#আবিৰ খণ্ড (৪৫)

সন্ধিয়াটো আজি যেন বেছি ভাল লগা।
বৰষুণত ভিজা চহৰখনৰ এটা সুকীয়া গোন্ধ..আকাশত দেখি নোপোৱা সন্ধিয়াৰ হেঙুলীয়া বেলিটো যেন অনিৰুদ্ধৰ চকুৰ পৰা মোৰ বুকুলৈকে অহা যোৱা কৰি আছে.. তেওঁৰ ফালে চালেই চকু কেইটা সৰু কৰি নাইবা চেলাউৰী কোচাই বিশেষ ভংগীমাত আকৌ সোধে..
“কোন সেই বিশেষ জন”
মই উত্তৰ নিদিয়াকৈ বাহিৰলৈ চাই পঠিয়াও।
এনেকৈয়ে আহি ৰূমৰ ওচৰ পালেহি..
:I need an answer soon.
:ভাবি চাম।
আৰু অলপ খং উঠাবলৈকে কৈ দিলোঁ।
:অনন্যা,মোৰ কথাবোৰ আজি প্ৰথম কাৰোবাৰ আগত কৈছোঁ।তুমি বুজি পাবা বুলি ভাবোঁ।কিন্তু প্লিজ এইটো কথা যেন আমি আকৌ কেতিয়াও নাপাতো।মই মা পাপাৰ কাৰণে বহুত কথাই পাহৰি লাইফত আগবাঢ়িছো।মোৰ বাহিৰে তেওঁলোকৰ কোনো নাই।I try to keep them happy. আৰু সেইকাৰণেই নিজেও যিমান পাৰোঁ ভালকৈ থাকিবলৈ চেষ্টা কৰোঁ।
:মই বুজিছোঁ।
:Thank you.
নামি আহিলোঁ।তেওঁ আন দিনৰ দৰে আজি মোৰ সতে খোজকাঢ়িবলৈ গাড়ীৰ পৰা নামি নাহিল।হয়তো ভাগৰুৱা।ৰাস্তাটো পাৰ হৈ এবাৰ ঘূৰি চালো।তেওঁ ৰৈয়ে আছে।মই চোৱাৰ লগে লগে হাঁহি এটা মাৰি গাড়ী ঘূৰালে।বুকুত নতুন কিবা এটা সামৰি ময়ো আগবাঢ়িলোঁ।দিনটো আজি বিশেষ আছিল।


