#আবিৰ খণ্ড(৪৭)

মই নাযাওঁ আপোনাৰ লগত!
:কিয়?
:এনেই।
:Don’t make a scene here.
উফ!
ৰৈ থাকিলো।অলপ পাছত তেওঁ সেইখিনি পালেহি।গাড়ীৰ সন্মুখৰ দৰ্জাখন খুলি দিলে।উঠি বহিলো।ছিটবেল্ট লগাবলৈ লৈ বাৰে বাৰে পৰা নাই।কৰ’বাত লাগি ধৰিছে।তেওঁ অলপ হাউলি টানি আনিলে।
নিবিচাৰোঁ ইমান ওচৰত তেওঁক।এই বিশেষ সুগন্ধি আৰু আপোন যেন লগা অনুভৱটো মোৰ বাবে যদি নতুন বিপদৰ আগজাননী হয়।তেওঁ যেন জানি বুজি অলপ বেছি চাপি আহিছে মোৰ ওচৰলৈ।চকু কেইটা মোৰ চকুতেই ৰাখিছে।আজি কোমলতা নাই সেই চাৱনিত।এসোপামান খং আৰু অভিমান হে আছে।পাতল গুলপীয়া ৰঙৰ চাৰ্টটোৰ পৰা এখিনি গুলপীয়া মোৰ গালত ছিটিকি পৰিছেহি।লগত সেই বিশেষ ফৰাছী পাৰ্ফিউমৰ মিঠা সুগন্ধি।
মই আকৌ এবাৰ ভাগিব নোৱাৰোঁ।কোনে বুটলি আনি আকৌ গঢ়িব মোক।কিন্তু কিয় নাজানো বাৰে বাৰে বিফল হওঁ এই মানুহজনৰ ওচৰত।যিমান পাৰোঁ নিজকে তেওঁৰ পৰা আঁতৰাই আনি দৰ্জাখনত লাগি আছোহি।
ছিটবেল্টডাল লগাই তেওঁ গাড়ী আকৌ ষ্টাৰ্ট দিলে।ভিৰ বহুত এতিয়াও।বিশেষকৈ অফিচৰ ওচৰৰ ঠাইখিনিত গাড়ীখন আগেই বঢ়া নাই।তেওঁ মিউজিক চিষ্টেমত গান লগালে ।মুখেৰে একো মতা নাই।ময়ো মনে মনেই আছোঁ।
তেওঁৰ ফোনত কাৰোবাৰ ফোন আহিছে আৰু তেওঁ বাৰে বাৰে কাটি আছে।
:ফোন কিয় নাই উঠোৱা?
:None of your business.
ইমান খং?
মোকনো কিহে পাইছিল সুধিবলৈ!
ভিৰৰ পৰা ওলাই আহি গাড়ী মেইন ৰোডত উঠিল।তেওঁ এবাৰো মোৰ ফালে চোৱা নাই।মাত্ৰ সন্মুখলৈ চাই গাড়ী চলাইছে।যদি একো ক’বলগীয়া নায়েই তেন্তে ইমান জোৰ কৰি গাড়ীত উঠিবলৈ কৈছিল কিয় মই বুজি পোৱা নাই।এই মানুহজন যিমান সহজ বুলি মই ভাবিছিলোঁ সিমান সহজ একেবাৰেই নহয়।মিনিটত সলনি হয় তেওঁৰ মুড।আৰু খং মোৰ সৈতে একেই।
:Marry me!
:What?????
:বিয়া পাতা মোৰ লগত।
:পাগল হোৱা নাইতো আপুনি?
:কিয়?পাগল হ’বলৈ ৰৈ আছা তুমি?মই পাগল হৈছোঁ অনন্যা।কি কৰি আছা তুমি মোৰ লগত এবাৰ ভাবি চাইছা?কি ভুল মোৰ কোৱা?I fell in love with you and you are just punishing me with your arrogance every now and then. কিয়??
:মই জানি বুজি একো নকৰোঁ।
:কেতিয়া জানিবা?সৰু ছোৱালী হৈ আছা তুমি?আমি টিন এজাৰ নহয় অনন্যা।We are not each other’s first love too right?
