#আবিৰ খণ্ড(৫০)

বেগটো খুলি কৃতিকাৰ বিয়াত তাইৰ মাকে আহিবৰ সময়ত উপহাৰ দিয়া পেকেটতো উলিয়াই আনিলোঁ।পাতল গুলপীয়া ৰঙৰ শাৰীখনত সোণালী ৰঙৰ আঁচলটো জিলিকি আছে।পিন্ধিম বুলি কেতিয়াও ভৱা নাছিলোঁ।কিন্তু অনিৰুদ্ধক একেষাৰে মানা কৰিলেও মনে মনে মই তেওঁৰ কথাটো মানি লৈছিলোঁ।কিমান আৰু সৱ কথাতে না না কৰি থাকিম।কিন্তু মানি ল’লে বেছি চল পাই নাযায়তো!
ব্লাউজটো তলৰ দোকানখনত চিলাবলৈ দি অফিচলৈ বুলি বাছত উঠিলোঁ।আজি সোমবাৰ।মাজত মাত্ৰ তিনিটা দিন।কামৰ শেষ নাই মোৰ।বৃহস্পতি বাৰে ছুটি লৈ ঘৰৰ বস্তুবোৰ সুমোৱাই ল’ব লাগিব।আয়ুয়ে সহায় কৰি দিব অলপ।হিবাই ও হাফ ডে ছুটি লৈছে।অনিৰুদ্ধই ছুটি নাপায়।শুক্ৰবাৰেও অফিচ কৰিব লাগিব।মুখ খন সেইকাৰণে আজিকালি ফুলিয়েই থাকে।

:গুড মৰ্ণিং অনন্যা।
সোমাই গৈয়ে আজি অমৃতৰ মুখা মুখি হ’লো।
:মৰ্ণিং অমৃত।
:তুমহে লিভ কিছলিয়ে ছাহিয়ে?
থতমত খালোঁ অলপ।মই ইতিমধ্যে সুৰেশৰ লগত কথা পাতিছোঁ, সৱকে মেইল কৰিছোঁ।তাৰ পিছত এনেকৈ সুধাৰ কি যুক্তি আছে।
:ঘৰ শ্বিফ্ট কৰনা হে।ইছিলিয়ে।
:হোষ্টেল ছে নিকাল দিয়া ক্যা?
কথাটো কোৱাৰ লগে লগেই অমৃত, টানিয়া,প্ৰশান্ত সৱেই জোৰেৰে হাঁহি দিলে।
সেইসময়তে অনিৰুদ্ধ আৰু সুভাষিণীও আহি সেইখিনত উপস্থিত হৈছিলহি।দুয়োৰে হাতত ধোঁৱা ওলাই থকা কফিৰ কাপ।মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰৰ ভিতৰত জুই একুৰা হে জ্বলি উঠিল।
:Amrit,don’t try to be funny when you are miserbaly boring. It really sounds so unfunny and ridiculous.
And I am not that chik who will laugh at your stupid jokes just because you are my lead. Keep it in mind.

মোৰ ব্যৱহাৰ হয়তো সকলোৰে বাবে অপ্ৰত্যাশিত আছিল।কাৰো একো মাত নাই।অমৃতৰ মুখ খন খঙত ৰঙা।সুভাষিণী আৰু অনিৰুদ্ধই ইজনে সিজনলৈ চাই মিচিকিয়াই আছে।কাষেৰে পাৰ হৈ আহোঁতে অনিৰুদ্ধই অলপ আঁতৰি আহি কাণে কাণে কৈ গ’ল
:I so want to kiss you my brave girl.
আৰু বেছি খং হে উঠি আহিল।টেলেকা কৈ চাই পঠিয়ালোঁ।তেওঁ হাঁহি মাৰি আঁতৰি গ’ল।কেফেটেৰিয়াত গৈ চাহ একাপ খাই হে মগজটো অলপ ঠাণ্ডা হ’ল।তাৰ পাছত গোটেই দিনটো কাণত হেডফোন লগায়েই পাৰ কৰিলোঁ।