হিবালৈ ফোন কৰি ডক্টৰৰ লগত হোৱা কথাবোৰ পাতিলোঁ।গোটেইখিনি প্লেনিং কৰিব লগীয়া হৈছে।ভায়েকক আনি এডমিট কৰা, মাকৰ থকা ব্যৱস্থা,পইচা এই সকলোবোৰ।
তাই আৰু মাকে মিলি যেনেতেনে দুই লাখ টকা যোগাৰ কৰিছে।মোমায়েক এতিয়াও একেটা কথাতে লাগি আছে।হিবাই বিয়াত সন্মতি দিলেই দৰা ঘৰৰ মানুহে খৰছ খিনি কৰিব।এইবাৰ তাইক গালি পাৰিলোঁ।মুখত যি ওলাই তাকে বকি দিছোঁ।বিয়াৰ পাছত যদি ভায়েক মৰি থাকে তেতিয়া কি কৰিব?অদ্ভুত কথা কিছুমান লৈ মানুহে মূৰ গৰম কৰি থাকিলে মই বেছিদেৰি সহ্য কৰি থাকিব নোৱাৰোঁ।তাই কান্দিছে।কিন্তু মোৰ বেয়া লগা নাই।খং এটা হে উঠি আহিছে।শেষত যেনিবা তাই বিয়াৰ বাবে মানা কৰি দিম বুলি মান্তি হ’ল।পইচাৰ দায়িত্ব ল’লোঁ যদিও কেনেকৈ মিলাম তেতিয়াও ভাবি পোৱা নাই।হিবাৰ ফোনটো কাটি ককালৈ ফোন কৰিলোঁ।তৰাই নি ককাক দিলেগৈ
:ভালে আছ নে গোসাঁনী?
:আছোঁ ককা, তোমাৰ ভালনে?
:মোৰ নো কি ভাল বেয়া,খবৰ লওঁতা নায়েই।তয়ো পাহৰিছ আজিকালি।
শেষলৈ ককাৰ মাতটো থুকাথুকি।দুখ এটা উজাই আহিল।মানুহজন অকলশৰীয়া।মোৰ পৰা অকণমান মৰম আশা কৰে তাকো মই দিব পৰা নাই।
:ককা, মোক এমাহ সময় দিয়া, মই সৱ ঠিক কৰি লৈ আনিমগৈ তোমাক।হ’ব নে?
:এনেই কৈছ,মোক নিলে তোৰ দিগদাৰী হে হ’ব।
:ককা,তোমাৰ বাহিৰে মোৰ কোন আছেনো?বেয়া পাইছা বুলি জানিছোঁ।কিন্তু মোৰো কিছুমান অসুবিধা আছে।পইচাৰো অলপ টনাটনি হৈছে।
এইবাৰ ককা জকজকাই উঠিল।
:মোৰ নাতি হৈ তেনেকৈ কেলেই আছ?কি কৰিম মই পইচা সোপা।মৰিলে লৈ যাম নেকি লগত।
:দেউতাৰ পইচা মোক নালাগে।
:তোৰ বাপেৰৰ বাপেক মই বুজিছ।এইবোৰ সৱ মই গঢ়া সম্পত্তি।কোনে কি কৰিব পাৰিব।
ককাৰ মাতটো ডাঙৰ হৈ গৈছে।ঘৰত আকৌ অশান্তি হোৱাটো মই নিবিচাৰোঁ।দেউতাই এইবাৰ নিৰ্বাচনত বহুত পইচা খৰছ কৰিছে বুলি ককাৰ পৰাই গম পাইছোঁ।দেউতাই নিজে কেতিয়াও নিৰ্বাচন নেখেলে।He is the king maker. আমাৰ ঠাইৰ বিধায়ক কোন হ’ব,বাগানৰ মজদূৰে কাক ভোট দিব, নিৰ্বাচনৰ আগে আগে কোনটো কথা বিয়পিলে ভোট কোনফালে যাব এইবোৰৰ আলোচনা আমাৰ ঘৰত হয়।আগতে ককাই পৰামৰ্শ দিছিল।ঠাইখনৰ উন্নয়নৰ কথা কৈছিল।এতিয়া দেউতাই দিয়ে।নিজৰ আৰু নিজৰ চামচা বিলাকৰ উন্নয়নৰ কথা পাতে।ককাৰ খং যে সেইবোৰ লৈয়ে উঠিছে সেইয়া বুজিছো।
:ককা,তুমি পইচা অলপ পঠাই দিব পাৰিবা?
:খুজিছ যে, এইবোৰ সৱ তোৰেই।কিমান লাগে?
হিবাৰ ভায়েকৰ কথা ককাক বিৱৰি ক’লো।দুখ পাইছে মানুহৰ জঘন্য মানসিকতাৰ কথা শুনি।
:মই কাইলৈকে যোগেশক লৈ বেংকলৈ যাম।মই থাকোঁতে তই একোকে চিন্তা নকৰিবি মাজনী।
:মই চিন্তা নকৰোঁ ককা।তুমিও নকৰিবা।এইটো মাহ তাত থাকা।ওচৰৰ মানুহখিনিক ভালকৈ লগ কৰি লোৱা।মই ঘৰ চাইছোঁ।সৱ মিলিলেই লৈ আনিমগৈ তোমাক।মোৰ লগতে থাকিবা সদায়।আমি আকৌ আগৰ নিচিনাকৈ থাকিম দেই।
:কেইটা দিননো জীয়াই থাকিম।সেইকাৰণেহে জোৰ দি কৈছোঁ তোক।আজিকালি খাবলৈও মন চন নোযোৱা হৈছে।
:কিয়?নাখালে কেনেকৈ হ’ব।
:এহ কিনো কৈ থাকিম আৰু। নতুন ৰান্ধনী আনিছে।বৰ তেল মছলা দিয়ে বুইছ।মোৰ হজম নহয় সেইবোৰ।
:বুজিছোঁ।তৰাক ফোনটো দিয়া।
:তই কাকো গালি নাপাৰিবি দেই।
:তুমি দিয়াচোন।
ফোনটো লৈ তৰাই মাত মতা নাই।
:তৰা নতুন ৰান্ধনীক কবি ককাই যেনেকৈ খাই তেনেকৈ বনাবলৈ।এই এমাহত ককাৰ কিবা যদি হয় মই কি কৰিম চাই ল’বি।আৰু এইটো কথা মই যেনেকৈ কৈছোঁ একদম তেনেকৈ গৈ মাৰ আগত কৈ দিবি।মই আকৌ ফোন কৰিম।