কেনেকৈ কওঁ মই অনিৰুদ্ধক, প্ৰেম মোৰ হোৱা নাই এতিয়ালৈকে।কেনেকৈ কওঁ প্ৰেমৰ প্ৰথম অনুভূতি জগাই তোলা মানুহজন অনিৰুদ্ধ।মই তেওঁৰ প্ৰথম প্ৰেম নহয়।সেই লৈ মোৰ কোনো আক্ষেপ নাই।মই তেওঁৰ শেষ প্ৰেম হোৱাৰ ইচ্ছাও পুহি ৰখা নাই।মাত্ৰ যিমান সময়ৰ বাবেই হওক, ভালপোৱা খিনি সঁচা হওক।মোকো কোনোবাই মোৰ দৰেই ভাল পাওক।জীৱনত তাতকৈ বেছি একো নালাগে।বুজা নুবুজাৰ দোমোজাত ময়ো ছটফটাই আছোঁ।কেতিয়াবা যদি বিশ্বাস আৰু ভালপোৱাৰে তেওঁক সাৱটি ল’ব খুজিছোঁ,কেতিয়াবা আকৌ নিজক পুনৰবাৰ হেৰুৱাই পেলোৱাৰ ভয়ত কুৰুকি কুৰুকি সোমাইছো নিজৰেই নিসংগ পৃথিৱীৰ আন্ধাৰ খিনিত।
:I am seriouse Ananya.
:Anirudh please!
:Yeah, sorry!
তেওঁ গাড়ীৰ স্পীড বঢ়াই দিলে।আহি একেবাৰে ৰূমৰ ওচৰত আহি গাড়ী ৰ’লহি।
:আজিৰপৰা আমনি নকৰোঁ তোমাক অনন্যা।আজিৰপৰা ইয়ালৈ মই আৰু চাগে কেতিয়াও নাহিম।নিজকে বহুত কষ্ট দিছোঁ।লগতে তোমাকো।
নামিবলৈ লৈও ৰৈ গ’লো।কি কয় অনিৰুদ্ধই?
:When I saw you for the first time.. I felt something strange. You carry the same pain as her. I couldnt save my sister but I just wanted to be with you..
তোমাক মাত্ৰ জানিব খুজিছিলো,কিন্তু যিমানেই জানিলো সিমানেই ভাল পাই গৈ থাকিলো।কেনেকৈ তুমি ইমান বেলেগ,ইমান স্থিৰ, ইমান স্বাভিমানী.. I respect you more than I love you Ananya.. কিন্তু তোমাক মই জোৰ কৰি একো কৰিব নিবিচাৰোঁ।বহুত চেষ্টা কৰিলোঁ, কিন্তু তুমি বুজিবলৈ চেষ্টাও কৰা নাই।তুমি সুখী হোৱা।মই আঁতৰি যাম।সোনকালেই হায়দৰাবাদ গৈ আছোঁ।
:কিয়?
:May be for my self respect.
কথাষাৰ যেন এপাত কাঁড় হে আছিল, বুকুভেদি পাৰ হৈ গ’ল।
অনিৰুদ্ধ ইমান বেছি ভাবুক কিয় আজি?কিয় ইমান ডাঙৰ সিদ্ধান্ত লৈ পেলাইছে তেওঁ!
:অনন্যা,তোমাক সন্মান কৰোঁ বহুত, কিন্তু মই নিজকো বহুত বেছি সন্মান কৰোঁ।তুমি নুবুজিবা।দুৰ্বল হৈছিলোঁ,নকৰিবলগীয়া কিবা এটাও কৰি দিলোঁ। কিন্তু বুজি পোৱা দেৰি হ’লেও সময় পাৰ হৈ যোৱা নাই।তোমাৰ ওচৰত মোৰ সকলো উজাৰি দিয়াৰ পাছতো তুমি সেইখিনিক সন্মান নকৰিলা।
You hurt me Ananya. You hurt my ego.Now please leave.Please..

