#আবিৰ খণ্ড (৩৮)

:Good morning mystery woman!!!See you soon.
মেছেজটোৱে মুখলৈ হাঁহি এটা কঢ়িয়াই আনিলে।অনিৰুদ্ধই দিয়া নাম।প্ৰায়ে কয়।মই হেনো mystery woman।আচলতে তেওঁ বুজাই নাই মোৰ ভিতৰখন যে চাব বিচাৰিলেই চাব পাৰি।মই পৰ্দা দিয়া নাই কোনোদিনেই।যি আছিল,যি আছে সেয়া সকলোৱে দেখে, বুজিবলৈ কোনোৱে কোনোদিন চেষ্টা নকৰিলে সেইয়া বেলেগ কথা।
আক্ষেপ নাই।
বিচনাত পৰি পৰিয়েই হিবালৈ ফোন কৰিলোঁ।কেইবাবাৰো ৰিং হোৱাৰ পাছতো নুঠালে।আকৌ আয়ুলৈ কৰিলোঁ।সিহঁত দুয়োটা বাহিৰে বাহিৰে হস্পিতাল পালেগৈ।আয়ু বেচেৰা বাহিৰতে ৰৈ আছে।হিবাই ভিতৰলৈ নিব নোৱাৰে।ঘৰৰ মানুহ মানে মোমায়েক আৰু খুড়াক সম্বন্ধীয় মানুহবোৰলৈ ভয়।
এৰা, ভয়।
কোনে কয় আমি আত্মীয় মানুহক ভাল পাওঁ বুলি!
নাপাওঁ, আমি ভয় কৰোঁ,আৰু য’ত ইমান ভয় থাকে তাত মৰম ভালপোৱা থাকে জানো?
মানুহ এনে এবিধ প্ৰাণী যি নিজৰ বাহিৰে কাকোৱেই ভাল পাব নোৱাৰে।সম্বন্ধ কিছুমানে বান্ধি থয় কাৰণে থাকে, আৰু কেতিয়াবা একেলগে থাকি থাকি মোহ জন্মে।সন্তানৰ প্ৰতি, মাক দেউতাকৰ প্ৰতি ,ককাই ভাইৰ প্ৰতি।
এই মোহে মোক চুব পৰা নাছিল, যেতিয়ালৈকে মোৰ ভিতৰত মই থুপুক অনুভৱ কৰিব পৰা নাছিলো।

কোনো ধৰণৰ ৰুটিন নথকা মোৰ লাইফষ্টাইল আৰু মদ চিগাৰেটৰ সেৱনৰ ফলতেই হওক মোৰ মাহেকীয়া নিয়মীয়া নাছিল।সেইবোৰো প্ৰায় দুমাহ পাৰ হৈ যোৱাৰ পাছত যেতিয়া গা বেয়া লাগিবলৈ ধৰিলে উপায় নাপাই ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ।মুখত বিৰক্তি আৰু ঘৃণা লৈ ডক্টৰে কৈছিল।মোৰ পেটত এটা নতুন জীৱন।মই এবাৰো নোকোৱাকৈয়ে বা একো নুসুধাকৈয়ে তেওঁ কৈ উঠিছিল
:Get rid of it as soon as possible. After few days I wont be able to help you.

কি কৈছে বুজিবলৈ মোৰ বাকী নাছিল।সেইখিনি মুহূৰ্তত মোৰ মূৰত এজাক প্ৰচণ্ড বা মাৰলি।কি কৰিম মই ভাবি পোৱা নাছিলোঁ।এটা ৰাতিৰ নিচা আৰু মোৰ জীৱনৰ বাটটো যেন অস্বাভাৱিক ধৰণেৰে পাক খাই গৈছিল।লিখি দিয়া দৰৱ কেইটা কিনিবলৈও মোৰ শক্তি নাছিল।বাহিৰৰ বেঞ্চ এখনতে বহি আছিলোঁ।কঁপা কঁপা আঙুলিৰে মাৰ নম্বৰ ডায়েল কৰি কান্দিছিলোঁ।যিটো মোৰ ভুল আছিল।কিয় সেই সময়ত ইমান অসহায় অনুভৱ কৰিছিলোঁ নাজানো।মায়ে শুনি আছিল মনে মনে।পইচা পঠোৱাৰ কথা কৈছিল।গালি দিয়া নাছিল।দেউতাক কৈ দিছিল।আৰু তাৰ পাছৰখিনি মই শুনিব পৰা নাছিলোঁ।ককাই আজিও নাজানে সেই চৰম সত্য, নাইবা জানিও মোৰ আগত সেইবিষয়ে একো কথা নুলিয়াই।

