#আবিৰ খণ্ড (৪৯)

ভীষণ ব্যস্ততাৰে পাৰ হৈছে দিনবোৰ।যোৱা বিশদিন ধৰি প্ৰায় প্ৰত্যেক দিনাই হিবাৰ সৈতে হস্পিতাললৈ যাবলগীয়া হৈছে।অফিচৰ পৰা ওলায়েই দুইজনী যাওঁ।ভিজিটিং আৱাৰ শেষ হ’বৰে হয়, যেনেতেনে পাওঁগৈ।ভায়েকৰ অৱস্থা যথেষ্ট ভাললৈ আহিছে এতিয়া।আৰু কিছুদিন পিছত হয়তো ৰিলিজ দিব।মাকক লগত লৈ আকৌ তেওঁ থকা ৰূমটোলৈ যাওঁ দুইজনী।মাকে অকলে মানুহজনীয়ে ইয়াত একো চিনি নাপায়।যাৱতীয় বস্তুখিনি আমি কিনি মেলি দি থৈ আহোঁ।কেতিয়াবা হিবা তাতে থাকে।মই অকলে ঘূৰি আহোঁ।এইকেইদিনত অনিৰুদ্ধক অফিচতে যি লগ পাইছোঁ।মাজৰ শনিবাৰ দেওবাৰত নতুন ঘৰটোৰ বাবে বস্তু অলপ কিনিলোঁ।এতিয়াও বহুত কাম বাকী আছে।ঘৰৰ মালিকে নতুনকৈ পেইণ্ট কৰাই দিছে।তাৰ পাছত বস্তুবোৰ ভৰাব পাৰিম।সেইদিনা আয়ুক লৈ বিচনা এখনো চাই আহিছো।ককাৰ কাৰণে অলপ ভাল বিচনা এখন ল’ম।মই তলতে শুম অলপ দিন।দুখন বিচনা কিনিবলৈ এতিয়া অলপ দিগদাৰ।লগতে ঘৰটো সিমানো ডাঙৰ নহয়।দিনটো অফিচৰ কাম,হিবাৰ লগত হস্পিতাললৈ অহা যোৱা, নতুন ঘৰৰ বস্তু যোগাৰ কৰা, পইচাৰ হিচাপ মিলোৱা এইবোৰৰ মাজত অনিৰুদ্ধক যেন মই পাহৰিয়েই পেলাইছোঁ।অফিচত সিমান সময় পোৱা নাযায়।তাতে তেওঁ প্ৰজেক্ট এৰি যোৱাৰ আগতে কৰি থৈ যাবলগীয়া বহুত কামেই আছে।মাজে মাজে মোৰ ওচৰলৈ আহি পাঁচমিনিট মান ওচৰতে বহি থাকে।কিবা এটা কথা আৰম্ভ কৰোঁতেই সুৰেশ আহি মাত লগায়েই।
“I hate this man, really!”
চকুকেইটা সৰু কৰি মুখ খন ফুলাই উঠি যায়।মই হাঁহি থাকোঁ।
আজিকালি আমাৰ বিষয়ে প্ৰায় সকলোৱেই গম পায়।কোনেও একো সুধিবলৈহে সাহস নকৰে।আমাৰ এই সম্পৰ্কটোক লৈ একেবাৰেই সুখী নহয় টানিয়া।আমাৰ বিষয়ে গম পোৱাৰ পাছৰপৰাই অনিৰুদ্ধৰ লগত একদম কম কথা পাতে।বিশেষ কাম নাথাকিলে আমাৰ দুইটাকে এভইড কৰাই দেখোঁ।সুভাষিণী সুখী ।আৰু মাত্ৰ এক সপ্তাহ পাছত মেটাৰ্নিটি লিভত যাব তেওঁ।মোক হেনো মিছ কৰিব।আজিকালি খুব কথা পাতে মোৰ লগত।ল’ৰা হ’লে কি কৰিব, ছোৱালী হ’লে কি কৰিব এই সকলোবোৰ।মোক কয় মই হেনো মাক হ’ম যেতিয়া তেতিয়াহে সেইটো অনুভৱ বুজি পাম।কেতিয়াবা অনিৰুদ্ধৰ সন্মুখতে কয়।তেওঁ বুজে মোৰ তেতিয়া কেনেকুৱা লাগে।চাই থাকে মোৰ ফালে।মই চালে হাঁহি এটা মাৰি দেখুৱাই।
অন্তৰেৰে বহু কথাই পতা হৈ যায়।

