#আবিৰ খণ্ড(৪৩)

:বহা
ডাঙৰ হলটোৰ এটা কোণত থকা নীলা ৰঙৰ এল আকৃতিৰ চোফা খনলৈ আঙুলিয়াই অনিৰুদ্ধই কৈ উঠিল।বগা ৰঙৰ কোঠাটোৰ প্ৰায়বোৰ বস্তৱেই নীলা।বহিলো।সন্মুখৰ ৱাল খনত এটা প্ৰকাণ্ড টিভি।বহা ঠাইৰ পৰা কীটছেন আৰু ডাইনিং এৰিয়াটো দেখি থাকি।টেবুলত তেতিয়াও কালিৰ পাৰ্টিৰ কিছু স্মৃতি বিৰাজমান।তেওঁ খৰখেদাকৈ বটলবোৰ আঁতৰাই নিলে।ৰুমত কেইবাটাও ধুনীয়া ধুনীয়া indoor plant. চোফাৰ পিছফালৰ ৱালখনত বিশেষভাৱে সজাই থোৱা কিছুমান ফটো ফ্ৰেম।চেণ্টাৰ টেবুলখনত তেতিয়াও গিফ্ট কেইটামান থৈ দিয়া আছে।খুলিও চোৱা নাই।চোফাৰ এটা কোণত দুটা ৰিম’ট।
ঘৰটোৰ ইফালে সিফালে চাই থাকোঁতেই হাতত পানীৰ বটল এটা লৈ তেওঁ আহিল।
:লোৱা।
বটলটোৰ পৰা আধা পানী একেবাৰতে খাই থ’লো।
:I hope you are comfortable now?
কথাটো তেওঁ মোক যেন কটাক্ষ কৰিবলৈকে কৈছে তেনেকুৱা লাগিল।উত্তৰ নিদিলো।
তেওঁ মোৰ পৰা অলপ আঁতৰি বহিল।আঙুলি কেইটা ফুটাই আছে, মাজে মাজে চুলিখিনি চুই আছে।যিমানদূৰ তেওঁক বুজিছোঁ বা জানিছোঁ, তেওঁ খুব অস্থিৰ হ’লেহে এনেকুৱা কৰে।
:আমি কিয় আহিছোঁ ইয়ালৈ?
:We need to talk Ananya! Don’t you think so?
:Hmm..
:I am sorry for that..I was just angry and..
আকৌ মনত পেলাই দিয়াটো জৰুৰী আছিল নেকি?কাণ মূৰ আকৌ গৰম হৈ আহিছে।কিয় বাৰে বাৰে উলিয়াই আছে বাৰু সেইটো কথাকে।
:We came here to discuss that?
:No, Not at all.
:তেন্তে?
তেওঁ আকৌ মনে মনে ৰ’ল।কি হৈছে আজি তেওঁৰ, মোৰ?
এবুকু কথা লৈ দুয়ো বহি আছো, ইমান কাষত, আমাক আমনি কৰিবলৈও কোনো নাই।তথাপি পৰা নাই ক’ব।এনেকুৱা কিয় হয় মানুহৰ।
:মই বহুত বেছি Guilt লৈ জীয়াই আছোঁ অনন্যা।
অনিৰুদ্ধই মোৰ ফালে নোচোৱাকৈ কৈছে কথাবোৰ।মোৰ ফালে চাবলৈকো সাহস নাই কিয় তেওঁৰ?
এনেকুৱা কি কাম কৰিছে তেওঁ জীৱনত।চকুকেইটা হাতেৰে টিপি আছে ।
:You can tell me Anirudh.
মই বুজোঁ।কিছুমান কথাই আমাক অহৰহ খেদি ফুৰে।অথচ আমি কাকোৱেই কৈ দিব নোৱাৰোঁ।বিচাৰিলেও বাট নাপাওঁ, শব্দ বিচাৰি নাপাওঁ।এনেকুৱা লাগে এই কথাবোৰে এদিন আমাক শেষ কৰি দিব।অনিৰুদ্ধই যদি মোক কথাবোৰ কৈ নিজৰ বুকুখন পাতল কৰিব বিচাৰিছে তেন্তে মই নিশ্চয় শুনিম।
তেওঁ নিজৰ ঠাইৰ পৰা উঠি আহিল।মোৰ কাষত চোফাত নবহি তলৰ কাৰ্পেটখনত বহিল।ফোনত এখন ফটো উলিয়াই মোক দেখুৱালে।এজনী প্ৰায় পঁচিছ বছৰমান বয়সৰ ছোৱালী।খুব ধুনীয়া।ডেনিম স্কাৰ্ট আৰু ৰঙা ৰঙৰ টপ পৰিহিত ছোৱালীজনীৰ চকুকেইটাই কিন্তু সাংঘাটিক ধৰণেৰে কৰুণ।ওঁঠৰ হাঁহিটো যেন বাৰে বাৰে বিফল হৈছে চকুৰ সেই বিষাদ ঢাকিবলৈ।মোবাইলটো নিজৰ হাতলৈ আনি ওচৰৰ পৰা চালো।ঠিক যেন মোৰ দৰেই এসাগৰ বিষাদ বুকুত বান্ধি তাইও জীয়াই আছে।কিন্তু তাইৰ মুখত তেতিয়াও হাঁহি এটা আছে।মৰমলগা ছোৱালী।চকুকেইটা একেবাৰেই অনিৰুদ্ধৰ নিচিনা।