এনেতো নাছিল যে মই সিদ্ধান্ত ল’ব পৰাকৈ mature নাছিলোঁ।বয়সতকৈ বহুত বেছি আগতেই মই জীৱনৰ সত্যবোৰ এটা এটাকৈ বুজি উঠিছিলোঁ।দুখ সুখ একোৱেই চুব নোৱাৰাকৈ ডাঙৰ হৈছিলোঁ।কিন্তু সেইদিনা নিজকে বৰ দুৰ্বল যেন অনুভৱ হৈছিল ।খোজ কাঢ়িবলৈকো যেন শক্তি নাই।আঁঠু দুটা নাই নাই লাগিছিল।ডিঙিটো শুকাই গৈছিল।গোটেই গাটো ঘামৰে জুৰুলি জুপুৰি হৈছিল।
কি কৰোঁ?
নিজেই মৰো, আনক মাৰো নে কাকো নমৰাকৈ জীয়াই থাকোঁ।
এই সকলোবোৰৰ মাজতে এটা কথাত মই নিশ্চিত আছিলোঁ, কাৰো ওচৰত বেচেৰী হৈ সহায় বিচাৰি আৰু নাযাওঁ।যি কৰিম নিজেই কৰিম।
মানসিক, শাৰিৰীক শক্তি যে হেৰাই গৈছিল।

কিন্তু হস্পিতালৰ পৰা ওলাই আহিয়েই সেই শক্তি মই ফুটপাথত শুই থকা গৰ্ভৱতী ভীক্ষাৰী জনীৰ পৰা পাইছিলোঁ।তাইৰ ওচৰত খেলি থকা ফটা কাপোৰ পিন্ধা ল’ৰা ছোৱালী দুটাৰ পৰা লৈছিলোঁ।ইহঁত জীয়াই থকাৰ সংগ্ৰাম খনৰ একো একোজন যুঁজাৰু।মনতে ভাবিছিলো তাইতো মাৰি পেলোৱা নাই পেটৰ সন্তানক।তেন্তে মই ইমান নিষ্ঠুৰ কিয় হ’ম??
থাকিব, মোৰ সন্তান জীয়াই থাকিব।
অনন্যাৰ কোনো অংগই মৰিব নোৱাৰে।
টানিছিলো, সেইদিনাও চিগাৰেট টানিছিলো।এটা চিগাৰেটৰ ধোঁৱাই একো কৰিব নোৱাৰে মোৰ সত্তাক।বিস্কুটৰ পেকেট এটা কিনি সিহঁতৰ সৈতে একেলগে খাইছিলোঁ।একেটা বটলত মুখ দি পানীও খাইছিলোঁ।
মানুহজনীয়ে হাত পাতি আৰু পইচা খুজিছিল।
মনিবেগটোৰ পৰা কাৰ্ড কেইখম উলিয়াই তাইক দি দিছিলোঁ আৰু হোষ্টেললৈ নতুন এজনী মানুহ হৈ ঘূৰি আহিছিলোঁ।