শেষৰ কথা কেইটা তেওঁ অলপ জোৰ দি কোৱা যেন লাগিল।চকুকেইটা সেমেকা, অলপ ৰঙচুৱা।বুকুখন সাংঘাটিক বিষাইছে মোৰ।কিবা এটাই যেন হেঁচা মাৰি ধৰিছে।কিবা এটা ক’ব খুজিও মই একোকে ক’ব পৰা নাই আজি।দৰ্জাখন খুলি নামি আহিলোঁ।তেওঁ চকুদুটা জপাই মূৰটো ছিটত পেলাই দিছে।
তেওঁ উচুপি উঠাৰ উমান পাই মোৰ খোজ কেইটা যেন আগ নবঢ়া হৈছে।নামি আহিও ৰাস্তাটো পাৰ হ’ব পৰা নাই।ঘূৰি চাইছোঁ বাৰে বাৰে, কিন্তু তেওঁ চোৱা নাই মোলৈ।একেভাগেই আছে।মৌনতাই গ্ৰাস কৰিছে এই নিজান ৰাতিৰ জোনাক খিনিক।

ৰাস্তাটো পাৰ হৈয়ো এবাৰ ঘূৰি চালো।তেওঁ গাড়ী ঘূৰাবলৈ লৈছে।মোলৈ চোৱা নাই কিয়?
কিয় ইমান জেদ?
ইমান খং?
ইমান অভিমান?
দহ বাজিবৰ হ’ল,কিন্তু মোৰ এনে লাগিছে আকৌ ৰাতিপুৱা হওক, দিনটো আকৌ আৰম্ভ হওক।মই অনিৰুদ্ধক উপেক্ষা নকৰাকৈ থাকিম, সলাই পেলাম সকলোবোৰ।তেওঁ গুচি গ’ল,এবাৰো ঘূৰি নাচালে মোলৈ।চকুপানীবোৰ আজি অবাধ্য, পাৰভাঙি বৈছে।দুয়োহাতেৰে মচি মচিও মই নাইপৰা ৰখাব।থুপুক এৰি আহোঁতে যিমান দুখ পাইছিলো,আজি অনিৰুদ্ধই এৰি যাওঁতেও একেই বিষ অনুভৱ হৈছে মোৰ।ৰাস্তাটো দেখা নাই মই।ঠেক গলিটোৰ ষ্ট্ৰীট লাইট এটা বেয়া হৈ আছে।আন্ধাৰ আৰু পোহৰৰ মাজত মই ৰৈ লৈ হেঁপাহ পলুৱাই কান্দিছোঁ আজি।কোনেও নেদেখাকৈ।কিয় ইমান অসহায় মই?কিয় ইমান জটিল মোৰ বাবে সকলোবোৰ।আকাশলৈ চাই আজি আইতাক একো কোৱাৰ প্ৰয়োজন হোৱা নাই।চাই আছোঁ মাথোঁ।
ককালৈ মনত পৰিছে, থুপুলৈ মনত পৰিছে, কি হৈছে মোৰ।ইমান চকুপানী ক’ত সাঁচি ৰাখিছিলো মই নিজেই নাজানো।
বাইক এখন কাষেৰে পাৰ হৈ গৈছে, ঘূৰি ঘূৰি চাইছে মোক।
বেগটো বুকুত সাৱটি ৰাস্তাৰ কাষত বহি কান্দি থকা মোক দেখি পুতৌ হৈছে মানুহৰ।
ভ্ৰূক্ষেপ নাই মোৰ, এই বিষাদ যদি বৈ নাযায়, নতুন এটা শিল হৈ ৰৈ যায়, মই আৰু জীয়াই নাথাকিম।
অনিৰুদ্ধক পোৱাৰ সপোনটো ভাঙোতে বুকুখন শব্দ কৰি উঠিছে, কঁপি কঁপি কান্দিছোঁ আজি মই, এই দুখৰ কেতিয়াবা অন্ত হ’বনে?
কিমান দেৰি পাৰ হ’ল নাজানো…
নিজকে চোঁচৰাই নিয়া দি নি গেইটৰ ওচৰ পালেগৈ, বাৰে বাৰে মোহাৰি পেলাইছোঁ বৈ অহা চকুপানীৰ ঢল।কোনোবাই মোৰ চকুপানী দেখাতো মই সহ্য কৰিব নোৱাৰিম কেতিয়াও।
গেইটখন খুলিবলৈ লৈ ৰৈ গ’লো।
এজাক চেঁচা বতাহে চুই গ’ল মোক।
লগত সেই চিনাকি সুগন্ধি।
ঘূৰি চালো।
অলপ আঁতৰত ৰৈ থকা মোৰ প্ৰিয় মানুহজন সঁচা নে?
সপোন দেখা নাইতো?
ভবাৰ সময় এতিয়া যে নাই!
হাতৰ বেগটো পৰি গ’ল।
কাষ চাপি গ’লো,কঁপি উঠা হাতেৰে চুই চালো এবাৰ তেওঁৰ হাতখন।
সঁচা!
জিলিমিল চকুৰে স্পষ্টকৈ দেখাও যে পোৱা নাই।
অনিৰুদ্ধ!
:Hold me please.. Anirudh..
:Aah..
আৰু একো কোৱাৰ প্ৰয়োজন নাছিল।
শব্দই কি কৰিব পাৰে এতিয়া, বুকুৱে বিচাৰে কেৱল বুকুৰ সান্নিধ্য, অলপ আদৰ..
চপাই নিলে তেওঁ মোক,সামৰি ল’লে বুকুৰ মাজত।
সজোৰে,সৱল দুবাহুত মম হৈ গলিছে মোৰ বৰফ হৈ থকা দুখবোৰ।
চুলিত ওঁঠৰ পৰশ, নাকান্দিবলৈ বাৰে বাৰে অনুৰোধ।
:I am sorry ..Anirudh.. please dont leave..
কথা কোৱাৰ শক্তি যে নাই…
:I will never do that..Shhhh

