#আবিৰ খণ্ড(৪৪)

অনিৰুদ্ধ!!!
মমৰ দৰে যেন গলি গলি শেষ হৈ যাব।জোৰকৈ খামুচি ধৰিছে মোক, বুকুত মূৰ থৈ সৰু ল’ৰাৰ দৰে কান্দিছে।কেনেকৈ সামৰি ৰাখিছিল তেওঁ ইমানখিনি দুখ!
কেনেকৈ হাঁহি আছিল আমাৰ আগত?
ঘন চুলিকোচাত হাত ফুৰাই দিওঁতে ময়ো কঁপিছোঁ।
আপোন কাৰোবাক হেৰুৱাৰ দুখ মই নুবুজোঁ, কিন্ত নিজৰ আপোন বুলিবলৈ কোনো নথকা মানুহে দুখবোৰ বেছিকৈ বুজি পায়।মই তেওঁক আজি নাকান্দিব বুলিও নকওঁ।
কান্দি কান্দি যদি তেওঁ ভাগৰি পৰে, বিষাদবোৰো ভাগৰি পৰিব।মোৰো মন যায় এনেকৈ কান্দিবলৈ, কিন্তু মই নোৱাৰোঁ।যেতিয়াই বেছিকৈ দুখ লাগে,বিলাতী সুৰাৰ বটল খালী কৰি পেলাওঁ।লানি নিছিগাকৈ চিগাৰেট জ্বলাই থাকোঁ।কিন্তু চকুৰপৰা পানী নোলায়।মুখৰ পৰা গালি ওলাই, শেষ কৰি দিবলৈ মন যায় সকলো, ভাঙি পেলাবলৈ মন যায় চাৰিওফালৰ বস্তুবোৰ।
কিন্তু কান্দিব নোৱাৰোঁ।
অনিৰুদ্ধই পাৰিছে, মোৰ বুকুত সোমাই তেওঁ যদি শান্তিৰে কান্দিব পাৰিছে, তেন্তে মই এনেদৰেই সাৱটি ৰাখিব পাৰিম তেওঁক… হয়তো আজীৱন।
সময়বোৰ গৈ আছে.. বাহিৰত তেতিয়াও বৰষুণ।বেলকনিৰ সেউজীয়া গছবোৰত উফৰি অহা টোপালবোৰ জিলিকি আছে।
:Anirudh…
তেওঁ মোক এৰি দিলে, মুখ খন ৰঙা, চকুকেইটাও ৰঙা হৈ ফুলি আছে,চুলিখিনি খেলিমেলি… উফ, এইজন মানুহক ইমান বিধস্ত ৰূপত মই চাব নোৱাৰোঁ।বুকুখন মোচৰ খাই গৈছে।তেওঁৰ চকুৰপৰা বৈ অহা পানী দুটোপাল হাতেৰে মোহাৰি দিলোঁ।
:পানী খাব?
তেওঁ বটলটো হাত পাতি লৈছে।
:Feeling better?
:
মনে মনেই থাকিল তেওঁ।সন্মুখৰ বেলকনিটোৰ কোনোবা এজোপা গছতেই স্থিৰ হৈ আছে তেওঁৰ দৃষ্টি।বহুসময় তেনেকৈয়ে গ’ল।তেওঁক বুজাবলৈ গৈ নিজেই শব্দহীনতাত ভুগিছো।
:I will just come.
তেওঁ উঠি গৈ বাওঁফালৰ ৰুমটোৰ ভিতৰলৈ সোমাই গ’ল।বাথৰূমৰ টেপ খোলাৰ শব্দ শুনা পালোঁ।অলপ পাছত মুখ খন ধুই ওলাই আহিল।কান্দোনৰ চিন তেতিয়াও সুস্পষ্ট।মোৰ সন্মুখেদি গৈ বেলকনিত গৈ তেওঁ চিগাৰেট জ্বলালে।উঠি যাব খুজিও ৰৈ গ’লো।আমনি দিয়াৰ ইচ্ছা নহ’ল।
:তোমাক থৈ আহোঁ।বৰষুণ কমিছে।
আচৰিত হ’লো,মইতো এবাৰো কোৱা নাই মোৰ দেৰি হৈছে বা মই যাওঁগৈ বুলি।হঠাৎ কি হ’ল??
:অলপ দেৰি থাকিলে আপুনি বেয়া পাব নেকি?
এইবাৰ তেওঁৰ আচৰিত হোৱাৰ পাল।চিগাৰেট পেলাই মোৰ ওচৰলৈ আহিল।এইবাৰ সন্মুখত বহি মোৰ হাত এখন নিজৰ দুয়োখন হাতৰ মাজত লৈ ক’লে…
:Stay with me.. forever!
এনে হোৱাৰ তো কথা নাছিল?
ইমান সহজে মই তেওঁৰ ওচৰত ধৰা দিয়াৰ তো প্ৰথা নাছিল।!