:কোন হয়?
:ভন্টি।
:খুব মৰমলগা।ক’ত থাকে?
:নাজানো।
:মানে?
:She left us five years back.
কঁপি উঠিলো।
কি কয় অনিৰুদ্ধই!!!
ক’লৈ গুচি গ’ল?কিয় গুচি গ’ল??
তেওঁৰ কান্ধত হাত এখন থ’লো।আৰু যেন তেওঁ সেই সময়ৰ বাবে ৰৈহে আছিল…
কঁপি কঁপি উচুপি উঠিছে তেওঁ…
:অনিৰুদ্ধ, প্লিজ…
চোফাৰ পৰা নামি তেওঁৰ কাষতে বহিলো।একো কোৱা নাই তেওঁ, উচুপি আছে মাজে মাজে।বাওঁহাতেৰে ঢাকি ৰাখিছে মুখ খন।কি কৰিম বুজি পোৱা নাই।এনেকুৱা পৰিস্থিতি আজিলৈকে সন্মুখীন হোৱা নাই মই।মোৰ ওচৰত কোনেও নিজৰ দুখ উজাৰি কন্দা নাই।মই কাৰোৰে বাবে ইমান আপোন হৈ উঠা নাই।অনিৰুদ্ধক বুজাবলৈ সেইবাবে চাগে মোৰ ইমান অসুবিধা হৈছে।তেওঁলৈ পানীৰ বটলটো আগবঢ়াই দিলো।
:মই বহুত চেল্ফিছ আছিলো অনন্যা।বহুত বেছি।
:সকলো মানুহেই চেল্ফিছ হয়।আজিৰ পৃথিৱীত হ’বই লাগিব।
:No, not everyone.
:ভন্টীৰ কি হৈছিল? একচিডেন্ট?
:ওহোঁ।
:অসুখ?
:নহয়।
:তেন্তে?
:She committed suicide. Because of us.
ওঁঠত চেপি ৰখা কান্দোন আৰু চকুত উপচি থকা পানীৰ টোপালবোৰ লৈ অনিৰুদ্ধই কৈ উঠিল।ইমান অসহায় আৰু ভগ্নপ্ৰায় হৈ পৰিছে তেওঁ।কি কৰিম বুজি পোৱা নাই।অনিৰুদ্ধৰ দৰে ব্যক্তিৰ এনেকুৱা এটা ৰূপ মই এবাৰলৈও কল্পনা কৰা নাছিলো।
বতৰটো আজি অদ্ভুত ধৰণৰ, বাহিৰত এই তিনি বজাতে আন্ধাৰ নামিছে,ধুমুহা এজাক অহাৰ হে যেন আগজাননী।অনিৰুদ্ধৰ মনৰ ভিতৰতো চাগে একেই ধুমুহা।