এইবাৰ যে মোৰ চকুত সুখৰ কান্দোন।
ভালপাব খোজো এই নিশাটোক, এই মানুহজনক।
আইতা আকৌ এবাৰ তিৰবিৰাই উঠিল।

(আগলৈ)

27 thoughts on “#আবিৰ খণ্ড(৪৭)

  1. সচাঁকৈ বা আপোনাৰ আবিৰে মন চুই গৈছে ৷ অতি তিব্ৰতাৰে অপেক্ষা কৰি আছোঁ পিছৰ খণ্ডলৈ ৷

    Liked by 1 person

  2. Kije bhal lagise bujabo nuwari…aponi keneke eman dhuniya ke likhibo pare….bht bhal lagil
    Sent from my iPhone
    >

    Like

  3. অনন্যাৰ মাজত নিজক দেখো সদায়।তাই হাহিলে হাহোঁ ,তাই কান্দিলে কান্দো।অনিৰুদ্ধক তাই নহয় যেন মইহে ভালপাব লৈছো তেনে লাগে আজিকালি।আপোনাৰ লেখনিৰ প্ৰতিটো চৰিত্ৰই মোৰ বুকুৰ আপোন।কমেন্ট লিখিব সদায় সময় নাপাও বেয়া নাপাব।এনেকুৱা উপন্যাস পঢ়ি থাকিলে মোৰ ভোক পিয়াহো অনুভৱ নহয় কেতিয়াও।
    ধন্যৱাদ ইন্দ্ৰানী ৰ্শমা বা এনেকুৱা হৃদয় চুই যোৱা কাহিনী উপহাৰ দিয়াৰ বাবে।বহুত মৰম তোমালৈ।

    Liked by 3 people

  4. Please upload the next part soon. I can’t wait anymore 😍😍. I can’t control myself to read the episode even my exam is going on. 😊☺.

    Like

  5. পিছৰ খণ্ড লৈ অধিৰ আগ্ৰহেৰে ৰৈ আছোঁ বা। সোনকালে দিব পাৰিলে ।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s