#আবিৰ খণ্ড(৪১)


খং উঠি ৰঙা পৰি লাভ নাই, আজি দিনটো মোৰ লগতে থাকিব লাগিব।
:গোটেই দিনটো কিয়?
:মইতো গোটেই লাইফটো বিচাৰোঁ।তুমিহে বুজি নোপোৱা।
কিনো কথাবোৰ কৈ থাকে,মোৰ ওচৰত এটাও উত্তৰ নাথাকে।কথা সলাবলৈকে ক’লো
:কালি পাৰ্টি কেনেকুৱা গ’ল?
:Awesome.
তেওঁ নিজৰ ফোনটো মোৰ ফালে আগবঢ়াই দিলে।পাৰ্টিৰ ফটো।সৱৰে মুখত কেক।পাৰফেক্ট কৈ ফটো তোলা চেমপেইন খোলাৰ মুহূৰ্ত।তাৰ পাছত সকলোৱে গিফ্ট দিয়াৰ ফটো।সাৱটি ধৰি শুভেচ্ছা দিয়া ফটোবোৰ নোতোলাহেঁতেনো হয়।টানিয়াই যেন জোখতকৈ বেছিয়েই ভালকৈ সাৱটি শুভেচ্ছা দিছে।সোনকালে সোনকালে scroll কৰি কৰি গৈছোঁ।পাৰ্টিৰ ফটো শেষ হৈ এইবাৰ বেলেগ ফটো ওলাল।মোৰ ফটো।কৃতিকাৰ বিয়াত তোলা যেন লাগিছে।আইতাৰ কাপোৰযোৰৰ সৈতে হিবাৰ কাষত ৰৈ কিবা কৈ আছো।মনে মনে তুলিলে।
কিন্তু কিয়?
ফোনটো তেওঁক ঘূৰাই দিলোঁ।
:Nice pics.
:Thank you mam!
তাৰ পাছত গোটেই ৰাস্তাটো তেওঁ হিবাৰ ভায়েকৰ বিষয়ে কথা পাতি আহিল।তেওঁ কথাবোৰ বহুত দূৰলৈকে চিন্তা কৰি কয়।ইয়ালৈ আনিলে কেনেকৈ কি প্লেন কৰিব লাগিব, কি কি কথাৰ খেয়াল আমি ৰাখিব লাগিব, সকলোবোৰ।মই বিশেষ একো কোৱা নাই,শুনি আছোঁ।ভাল লাগে শুনি থাকে।
:তুমি নামা মই পার্ক কৰি আহি আছো।
হস্পিতালখনৰ ভিতৰত সোমাই হে মোৰ মনটো গধুৰ হৈ আহিল।গাটো বেয়া লাগি আহিল।এনেকৈয়ে এদিন মোক মা বা আৰু ৰাজু দায়ে লৈ গৈছিল।দিনটো আজিও মনত সজীৱ হৈ আছে মনত।একেই মানুহৰ ভিৰ, একেই অস্থিৰতা।নাই নোৱাৰোঁ মই।এই পৰিবেশটো বৰ জটিল।
কি কৰিম কি নকৰিম ভাবি থাকোঁতেই তেওঁ আহিল
:তুমি বহা ইয়াতে, মই কথা পাতি আহোঁ।
ভালেই পালো।মোৰ এতিয়া কাৰো লগতে কথা পতাৰ শক্তি নাই।অনিৰুদ্ধই মোৰ ফোনৰপৰা ৰিপোৰ্ট খিনি নিজৰ ফোনটোত লৈ অনুসন্ধান কক্ষৰ ফালে আগবাঢ়িল।অসংখ্য মানুহৰ ভিৰ।বহিবলৈ ঠাই নাছিলেই।যেনেতেনে চকী এখন পাই বহিলো।হস্পিতালৰ এই গোন্ধটো মোৰ একেবাৰেই সহ্য নহয়।বমি বমি ভাৱ আহে।হাজাৰ হাজাৰ মানুহৰ ভিৰত কিমান যে মুখ দেখিবলৈ পাওঁ।অস্থিৰ, বিমৰ্ষ, কাৰোবাক হেৰুৱাৰ ভয় নাইবা নতুন জীৱন পোৱাৰ আনন্দত পাৰভাঙি বৈ অহা চকুলোৰ নৈ।কোনোটো বস্তুৱেই মই সহিব নোৱাৰোঁ।