব লাগে যদি কোৱা।
:এইটো কাম মই নিজে কৰিব বিচাৰোঁ।
:মই জানিছিলোঁ তুমি মোৰ হেল্প নোলোৱা বুলি।But still, I just want to tell you that I am there okay?
:Hmm
:এতিয়া শুই যোৱা,টোপনি নাহিলে চিগাৰেট নাখাবা।তোমাৰ health issue আছে বহুত মই জানো।এতিয়া শুই যোৱা।গুড নাইট।
ভিডিঅ’ কলটো কাটি দি বহুপৰ তেনেকৈয়ে বহি থাকিলোঁ।ককাক আনিবলৈ যাওঁ কেনেকৈ।ঘৰৰ deposit এক লাখ টকা।ভাড়া বাৰ হেজাৰ।যিমান কেইটা ঘৰ খবৰ লৈছোঁ সৱ মোৰ বাজেটৰ বাহিৰত।পঢ়া সময়তে ককাই দিয়া অলপ পইচা সাঁচি থৈছিলোঁ, লগত কোম্পানীৰ জইনিং ব’নাচ মিলাইছো।তাৰ পাছতো জোৰা মাৰিব পৰা নাই।ককাই দিব খুজে, কিন্তু মই ল’ব নোৱাৰো।পঢ়ি থাকোঁতে কথাবোৰ বেলেগ আছিল, এতিয়াও বেলেগ।তাতে আজি হিবাৰ হাততো অলপ দিব লগা হ’ল।কিন্তু মই দেৰি কৰিবও নোৱাৰোঁ।শেষৰ সময়খিনি ককা মোৰ লগত থাকিব বিচাৰে।আজিলৈকে একোৱেই দিব নোৱাৰিলোঁ।অন্ততঃ এইখিনি মই কৰিবই লাগিব।
চিগাৰেটৰ পেকেটটো উলিয়াই লৈ ৰৈ গ’লো।অনিৰুদ্ধই মানা কৰিছে।কাৰো কথা নুশুনা মই অনিৰুদ্ধৰ কথা শুনিম জানো।
এটা জ্বলাই লৈছোঁ।ৰূমটোৰ নির্জনতাত ধোঁৱাবোৰ কুণ্ডলী পকাই বিয়পি পৰিছে।
এইটোৱেই জীৱন, সৱ ধোঁৱা ধোঁৱা।
এই আছে এই নাই।
কিন্তু ক’ৰবাত কিবা এটা জ্বলি থাকেই, আমি দেখোঁ বা নেদেখোঁ।


কলেজৰ তেতিয়া শেষৰটো বছৰ।এদিন এটা ফোন কলে মোৰ জীৱনটো সলাই পেলাইছিল।
:হেল্ল’
:মাজু, মই বা,ভালনে তোৰ?
উচুপি উচুপি কথা কোৱা বাৰ মাতটো কিমান দিনৰ মূৰত শুনিছিলোঁ ঠিক নাই।কি সুধিব লাগে মই পাহৰিয়েই গৈছিলোঁ।
:বা?
:মাৰ পৰা তোৰ নম্বৰটো লৈছোঁ, তই ভালে আছ?
:বা তই মাৰ লগত কথা পাত?
:সদায় পাতোঁ।
:দেউতাই জানে?
:নাজানে।মা মোৰ ইয়ালৈ আহিছেও।
:ইয়ালৈ মানে?ক’ত আছ তই?
:গুৱাহাটী।
:তই কিয় তেনেকুৱা কৰিলি বা?তোৰ কাৰণে মোৰ লগত কি কি হ’ল জান?
:মোক মাফ কৰি দে প্লিজ।তোক মই বহুত ভাল পাওঁ তই জান।

(আগলৈ)

10 thoughts on “#আবিৰ খণ্ড(৩৬)

  1. কালিৰ পৰা আজিলৈ গোটেইখিনি পঢ়ি শেষ কৰিলোঁ । ইমানে ভাল লাগিছে যে বুজাব নোৱাৰোঁ ।

    Like

  2. Hi Indranee,

    My love suggested me to read your story, she liked ur too too much but my bad I don’t know assames, Is this availble in english also? Plss plas let me know if I can get thia in hindi or english

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s