:আপোনাৰ এতিয়া ক’বলৈ কষ্ট হৈছে যদি থাকক।আমি বেলেগ কথাও পাতিব পাৰোঁ।

:ভন্টি মোতকৈ মাত্ৰ দুটা বছৰ সৰু।আমি একেলগেই ডাঙৰ হৈছিলো।পাপাৰ লগতে আমি বেছিভাগ সময় আছিলো।মোৰ মাৰ চাকৰিত প্ৰায়ে ট্ৰেন্সফাৰ হৈ থাকে।যিকোনো এটা ঠাইত মাত্ৰ দুই তিনিবছৰ হে থাকে।পাপা আৰু আইতাৰ লগতে আমি আছিলো।মোৰ একো প্ৰব্লেম নাছিল।মা ছুটিত যেতিয়া ঘৰলৈ আহে আমি চাৰিটা সদায় ফুৰিবলৈ যাওঁ।ভন্টিৰ কিন্তু সদায় এইটো খং আছিল যে মা ঘৰত নাথাকে।She used to feel very lonely you know.

:কিছুমান মাক ঘৰত থাকিও ওচৰত নাথাকে।ঢুকি নোপোৱা দূৰত্বত ৰৈ যায় সদায়।
:মোৰ মা তেনেকুৱা নাছিল অনন্যা।মায়ে খুব মৰম কৰিছিল আমাক।কিন্তু মায়ে নিজৰ চাকৰি এৰি আমাৰ লগত থকাটো মা দেউতা বা আইতাই কেতিয়াও বিচৰা নাছিল।She is a brilliant lady. মায়ে নিজৰ সৱ দায়িত্ব ধুনীয়াকৈ পালন কৰিছিল।কিন্তু ভন্টীয়ে মাক সদায় নিজৰ ওচৰত বিচাৰিছিল।পিছলৈ তাই মা ঘৰলৈ আহিলেও কথা নপতা হৈছিল।
উপায় নাপায় মায়ে চাকৰি এৰি ঘৰতেই থকা আৰম্ভ কৰিছিল।কিন্তু তেতিয়ালৈ ভন্টি বহুত বেছি ইন্ট্ৰভাৰ্ট হৈ পৰিছিল।তাই কোনো কথা কেতিয়াও কাৰোৰে লগত শ্বেয়াৰ নকৰে।মোৰ লগতো বেছি কথা নাপাতে।অকল ৰূমতে সুমাই থাকি পেইণ্টিং কৰি থাকে।আমি বহুত চেষ্টা কৰিও তাইক সলনি কৰিব পৰা নাছিলো।দিনবোৰ তেনেকৈয়ে গৈ আছিল।মই দিল্লীত পঢ়িবলৈ যাওঁতে তাইকো লৈ যাব খুজিছিলো।কিন্তু এডমিশ্যন পায়ো তাই নগ’ল।ঘৰতে থাকিল।তাইৰ বন্ধু বুলি ক’বলৈও মাত্ৰ এজনীয়েই আছিল।তাৰ বাহিৰে কাৰো লগতে তাইৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল।যিমানেই ডাঙৰ হৈ আহিছিল সিমানেই তাই আমাৰ পৰা আঁতৰি গৈ আছিল।

:আপুনি কেতিয়াও সোধা নাছিল তাইক?কিয় তাই তেনেকৈ থাকে বুলি?