মোক অতিমাত্ৰা সুখ নাইবা দুখ দুয়োটাই জোকাৰি যায়।মই পলাব খোজো।দৌৰি দৌৰি যেন আঁতৰি যাম।প্ৰথমবাৰ থুপুক যেতিয়া স্কেনিং মেছিনটোৰ পৰ্দাত দেখিছিলোঁ, তেতিয়াও এনেকুৱাই হৈছিল মোৰ।সুখী দুখী একোৱেই হোৱা নাছিলো।বমি হৈছিল মোৰ।ওচৰত ৰৈ থকা বাৰ চকুলো দেখিছিলোঁ।মা সেইদিনাও আঁতৰতে ৰৈছিল।ডক্টৰ সুপৰ্ণা তেওঁৰ বান্ধৱী।সকলো ইতিমধ্যেই আলোচনা কৰিয়েই থোৱা আছিল
থুপুক দেখি তেওঁ মাত্ৰ দামী ফ্ৰেমৰ চছমাযোৰ এবাৰ খুলি ৰুমালেৰে চাফা কৰি আকৌ পিন্ধিছিল।ডাক্তৰক মাত্ৰ তেওঁ সুধিছিল
:সৱ ঠিকে আছেতো?কিবা কপ্লিকেছন আছে নেকি?
:ব্লাড টেষ্ট কৰিব লাগিব।বেবীৰ গ্ৰউথ ঠিকেই দেখিছোঁ।কিন্তু মাকৰ হেলথ ভাল দেখা নাই।অলপ সাৱধান হোৱা উচিত।খোৱাত যত্ন ল’ব লাগিব।মই ডায়েট লিখি দিছোঁ।বাকী মেডিছন দিছোঁ।
সেইদিনাৰ পৰা মই বেলেগ এজনী মানুহ হৈ পৰিছিলোঁ।সৰুকৈ দেখা ক’লা সেই অবয়বটো, ধুক ধুক কৰি থকা শব্দটো।বাৰ ঘৰলৈ ঘূৰি আহিও মই আকৌ এবাৰ বাথৰুমত গৈ বমি কৰিছিলোঁ।মায়ে ৰাজুদাক লগত লৈ বজাৰ কৰি আনিছিল।বাৰ সৰু ঘৰটো বস্তুৰে ভৰি পৰিছিল।দুটা ৰূমৰ ঘৰটোৰ এটা কোঠা মোক দিছিল।মই কলিকতালৈ ঘূৰি যাবৰ বাবে উৎপাত কৰিছিলোঁ।কিন্তু নোৱাৰিলোঁ।কোনেও নুশুনিলে মোৰ কথা।
বায়ে বাৰে বাৰে নিজৰ শপত দি মোক ব্লেকমেইল কৰিলে।আৰু মই ৰৈ গৈছিলো।সেইদিনা ৰাতি মা মোৰ সৈতে শুইছিল।
:মাজু, মই কাইলৈ গৈ সৱ মেনেজ কৰি আহিম।তই চিন্তা কৰিব নালাগে।পৰীক্ষা দিবলৈ মই লৈ যাম তোক।আৰু ফাইনেল চেমিষ্টাৰৰ আগত তই ফ্ৰী হৈ যাবি।
:ফ্ৰী?
:তোৰ ডেলিভাৰী ডেটৰ পৰা প্ৰায় দুমাহ থাকিব পৰীক্ষালৈ।
:সৱ হিচাপ কৰিয়েই পেলালা তুমি?লাভ হৈছে নে?কিমান লাভ হৈছে?
:কি বকিছ এইবোৰ?
:I hate you. I just hate you.
:মাজু,মোৰ কথা শুন।
:নুশুনো, কাৰো কথা নুশুনো মই।কিয় শুনিম।মোৰ কথা শুনিছিলা নে কেতিয়াবা?এবাৰ গৈছিলা মোক চাবলৈ, ইমান বছৰত এটা ফোন কৰিছিলা?আজি বাৰ কাৰণে তুমি সৱ চম্ভালি লব পৰিছা,সৱ কৰিব পাৰা তুমি তাইৰ কাৰণে।মোৰ কাৰণে কিয় নোৱাৰা?
:নিজে মাক হ’লে বুজি পাবি।
:মাকবোৰ যদি তোমাৰ নিচিনা হয়, তেন্তে মই তেনেকুৱা মাক হোৱাৰ আগতেই মৰি যাম।
ঠাঁচ!!
