#আবিৰ খণ্ড (৪৮)

:I am sorry ..Anirudh.. please dont leave..
কথা কোৱাৰ শক্তি যে নাই…
:I will never do that..Shhhh
আন্ধাৰবোৰ যেন লাহে লাহে আঁতৰি গৈছে বুকুৰপৰা।ইমান ধুনীয়া সময়ো থাকিব পাৰে বুলি মইতো জনাই নাছিলোঁ।প্ৰতিবাৰ মৰাৰ পৰা জী উঠাৰ সময়বোৰত এনে এটি মুহুৰ্তৰ সপোনেইতো দেখিছিলো।নীৰৱ, নিৰ্বাক, নিৰ্বিকাৰ সময় বোৰত ৰিণিকি ৰিণিকি বাজি থকা বাঁহীৰ সুৰ এটিৰ দৰেই এই ক্ষণৰ মধুৰতা।
:ভালপাওঁ আপোনাক… সঁচাকৈ!!!
ৰৈ গ’ল তেওঁ.. মূৰ তুলি চালো।বিশ্বাস হোৱা নাই।ধুনীয়া চকুকেইটা তৰাৰ দৰে তিৰবিৰাই আছে।পানীৰে উপচি থকা পলক যেন জপাই দিলেই সপোন ভাঙিব।
:Say it again.. please…
:ভালপাওঁ আপোনাক…
এইবাৰ দুগুণ আৱেগেৰে সাৱটি ল’লে তেওঁ মোক।উশাহ যেন ৰৈ যাব এতিয়া।প্ৰয়োজনেই বা কি উশাহৰ।জী উঠিছোঁ তেওঁৰ বুকুৰ স্পন্দনত।দুয়োৰে বাবে একেটি উশাহ।
:Ananya…
:Hmmmm
:nothing…
সময়বোৰ ৰৈ গৈছে দুয়োৰে বাবে।থুপ খাই থকা হাজাৰটা অনুভৱে সাৰ পাই উঠিছে।সেইবাবেই ক’বলগীয়া একোৱেই নাই।ভালপোৱা কৰা নাযায়, হৈ যায়।মোৰো হৈ গ’ল।
নিৰ্মোহ জীৱনৰ নতুন মোহ।
সৰাপাতৰ হালধীয়াত সেউজীয়াৰ বোল।
বুকুত জেতুকাবুলিয়া ৰঙৰ নতুন সাজোন।
মই ভালপাবলৈ শিকিছোঁ জীৱনক।
আমাৰ ধুনীয়া মুহুৰ্তৰ আৱেশ ভাঙি তেওঁৰ ফোনটো আকৌ বাজি উঠিল..
কাটি দিলে তেওঁ।মই যেন দিঠকলৈ এতিয়া হে ঘূৰি আহিছোঁ।
:মই যাওঁ।
:Yeah you should !Before I make another mistake.
তেওঁৰ কথাৰ অৰ্থ বুজি গালখন ৰঙা পৰিল,পৰি থকা বেগটো তুলি ললোঁ।তেওঁ কাষ চাপি আহিল।
:এনেকৈ নকান্দিবা আৰু প্লিজ।মই জানো বহুত কথাই আছে তোমাৰ মাজত।নালাগে ক’ব।তোমাৰ মন গ’লে কেতিয়াবা পিছতো শুনিম।কিন্তু কান্দি নাথাকিবা।ইমান ধুনীয়া চকুকেইটাক এনেকৈ কষ্ট দিয়ে নেকি মানুহে?
দুহাতেৰে মোৰ মুখ খন তুলি ধৰি মোৰ দুচকুত আলফুলে আঁকি দিয়া চুমাত মই আকৌ এবাৰ হেৰাই গ’লো।জোখতকৈ অলপ দীঘলীয়া যেন লগা সেই চুমাৰ পৰশত প্ৰেমতকৈ বেছি মই বিশ্বাস, আশ্বাস আৰু প্ৰতিশ্ৰুতি বিচাৰি পাইছোঁ।
:যোৱা।It’s too late now.
মন্ত্ৰমুগ্ধৰ দৰে তেওঁৰ কথামতেই আঁতৰি আহিলোঁ।ইচ্ছা নাছিল,কিন্তু আহিবতো লাগিবই।গেইট খুলি সুমাই আহি আকৌ এবাৰ ঘূৰি চালোঁ।ৰৈ আছে তেওঁ।দুহাত পকেটত সুমোৱাই মোৰ ফালে চাই থকা অনিৰুদ্ধক যেন মই আজি নতুনকৈ আকৌ এবাৰ ভালপাই পেলাইছোঁ।ইমান আদৰ সামৰি ৰখা মানুহজনক ইমান দিনে কষ্ট দিয়াৰ বাবে নিজকে গালি পাৰিলোঁ।ৰূমলৈ আহি নিজৰে চকুকেইটাকে চুই চালোঁ।
ইমান শান্তি ক’ত আছিল অতদিন???

