#আবিৰ খণ্ড(৪০)

মোৰ চকুত চকু থৈ আকৌ এবাৰ অনিৰুদ্ধই ভালপোৱাৰ সপোন এটা গুজি দিলে।
অকাশতৰ তৰাবোৰ ফুল হৈ ফুলি উঠিল।
তাৰ মাজতে আইতাও আছিল।
মোৰ উশাহত ভালপোৱাৰ সোঁত, এই যেন বৈ গৈছে বুকুৰ ইফাল সিফাল ৰঙা কৰি।ধুক ধুক কৰি থকা কোমল কলিজাটোত মৰমতে সৰুকৈ খুন্দা এটা মাৰি দিয়ে।
:কিয় ইমান জেদ তোমাৰ অনন্যা?
অনিৰুদ্ধৰ আকুল দুচকুত সামান্য বিষাদ, এসাগৰ অভিমান।
তেওঁৰ হাতৰ চেপাত ঘামি উঠা মোৰ হাতদুখন মুকলি কৰি দিলে লাহে লাহে।এইবাৰ সোঁহাত খন পাৰ কৰি গাল খন চুই দিলে তেওঁ…
:একো নোকোৱা?
:
:মই যাওঁ?
:ওহোঁ।
:এনেকৈয়ে থাকিবা?
:ভাল লগা নাই?
:গেইটখন ভাঙি ভিতৰলৈ আহোঁ?
খিলখিলাই হাঁহি উঠিলোঁ আমি দুয়ো।জেইলত যে মানুহ লগ কৰিবলৈ আহে, তেনেকুৱাই হৈছে ঠিক।ইপাৰে তেওঁ সিপাৰে মই।যেন উৰি পাৰ হৈ যাম সিপাৰলৈ।
এনেতে তেওঁৰ ফোনটো বাজিল।

:Sorry, sorry, I came out for a Sutta.Coming yaar.

তেওঁৰ বাবে কেক লৈ ৰৈ আছে সকলো।যাব লাগিব।মনটো সেমেকি আহিল।মইহে নাথাকিম।
:যোৱা, এতিয়া শুই থাকাগৈ।
:ভালকৈ যাব।
:ব’লা মোৰ লগত,ভালকৈ যাম তেতিয়া!
চকুকেইটা সামান্য সৰু কৰি কোৱা কথাকেইটাৰ উত্তৰ মোৰ ওচৰত নাছিল।গম্ভীৰ খোজেৰে তেওঁ আঁতৰি যোৱাৰ ফালে চাই আছোঁ।গেইটৰ লাইটবোৰৰ পোহৰে পোহৰাই ৰখা ঠাইখন তেওঁ গুচি যোৱাৰ লগে লগে যেন আকৌ আন্ধাৰ হৈ পৰিল।অনিৰুদ্ধক বুকুতে সামৰি ৰূমলৈ আহিলো।লাইটবোৰ অফ কৰি বিচনাত পৰিলোঁ।