ৰাতিপুৱা পাঁচ বজাত এলাৰ্ম বাজিল।আজি শুক্ৰবাৰ।নতুন ঘৰত প্ৰৱেশ কৰিম আজি।কালি ৰাতি প্ৰায় বাৰটা লৈকে মই, হিবা আৰু আয়ু ঘৰৰ বস্তু চিজিল কৰিলোঁ।মোৰ বস্তু পেকিং কৰাৰ পৰা কাইলৈ ঘৰলৈ লৈ যাবলগীয়া বেগটো লৈকে সকলো ঠিক কৰোঁতে ভাগৰি পৰিছোঁ যদিও ককাৰ সৈতে একেলগে থকাৰ সপোনটোৱে দুগুণ উৎসাহ লৈ কাম কৰিবলৈ শক্তি দিয়ে।ৰূমটো এৰি যাবলৈ বেয়াও লাগিছে।হিবাই কান্দিছে কালি।তাই মোক খুব মিছ কৰিব সেইটো মই জানো।কিন্তু উপায়ো যে নাই।মোৰ বস্তুবোৰ নতুন ঘৰলৈ লৈ যোৱা হ’ল বাবে কালি তাইৰ বিচনাতে দুইজনী শুলো।তাই এতিয়াও টোপনিত আছে।মই লাহেকৈ উঠি গৈ বাকী থকা বস্তুবোৰ সামৰি ল’লো।অনিৰুদ্ধই কোৱা মতে পণ্ডিতজন ন বজাত আহিবই।তাৰ আগতে সকলো যোগাৰ হ’ব লাগিব।আমি সাত বজাত তালৈ যাবই লাগিব।ইটো সিটো কৰি থাকোঁতে চাৰে ছয় বাজিলেই।হিবাক উঠাই দি গা ধুবলৈ সোমালোঁ।চুলিখিনিও ধুই লৈছোঁ।পূজাত বহিবলৈ ভাল নালাগে নহ’লে।
হিবাই শাৰীখন ধুনীয়াকৈ জাপি পিন মাৰি থৈছে।
:অনন্যা, মেৰা পূজা মে’ আনা সহি হ’গা ক্যা?তুম একবাৰ ফিৰ ..
:Oh shut up Hiba.
হিবাৰ প্ৰশ্ন কি মই জানো।মুছলমান হৈ হিন্দুৰ গৃহ প্ৰৱেশৰ পূজাত তাইৰ উপস্থিতিক যদি কোনোবাই কিবা কয় সেই লৈ তাইৰ ভয়।কিন্তু মোৰ বাহিৰে তাত কেৱল আয়ু আৰু অনিৰুদ্ধ থাকিব।তাই কালৈ ভয় কৰিছে মই বুজি পোৱা নাই।
সেইজনীক গা ধুবলৈ পঠিয়াই আকৌ আয়ুক উঠাবলৈ ফোন কৰিলোঁ।গা ধুবলৈ কিমান যে ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে।অনিৰুদ্ধই বাৰু নিজেই ফোন কৰিলে।তেওঁৰ যিহেতু ছুটি নাই গতিকে তাৰপৰাই কাম কৰিব লাগিব।বুজি পাওঁ।

বস্তুখিনি সামৰি দুইজনী কেবত বহিলো।আয়ু আৰু অনিৰুদ্ধ অলপ পিছত আহিব।শাৰীখন পিন্ধি বৰ সুবিধা পোৱা নাই যদিও আপত্তি কৰাৰ থল নাই।হিবাই ধুনীয়াকৈ জাপি মেলি পিন্ধাই দিছে।হাত দীঘল ব্লাউজটোৰ পিছফালটো কোৱাৰ পাছতো বেছিকৈয়ে কাটি দিলে।ভাল নাপাওঁ মই।চুলিখিনি সেইকাৰণে মেলি ৰাখিছোঁ।কাণত অনিৰুদ্ধই উপহাৰ দিয়া গুলপীয়া পাথৰ থকা সোণালী ৰঙৰ সৰু কানফুলি যোৰ।বুকুখন কিবা ধপধপাই আছে।
ঘৰটোত সোমায়েই হিবাই ঝাড়ু হাতত ল’লে।মই ককাৰ বিচনাখনত নতুন বিচনা চাদৰ এখন পাৰি দিলোঁ।সাৰি মচি চাফা হোৱাৰ পাছত পূজাৰ বাবে ঠাইডোখৰ ঠিক কৰিলোঁ।হলটোৰ চুক এটাত পূজা হ’ব।তাতে ৱালত লগাই আলমিৰাৰ নিচিনাকৈ গোঁসাই ঘৰ বনাই থোৱা আছে।কালি কিনি অনা কৃষ্ণৰ ফটোখন তাতে থ’লো।ককাই ভাল পাব।অলপ পিছতে কলিংবেল বাজিল।হিবাই দুৱাৰ খুলি দিলে।দুহাতত পূজাৰ সামগ্ৰী লৈ অনিৰুদ্ধ।বগা ফুল শ্লীভ চাৰ্ট আৰু ব্লেক ফৰ্মেল পেণ্ট পিন্ধি একেবাৰে যেন কনফাৰেনেন্স এটেণ্ড কৰিবলৈহে আহিছে।মোক তেতিয়ালৈকে তেওঁ দেখাই নাই।
:Where is Ananya?
হিবাই চকুৰ ইঙ্গিতেৰে গোসাঁইঘৰৰ ফালে দেখুৱাই দিলে।তেওঁ হয়তো মোক সেইটো ৰূপত কল্পনা কৰা নাছিল।দেখি অলপ দেৰি থৰ লাগি চাইয়ে থাকিল।এটা ভৰি ভিতৰত এটা তেতিয়াও দৰ্জাৰ বাহিৰত।
:Come inside Anirudh.
হিবাই হাঁহি দিয়াত আমি দুয়োটাই ভীষণ লাজ পালোঁ।