বাথৰুমত সুমাই শ্বাৱাৰ খুলি বহি আছোঁ মাত্ৰ।কিমান কি যে ভাৱনাই আৱৰি ৰাখিছিল মোক।ধুই পেলাব খুজিছোঁ আজি মোৰ লেতেৰা অতীত।হেৰাই যাওক সেই বিষাদময় দিনৰ কোঙা অনুভৱ।চকু কেইটা সাংঘাতিক পুৰিছে।বাথৰুমৰ ডাঙৰ আইনাখনত আজি প্ৰথমবাৰ নিজকে চাইছোঁ।ককা আইতাৰ গোসাঁনী ছোৱালীজনী যেন মই আজি বিচাৰি ফুৰিছোঁ।জীৱনৰ বাৰম্বাৰ আঘাতত মৃতপ্ৰায় অনন্যাজনীক আজি অনিৰুদ্ধই জীয়াই তুলিব খুজিছে.. আকৌ এবাৰ।
ভাল পাব খুজিছে.. আকৌ এবাৰ।

ভাত খোৱাৰ সময়তে হিবাৰ ফোন।ভায়েকক লৈ তাই কাইলৈ পাবহি।আজি ককায়ে টকা অলপ পঠাইছিল।তাইক জনালো।মাকৰ থকাৰ ব্যৱস্থা হস্পিতেলৰ ওচৰতে চাৰ্ভিছ এপাৰ্টমেণ্ট এটাত কৰিব লাগিব।তাইক ৰাতিহে লগ পাম চাগে।চুটি ল’ব নোৱাৰোঁ এতিয়া।ঘৰলৈ যাব লাগিব যিহেতু।ককা ৰৈ আছে মোলৈ।হিবাৰ মাকে ফোনতে ধন্যবাদ জনাইছে।মনটো ভাল লাগিল।কিবা এটা যে কৰিব পাৰিছোঁ।অতদিনে একেবাৰেই অলাগতিয়াল যেনেই লাগি আছিল নিজকে।
শুবলৈ বুলি বিচনাত পৰোঁতেই ঘৰৰ পৰা ফোন।
:হেল্ল’
:মাজু.. ককাৰ লগত কথা পাত।
মাৰ গম্ভীৰ মাত।
:মাজনী, তোৰ কিবা হৈছে নেকি?মই আকৌ আজি সোনকালে শুইছিলোঁ।চিলমিল টোপনি বুইছ।তই হেনো ইমান কান্দিছ।মোক মাতিছ,শেৱালিক মাতিছ।মই উঠি আহিলো বিচনাৰ পৰা।কিবা হৈছে নেকি তোৰ?গা মূৰ বেয়া যদি ক চোন মোক।
বুকুৰ সম্পৰ্ক আমাৰ।ৰাস্তাৰ মাজত বহি কান্দি থকা সময়ত ককা আইতাকে যে মাতি আছিলো মই।
:অকণমান মন বেয়া আছিলে, এতিয়া ভাল ককা।তুমি এনেই চিন্তা কৰিছা।
:নাৰায়ণ কৱচ খন যে দিছিলো,পঢ়ি থাকচোন।ভাল লাগিব মনটো।
:হ’ব।
:তই কান্দিছিলি ন গোসাঁনী?
:ওহোঁ।
:তোক ঈশ্বৰে সুখ দিব মা।কান্দি নেথাকিবি।বৰ দুখ পাওঁ মই তই কান্দিলে।মই যাম নহয়.. তই নো অকলে অকলে…
এইবাৰ ককাৰ মাত নোলোৱা হৈছে।
:মাজু
মায়ে লৈছে ফোনটো।
:কি?
:তই ককাক নিবলৈ আহিবি?
:কিয়?নালাগে নেকি যাব?
:তোক কোনদিনা মানা কৰিছোঁ।নিজৰ জেদত নহাকৈ থাকিছিলি।এইখন তোৰ ঘৰ নহয় নেকি?
:Oh no. নহয় মোৰ ঘৰ সেইখন।কেতিয়াও নাছিল।
:পুৰণা কথাবোৰ কিমান আৰু..
:এৰা কথাবোৰ পুৰণা হৈছে.. মোক হাৰ্ট কৰিবলৈ নতুন কিবা প্লেন কৰা তুমি।মই ককাক লৈ আনিম।তোমাৰ চিন্তা আঁতৰ হ’ব।
:কেতিয়া আহিবি?
:এমাহ পাছত।ককাক পাৰিলে এইকেইদিন চাই দিবা।বহুত উপকাৰ হ’ব মোৰ ওপৰত।
:হমম।

