#আবিৰ খণ্ড(৩৯)

সম্পূৰ্ণ এটা সপ্তাহ, অনিৰুদ্ধই মোৰ লগত কোনো ধৰণৰ কথাই পতা নাই।আনকি মোলৈ তেওঁ চাবলৈয়ো বাদ দিলে।অফিচত যিমান বাৰ দেখা হয়, তেওঁ চকু আঁতৰাই নিয়ে।মোক কিবা কাম দিবলগীয়া হ’লেও মেইল কৰে নাইবা অমৃতক কয়।এই এসপ্তাহত কিমান কি হৈ গ’ল,তেওঁ একো সোধা নাই।আয়ু ঘূৰি আহিল, হিবাৰ ভায়েক অলপ সুস্থ হৈছে, কিন্তু তাই এতিয়াও ঘূৰি অহা নাই।মই অকলেই আছোঁ ৰূমত।কথা পাতিবলৈ বহুতেই আছিল, কিন্তু সামান্য কথাতে বেয়া পাই অনিৰুদ্ধই মোক যেন পাহৰিয়েই পেলালে।সদায় শোৱাৰ আগতে এবাৰ তেওঁৰ নম্বৰটো চাওঁ, ডায়েল কৰি কাটি দিওঁ।ৰিং হ’বলৈ নিদিওঁ।তেওঁৰ হয়তো একো অনুভৱ হোৱা নাই।মইহে মিছ কৰিছোঁ। আমাৰ চুটি চুটি বার্তালাপৰ এক সুকীয়া মাদকতা আছিল, যিটো মই এতিয়া বিচাৰি হাবাথুৰি খাইছোঁ।
অদ্ভুত এক শূন্যতাই বিৰাজ কৰিছে চৌপাশে।অনিৰুদ্ধ বিহীন সময় বোৰ ভাল নলগা হৈছে।
কিন্তু মই তেওঁক একো ক’বও নোৱাৰোঁ।
সেইয়া তেওঁ জানে, সেইবাবেই অলপ বেছি কৰিছে।
সেইদিনা অফিচত যেতিয়া সকলো চাহ খাবলৈ ওলাল, মোকো লগ ধৰিছিল অমৃতে, কিন্তু মই কিবা উত্তৰ দিয়াৰ আগতেই অনিৰুদ্ধই কৈ উঠিল
:She won’t come, leave it.
যাবলৈ উঠিও আকৌ বহি থাকিলোঁ।সৱ গুচি যোৱাৰ পাছত চকুকেইটাই সেমেকি আহিল।কিন্তু তথাপি তেওঁক একো কোৱা নহ’ল।ওলাই গৈ লানি নিছিগা ধোঁৱাৰ মাজতে আক্ষেপ অভিমান সকলো উৰুৱাই দিলোঁ।
কেতিয়াবা সাংঘাটিক খং উঠে অনিৰুদ্ধলৈ।
কি বুলি ভাবিছে নিজকে!
মোৰ লগত জেদ,আই মিন ৰিয়েলি!!!
মই মৰিও যাম কিন্তু কাৰো ওচৰত কেতিয়াও নিজকে সৰু নকৰোঁ।কাৰণ হাউলি দিলেই মানুহ মূৰত উঠে।তাৰ পাছত আৰু নমাব নোৱাৰি।আৰু সেইয়া মই হ’বলৈ দিব নোৱাৰোঁ।
অনিৰুদ্ধ যিমান মৰমীয়াল সিমানেই খঙাল।এইটো কথা আৰম্ভনিতেই এদিন সুভাষিণীৰ মুখত শুনিছিলোঁ, নিজেও বুজিছিলোঁ।কিন্তু কেতিয়াও ভবা নাছিলো সেইদিনাৰ কথাটোত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব বুলি।
যিমানেই ভাবিছোঁ, সিমানেই নিজৰ ওপৰত খং উঠিছে।কিয় যে কৈছিলোঁ তেনেকৈ।কিন্তু আকৌ ভাবোঁ, মইতো তেনেকৈয়ে কথা কওঁ।সেইদিনা এনেকুৱা কি হৈ গ’ল।আমাৰ মাজত যে মাতবোল সম্পূৰ্ণ ৰূপে বন্ধ সেইয়া লাহে লাহে সৱেই মন কৰিছে।কিন্তু অনিৰুদ্ধৰ সন্মুখত কোনেও একো নকয়।

আজি শুক্ৰবাৰ।সকলো পাৰ্টি মুডত।সোনকালে কাম শেষ কৰি যাবলৈ ওলাইছে।কথাৰ পৰা বুজিলোঁ পাৰ্টি অনিৰুদ্ধৰ ৰূমত।সৱ যাব।টানিয়াও।শুনি মগজটো উতলি আহিল।মোক এবাৰলৈও মতা নাই তেওঁ।কামৰ মাজতে অমৃত আহি ডেস্কৰ ওপৰত বহিলহি
:You are not coming?
:Where?
:To the party?
:No.I am fine. Thanks for the invitation.
:Hey, Macha, what is this da, sort it out na.