ফোনটো মই কাটি দিলো।এইবোৰ অশান্তিৰ অন্ত পেলাবই লাগিব।সোনকালেই ঘৰ এটালৈ shift কৰিব লাগিব।আজি অনিৰুদ্ধৰ কথাবোৰে এতিয়াও বুকুত খুন্দিয়াই আছে, ক’ব নোৱাৰা কথা কিছুমানে এনেকৈয়ে মানুহক শেষ কৰে।গুণা গঁথা হিচাপ নিকাছৰ মাজত কেতিয়াবা বহুতেই দেৰি হৈ যায়।জীৱনত এতিয়া বহুত বেছি একো নিবিচাৰোঁ মই।ককা আৰু থুপুৰ সৈতে এটা সুখী জীৱন।বিলাসী জীৱনৰ প্ৰতি মোহ নাই।শান্তি বিচাৰোঁ এতিয়া।অকল শান্তি।কেতিয়াবা সপোন দেখোঁ, এটা সৰু ঘৰ, বেলকনিত এখন আৰামী চকী, ককাই তাতে বহি চাহ খাব।মই ওচৰতে বহি চাই থাকিম।কোলাত থুপু থাকিব।সি ফুটা নুফুটাকৈ কথা ক’ব।কেতিয়াবা সেই সপোনটোত আৰু এজন মানুহে ভুমুকি মাৰে।হাঁহি হাঁহি আমাৰ কথাবোৰ শুনি থাকে।সেই মানুহজন আজিকালি মোৰ প্ৰতিটো কল্পনাতে থাকে।কৈ দিব খুজিও কৈ দিব পৰা নাই মই।ভয় লাগে মোৰ।ভাল লগা সকলোৱেই চোন মোক এৰি থৈ গুচি যায়।আইতাই এৰি যোৱাৰ দিনা মই কান্দিবও নাজানিছিলোঁ।ককাৰ পাছে পাছে ঘূৰি ফুৰিছিলোঁ।তাৰ পিছত বহুদিন আইতাৰ কপাহী চাদৰ এখন লগতে লৈ ফুৰিছিলোঁ।ককাই তৰা হৈ যোৱা বুলি কোৱাৰ বাবে অকাশলৈকে চাই থাকিছিলোঁ।ভগৱানক ভাল নোপোৱা হৈছিলো।ককাৰ সৈতে সন্ধিয়া গোঁসাই ঘৰত সোমাই মনতে ভগৱানৰ লগত কাজিয়াহে কৰিছিলোঁ।প্ৰসাদৰ গোটা আপেল থপিয়াই আনি খাইছিলো।সেই দিনবোৰ ইমানেই দুখৰ আছিল যে মোৰ মনৰ পৰা এতিয়াও আঁতৰাব পৰা নাই মই।সেইবাবেই চাগে ভয় খাওঁ মই, নতুনকৈ ভালপাবলৈ।কিন্তু অনিৰুদ্ধক ভাল নোপোৱাকৈ থকাতো যে এতিয়া প্ৰায় অসম্ভব হৈ পৰিছে মোৰ বাবে।

ভাত কেইটা খাই লেপটপটো খুলি আকৌ ঘৰ বিচৰাত লাগিলোঁ।1bhk ঘৰ এটা পছন্দ হৈছে।ভাড়া বাৰ হাজাৰ টকা।অফিচলৈ অলপ দূৰ হ’ব কিন্তু ঠাইখিনি অলপ শান্ত।ককাই ভাল পাব।স্ক্ৰীণত ঘৰ চাই চাই ওঁঠত লিপবাম লগাই থাকোঁতে মনত পৰিল অনিৰুদ্ধৰ সেই…
গোটেই তেজবোৰ যেন গাল দুখনলৈকে বৈ আহিছে…
একে সময়তে ফোনৰ স্ক্ৰীণত তেওঁৰ নম্বৰটো জিলিকি উঠিল।
:হেল্লো..
:কি কৰি আছা?
:ঘৰ চাই আছোঁ।ককা সোনকালে আহিব বিচাৰে।মোৰ ওচৰত এমাহ সময় আছে।
:দেৰি কৰি নাথাকিবা।লৈ আনাগৈ।
:ঘৰটো লৈ লওঁ।
:মই হেল্প কৰি দিওঁ?
:কাইলৈ চাই আহিমগৈ।দৰকাৰ হ’লে আপোনাক কম।
:You still don’t trust me na..
:বিশ্বাস নোহোৱাকৈ আপোনাৰ ঘৰত আপোনাৰ সৈতে ইমান সময় নাথাকিলোঁ হেতেন।
:মই জোৰ কৰি লৈ আহিছিলোঁ ন।
:অনন্যাক কোনেও জোৰ কৰি একো কৰাব নোৱাৰে।
:মই জানো।
:আপুনি কিবা খালে?
:নাই, মন যোৱা নাই।
:কিয়?
:চাহৰ টেষ্টটো গুচি যাব যে।
সেইটো আকৌ কেনেকুৱা কথা।অনিৰুদ্ধক বুজিবলৈ আৰু সময় লাগিব চাগে মোক।এনেকুৱা কথাবোৰৰ উত্তৰ মোৰ ওচৰত নাথাকে কেতিয়াও।
:মই শুই যাওঁ, ভাগৰ লাগিছে।
:Okay, Good night.
ফোনটো কাটি লৈ আকৌ ঘৰ বিচৰাত লাগিলোঁ।ইমান সোনকালে মই যে নুশুও সেইটো তেওঁ জানে।এইবাৰ মেছেজ কৰিলে।
“তোমাৰ shampoo, lipbalm সৱতে strawberry আছে ন?
I like it.”
কি????
ফোনটো লগে লগে অফ কৰি লাইট কেইটাও অফ কৰি মূৰে গায়ে কম্বল লৈ শুই থাকিলোঁ।
মই এসপ্তাহ মান ছুটি লোৱা ভাল নেকি!!

(আগলৈ)

15 thoughts on “#আবিৰ খণ্ড (৪৫)

  1. আপোনাৰ এই কাহিনীটো সোনকালে শেষ নকৰিব প্লিজ।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s