তাৰ পাছত আৰু ৰ’বলৈ সময় নাই।আয়ু অহাৰ অলপ পাছতে পণ্ডিতজন আহিল।তেওঁ পূজাৰ যাৱতীয় সকলো সমগ্রী লৈয়ে আহিছিল।মোক মাত্ৰ নতুন পাকঘৰটোত পায়স বনাবলৈ ক’লে।ফলমূল অনিৰুদ্ধই লৈ আনিছিল।গোটেই ঘৰটো ধূপ ধুনাৰ সুগন্ধিৰে বিয়পি পৰিল।গোন্ধটো পাই মোৰ ককালৈ মনত পৰিল।হিবাই ভিডিঅ’ কৰি থৈছে।ককা আহিলে দেখুৱাব।আয়ুয়ে ধুতি এখন যোগাৰ কৰি পিন্ধি সমানে সমানে পূজাত লাগিছে।সি বোলে কছাৰী বামুণ আজি।হাঁহি উঠে তাৰ কাৰবাৰ বোৰ দেখি।অনিৰুদ্ধ আনটো ৰূমত কামত লাগিছে।মাজে মাজে আহি চাই যায়।বেচেৰাৰ কামত মন বহা নাই।মোক কিবা ক’ব খুজিও ইহঁতৰ সন্মুখত ক’ব পৰা নাই।পূজাৰ শেষত সেৱা কৰোঁতে তেওঁ মোৰ ওচৰতে থাকিল।ভালদৰে খুৱাই বোৱাই পণ্ডিতজীক বিদায় দিলোঁ।আমাৰ খোৱা বাহিৰৰ পৰা অৰ্ডাৰ কৰিলোঁ।পাকঘৰৰ বস্তুবোৰ ভালকৈ চিজিল হোৱাই নাই।নিৰামিষ আহাৰ দেখি আয়ুৰ দুখ।খাই বৈ তিনিওটাৰ অলপ সময় কথাৰ মহলা চলিল।এবাৰ অনিৰুদ্ধই কি কৰিছে বুলি চাবলৈ আনটো ৰূমলৈ গ’লো।তেওঁ ফোনত ব্যস্ত।
চকুৰে ওচৰলৈ মাতিলে।
তেওঁক ইমান কোৱাৰ পাছতো ককাৰ বিচনা খনত নবহিলে।পকাত বহি কাম কৰি আছে।মই ওচৰ চাপি যোৱাত কাষতে বহিবলৈ বুলি চকুৰে দেখালে।কিন্তু বহিবলৈ লওঁতেই আয়ুৰ চিঞৰ।গুচি আহিলো।তেওঁ আচলটোত খামুচি ধৰিলে।ঘূৰি চালোঁ।ফোনত তেতিয়াও সুৰেশক কিবা কৈ আছে।মোলৈ চাই চকুকেইটা সৰু কৈ সৰু ল’ৰাৰ দৰে মুখ খন ফুলাই দেখুৱালে।হাঁহি এটা মাৰি আঁতৰি আহিলোঁ।আয়ু আৰু হিবাৰ লগ লাগি পূজাৰ ঠাইখন ঠিক কৰি ঘৰটো সজালোঁ।হলটোত দুখন সৰু সৰু বেতৰ চকী ৰাখিছোঁ।কালি কিনি আনিছিলোঁ।OLX ত কম দামত পালোঁ।কোচন কেইখন নতুন।পাতল ক্ৰীম ৰঙত সেউজীয়া পাত পাত থকা পৰ্দা খিনি লগালো।হলটোৰ একেবাৰে শেষৰফালে দুখন মেট্ৰেছ একেলগ কৰি আকাশ নীলা খদৰৰ বিচনা চাদৰ আৰু সৰু সৰু গাৰুকেইটা সজালোঁ।সেইখন মোৰ বিচনা।ওপৰত ফেৰী লাইট লগাই হিবাই ঠাইখিনি উজলাই তুলিলে।কাষে কাষে দুটা সেউজীয়া পাতাৰ গছ।কালি কেইবাটাও গছৰ পুলি আৰু ফুলৰ টাব কিনি আনিছিলোঁ।কেইটামান বেলকনিত ৰাখিছোঁ।লগতে এজোপা তুলসী।ককাই গোঁসাইক দিব পাৰিব।ককাক কিমান সুখত ৰাখিব পাৰোঁ নাজানো কিন্তু চেষ্টা কৰিছোঁ।
কামত লাগি থাকোঁতে কেতিয়া গধূলি হ’ল গমেই নাপালোঁ।সাত মান বজাত চাহ বনাই গোটেইকেইটাই খালোঁ।অনিৰুদ্ধৰ কাম তেতিয়াও শেষ হোৱা নাই। আয়ু আৰু হিবাৰ লগত ৰাতিৰ সাজৰ কথা পাতি আছোঁ।বহুতদেৰি ভাবি ভাবি সৱৰে কাৰণে পিজ্জা অৰ্ডাৰ কৰিলোঁ।
হলটোত পকাত বহি আমাৰ পিজ্জা পাৰ্টি চলিল।কথাৰ মাজে মাজে অনিৰুদ্ধই আঁৰ চকুৰে মোলৈকে চাই থাকে।শাড়ীখন এতিয়াও সলোৱা নাই।ৰূমটোত তেওঁ কামেই কৰি আছে তেতিয়াৰে পৰা।
আয়ুয়ে স্পীকাৰ এটা গিফ্ট দিছে মোক।অসমীয়া গানৰ প্লেলিষ্ট খন বাজিয়েই আছে অথনিৰে পৰা।তাৰ প্রিয় গান মানে মোৰো প্রিয় হ’বই লাগিব।