ৰাতিপুৱাই আকৌ এবাৰ হিবাৰ ফোনত সাৰ পালোঁ।তাইৰ ওপৰত যে সাংঘাটিক ধৰণৰ হেঁচা প্ৰয়োগ হৈছে সেয়া সহজেই বুজিব পাৰিলোঁ।তাই মোক ভায়েকৰ ৰিপোৰ্ট খিনি পঠাই দিলে।বেংগালুৰুৰ ভাল হস্পিতালৰ ভিতৰত “Manipal Hospital” খন অন্যতম।তাত এবাৰ গৈ মই সুধি আহিব লাগিব।লগতে খৰছৰ এটা থুলমূল হিচাপ লাগে তাইক।যাবলৈ অসুবিধা নাই যিহেতু আজি শনিবাৰ।তাইৰ লগত অলপ সময় কথা পাতি ফোনটো ৰাখিলো।বেয়া লাগিছে মনটো।একো ভালকৈ কৰিব পৰা নাই তাইৰ বাবে।ককালৈ ফোন লগালো।ককাৰ নিজাকৈ ফোন আছে যদিও কৰিব নোৱাৰে।তৰাই লগাই দিব লাগে।কোনোবাই কৰিলেও মায়ে চাই লৈ হে দিয়ে ফোনটো।এইবোৰ বহুত আগৰপৰাই চলি আছে।নামচাইত থকা বাগান দেউতাই তেনেকৈয়ে বিক্ৰী কৰিলে।ককাৰ পুৰণি চিনাকি কৰ্মচাৰী বা বন্ধুৱে খবৰ দিয়ে বুলি দেউতাই ককাক ফোনৰ পৰা আঁতৰাই ৰাখে।হাৰ্টৰ অসুখৰ কাৰণে বেয়া বুলি কৈ থৈছে।আৰু বেচেৰা ককাই তাকেই বিশ্বাস কৰি লৈছে।বহুতদেৰি চিন্তা কৰি ফোন কৰিলোঁ।
:ককাৰ গা বেয়া, শুই আছে।
মাৰ গহীন মাত।কি উত্তৰ দিম ভাবি নাপালোঁ।ৰাতিপুৱাই তেওঁৰ মাত শুনাৰ ইচ্ছাও যে নাছিল।গোটেই দিনটো বৰবাদ হৈ যাব এতিয়া।
:কি হৈছে ককাৰ?
:বুঢ়া হৈছে, বেমাৰ হ’বই।কি কাম আছে সেইটো ক।
:তোমাক কৈ কিবা লাভ আছে জানো।
মা কিছু সময় মনে মনে থাকিল।
:কিবা লাগে যদি ক।
কি?
বাহিৰলৈ চাই পঠিয়ালো।সূৰ্যটো পূবফালেই ওলাইছেনে আজিও?
:পইচা লাগে মোক, কোৱা পাৰিবা দিব?
মই জানো মায়ে নিদিওঁ বুলিয়েই ক’ব।হ’লেও কেৱল তৰ্ক আৰম্ভ কৰিবলৈকে কৈছোঁ।চাওঁ কি উত্তৰ আহে।
:তোৰ নামত ১৫ লাখ জমা হৈ আছে, লৈ ল’বি।
:দেউতাৰ পইচা মোক নালাগে।
:কোনে কৈছে বাপেৰৰ পইচা বুলি?
:তেন্তে?
:সৱ কথাত মোক জেৰা নকৰিবি, পইচা লাগে বুলি কৈছ,মই দিছোঁ।সেইকেইটা তোৰ নামত থোৱা আছিল, কোনে থৈছিল, নালাগে জানিব।তোৰ একাউন্টত অলপ অলপকৈ দি দিম।
আৰু কিবা আছিল যদি ক?
:ককাক লৈ আনিম মই, তোমালোকে লাজ নোপোৱা তো?
:আমাৰ কথা কেতিয়াৰ পৰা ভাবিবলৈ ধৰিলি?
কথাটোৱে অলপ খুচি দিয়াৰ দৰে লাগিল।যুক্তি মোৰো আছিল,কিন্তু ৰাতিপুৱাই সেইবোৰ উলিয়াই ল’বলৈ মোৰ ইচ্ছা নাছিল।
:পইচা খিনি পঠিয়াব নালাগে।কাৰোবাক দান কৰি দিবা।এনেও পাপৰ পইচাই হ’ব।
ফোনটো কাটি দিলো।উশাহ বন্ধ হৈ যায় এইবোৰ কথা ওলালে।
আজিকালি মন নোযোৱা হৈছে।সলনি কোনো নহয়।না মা, না দেউতা, না মই।চেষ্টা কৰিলে আৰু বেছি বেয়া হোৱাৰ হে ভয়।
ফোনটো বাজি উঠিল।
অনিৰুদ্ধৰ মেছেজ এটা আছে।খুলি চালোঁ।
“Where is my birthday gift?”
পাহৰিয়েই গৈছিলোঁ।জন্মদিনৰ উপহাৰ কিবা দিম বুলি মই বাৰু ভবাও নাছিলোঁ।এতিয়া সুধি দিলত হে মনত পৰিল।বেছি একো ভাবি নাথাকি তেওঁলৈ ফোন কৰিলোঁ।
:Good Morning Ananya..
তেওঁৰ পিছফালৰ পৰা মন্দিৰৰ মন্ত্ৰ উচ্চাৰণৰ শব্দ ভাঁহি আহিল।
:মন্দিৰত আছে আপুনি?
:Yesss. জন্মদিনত পূজা নকৰিলে মায়ে বৰ দুখ পায়।নিজেতো মোৰ কাৰণে ব্ৰত ৰাখি পূজা কৰে।
:মই পিছত ফোন কৰিম তেন্তে।
:শুনা।
:হমম।
:আজি ফ্ৰী আছা যদি লাঞ্চ কৰিবা মোৰ লগত?
:আই এম ৰিয়েলি ছৰী, মোৰ হস্পিতাল যাব লগীয়া আছে।
:কিয়?কি হৈছে, মোক নাইকোৱা যে।
তেওঁক হিবাৰ কথাবোৰ খুলি ক’লো ।মনে মনে শুনি থাকি দীঘল হুমুনিয়াহ কাঢ়িলে।
:মই লৈ যাম তোমাক।ৰেডি হৈ থাকিবা।এটা বাৰ্থডে হাস্পিতালত কটাই চাওঁ।কি কোৱা?
:ঠিক আছে।
তেওঁক মানা কৰাৰ ইচ্ছা নাছিল।
মানুহজন দিনে দিনে আৰু মৰমৰ হৈ পৰিছে।