সজোৰে মোৰ গালত মায়ে চৰ মাৰি দিছিল।বিচনাত বহি থকা মই কোনোমতে মূৰৰ শিতানৰ খুঁটা এটাত ধৰি ৰৈছিলোঁ।
:চুপ,একদম চুপ।
:নাথাকোঁ মই চুপ।কিমান মাৰিবা, মাৰা না আৰু মাৰা।
:কি কৰিম বুলি ভাবিছিলি তই মাজু?এনেকৈ ঘূৰি ফুৰিলিহেঁতেন ৰাস্তাই ঘাটে?আৰু চিনেমাত দেখুৱাৰ দৰে একদম আৰামত তোৰ এটা ধুনীয়া কেঁচুৱা হৈ গ’লহেঁতেন?ফিল্ম নহয় বুজিছ?ৰিয়েল লাইফ এইটো।তোক প্ৰেগনেণ্ট কৰি যে গুচি গ’ল,সেইটোৱে কিবা খবৰ লৈছে?খৰছ দিব?বিয়া পাতিব তোক?
:কিয় পাতিব?মই হ’লেও কিয় পাতিম।তোমাৰ নিচিনা বিয়া পাতি নিজৰ লগতে লোকৰ লাইফ বৰবাদ কৰাৰ ইচ্ছা মোৰ নাই।মই মান Shallow নহয় যে প্ৰেগনেণ্ট বুলি কৈ কাৰোবাৰ ভৰিত পৰি মোক বিয়া পাতিবলৈ ক’ম।দৰকাৰ হ’লে আনৰ ঘৰত বাচন ধুই খাম, কিন্তু নিজৰ দমত চলিম।কাৰোবাৰ দয়া মোক নালাগে।তোমাৰো।
আমাৰ তৰ্ক শুনি সিটো ৰূমৰ পৰা দৌৰি আহিছিল বা।
:মা প্লিজ, এতিয়া অন্ততঃ এইবোৰ বাদ দিয়া।
মই আচৰিত হৈছিলোঁ।কাহানিও মাৰ সন্মুখত মাত এটা মাতি নোপোৱা বা আজি মোৰ ওচৰত থিয় দিছে।কিয়?
কাৰণ স্বাৰ্থ আছে।তাইৰ নিজৰ লাভ আছে ইয়াত।গাৰুটো সাৱটি শুই পৰিছিলোঁ।মা গোটেই ৰাতি ৰূমতে থকা প্লাষ্টিকৰ চকী এখনত বহিয়েই কটাই দিছিল।
*`
:অনন্যা,ডক্টৰে এনেকৈ কথা নাপাতে।মানে patient আহিব লাগিব।
অনিৰুদ্ধৰ হতাশ মুখ খন দেখি সকলো বুজিলোঁ।
:একোৱেই নকয় নেকি?
:বহুত ভিৰ আছে আজি।এনেকৈ কথা পাতিবলৈ সময় নাই তেওঁৰ।
:হিবাই বৰ আশা কৰি আছে।কি বুলি কম এতিয়া?
:Tell her the truth, we have tried right?
অনিৰুদ্ধক তাতে এৰি আকৌ এবাৰ ৰিছেপছনত থকা মানুহগৰাকীৰ ওচৰ পালোগৈ।বহুত জোৰ কৰাৰ পাছত তেওঁ Appointment দিলে।এহেজাৰ টকা উলিয়াই দিলোঁ।Neurology ৰ ডক্টৰ Dr মুৰলি কৃষ্ণৰ ৱাৰ্ডৰ সন্মুখত ৰৈ আছোঁ,কাষত অনিৰুদ্ধ।
:You can go inside.
ডক্টৰক ৰিপোৰ্ট খিনি দেখুৱাই পৰিস্থিতিটো বুজালো।কিন্তু সিমান একো লাভ নহ’ল।তেওঁ সঠিককৈ একো ক’ব নোৱাৰিলে।মাত্ৰ যিমান সোনকালে পাৰে লৈ আনি এডমিট কৰিবলৈ কৈ আমাক বিদায় দিলে।আৰু কথা দিলে তেওঁ যিমান পাৰে সহায় কৰিব।লগতে খৰছৰ ক্ষেত্ৰতো বেছি চিন্তা কৰিবলৈ মানা কৰিলে।ওলাই আহোঁতে অলপ সকাহ পালোঁ।লগে লগেই হিবাক ফোন কৰিলোঁ।
