#আবিৰ খণ্ড (৩৭)

বায়ে ফোন কৰাৰ দিনা মোৰ এনে লাগিছিল, ককাৰ বাহিৰেও কাৰোবাৰ মনত আছে যে মই জীয়াই আছো।প্ৰদীপ খুড়াৰ ঘৰৰ পৰা আহি হোষ্টেলত থকাৰ পৰা মই এবাৰো ঘৰলৈ যোৱা নাছিলো।মায়েও মোলৈ কোনোদিনেই ফোন কৰা নাছিল।দেউতাই কেতিয়াবা পইচাৰ কথা সোধে।ককাৰ নিজাকৈ মোবাইল নাই।তৰাৰ ফোনৰ পৰাই খবৰ লয় মাজে মাজে।
বায়ে ফোন কৰা দিনটোৰ ঠিক একসপ্তাহ মানৰ আগতে অসহায় হৈ মালৈ ফোন কৰিছিলোঁ।
স্বীকাৰ কৰিছিলোঁ জীৱনৰ এটা ডাঙৰ ভুল।
মনে মনে মোৰ কথাবোৰ শুনি তেওঁ দেউতাক কৈ দিছিল।
আৰু তাৰ পাছত
“এই মৰিলেই শান্তি”
“এই মৰিলে মই হাঁহ মাৰি ভাত খাম”
দেউতাৰ চিঞঁৰ ফোনতেই উফৰি আহিছিল।
মই তেতিয়ালৈ নিশ্চিত হৈছিলোঁ মই যে মাৰ নিজৰ নহয়।কোনো মাকে নিজৰ সন্তানক এনেকৈ এৰি দিব নোৱাৰে।অৱশ্যে আকৌ ভাবোঁ মায়ে বা দেউতাই প্ৰায় সকলোবোৰ কামেই কেৱল আনক দেখুৱাবলৈ কৰে, যিটো কামৰ social validation নাথাকে সেইটো কাম কৰাটো জৰুৰী বুলিও নাভাৱে।কিন্তু বাৰ লগত মায়ে কথা পাতে বুলি জানি মই আচৰিত হৈছিলোঁ।মান ইজ্জত শেষ কৰি গুচি যোৱা বুলি ঘৰত ইমান হুলস্থূল কৰা মায়ে বাক মাফ কৰিলে কেনেকৈ???
মাৰ ছচিয়েল ষ্টেটাছ তললৈ নমাই দিয়া বাক কেনেকৈ আঁকোৱালি লৈছে মায়ে?
:মাজু, ক আকৌ কিবা এটা।
:তোৰ ভালনে?
:আছোঁ আৰু।তই ভালে আছ?আগৰ নিচিনাই হৈ আছ ন।মায়ে কৈছে।
:মায়ে মোৰ কথাও পাতে?
:সদায় কয় মোৰ আগত।
:কিন্তু মোলৈ ফোন কৰিব নোৱাৰে।
:সেইবোৰ বহুত কথা মাজু।তই নুবুজিবি।
:তেন্তে বুজাই দে বা।এতিয়া লুকুৱাবলৈ কি আছে।আমাৰ ফেমিলিটো নৰ্মেল নহয় সেইটো কোনে নাজানে।কাক দেখাবলৈ ইমান এক্টিং।আৰু মোৰ লগত হে যে প্ৰব্লেম।তোৰ লগত কিয় নহয়।মই নিজৰ নহয় নেকি।নে মই দেখাত বেয়া,তহঁতৰ নিচিনা ৰঙা বগা চেহেৰাৰ নহয় কাৰণে মায়ে লাজ পায়।ক বা, এতিয়াও মনে মনে থাকিবি নে।তই তো ৰাজু দাৰ লগত গুচি গ’লি,কিয় কৰিলি তেনেকুৱা।মোৰ কথা, ককাৰ কথা ভাবি নাচালি।মায়ে তো তোক ইমান মৰম কৰিছিল।মাৰ কথা নাভাবিলি কিয়?
:মোৰো নিজৰ মন এটা আছিলে মাজু।মায়ে যি কয় তাকেই কৰি কৰি মই সেই মনটোক মাৰিয়েই পেলালোঁ।’ভাল ছোৱালী’ৰ টেগটো লগাই মায়ে মোক মানুহৰ আগত ইমানেই ওপৰলৈ উঠাই দিলে যে মই আন ছোৱালীৰ নিচিনা একো কামেই কৰিব নোৱাৰিলোঁ।তোৰ মনত আছে নে,এবাৰ যে লগৰ এজনীৰ বায়েকৰ বিয়াত গৈ এপাক নাচিছিলোঁ কাৰণে মায়ে কিমান লাজ পাইছিল।হাতত ধৰি টানি আনি গাড়ীত ভৰাই লৈ আনিছিল ঘৰলৈ।মোৰ উশাহ বন্ধ হৈ গৈছিল সেইটো ঘৰত থাকি থাকি।মায়ে মোক চকুৰ আগৰপৰা আঁতৰ হ’বলৈ নিদিয়াটো মোৰ কাৰণে কিমান অসহনীয় আছিল তই কি বুজিবি।মোৰো মন আছিল ওলাই যাবলৈ, ভাল কলেজ এখনত পঢ়িবলৈ।কিন্তু নিদিলে।মাৰ পৰা আঁতৰি গ’লেই যেন মই হেৰাই যাম।মই জানিছিলোঁ মায়ে কিয় ভয় কৰিছিল, এবাৰ আপোন কাৰোবাক হেৰুওৱা মানুহে পদে পদে ভয় খায়.. কিন্তু
:মায়ে কাক হেৰুৱাইছে?
:তই নালাগে জানিব।কিন্তু মাক তই বেয়া পাই নেথাকিবি মাজু।
মায়ে তোক ভাল পাব নোৱাৰে, ভুল তোৰ বা মাৰ কাৰো নহয়।ভুল তোৰ কপালৰ।
:বেয়া মাত ওলাব এতিয়া মোৰ।কি কৈ আছ একো বুজি পোৱা নাই মই।
:শুন,তোলৈ মই এটা হেল্প বিচাৰি ফোন কৰিছোঁ,কৰিবি?