দহ বাজি গ’ল।সকলো যাবলৈ ওলাল।আয়ুৰ লগতে হিবা যাবগৈ।মোৰ কাইলৈ ৰাতিপুৱা ছয় বজাতে ফ্লাইট থকাৰ বাবে তাই থাকিব নোৱাৰিলে।ভালকৈ থাকিবি,দিগদাৰ হ’লে ফোন কৰিবি আদি এসোপামান উপদেশ দি দুইটা গুচি গ’ল।লেপটপ সামৰি অনিৰুদ্ধই জোতা পিন্ধিবলৈ লৈছে।গোটেই দিনটো ইমান ওচৰতে থাকিও তেওঁক ভালকৈ লগেই নাপালোঁ।এতিয়া যোৱাৰ সময়ত মনটো সেমেকি উঠিল।যোৱাৰ আগতে তেওঁ গালখন চুই কৈ উঠিল
:ভালকৈ যাবা, মই ফোন কৰিম।
:Stay with me, please!
ভয় লাগিছে মোৰ।কাইলৈৰ কাৰণে।কি পৰিস্থিতি ৰৈ আছে মোৰ বাবে মই নাজানো।অকলে থাকিবলৈ মোৰ আজি সাহস হোৱা নাই।
তেওঁ খুব আচৰিত হোৱা যেন লাগিল।
:What?
:Stay with me.
:Are you sure?
:Damn sure!
খোলা দৰ্জাখন বন্ধ কৰি সোমাই আহিল অনিৰুদ্ধ।দুহাত মেলি ৰৈ থকা মানুহজনৰ বুকুত আকৌ এবাৰ সোমাই পৰিলোঁ মই।কিমান যে মিছ কৰিছিলোঁ এই সান্নিধ্য।
:Annaya!
:Hmmmm
:I missed you!
একো কোৱাৰ শক্তি তেতিয়া মোৰ নাই।অকণমান লাজ, অকণমান ভয়ে আৱৰি ধৰিলে।
আঁতৰি আহিলোঁ তেওঁৰ ওচৰৰ পৰা।
:আপুনি fresh হৈ লওক।ময়ো চেঞ্জ কৰি লওঁ।কীটছেনত অলপ কাম আছে।
তেওঁ একো নকৈ বাথৰুমৰ ফালে খোজ ল’লে।মোৰ আচলতে একো কাম নাই।কিন্তু অলপ অসহজ লাগিছে।যদিও নিজেই কৈছিলোঁ তেওঁক মোৰ সৈতে থাকিবলৈ,এতিয়াচোন নিজেই সহজ হ’ব পৰা নাই।পিজ্জাৰ পেকেট কেইটা ডাষ্টবিনত থৈ কাপকেইটা ধুই পেলালোঁ।পানীৰ বটলটোৰ পৰা পানী এগিলাচ উলিয়াই খালোঁ।
তেওঁ মুখ হাত ধুই ওলাই আহিল।টাৱেল এখন উলিয়াই দি ৰূমলৈ আহিলোঁ।শাড়ীখন সলাই কি পিন্ধিম বিচাৰি আছোঁ।
:অনন্যা!
:হাঁ?
:তেওঁ দৰ্জাখনত আউজি মোৰ ফালে কিয় তেনেকৈ চাই আছে? ৰৈ থকা ঠাইতে কঁপি আছোঁ মই।তেওঁ আগবাঢ়ি আহি হাতখনত ধৰি লৈ গ’ল।বেলকনিৰ দৰ্জাখন খুলি দিলে ফিৰফিৰিয়া বতাহ এজাক সোমাই আহিল।ৰূমৰ লাইটটো অফ কৰি বেলকনিলৈ ওলাই আহিলোঁ।
:Relax!
কেনেকৈ ৰিলেক্স কৰোঁ মই।
:I can’t.
মোৰ হাত এখন খামুচি আছে তেওঁ।তেওঁ মোক বহুত কিবাকিবি বুজাইছে, মোৰ যে শুনাৰ ধৈৰ্য্য নাই।ঘৰৰ পৰিৱেশ কি হ’ব পাৰে সেইয়া মই কেনেকৈ বুজাও।তেওঁ সদায় মোৰ লগত থাকিব, ককাৰ কাৰণে সকলো কৰিব বাৰে বাৰে এইকেইটা কথা কৈ আছে।
:কিয় ভয় কৰিছা ইমান?
:নাজানো।
তেওঁ মোৰ মুড ঠিক কৰিবলৈকে কৈ উঠিল..
:আইতাক দেখুৱাই নিদিয়া মোক?
:কেনেকৈ জানিলে আপুনি?
:কৃতিকাৰ বিয়াত আইতাক মিছ কৰি কান্দি থকা ছোৱালীজনীৰ প্ৰেমত পৰিছিলোঁ যে।কিমান কোমল অন্তৰ হ’লে এনেকুৱা কৰে মানুহে তাকে ভাবিছিলোঁ তেতিয়া।এতিয়া তো চিনাকি কৰাই দিয়া।ময়ো কথা পাতোঁ।
:সৌৱা।
তাৰ পিছত বহুসময় আমি আইতাৰ লগত কথা পাতিয়েই কটাই দিলোঁ।তেওঁ মোক লৈ আপত্তি কিছুমানো কৰিলে।মই বহুত জেদী, আঁতৰি আঁতৰি থাকোঁ, সময় নিদিওঁ আৰু ঢেৰ।
কথাবোৰ এটা সময়ত কমি আহিল।অনিৰুদ্ধই কাষ চপাই নিব খুজিলে মোক।
আঁতৰি আহিলোঁ।
:Please don’t change this Saree.
:কিয়?
:I want to make love to you,in this. Only if you are okay.. I mean..
কি???
এনেকৈ কৈ দিব পাৰে নেকি মানুহে?
ইমান সহজকৈ?
তেওঁ স্থিৰ চকুৰে তেতিয়াও চাই আছে মোৰ ফালে।খোজকেইটা মোৰ ফালে কিয় আহি আছে।বেলকনিৰ লাইটতো কিয় নুমাই গৈছে?
আৰু..
মই কিবা উত্তৰ পোৱাৰ আগতেই এযোৰ ওঁঠ মোৰ সমগ্ৰ মুখ মণ্ডলত বিয়পি পৰিল।থৰথৰকৈ কঁপা মোৰ ভাগৰুৱা শৰীৰটো দুখন সৱল হাতে মেৰিয়াই ধৰিলে।আধা চুলি সামৰি ৰখা ক্লিপডাল তেওঁৰ হাতৰ মুঠিৰপৰা তলৰ পকাত সৰি পৰিল।
:কিয় অহা নাছিলা মোৰ ওচৰলৈ?কিয় ইমান আঁতৰি থাকা?
ভাল নোপোৱা মোক?