:চাহ খাব পাৰি নেকি?
কথাটো সলাবলৈ বেলেগ আৰু একো কথা বিচাৰি নাপালোঁ।
:হমম।আনিছোঁ।
:যদি বেয়া নাপায় ময়ো বনাব পাৰোঁ।
:Sure.
অদ্ভুত এটি পৰিবেশ।মই কি কৰি আছো নিজেই বুজা নাই।কিন্তু অকলশৰীয়া কৰি তেওঁক এৰি যাবলৈ মোৰ আজি ইচ্ছা হোৱা নাই।যিমানকণ সময় পাৰো তেওঁৰ লগত থাকিব বিচাৰোঁ।আন্ধাৰ মুখ খন অকণমান পোহৰাই থৈ যাব বিচাৰোঁ।তেওঁৰ পিছে পিছে পাকঘৰৰ ফালে আগবাঢ়ি গ’লো।উডেন আৰু বগা ৰঙৰ কেবিনেট আৰু ওলমি থকা লাইটবোৰৰ সৈতে আধুনিক ডিজাইনৰ পাকঘৰটোত মই যেন অলপো ঘৰুৱা ভাৱ নেদেখিলো।সকলো বস্তুৱেই জোখতকৈ বেছি পাৰফেক্ট।
:আপুনি নিজে বনাই খাই?
:Me?No. কুক এজন আহে।
ইয়াত কুক পাবলৈ সহজ।পাকঘৰটো দেখি কোনোবা প্ৰফেচনেল মানুহে চম্ভালে বুলি ধৰিব পাৰি।তেওঁক বিচৰাৰ আগতেই চাহপাত আৰু গাখীৰ উলিয়াই দিলে।সৰু চছপেন এটাত দুকাপ গাখীৰ উতলিবলৈ দিলো।অনিৰুদ্ধ অলপ আঁতৰি থিয় হৈ আছে।ক’বলৈ বহুতেই আছে সেইয়া আমি দুয়ো জানো, কিন্তু কিছুমান সময়ত কথা নোকোৱাকৈ থাকিও ভাল লাগে।অচিনাকি মানুহবোৰ যেতিয়া হৃদয়েৰে অলপ কম অচিনাকি হয়, বুকুৰ ইফাল সিফাল জুমি চাব পৰাকৈ চুবুৰীয়া হয়, ভালপোৱা ,ভাললগা আটাইবোৰ অলপ হ’লেও বুজি পোৱা যেন অনুভৱ হয়,তেতিয়া লৰি ঢাপৰি ফুৰা শব্দবোৰে বুকুৰ কোনোবা এটা কোণত জিৰণি লয়।
মৌনতাৰ হাজাৰটা ঢৌ অটল গহ্বৰত সামৰি ভালপোৱাৰ সাগৰ এখন বয়।
এইয়াতো জীৱন।
হৃদয়ৰ তাগিদাত ভৰপূৰ হোৱা নিঃস্ব কলিজাৰ অলপ নিজা সময়ৰ অপচয়।
কি জয়?পৰাজয়?
চাহৰ কাপ দুটা নিজেই নমাই আনিলো।
আদা দিয়া চাহৰ গোন্ধটো পাই তেওঁ ওচৰ চাপি আহিল।দুইটা কাপত চাহ বাকি এটা তেওঁলৈ আগবঢ়াই দিলো।
এইবাৰ বেলকনিটোৰ ফালে আগবাঢ়িলো দুয়ো।বৰষুণজাক পাতল হৈছে যদিও একেবাৰে এৰা নাই।বহিবলৈ চকী আছিল যদিও দুয়ো ৰেলিং খনৰ ওচৰত থিয় হৈ চাহ খাবলৈ ধৰিলোঁ।কাৰোৰে মুখত একো কথা নাই।অনিৰুদ্ধ তেতিয়াও সেমেকা ৰাতিৰ জোনটোৰ দৰেই নিস্তেজ।
নিজক সাজু কৰিছো,কিছু কথা মোৰো কবলগীয়া আছে…
:I could never tell him …that he has a child
:Who?
:কলেজৰ sixth semester ৰ পৰীক্ষা তেতিয়া শেষ হৈছে।হোষ্টেলৰ সৱ ছোৱালী ঘৰলৈ গুচি গৈছিল।থাকি গৈছিলো মই আৰু এজনী হিমাচলৰ ছোৱালী।তাইৰো ঘৰ নাছিল যাবলৈ।কিয় সেইয়া মই সোধা নাছিলো।ৰূমটোত অকলে থাকি থাকি পাগলৰ দৰে হৈছিলোঁ মই।তাৰ মাজতে এদিন মোক লগ কৰিবলৈ সি আহিছিল।
:কোন সি?