কিন্তু…
মায়ে তাৰ মাজতো তেওঁৰ স্বাৰ্থ পূৰণ কৰাৰ সুযোগ বিচাৰি পালে।সন্তানৰ বাবে হাহাকাৰ কৰি থকা বাৰ কোলাত মোৰ সন্তান দি তেওঁ দুয়োফালে মিলাই ৰাখিব খুজিলে।অবিবাহিত হৈ মই সন্তান পালিলে তেওঁ লাজ পাব, আৰু বাৰ দুখ তেওঁৰ সহ্য নহয়।আৰু সেইবাবে বাৰ লগত কথা পাতি মায়ে সকলোবোৰ প্লেনিং কৰিয়েই থৈছিল।
এবাৰলৈও মোক সোধা নাছিল।

:মাজু,কথাবোৰ ভালকৈ ভাবি চা।তই আমাৰ ঘৰতে থাকিবি।
:আৰু মোৰ পঢ়া শুনা?বাদ দিম।
:মায়ে মেনেজ কৰিব।তই ডিৰেক্ট গৈ exam দিব পৰিবি।এনেয়েও এইটো অৱস্থাত তই কলেজ গ’লে সবেই হাঁহিব, কথা শুনাব।
:তাতে মোৰ কি আহে যায়?
:তই পাগল হোৱা নাইতো?এনেকৈ কলেজ যাবি তই?
:যাম,যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে যাম।কোনো কলেজৰ ৰুল নাই প্ৰেগনেন্ট হ’লে পঢ়িব নিদিওঁ বুলি।যদি ইমান মৰম আছে মোলৈ খবৰ ল’বলৈ আহি যাবি কেতিয়াবা।

কথাৰে নোৱাৰি বায়ে চকুপানীৰ আশ্ৰয় লৈছিল।
:চা মাজু।তই আজিলৈকে ঘৰৰ কাৰোৰে কাৰণে একো কৰিব লগীয়া হোৱা নাই।আজি মই তোক অকল মোৰ কাৰণেই বুজোৱা নাই,আমাৰ গোটেই ঘৰখনৰ কাৰণে কৈছোঁ।তই মোৰ লগত থাক।মই সমস্ত দায়িত্ব ল’ম।ইয়াৰ ডাক্তৰক দেখুৱাম।মাৰ চিনাকি আছে।একো নহয়।তই মাত্ৰ মোৰ লগত থাক।তোৰ পঢ়াৰ লোকচান নহয়।মায়ে কথা পাতিব।কিমান বিয়া হোৱা ছোৱালীয়ে পঢ়া তেনেকৈয়ে শেষ কৰে।প্লিজ বুজিবলৈ চেষ্টা কৰ।

বুজিছিলোঁ, তাৰ বাহিৰে উপয়েই বা আছিল কি!!!
আজীৱন কেৱল বুজোঁতে, শুনোতেই গৈছে মোৰ।
সদায়ৰ দৰে মা জয়ী হৈছিল, মই হাৰিছিলোঁ।

:I am waiting outside!
What!!!!
অনিৰুদ্ধ কিয় আহিছে?নটা বাজিবলৈ তেতিয়াও দহ মিনিটমান বাকী।মই গাটো ধুই অফিচলৈ বুলি ওলাইছোহে।চুলি আঁচোৰি কিবাকিবি ভাবি থাকোঁতেই এইটো মেছেজ। খিড়িকীখন খুলি তেওঁক দেখোঁ নেকি চালো।
নাই।
হয়তো ৰাস্তাৰ মূৰত আছে।এইবিলাক অলপ বেছিয়েই হৈছে।কামোৰ লাগে মোৰ।ৰিপ্লাই লিখিলোঁ।
:মই লিফ্ট বিচাৰিছিলোঁ নেকি?
:What!Okay!Sorry its my fault. I will leave now.

অনিৰুদ্ধৰ খং উঠিল।Emotional মানুহবোৰে অভিমান নে কিবা বুলিও কয়।ফোনটো লৈ কেব বিচাৰিবলৈ লাগিলোঁ।

(আগলৈ)

5 thoughts on “#আবিৰ খণ্ড (৩৮)

  1. Abir atia obhyakh hoi porise ❤️❤️❤️….. Khub vl lgil….. Next part ti loi odhir agrohere bat sai rolu 😍🤗🤗

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s