:So now?
:মানে?
:তোমাৰ কাম হৈ গ’ল।
:হমম।
:Then get rid of this!
মোৰ চিন্তাত থুপ খাই থকা চেলাউৰী ডাল চুই দি তেওঁ ক’লে।
দুয়ো ওলাই আহিলো,সময় তেতিয়া চাৰে এঘাৰ।
:কি খাবা কোৱা?
:কিবা এটা হ’লেই হ’ল?
:খিছিৰি খুৱাম, হ’ব?
তেওঁ যেনেকৈ কৈছিল, সঁচা বুলিয়েই ভাবি লৈছিলোঁ।
:খিছিৰি?
:তুমিতো যি দিলেও খাম বুলি কৈছা।সেইকাৰণে ভাবিছোঁ, ব’লা ঘৰলৈ ঘূৰি যাওঁ,মই খিছিৰি বনাই খুৱাম তোমাক।
:কাৰ ঘৰলৈ?
:মোৰ।
তেওঁ হঠাৎ কোৱা কথাটোত ৰঙা পৰি গ’লো।
:ধেমালি কৰিছোঁ।ইমান ভয় কিয় খাইছা?
:মই ভয় নাইকৰা।
:সঁচা?
তেওঁ গাড়ীখন হঠাৎ ব্ৰেক মাৰি দিলে।ছানগ্লাছযোৰ খুলি মোৰ চকুত চকু থৈ সোধা কথাটোত কঁপি উঠিলো।একো উত্তৰ দিব নোৱাৰি মাত্ৰ অঁকৰা লাগি চাই আছোঁ সেই প্ৰশ্নৰে ভৰা তিৰবিৰাই থকা চকু দুটালৈ।একেবাৰেই প্ৰস্তুত নহয় মই।তেনেকৈ সুধিলে আৰুৱেই একো ক’ব নোৱাৰোঁ মই।তেওঁ বুজি পালে
:এতিয়া ভয় লাগিছে?
:হাঁ ?
:Damn, don’t look so cute with this big eyes!
মুখখন ঘূৰাই বাহিৰলৈ চালো।তেওঁৰ গাড়ী এইবাৰ আগতকৈ বেছি স্পীডত আগবাঢ়িল।সোনকালেই আমি বেংগালুৰুৰ ব্যস্ত ট্ৰেফিক পাৰ কৰি মুকলি ৰাস্তাত উঠিলোঁ।গাড়ীত বাজি থকা মৃদু সংগীত, বতাহে কঢ়িয়াই অনা অনিৰুদ্ধৰ চিনাকি সুবাস, আৰু অকণমান ভাললগাই চুই গৈছে মোক।ক’লৈ গৈছোঁ সুধিবলৈ মোৰ আজি একেবাৰেই মন যোৱা।লক্ষবিহীন যাত্ৰাৰো থাকে এক সুকীয়া মাদকতা।
বতাহৰ বাটেৰে গৈ ৰামধেনুৰ ৰং বুটলাৰ হেঁপাহ।লগত অনিৰুদ্ধ।
মুখখন ঢাকি ৰখা চুলিখিনি তেওঁ আঙুলিৰে আঁতৰাই দিলে,
:মোৰ disturb হৈছে ন।
হাঁহি উঠে তেওঁৰ সৰু সৰু ধেমালিবোৰত।গাড়ীখন গৈ এইবাৰ এটা ধুনীয়া ৰিজৰ্টৰ সন্মুখত ৰ’ল।ফুল আৰু সেউজীয়াৰ মাজৰ ইজিপ্তীয়ান
সভ্যতাৰ আৰ্হিত বনোৱা ঠাইকণ।সোমাই যাওঁতেই এক মায়াময় পৰিবেশত সুমাই পৰা যেন লাগে।বৰ বেছি ভিৰ নাই।আমাৰ বাবে আছুটীয়াকৈ ৰখা টেবুলখনলৈ আমাক আগবঢ়াই নিয়া হ’ল।বুজি পালো যে অনিৰুদ্ধই আগতেই সকলো ঠিক কৰি থৈছিল।মোৰ বাবে চকী এখন টানি তেওঁ সন্মুখত বহিল।
:I was just waiting for this day.