ফোনটো কাটি ফ্লাইটৰ টিকেট কৰিলোঁ।সেইখন ঘৰলৈ যাম বুলি ভাবিও বুকুখন কঁপি উঠে।কিন্তু যাবই লাগিব।হয়তো শেষবাৰৰ কাৰণে যাম মই।আজি মাৰ লগত কথা পাতি এনে লাগিল মা যেন সলনি হৈছে।নিজৰ ভুল বুজি পাইছে।কিমান অন্যায় কৰিছে তেওঁ মোৰ লগত সেইয়া যেন অনুভৱ কৰিছে এতিয়া।সেইদিনাৰ কথা ভাবি হয়তো তেওঁ নিজেই নিজৰ ওচৰত লজ্জিত হয়।পঢ়া সামৰি মই তেতিয়া বেংগালুৰলৈ অহাৰ সিদ্ধান্ত লৈছিলোঁ।কলিকতা এৰি ইয়ালৈ অহাৰ আগতে এবাৰ থুপুক চাবলৈ বুলি বাৰ ঘৰলৈ গৈছিলো।বাধা দিয়া নাছিল কোনেও।আৰু তালৈ গৈ মই যি দেখিছিলোঁ সেইয়া ভাবি এতিয়াও খঙত কঁপি থাকোঁ মই…
বা আকৌ মাক হ’বলৈ ওলাইছে, কেনেকৈ সেইয়া মই নাজানো।চাৰিবছৰীয়া চিকিৎসা বিফল হোৱাৰ পাছত কেৱল থুপুৰ সান্নিধ্যই আনি দিয়া আনন্দৰ বাবেই সেইয়া সম্ভৱ হৈছিল।কিন্তু সেই ভাল খবৰে থুপুক এলাগী কৰি পেলালে।ৰাজু দা আৰু তেওঁৰ মাকে থুপুৰ প্ৰতি যি ব্যৱহাৰ দেখুৱাইছিল, সেইয়া দেখি চিঞৰি উঠিছিলোঁ মই।বাৰ শাহুৱেকে মোৰ সন্মুখতে থুপুক বিজতৰিয়া বুলিও কৈছিল।আজুৰি লৈ আনিব খুজিছিলোঁ মই তাক।বায়ে নিদিলে।মইহে বেছি বেয়াকৈ ভাবিছোঁ বুলি মোকেই দূষিলে।মাক ফোন কৰি কিমান কি কৈছিলোঁ মই নিজেও নাজানো।থুপুৰ যত্ন লোৱা মানুহ নাছিল সেইয়া বুজিছিলোঁ।বা জোখতকৈ বেছি সাৱধান হৈ বিচনাত পৰিয়েই দিন পাৰ কৰিছিল।ৰাজু দা বাপেক হোৱাৰ আনন্দত আত্মহাৰা।বাৰ শাহুৱেকে নিজৰ নাতিকহে মৰম কৰিব।থুপু পাপৰ ফল তেওঁৰ মতে।থুপুৰ মুখ খন দেখিয়েই মই বুজিছিলোঁ সকলোবোৰ।ফুলা ফুলা গালদুখন শুকান হৈ ফাটি গৈছে।ভৰি হাতৰ নখ কাটি দিয়া নাই।নখবোৰত ক’লা ক’লা লাগি আছে।মই নখ কাটি গা ধুৱাই দিয়াৰ পাছত সি মোৰ কোলাত শুই দিছিল সেইদিনা।কথা দি আহিছোঁ তাক, লৈ আনিম মই সেই অনাদৰৰ মাজৰপৰা।তেতিয়া নোৱাৰিলোঁ।নিজৰেই থকাৰ ঠিকনা নাছিল, চাকৰি নাছিল।এতিয়া মোক কোনেও ৰখাব নোৱাৰে।মাজত যি আহিব,শেষ কৰি দিম মই।সেইয়া মোৰ মা বা নাইবা আন কোনোবাই হওক।
অনিৰুদ্ধও যদি আমাৰ মাজত আহে, মই পাহৰি যাম মই কেতিয়াবা তেওঁক ভাল পাইছিলোঁ বুলি।
সেইদিনা উলটি আহোঁতে মই মালৈ ফোন কৰি কৈছিলোঁ
“জন্মতেই মাৰি পেলাব পাৰিলেহেঁতেন মোক”।
মা সেইদিনা মনে মনে আছিল।