:স্বাৰ্থ আছে কাৰণেহে ফোন কৰিছ, তহঁত সৱ চেল্ফিছ।
:তোৰ বাহিৰে মোক কোনেও হেল্প কৰিব নোৱাৰে।প্লিজ এবাৰ মোৰ কথাটো শুনি ল।
:মইতো সদায় শুনিয়েই আহিছো বা।মোৰো কিন্তু বহুত কবলগীয়া আছে।যিবোৰ কোনেও নুশুনে।তইতো নাজান মই কি অৱস্থাত আছোঁ।
:মই জানো।
:মায়ে কৈছে?
:উম।
:তোৰ লগত মোৰ কথা পাতিবলৈ তেওঁৰ সময় আছে, মোৰ খবৰ ল’বলৈ হে নাই।ইমান স্বাৰ্থপৰ মানুহ মই দেখা নাই।মা বুলি ভাবিবলৈ মনেই নাযায় আজিকালি।
:মাজু, লাইফটো কাৰোৰে ইজি নহয়।বুজি পাবি মই কি কৈ আছোঁ।
আৰু সেইদিনাৰ পৰাই আৰম্ভ হৈছিল জীৱনৰ এটা নতুন অধ্যায়ৰ।গুৱাহাটীলৈ গৈ লগ কৰিছিলোঁ বা আৰু ৰাজুদাদাক।
বাক দেখি চকুপানী ওলাইছিল।আগৰ চেহেৰা নাই।বয়সতকৈ বেছি ডাঙৰ যেন দেখিছিলো তাইক।সৰু ভাড়াঘৰটোৰ দুটা কোঠাত যেনেতেনে আছে।ৰাজুদাই ইলেকট্ৰনিকছৰ দোকান এখনত মেনেজাৰ হিচাপে কাম কৰি আছে।ঘৰৰ অলসুৱা বা জনীক গৃহিণীৰ ৰূপত দেখি সুখী হ’ম নে দুখী হ’ম মই একোৱেই ভাবি পোৱা নাছিলোঁ।মাৰ সৈতে গৈ এমাহত এবাৰ মেনিকিউৰ কৰা বাৰ হাত দুখন আগৰ দৰে কোমল নাছিল।চুই চাইছিলো।তাই সেমেকা হাঁহি এটাৰে চকুপানী ঢাকিছিল।
:তোৰ কষ্ট হৈছে বা?
:আগতে নকৰা কামবোৰ শিকি ল’লোঁ মাজু। কাম কৰা মানুহ ৰাখিব নোৱাৰোঁ।ইমান পইচা নাই।মায়ে দিব খুজে, ৰাজুৱে ল’বলৈ নিদিয়ে।
:তোৰ এইটো লাইফ ভাল লাগিছে?
:এতিয়া সেইবোৰ একো নাভাবোঁ ।সিদ্ধান্ত যিহেতু মোৰেই আছিল।ভাবি কিবা লাভ আছে জানো?
বাৰ উত্তৰটোত হাজাৰটা প্ৰশ্ন আছিল, সুধিব খুজিও নুসুধিলোঁ।
বাহিৰৰ কোঠাটোতে বহি ঢেৰ কথা পাতিছিলোঁ।
:ভিতৰলৈ আহ।
তাইৰ পিছে পিছে সোমাই গৈছিলোঁ।
:কিবা হ’ল নেকি কচোন।
:পিছত কম, তই ভাত খা চোন।
প্লাষ্টিকৰ চকী টেবুলত বহি বায়ে ৰন্ধা ভাত খাইছিলোঁ।তাই মুৰ্গীৰ মাংস খিনি জালুক দি মই ভালপোৱা ধৰণেৰেই ৰান্ধিছিল।লগত শাকৰ ভাজি।মই খাই ভালপাওঁ।
তৰা আৰু বাহাদুৰৰ হাতৰ সোৱাদ লৈ ডাঙৰ হোৱা বা নিজেই পাকৈত ৰান্ধনী হৈ পৰিছিল।দুয়োজনীয়ে মন খুলি কথা পাতিছিলোঁ।মই খুলি কৈছিলোঁ মোৰ লগত ঘটি যোৱা প্ৰত্যেকটো ঘটনা।বায়ে মনে মনে শুনি আছিল।ভাত খাই দুইজনী বিচনাত পৰোঁতেও ময়েই কথাবোৰ কৈ আছিলোঁ।বাৰ ফালৰপৰা একোৱেই নাই।
:মাজু, মোৰ পৰা লুকুৱাব নালাগে।এই ঢিলা হুডি পিন্ধি কিমান দিন ঢাকিবি?
বায়ে জানে?
কোনে কৈছে?
মায়ে?
সামান্য বাহিৰলৈ ওলোৱা পেট তো তাই চুই চাইছিল।
মই দুখোজ পিছুৱাই আহিছিলোঁ।
:মোক দি দে?প্লিজ?
কিবা ক’বলৈ মোৰ ওচৰত শব্দই নাছিল।
:চাৰিবছৰে বহুত কান্দিছোঁ মাজু।এতিয়া আশাই বাদ দিছিলোঁ।তই মোক একো ক’বও নালাগে।কাৰ হয় সেইয়াও নালাগে।মাত্ৰ মোক দি দে, প্লিজ।মই বহুত অকলশৰীয়া মাজু।
বায়ে কি কৈ আছে বুজি একো পোৱা নাই,
কিন্তু বুজিছিলোঁ বা যে মানসিক ভাৱে ভাগি পৰিছে।মনত পৰিছিল দেউতাই তাইক দিয়া শাও বোৰ।উৎপাত কৰি চৰু ধুই শ্ৰাদ্ধ পতাৰ দিনটো।অসহায় ককাৰ চকুপানীবোৰ।মাৰ নিৰ্লিপ্ত চাৱনিবোৰ।
কিয় কৰে ?
নিজ পিতৃ মাতৃয়েও এনেকৈ অভিশাপ দিব পাৰেনে?
কিয় ইমান স্বাৰ্থপৰ সকলোবোৰ সম্বন্ধ??
আজি বায়েও নিজৰ স্বাৰ্থ লৈয়ে মোক মাতিছে।আৰু মই ভাবিছিলোঁ, তাই সঁচাকৈ মোক ভাল পায়।
গুৱাহাটীত সেইদিনা সন্ধিয়া ধুমুহা আহিছিল।