কঁকালৰ উদং অংশত ৰৈ থকা হাতখন আৰু অলপ টান কৰি তেওঁ কৈ উঠিল।ছাঁ পোহৰৰ মাজত তৰা তৰা চকু দুটাৰ অভিমান খিনি ঠিকেই ধৰিব পাৰিছোঁ মই।কিন্তু কথা ক’ব পৰা যে মই হৈয়ে থকা নাই এতিয়া।ঘন ঘন উশাহৰ শব্দত মই আন শব্দৰ বাবে ঠাই বিচাৰি পোৱা নাই।
দুহাতেৰে মোৰ কঁপি থকা শৰীৰটো আলফুলে ডাঙি ভিতৰলৈ লৈ আহিল তেওঁ।তেওঁৰ চকুলৈ চাব পৰা নাই মই।ফেৰী লাইটবোৰৰ বাহিৰে ৰূমৰ আনবোৰ লাইট নুমোৱাই থোৱা আছে।
কাণৰ ফুলি এপাত পৰি আহিল,সিপাত খোলোতে তেওঁ ক’লে
:I want to live every moment of this beautiful night..
Please stop me now or never…
বাৰে বাৰে হাৰি যাওঁ এই চকুযোৰত।
গুচি যাওঁ নোযোৱা বাটেদি।
:I want it too..
কথাটো সম্পূৰ্ণ নহ’ল।
গুলপীয়া শাড়ীখন আঁতৰি গ’ল মোৰ শৰীৰৰ পৰা, এগালমান গুলপীয়া সিঁচি থৈ গ’ল মোৰ সমগ্ৰ দেহত।
দুটি মন কেতিয়াবাই এক হৈছিল, দুটি শৰীৰ আজি এক হ’ব..
অনিৰুদ্ধৰ ঘন চুলিত মোৰ হাত দুখনে নতুন ঠিকনা বিচাৰি পাইছে।