অমৃতে অনিৰুদ্ধক কোৱা কথাষাৰ তেওঁৰ কাণতেই নপৰিল।
মই যেন মৰিহে আছোঁ পাৰ্টি কৰিবলৈ।অমৃত উঠি গৈ কিবাকিবি কৈ আছিল তেওঁক, হেডফোন লগাই ইগন’ৰ কৰিলোঁ।চিনি পোৱা নাই মোক।মই যেতিয়া ইগন’ৰ কৰোঁ মানুহে নিজেই পাহৰি যায় নিজে Exist কৰে নে নকৰে।কামত লাগিলোঁ।কৰিবলগীয়া ঢেৰ আছে।এইবোৰৰ লগত আৰু কেতিয়াও ‘মাথা নামাৰো’।
সাত বজাত ওলাই আহিলোঁ।আয়ুক ফোন কৰিলোঁ,
:ব’ল যাওঁ,আজি তোক মই খুৱাম।
:কি লাক বে মোৰ, দুটা দুটা পাৰ্টি।শুন না, তোৰটো কাইলৈ দে।আজি মই বুকদ।
:দুটা পাৰ্টি মানে।
:অনিৰুদ্ধই মাতিছে তাৰ ৰূমত।ফ্ৰী কা খানা, দাৰু।
কি??
তাৰমানে মোৰ বাহিৰে সৱ যাব।অকল মই যাব নোৱাৰিম।
:আয়ু,মোৰ অফাৰ আজিয়েই আছে।য’ত খাওঁ বুলি ক’বি তাতেই খুৱাম, বিদ্যা।
:ধেৎ, ইমান ইমুচনেল কৰি নিদিবি।ফ্ৰী খানা আৰু দাৰু বুলি ক’লে মই আবেগিক হৈ যাওঁ বে।তই নুবুজিলে কোনে বুজিব।আজি তালৈ যাওঁ, কাইলৈ তই খুৱাই দিবি দেই।

ফোনটো কাটি দিলে।তাৰমানে এইটো যাবই।ইমান বেছি আপোন একেবাৰে।মোক পাত্তাই নিদিলে।বাছতেই যাওঁ বুলি বাছ ষ্টপৰ ফালে খোজ ল’লো।মনত তেতিয়াও অকণমান আশা, কিজানিবা অনিৰুদ্ধই ফোন কৰেই।পাৰ্টিলৈ মই মতা হেঁতেনো নাযাওঁ, কিন্তু তেওঁ মোক এবাৰো নজনোৱা কথাটো একেবাৰে ভাল লগা নাই।
এনেকৈ পাহৰিব পাৰে নেকি কোনোবাই।
তাকো যাক তেওঁ কিছুদিন আগতে সাৱটি ধৰিছিল, ভাল পাওঁ বুলিও কৈছিল।
বাছত উঠি ৰূম পালোহি।একো খবৰ নাই।সময়বোৰ যিমানেই পাৰ হৈছে,মোৰ খং অভিমান সিমানেই বাঢ়িছে।এনেকুৱা অস্থিৰ অৱস্থা হয় বুলিয়েই কাকোৱেই নিজৰ মনৰ কাষ চাপিবলৈ দিয়া নাছিলোঁ।মোৰ কোনোদিন কাৰোপৰাই একো আশাও নাছিল।কোনেও মোৰ হোৱা নোহোৱা লৈ ব্যস্তও নাছিল।তেনেকৈয়ে সুখী হৈছিলোঁ মই।
কিয় আহিছিল অনিৰুদ্ধ, কিয় মোৰ ভিতৰত নতুন আশা, নতুন সপোন সিঁচি দিছিল।আৰু মোক এনেকৈ অৱহেলা কৰি কি সুখ পাইছে তেওঁ।
ভাতকেইটা লৈ ফোনটোকে চাই আছোঁ।নাই তেওঁৰ একো খবৰেই নাই।আয়ুৰ whatsapp ষ্টেটাছত পাৰ্টিৰ ফটো।সৱ আছে, সুৰেশ,প্ৰশান্ত,অমৃত,টানিয়া, আয়ু আৰু এজনী ছোৱালী।চিনি পোৱা নাই।আজি প্ৰথম দেখিছোঁ।
ফোনটো পিটিকি থাকোতেই হিবাৰ ফোন..
:হিবু!
:অনন্যা!
:কেইছি হ’ ?
উত্তৰত হিবাই কোৱা কথাখিনিয়ে মোক শিল হৈ খুন্দিয়ালে।ভায়েকৰ শাৰীৰৰ ঘাঁ শুকাইছে যদিও মানসিক অৱস্থা একেবাৰে বেয়া।ৰাতি ৰাতি চিঞৰে, যাকে তাকে মাৰিবলৈ খেদি যায়।ডক্টৰে হাত দাঙি দিছে।সিহঁতৰ সৰু ঠাইখনত ইমান উন্নত চিকিৎসাৰ ব্যৱস্থাও নাই।বেংগালুৰ নাইবা হাইদৰাবাদত দেখুৱাব লাগে।
:মে’ ক্যা কৰোঁ অনন্যা,আজ আব্বু হ’তে ত’…
পিছৰখিনি তাই ক’ব পৰা নাই ।
:ঠিক হ’ যায়েগা হিবা।Please don’t cry.
:মামু মেৰা নিকাহ কৰা দেংগে।
হিবাই নিকাহ কৰিব।
শিয়ঁৰি উঠিলোঁ শুনি।
অলপমান সহায় আৰু পইচাৰ বিনিময়ত হিবাই নিজৰ জীৱনটো এনেকৈ কাৰোবাৰ লগত সাঙুৰি দিব খুজিছে?
কিয় ইমান অসহায় মানুহবোৰ?
তাইক বুজাবলৈ ভাষাই নাছিল।গালি পৰিবও পৰা নাই।তাইক এতিয়া পইচা আৰু কাৰোবাৰ সহায় লাগে।আৰু তাৰে সুযোগ লৈ মোমায়েকে তাইৰ কাৰণে লৈ আনিছে এইটো সম্পৰ্ক।
বহুতপৰ মনে মনে থাকি তাইক মাত্ৰ এটা কথাই ক’লো
:Just give me a day Hiba,don’t take any decesion!Please!
ফোনটো থৈ শূণ্যলৈ চাই মাত্ৰ পৰি আছোঁ বিচনাত।সময়বোৰ ইমান অভিশপ্ত কিয়।হিবা,তাইৰ ভায়েক আৰু মোৰ মৰমৰ আয়ুটো।তিনিটা জীৱন সাঙুৰ খাই পৰিছে।অলপ খেলিমেলিতেই যে থান বান হৈ যাব।
কেনেকৈ কি কৰিম?
কি মিলাম?
ইমানবোৰ পইচা ক’ত পাম?
অনিৰুদ্ধৰ লগত কথা পতাৰ ইচ্ছা আৰু নাই।কাইলৈ ৰাতিপুৱাই ককালৈ ফোন কৰিম।মোক সকলো বিপদত সাৰথি হৈ থিয় দিয়া মানুহজন কেৱল ককা। নিশ্চয় কিবা এটা উপায় ওলাব।