:ওহোঁ।মই মোৰ কেৰিয়াৰ লৈয়ে বিজি আছিলোঁ অনন্য।BE কৰাৰ পাছতে মই MS কৰিবলৈ US গুচি গৈছিলো।ভন্টীয়ে তেতিয়া Product Designing কৰি আছিল।মই তাতে পঢ়াৰ পাছত জব জইন কৰিলো।ঘৰলৈ এবাৰহে আহিছিলোঁ।সেইবাৰ আহোঁতে ভন্টিক বহুত সলনি হোৱা দেখিছিলোঁ।মোৰ লগত তাই কথা পাতিছিল, আমি দুইটা একেলগে লেট নাইট ড্ৰাইভিংত গৈছিলোঁ, পাৰ্টি কৰিছিলোঁ।Everythjng was just perfect you know?
:তেন্তে সৱ ঠিকেই আছিল?
:She told me she is in love. I was happy for her. মই লগ কৰিব খুজিছিলোঁ কিন্তু তাই সেইবাৰ চিনাকি কৰাই নিদিলে।
:তাৰ পিছত?
:সেইবাৰ তাইক শেষবাৰৰ কাৰণে সাৱটি লৈছিলোঁ।মোক এয়াৰপোৰ্টত থবলৈ গৈ তাই কান্দিছিল, মোক বহুত জোৰেৰে হাগ কৰিছিল।It was very different you know.
:মিছ কৰিছিল চাগে আপোনাক বহুত।
:মই গুচি যোৱাৰ প্ৰায় তিনিমাহ মান পাছত পাপাই ফোন কৰি কৈছিল যে ভন্টীৰ কাৰণে ভাল ল’ৰা এটা পাইছে।বিয়াৰ কথা চলিছে।তাই তেতিয়া মাষ্টাৰছ শেষ কৰি কোম্পানী এটাত জইন কৰিছিলে।মই ইমান জলদি বিয়াৰ কথা উলিয়াবলৈ পাপাক মানা কৰিছিলো।কিন্তু মা পাপা দুইজনেই মোক কৈছিল যে ভন্টীৰো ইচ্ছা আছে।মই ভন্টীৰ লগত কথা পাতোঁতে তায়ো কৈছিল যে তাই হেপ্পী।So I thought he must be the same guy she is in love with..but I was wrong Ananya…

ৰৈ গ’ল।
অনিৰুদ্ধই একোকে ক’ব পৰা নাই তাৰ পাছত।ময়ো সোধা নাই।বুজি পাওঁ মই, কিছুমান কথা কোৱা ইমান সহজ নহয়।

:She was in love with a girl Ananya..!! She was homosexual.
:So what?Love is love Anirudh!
:Exactly! But she couldnt feel this.
তাই যদি এবাৰ কলেহেঁতেন মোক।কিয় তাই মোৰ আগত ক’বলৈ ভয় কৰিলে।I am a terrible brother Ananya. মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম।মা পাপাই ইমান ডাঙৰ ভুল কৰি পেলালে। তাইক যদি এবাৰ সুধিলেহেঁতেন ,বুজিলেহেঁতেন।তাই ইমানেই ভয় কৰিলে যে পাপাই বিয়া ঠিক কৰোঁতেও একো নক’লে।পিছত যেতিয়া দিনবোৰ বিয়াৰ ওচৰ চাপিল তাই মৰি যোৱাই ভাল বুলি ভাবি ল’লে। আমি তাইক কিয় বুজি নাপালোঁ, কিয়!!!!