ফোনৰ ৰিংটন শুনি বৰ্তমানলৈ ঘূৰি আহিলোঁ।চাৰে বাৰটা বাজিছে।আয়ুৰ ফোন।
:আয়ু, কি হ’ল?
বুকুখন ধিপিং কৈ উঠিল।
কোন মুহূৰ্তত বেয়া খবৰ পাওঁ একো ঠিক নাই।
:sense আহিছে বুলি কৈছে।এইমাত্ৰ মাকে ফোন কৰিছিলে হিবাক।
দীঘলকৈ উশাহ এটা টানি লৈছোঁ।
:হিবা ঠিকে আছেনে?
:আছে।তই চিন্তা কৰি থাকিবি বুলি ইমান দেৰিকৈ ফোন কৰিলোঁ।শুৱা নাই কেলেই?ফোন অফ কৰি শুই যা।
ফোনটো কাটি অফ কৰিবলৈ লওঁতে অনিৰুদ্ধৰ মেচেজ।
“Tomorrow come bit early”
তেওঁক তেতিয়াও অনলাইন দেখি ৰিপ্লাই কৰিলোঁ।
:why?
লগেলগেই ফোন বাজিল।
:ইমান দেৰি শোৱা নাই কিয়?কি কৰি আছিলা?
:এনেই।
:এই ছোৱালজনী একদম কথা নুশুনে।ওচৰত থকা হ’লে হেঁচা মাৰি শুৱাই থলোহেঁতেন।
হঠাৎ কি কৈ দিলে হয়তো তেওঁ নিজেও ধৰিব নোৱাৰিলে।
ময়ো কি ক’ম ভাবিয়েই নাপালোঁ।
:I didnt mean that way.. sorry. Shit!
আৰু কথা বহলাই থাকিব মন নাই।ফোনটো অফ কৰি শুই পৰিলোঁ।টোপনিৰ অপেক্ষা কৰিব লগীয়া নহ’ল।ফোনত থুপুৰ ফটোখন চাই চকুদুটা জপাই দিলোঁ।
(আগলৈ)

5 thoughts on “#আবিৰ খণ্ড (৩৭)

    1. উফ্!!! এই স্বাৰ্থপৰ পৃথিৱী!!!!মানুহক জীয়াই জীয়াই মাৰে…………….

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s