টিকেট কনফাৰ্ম কৰি লেপটপটো জপাই শুবলৈ আহিলো।অনিৰুদ্ধই ভিডিঅ’ কল কৰিছে।কাটি দি voice কল কৰিলোঁ।
:শুইছিলা নেকি?
:নাই।
:চাব নোৱাৰিম এতিয়া তোমাক?
:জাধলী হৈ আছোঁ।
:মোৰ তেনেকৈয়ে ভাল লাগে।
:মোৰ নালাগে।
:লাজ কৰিছা?
:Nope.
:My God, I just love this word now.

(আগলৈ)

11 thoughts on “#আবিৰ খণ্ড (৪৮)

  1. Uff!!….. Khosakoi ki khundor ai anubhab…. Buku fati ketiyaba sokupani boi ahe…. Ketiyaba akou anirudh or bukut khumai pore…. Ekhon dhuniya cinema r dre khokolubur sokur agt vahi thke…. ❤️❤️❤️❤️

    Next episode oloi roi thokar atia obhyakh hoi porise..

    Parile olp khunkle dibo ba😍…plzz…. Bihur gift buli ae di diok ru dutamn episode 😁😁❤️❤️❤️…….

    Like

  2. Finally she said that she loves Anirudh ooooh.Atiyahe santi paisu huni.Roi acilu aikathakhar Ananya r mukhare hunibaloi.Cinema r dare Part1 r pora48 loike huwa pratyak tu ghatana sakur agat bhahi ase..Uff katiyake j Ananya i Anirudh aru Thupu r lagat ati hukhi jibon arambha kariba….Kitiyaje j Ananya r family tu akelog haba taik bu g paba..Katiya………?

    Liked by 1 person

  3. Oh my god….. Baa apuni Proytek tu Xobdo heart t touch kra k knke likhibo pare…i just mad…. Jldi diok ba Pisr episode keita

    Like

  4. 😍😍😍😍😍🥰🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s