একো নক’লো।আজি তেওঁৰ বাবে বিশেষ দিন।মোৰ সান্নিধ্যই যদি তেওঁক সুখী কৰে, সেই সুখ দিবলৈ মই বেয়া নাপাওঁ।তেওঁৰ বাহিৰেনো মোক এনেকৈ কোনে বিচাৰে?
:অনন্যা।
:হমম।
:মোৰ গিফ্ট ক’ত?
মোৰ ওচৰত একো নাই তেওঁক দিব পৰাকৈ।আগতে জনাও নাছিলোঁ, আৰু ৰাতিপুৱা সময়েই নিমিলিল।
:ছ’ৰী,একো আনিব নোৱাৰিলোঁ মই।
তেওঁ মুখ খন sad smiley টোৰ দৰে কৰি দেখুৱালে।
:কি লাগিব?
:যি খোজো তাকে দিবা?
:দিব পৰা বস্তু হ’লে দিম।
তেওঁ নিজৰ বাওঁহাত খন মোলৈ আগবঢ়াই দিলে।
:I need you Ananya. এতিয়াও বুজি পোৱা নাই?
:অনিৰুদ্ধ, ইমানদিনে আপুনিওতো মোক বুজা নাই।
:মই?
:উম আপুনি।
:কি বুজা নাই মই?
:মোৰ বহুত দায়িত্ব আছে অনিৰুদ্ধ।মোৰ জীৱনটো ইমানতো সহজ নহয়।
:মই জানো।
:তেন্তে বুজা নাই কিয়?
:Enough Ananya. মই তোমাৰ পাকলগা জীৱনত আৰু বেছি প্ৰব্লেম দিবলৈ অহা নাই।মই মাত্ৰ বিচাৰো তুমি মোক তোমাৰ প্ৰব্লেমবোৰ খুলি কোৱা, আমি দুয়োটা মিলি কিবা এটা সমাধান উলিয়াবতো পাৰিম ন।
:Its not that simple Anirudh.
:Oh cut the crap Ananya. কি ইমান দুখ তোমাৰ ময়ো শুনো। I am just fed up now.সদায় সদায় একেটাই কথা।
তেওঁৰ মাতটো জোখতকৈ ডাঙৰ।ওচৰত বেলেগ টেবুল নাই যদিও অৰ্ডাৰ ল’বলৈ অহা ল’ৰাজন তেওঁৰ চিঞৰ শুনিয়েই আঁতৰি গুচি গ’ল।
:ইমান সৰু কথাতে আপোনাৰ ইমান খং উঠিছে, যেতিয়া সৱ সঁচা কথা গম পাব তেতিয়া কি কৰিব আপুনি?
সমান জোৰত ময়ো উত্তৰ দিলোঁ।খং কেৱল তেওঁৰহে আছে নেকি।মোৰো আছে।তেঁওতকৈ বহুত বেছি।বহুত বহুত বেছি।
:সঁচা কথা কোৱাৰ সাহস আছে তোমাৰ?যদি আছে ইমান দিনে কোৱা নাই কিয়?কিয় টানি আছা?
:শুনক তেন্তে,কলেজৰ লাষ্ট ইয়েৰৰ কোনোবা এটা পাৰ্টিত এদিন ইমানেই নিচা কৰিলো যে মই মোৰ ক্লাছমেটৰ লগতেই নিজৰ ভাৰ্জিনিটি লুজ কৰি প্ৰেগনেণ্ট হৈ গ’লো।আৰু সেইয়া কিয় হ’ল কেনেকৈ হ’ল মোৰ পিছদিনা ৰাতিপুৱালৈকে মনতেই নাছিল।And now I have a child. এতিয়া কওক আপুনি মোক ভাল পায়।কওক না।Do you still need me?
খঙত নে দুখত ফোঁপাইছোঁ মই নিজেও নাজানো।ভাল লগা মুহূৰ্তবোৰ নিমিষতে বিষময় হৈ উঠিল।অনিৰুদ্ধৰ চকু কেইটা জুইৰ দৰে জ্বলিছে।ঘন ঘন উশাহৰ শব্দ।টেবুলত থকা পানী গিলাছ একে বাৰতে গিলি থ’লে তেওঁ।
আৰু তাৰ পাছত…
(আগলৈ)