:নাম জানিব নালাগে।সি বেয়া মানুহ নহয়।ভুল তাৰ নহয়।সি মোৰ ভাল বন্ধু আছিল।ক্লাছৰ ভাল ল’ৰা আছিল।মই অকলে আছোঁ বুলি জানি সি মোক লগ ধৰিবলৈ আহিছিল।তাৰ পাছত আমি দুইটা ওলাই গৈছিলোঁ একেলগে।পাৰ্টি কৰিছিলোঁ।মোৰ ওচৰত তেতিয়া পইচাৰ অভাৱ নাছিল।বহুত ড্ৰিংক কৰিছিলো।মই সাংঘাতিক অকলশৰীয়া আছিলো তেতিয়া।আৰু কাৰ কাৰণে নো ভাল ছোৱালী হৈ থাকিম।ঘৰ বুলি যাবলৈ একোৱেই নাছিল।মোৰ অৱস্থা দেখি সেইদিনা ৰাতি সি মোক হোষ্টেললৈ যাবলৈ নিদিলে।আমি তাৰ ঘৰলৈ গৈছিলোঁ।সি মনে মনে দুৱাৰ খুলি সোমাইছিল, পিছে পিছে মই।তাৰ মাক দেউতাকে গম নোপোৱাকৈ দুমহলীয়া ঘৰটোৰ ওপৰ মহলত ৰাতিটো পাৰ কৰিছিলোঁ।মই তাৰ আগত মোৰ সমস্ত দুখ উজাৰি দিছিলো।বহুত কথাই পাতিছিলো আমি।তাৰ পিছত কোনো এটা দুর্বল মুহূৰ্তত আমি ভুল কৰি পেলাইছিলো।সেইটো বয়সত বেছি দূৰলৈ একো ভাবিবই পৰা নাছিলো।সেই এৰাতিৰ নিচা আৰু দুর্বলতাই মোৰ জীৱনটো সলাই পেলালে।ৰাতিপুৱাই গুচি আহিছিলো।কোনেও নেদেখাকৈ।সি লাজ পাইছিল মোৰ আগত।বাৰে বাৰে ছৰী কৈছিল।কিন্তু ভুল তাৰ অকলে নাছিল।মোৰো আছিল।
:তাৰ পিছত..
:তাৰ পিছত মোৰ জীৱনলৈ থুপু আহিল।
:তুমি তাক একোৱেই নক’লা?
:ওহোঁ।
:কিয়?
:সি পঢ়া শুনা কৰি জীৱনত কিবা এটা কৰিব বিচাৰিছিল।আৰু আমাৰ মাজততো প্ৰেম নাছিল।মই নিজকে কাৰোবাৰ বোজা হ’বলৈ এৰি দিব নোৱাৰোঁ।মোৰ দায়িত্ব মই নিজেই ল’ব বিচাৰোঁ।
মই তাক কেতিয়াও এইবোৰ জানিবলৈ নিদিলো।
:এতিয়াও কথা পাতা তাৰ লগত?
অনিৰুদ্ধৰ কথাত অকণমান ঈৰ্ষাৰ ভাৱ।
:সি এতিয়া ক’ত আছে বা কি কৰি আছে সেয়া মই নাজানো।কিন্তু তাৰ ভাল হোৱাটো বিচাৰোঁ।সিমানেই।
:আজিলৈকে কাকোৱেই ভাল লগা নাই তোমাৰ?
:কিয়?
:এনেই।Just curiouse.
:I have feelings too.. for someone..
:কোন?
:
:এতিয়াও ভাল পোৱা?
:নাপাবলৈ বহুত চেষ্টা কৰিলো।
তেওঁৰ মুখ খন সেমেকি গ’ল..
একো কোৱা নাই।
:চাহ কাপ ভাল নালাগিল আপোনাৰ?
:ভাল লাগিল।Thank you.
:এতিয়া মই যাওঁ নে?
:ছটা বাজিছেহে,আৰু অকণমান দেৰি থাকিব নোৱাৰি নেকি?
:আপুনি ৰেষ্ট কৰক।
:আকৌ এনেকৈ লগ পাম জানো?
:
:অনন্যা..
:
ভিতৰলৈ সোমাই আহি বেগটো হাতত ল’লো।
তেওঁ পিছে পিছে সোমাই আহিল।
টেবুলৰ পৰা গাড়ীৰ চাবিটো লৈ ৰৈ আছে।যোৱাৰ ইচ্ছা নাই।
:কি হ’ল?
:Thank you for today.
:মোৰো ভাল লাগিল।
:কিয়..?
উত্তৰ নিদি আঁতৰি আহিব খোজোঁতেই তেওঁ মোৰ সোঁ হাতখন ধৰি টানি নিলে..
:Who is that someone?
চকুত চকু থৈ সোধা এটা পোনপটীয়া প্ৰশ্ন।
:He knows?
:Nope.
:Aah!
:Happy birthday Anirudh!