কাষৰ সৰু টেবুলখনত থকা লেপটপটোত তেতিয়াও বাজি আছে

উভতাই আনিলা..
জীয়াই তুলিলা..
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে বাসনা ঢালিলা..
মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দা

(আগলৈ)

16 thoughts on “#আবিৰ খণ্ড(৫০)

  1. Just ..wow… waiting for the next part.. eagerly…koka ahar pasot jate sob thik hoi jai…ru bhal hoi fuyutare hambandha..ru thupu u lgt thake..

    Like

  2. Bohut val lagil….. aru roi thakibo nuari ba….. the last moment uff…. just wow…..

    উভতাই আনিলা,
    জীয়াই তুলিলা,
    মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দা…………………❤️❤️❤️❤️❤️

    Like

  3. I just wish Anirudh does not turn to be a chance taker

    Bulai diok bibhinno abir
    Jipal kori tulok xukai jua nodi
    Aru jura logauk bhangi jua hridoyor tukurabur

    Liked by 1 person

  4. বহুত ভাল লাগিল পঢ়ি বা , আপোনাৰ লিখনিবোৰ বৰ ভাল লাগে

    Like

  5. ৰোমাঞ্চৰ কি ভাষা….উফ….!!!!
    অনিৰুদ্ধই যাতে অনন্যাৰ ক’লা পৰা কলিজাটোত অলপ ৰং সানি আতঁৰি নাযায়…!!!

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s