জীৱনে নতুন মূৰ লৈছে মোৰ।হঠাৎ যেন মোৰ জীয়াই থকাৰ নতুন হেঁপাহ জাগিছে।দিনটোৰ অন্তত অনিৰুদ্ধৰ লগত অকণমান সময় কথা পাতো।গোটেই ভাগৰবোৰ যেন নাইকিয়া হৈ যায়।কেতিয়াবা বেছি চিন্তা হ’লে তেওঁ নিজেই বুজি পায়।কি হৈছে সুধে।যি পাৰে নিজৰ অভিজ্ঞতাৰে বুজাই দিয়ে।ভাড়ালৈ ঘৰ এটা লোৱা ইমান সহজ নহয়।বহুতখিনি কাম থাকে।Rental Agreement বনাওঁতে মোৰ চিনাকি হিচাপে তেওঁৰে নাম দিছিলোঁ।এতিয়া বস্তু কিনোতেও মোক একেবাৰে অত্যাৱশ্যকীয় খিনিহে কিনিবলৈ কয়।কিন্তু এটা কথাত আমাৰ প্ৰায় সদায় কাজিয়া হয়।আজিও হ’ব মই জানো।
ফোন কৰিবলৈহে ৰৈ আছে।

এইমাত্ৰ হিবাক মাকৰ ওচৰত থৈ আহিছোঁ।ন বাজিবৰ হ’ল।দেওবাৰ বুলি ট্ৰেফিক অলপ কম আছিল।হিবাই কাইলৈ তাৰপৰাই বাহিৰে বাহিৰে অফিচ কৰিব।কেবখনক পইচা দি ওপৰলৈ উঠি আহিলোঁ।মুখ হাত ধুই নিজেই অনিৰুদ্ধলৈ ফোন কৰিলোঁ।
:আহি পালা?
:হমম।
:ফ্ৰাইডে শ্বিফ্ট কৰিব পৰা হৈ আছে নে সৱ?
:হৈছে আৰু।
:লিভ এপৰুভ হ’ল নাই তোমাৰ?
:তিনিদিন হে দিছে।
:Thurseday, Friday and Monday right?
:হমম।
:মই গ’লে তোমাৰ কি প্ৰব্লেম হয়নো?
:কি কৰিব আপুনি তালৈ গৈ?আমাৰ ঘৰলৈ এনেও যাব নোৱাৰে।আৰু থাকিব ক’ত আপুনি?
:হোটেলত থাকিম।নাপায় নেকি তাত?
:নালাগে যাব ।এবাৰ ক’লো নহয়।
:ককাক লৈ তোমাৰ দিগদাৰ নহ’ব?
:নহয়।মই পাৰিম।
:তুমিতো সৱ অকলেই পাৰা।মোৰ প্ৰয়োজনেই নাই।
ফোনটো থৈ দিলে।
সেইফালে আকৌ মুখ ফুলিল।প্ৰেম চেম সেইকাৰণেই কৰা নাছিলোঁ।এইবোৰ বৰ কামোৰ পাওঁ মই।সৰু সৰু কথাতে কাজিয়া লগা,তাৰ পাছত সেইটোকে লৈ ইটোৱে সিটোক ঘণ্টা ঘণ্টা pamper কৰা।নোৱাৰি আৰু।অনিৰুদ্ধৰ জেদ এটাই তেওঁ ও মোৰ লগত আমাৰ ঘৰলৈ যাব।যিটো মই কেতিয়াও নিবিচাৰোঁ।মই কেনেকুৱা এখন ঘৰৰ পৰা আহিছোঁ সেইয়া তেওঁ নালাগে জানিব।মোৰ কাপোৰ কানি আৰু থকাৰ ধৰণৰ পৰা সকলোৱে মোক একেবাৰে সাধাৰণ এখন ঘৰৰ পৰা অহা বুলিয়েই জানে।নিম্ন মধ্যবিত্ত পৰিয়ালৰ বুলি কেইবাবাৰো মোৰ পইচা বচোৱা কথা কিছুমানত হাঁহিছেও মানুহে।টানিয়াৰ মতে মই পইচাৰ কাৰণেই অনিৰুদ্ধৰ লগত সম্পৰ্ক কৰিছোঁ।সেইদৰে আলোচনাও হৈছে।দামী গাড়ীত উঠিবলৈকে এই সম্পৰ্ক গঢ়া বুলিও কোৱা হৈছে।সুভাষিণীৰ পৰা গম পাওঁ।মই হাঁহি এটা মাৰি থৈ দিওঁ।যিবোৰ মানুহে মোৰ কাৰণে একো মেটাৰ নকৰে, সেই মানুহবোৰৰ কোনো কথাক মই আচলতে গুৰুত্ব নিদিওঁ।কিন্তু অনিৰুদ্ধই আমাৰ ঘৰখন দেখিলে মোক বহুত প্ৰশ্নই কৰিব।যিটো মই নিবিচাৰোঁ।সেইটোকে তেওঁক বুজাব পৰা নাই।ইফালে ঘৰলৈ যোৱাৰ দিনটো যিমানেই ওচৰ পাইছেহি সিমানেই মোৰ মনটো যেন অস্থিৰ হৈ আহি আছে। ভয়, আশংকা, দুখ, খং, ক্ষোভ সকলোবোৰ জুমুৰি দি ধৰিছেহি মোক।ককাই বস্তু বাহানি টোপোলা বান্ধি ৰৈয়ে আছে।দেউতাই আপত্তি কৰিছিল।পিছত ককাৰ ওচৰত মান্তি হ’বলৈ বাধ্য হ’ল।দেউতাই মোলৈও ফোন কৰিছিল।নুঠালোঁ।দুৰ্বল হৈ যাওঁ বুলি ভয় লাগে মোৰ।বহুত কষ্ট কৰি এই অৱস্থা পাইছোহি।আকৌ হাৰি গ’লে শেষ হৈ যাম।