ফোনটো থৈ টাৱেল খন হাতত লৈ বাথৰুমত সোমালো।চুলি খিনি ধুই থাকোঁতে মনত পৰিল তেওঁ সোধা প্ৰশ্নটো “Strawberry and Mint right?”,হাঁহি এটাই ওঁঠত লাহেকৈ চুই গ’ল।

সদায় পিন্ধা জিনছ আৰু ঢিলা টপকেইটা আজি পিন্ধিবৰ মন নাই।বেগটো খুলি বগা কুৰ্তীটো উলিয়াই আনিলোঁ।ব্লু জিনছৰ লগত পিন্ধি ভাল পাওঁ।এইটো নিজেই কিনিছিলোঁ।হয়তো সেইদিনা মনটো ক’লা পৰি থকা নাছিল।চুলিখিনি টাৱেলেৰে টুকি ড্ৰায়াৰটো অন কৰোঁতেই কাৰেণ্ট গুচি গ’ল।
আধা তিতা চুলিখিনি তেনেকৈয়ে মেলি ৰাখিলো।মেক আপ কৰিবলগীয়া মোৰ একো নাথাকেই।কাজল সানিয়েই সেইটো কাম সামৰি দিব পাৰোঁ।বেগত মানিবেগ আৰু পানীৰ বটলটো ভৰাই তললৈ নামি আহিলো।তেওঁ ৰাস্তাৰ সিপাৰে গাড়ীখন ৰাখি এইপাৰে ফোনত কথা পাতি ৰৈ আছিল।
আৰু তেওঁক দেখাৰ লগে লগে লগতে মৰি যাওঁ যেন লাগিল।
কিয়?
কাৰণ তেওঁ আৰু মোৰ কাপোৰ একেই ।
:Hey we are twinning!
মই যেন দেখা হে নাই।
:কথা পাতা।
হঠাৎ ফোনটো আগবঢ়াই দিলে, আচৰিত হ’লো।একো ধৰিবই পৰা নাই।
:Ananya, please click a pic.
সুভাষিণী।সৱকে জনোৱাৰ কি দৰকাৰ আছিল।ঘোপাকৈ চাই পঠিয়ালোঁ।তেওঁ বুজি পালে।ফোনটো কাটি গাড়ীত বহিলো দুয়ো।
:খং উঠি ৰঙা পৰি লাভ নাই, আজি দিনটো মোৰ লগতে থাকিব লাগিব।
:গোটেই দিনটো কিয়?
:মইতো গোটেই লাইফটো বিচাৰোঁ।তুমিহে বুজি নোপোৱা।

গাড়ীৰ মিউজিক চিষ্টেমত তেতিয়া বাজি আছিল…

“Dil hi rakhne ko kabhi

Upar upar se sahi keh dena haan

Keh dena haan yun hi”

(আগলৈ)

23 thoughts on “#আবিৰ খণ্ড(৪০)

  1. দিনে দিনে আকৰ্ষিত হব লৈছো…নতুনকৈ অনন্যা আৰু অনিৰুদ্ধৰ প্ৰেমত পৰিছো

    Like

  2. Anirudh e mur hridoy khan sur kari nile ❤️❤️❤️❤️❤️❤️ But my bad luck he is an imaginary character 😔Jad reality t tanekuwa ajan Anirudh thakilahaten, haigaraki Ananya bahut hukhi hol hoi.

    Kanekoi baa iman hundar kathupkathan likhiba pare apuni

    Like

  3. 3din’t 40ta khondo porhi xekh korilu indranee ba.. khubei val lagixe porhi maane kbo loi vakha e naai mor..❤️❤️❤️ please eidre continue rakha, ru next khini joldi joldi upload kora..🙏🙏🙏
    Daily eta eta paragraph upload koriba na, bor happy hom🙄🤭😬❤️

    Like

  4. দিনে দিনে বেছি ভাললগা হৈ আহিছে❤️❤️

    Like

  5. next khondo ketiya ahibo ba?
    odhir agrohere baat sai asu.
    val loga nai porhibo nepai..
    bar bar check kori asu
    please xunkale apload korok
    akha thakil xokolure request bur rakhibo aru xunkale upload koribo

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s