(আগলৈ)

10 thoughts on “#আবিৰ খণ্ড(৪৪)

  1. সেই মানুহজন নিশ্চয় অনিৰুদ্ধে হ’ব, হয়তো…।Suspense !🤨okay I will wait for the answer then.

    Liked by 1 person

    1. 😱😱I am also eagerly waiting. Maybe he will Anirudh.
      I wish I will get all the part together to read. 😤😤😤😤It’s really embarrassing, I use to think the whole night after reading the story. 😂

      Liked by 1 person

  2. সেই মানুহজন নিশ্চয় অনিৰুদ্ধে হ’ব, হয়তো…। Suspense!🤨 okay I will wait for the answer then.

    Liked by 1 person

  3. 😱😱I am also eagerly waiting. Maybe he will Anirudh.
    I wish I will get all the part together to read. 😤😤😤😤It’s really embarrassing, I use to think the whole night after reading the story. 😂

    Liked by 1 person

  4. মজা লাগিছে বা!!!অন্যন্যাৰ মনতো ভালপোৱাৰ কলি মেলিছে……..অপেক্ষা কৰি আছো সেই মূহুৰ্তলৈ যেতিয়া মনৰ কথা ওঁঠলৈকে ‌আহিব….‍‍‍‍….

    Like

  5. আপোনাৰ Blog ৰ প্ৰতিটো Post ৰ Update মই email ত পাবলৈ Subscribe কৰি থৈছিলো। কিন্তু আবিৰৰ ৪৪তম খণ্ডৰ পৰা update email ত পোৱা নাই। কিবা technical issue হৈছে যদি নাজানো। আগলৈ সকলো update পাম বুলি আশা কৰিলো।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s