আকৌ আগৰ দৰেই সাৰে থাকিয়েই পাৰ হৈছে ৰাতিবোৰ।

অভিমান ভাঙিবলৈকে ভিডিঅ’ কল কৰিলোঁ।বহুতদেৰি ৰিং হোৱাৰ পাছত তেওঁ ফোনটো উঠালে।মুখ খন ফুলা।বগা পাতল টি চাৰ্ট,ফুলা ফুলা চকু আৰু খেলিমেলি চুলিখিনি দেখি গম পাইছোঁ শুই আছিলে আজি দিনৰ দিনটো।ফুলি আছে চকু মুখ।
:আজি দিনটো শুলে?
:আৰু কি কৰিম, তোমাৰ টাইমেই নাই।ককা আহিলেতো আৰু কি হ’ব ঠিক নাই।
:হিবাই লগ ধৰিলে কাৰণেহে।
:তাইক কৈ দিলেই হ’ল অনিৰুদ্ধই মাতিছে বুলি।
:Oh please. I cant be so cheap.
:লগ কৰিব নোৱাৰোঁ, তোমাৰ লগত অসম যাবও নোৱাৰোঁ,যেতিয়াই তেতিয়াই ফোন কৰিবও নোৱাৰোঁ।সৱ তোমাৰ মতেই হয়।
কথাটো শুনি বেয়া লাগিল।অনিৰুদ্ধ অলপ যেন অসন্তুষ্ট।তেনেকুৱা লাগিল।সৱৰে কথা ভাবোঁতে তেওঁলৈ যেন পাহৰিয়েই গৈছোঁ।
:তেনেকুৱা নহয়।
:তেনেকুৱাই।ঘৰটো লৈছা,তাতো সৱ নিজেই কৰিবা।মই হেল্প কৰি দিলে কি হয়?আয়ুয়ে কৰিব পাৰে যদি মই কিয় নোৱাৰোঁ?
:আটাইতকৈ ডাঙৰ কামটো আপুনিয়েই কৰিব লাগিব।
তেওঁৰ সেমেকা মুখ খন পোহৰ হৈ উঠিল।
:কি কাম?
:ককাই কৈছে, নতুন ঘৰটোত পূজা এভাগ নকৰাকৈ নালাগে সোমাব।ভাবিছিলোঁ ককা অহাৰ পাছত কৰিম, কিন্ত নহব বোলে।শুকুৰবাৰে পূজা কৰিহে সোমাব পাৰিম বুলি কৈছে।এইবিলাক মই বিশ্বাস নকৰো কিন্তু ককাই কৰে।এতিয়া কেনেকৈ কি কৰোঁ ভাবি পোৱা নাই।
:I will take care of it. You don’t worry.
:okay .
:But I have a condition.
:কি?
:You have to wear saree for the Puja.
:পূজা পাতিম কৈছোঁ,বিয়া পাতিম বুলি নাই কোৱা।
:পণ্ডিতজী পাওঁতেই পাতি লওঁ নেকি!I can’t bear this distance anymore.Don’t you feel the same?
:Nope.

(আগলৈ)

8 thoughts on “#আবিৰ খণ্ড (৪৯)

  1. সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

    Like

  2. সকলোকে আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

    Like

  3. Mur anekuwa lagise Anirudh e kiba nahai kiba kari adin “Boga Bungalow”ulabagoi.Aru Taniya i kiba jang kariba Ananya aru Anirudh r majot.(#Moi bhabisu ha dai)

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s