(যোৱা প্ৰায় পাঁচদিন গা বেয়া।সেইবাবে দেৰি হৈছে।অসুবিধাবোৰ বুজি পাব বুলি আশা ৰাখিলো)

21 thoughts on “#আবিৰ খণ্ড(৪১)

  1. Val lgil agrohere bat Sai asilu…buji pysu apuner ga Bea hodaye apunk vogobane vale rakhok take kamona korisu ba❤️

    Like

  2. Baa…atia gaa vl paise ne?? Hope ur doing well now… episode tu aji vllgil… gaa beya hoithokar majotu apuni amar karone story tu continue korile.. Tar babe thnk u❤ take care..

    Like

  3. আপোনাৰ শব্দ বোৰে কলিজা কঁপাই যাই।আপুনি সোনকালেই সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ।

    Like

  4. Xunkaale val houk ba.. etya jen ru rbo nuara hoixu.. imaan din nuarixu roi thakibo loi.. bor val lgixe story tu jidre aag barhixe..❤️
    Ananya, Aniruddh..moi duyuke kolpona koriboloi loixu..porhilei jen duyu mor mon mogojut kheli thake.. uff ki mayaxona tumaar kolponaar aaror likhoni bur..❤️ love you ba, xunkaale val hua dei..ru imaan din please wait nkraba please..😔😅♥️

    Like

  5. Its ok baa….apuni khusto huwatu bisaru …bht dinr opekhar antot ajir likha khini porhibo pai bht besi hppy hoisu…but atiya khekh huwat khei akei asthirota monot…next part loi…😊

    Like

  6. Ukhah বোৰ ঘন হব ধৰিছে । Email 2 khuli Jen দিন টোত 2 বাৰকৈ sabo low কিজানি
    আবিৰ আহি ৰৈ আছে আঙুলিৰ স্পৰ্শ লবলৈ। কিন্তু নিষ্টব্দ 5ta din… নিজৰ যতন লব
    … লগতে আবিৰৰো ….
    Regards
    আপোনাৰ পাঠক

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s