চিলমিল টোপনিত ফোনৰ মাতত সাৰ পালোঁ।বাৰটা বাজিবলৈ পাঁচ মিনিট।অনিৰুদ্ধই মোক কিয় ফোন কৰিছে?
মদৰ নিচা চাগে বেছি হ’ল।নুঠালো।
আকৌ কৰিছে।
:কি হ’ল?
অলপ টানকৈয়ে কৈছো।
:Come down.
:What?
:গেইট লক আছে জানো মই।হ’লেও আহা।
:আপুনি ঠিকে আছেতো?
:নাই, একেবাৰেই নাই।এতিয়া আহিবা নে নাহা কোৱা?
:আহিছোঁ,এক মিনিট।
আৰু প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই।বুজিছোঁ সকলো।ওপৰতে থকা নীলা কুৰ্তীটো পিন্ধি চুলিখিনি বান্ধি ছেণ্ডেলযোৰ পিন্ধি তললৈ নামি আহিলো।
তলা মৰা গেইটৰ সিপাৰে ট্ৰেক পেণ্ট আৰু ক’লা টি-চাৰ্ট পিন্ধি অনিৰুদ্ধ,এইপাৰে মই।
যেন এটা যুগৰ মূৰত তেওঁক ইমান কাষত পাইছোঁ।চিনাকি সুগন্ধি আৰু অচিনাকি তেওঁৰ চকুৰ ভাষা।কি ক’ব এতিয়া??
:Wish me!
:For?
:I came this world on this day.
আজি তেওঁৰ ওপজা দিন?সেইবাবেই পাৰ্টি ৰাখি এতিয়া এৰি থৈ মোৰ ওচৰ পাইছেহি।খং অভিমান সকলো যেন নিমিষতে হেৰাই গ’ল।মোৰ শুভেচ্ছা ইমান ‘বিশেষ’।
:সেইয়াও কৰিব নোৱাৰা?
উত্তৰ নিদিলোঁ।সোঁহাত খন গেইটৰ লোহাবোৰৰ ফাঁকেৰে সৰকাই দিলোঁ,তেওঁ বুজি পালে।নিজৰ দুয়োখন হাতেৰে খামুচি ধৰিলে মোৰ হাতখন।
:Happy birthday Anirudh.And sorry for that…
:Shhh, Its okay!I know you.
খামুচি থকা হাতখন তেওঁ এৰি দিয়া নাই, ময়ো আঁতৰাই আনিব নোৱাৰিলোঁ।
মোৰ চকুত চকু থৈ আকৌ এবাৰ অনিৰুদ্ধই ভালপোৱাৰ সপোন এটা গুজি দিলে।
অকাশতৰ তৰাবোৰ ফুল হৈ ফুলি উঠিল।
তাৰ মাজতে আইতাও আছিল।

(আগলৈ)

5 thoughts on “#আবিৰ খণ্ড(৩৯)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s