উত্তৰ দিবলৈ মোৰ ওচৰত একো নাই।অনিৰুদ্ধৰ ভনীয়েকৰ দৰে আমাৰ মাজতো বহু আছে,যি এইবোৰ কথা খুলি ক’ব নোৱাৰে।সমাজে হাঁহিব বুলি ভয় কৰে।এইটো যে এটা প্ৰাকৃতিক কথা,সাধাৰণ কথা সেইটো গ্ৰহণ কৰিব পৰাকৈ সমাজখন এতিয়াও উদাৰ হোৱা নাই।অনিৰুদ্ধৰ ভনীয়েকে কিয় তেনেকুৱা কৰিলে সেয়া বুজা মোৰ বাবে অসম্ভৱ।কিন্তু ভাৰতীয় সমাজত পৰিয়ালৰ লগত sexuality discuss কৰিব পৰা পৰিবেশ এতিয়াও আমি পোৱা নাই, দিব পৰা নাই।মানুহক দেখুৱাই পাৰফেক্ট ফেমিলি বনিবলৈ যাওঁতে আপোনবোৰকে হেৰুৱাই পেলাওঁ বহুবাৰ।তথাপি আক্ষেপ নাই।মানুহৰ বাহ বাহ বেছি জৰুৰী আমাৰ বাবে।

:আপুনি মাক সুধিছিল নে কেতিয়াবা?জানি বুজি বিয়া ঠিক কৰা নাছিলতো?
:সুধিছিলো।
:হমম।কি কৈছিল?
:মাৰ মতে পাপাই কিবা এটা জানিছিল।কিন্তু কোনোদিন মুখ খুলি কোৱা নাই।আমিও সুধিব নোৱাৰিলোঁ পাপাক।মই ঘূৰি আহি তাইক দেখাও নাপালো।তেতিয়ালৈকে পোষ্টমৰ্টেম হৈ গৈছিল।তাই মাত্ৰ মোৰ কাৰণে এটাই note লিখি গৈছিল..
This one..

ফোনত ফটো তুলি ৰখা এটা কাগজৰ টুকুৰা।গোট গোট আখৰেৰে লিখা আছে তাত…

“Bhaiya, please love people without any condition. Try to make this world a better place to live. You are my Hero Bhaiya. I always admired you, but couldn’t say anything ever. Now its too late. But still I wanna say, aap baaki logon se alag bano bhaiya.. ek ache insaan bano,I love you Ani Bhaiya …Aapki Ankita”

চকুপানী ৰখাব ময়ো পৰা নাই..
সাৱটি ধৰিলো অনিৰুদ্ধক, এইবাৰ তেওঁ হুকহুকাই কান্দিছে।
বাহিৰত তেতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ।

(আগলৈ)

13 thoughts on “#আবিৰ খণ্ড(৪৩)

  1. অনন্যাৰ দৰে অনিৰুদ্ধৰো এটা যন্ত্ৰনাদায়ক জীৱন।😔❤️

    Liked by 1 person

  2. ভবাই নাছিলোঁ কাহিনীটো এনেকুৱা ৰূপ ল’ব..🦋
    দিনে দিনে যেন মনত উৎসুকতা বাঢ়ি গৈ আছে..🥀
    ভাল লাগিল ❤️

    Liked by 1 person

  3. এইবাৰৰ কাহিনীটোত সমাজত চলি সাধাৰণ ঘটনাবোৰক আঙুলিয়াই দি ভালেই কৰিলে বা!!!!সমলিংগতাৰ কথা আমি জানো, কিন্তু কিয় জানো এতিয়াও সমাজে তাক সহজভাৱে নলয়| বহুত দুখৰ কথা !!!!!ভালপোৱাৰ কোনো চৰ্ত নাথাকে, কিয় জানো সমাজে এইটো বুজি নাপায়|

    Like

  4. একেদিনাই গোটেইখিনি পঢ়িব পালে হে মনটো শান্ত হব

    Like

  5. সমাজৰ এনে এক ঘটনাক আপোনাৰ লিখনিত স্থান দিয়া ৰ বাবে সুখী হৈছোঁ .. এনেদৰেই লিখি যাওঁক ।

    Like

  6. কাহিনীটোৰ মাজত যেন সুমাই পৰিছো,, পঢ়ি গলে সময় বোৰ কেনি যাই, গমকৈ নাপাওঁ,, বাকী পিছৰ খণ্ডলৈ অপেক্ষা থাকিল❤️

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s