#আবিৰ খণ্ড (৫২)

বুকুৰ কোণত এসোপা অভিমান লৈ ৰাতিটো পাৰ কৰিলোঁ।অনিৰুদ্ধই ফোন মেছেজ একোৱেই নকৰিলে।ৰাতিপুৱাই উঠি আহি দেখোঁ আয়ুৰ মাক বাৰাণ্ডাত বহি আছে।ককাৰ চকীখনৰ কাষতে সৰু টুল এখন লৈ বহিছে।একেই আছে খুড়ী।বগা, অলপ শকত, থুপুকী।আয়ুৰ সৈতে মুখ খন একেই।সেন্দূৰৰ ফোঁটটো জোখতকৈ অলপ ডাঙৰ কৈ লয়।মুখত তামোল থাকেই।
:ভালনে খুড়ী।
:ইয়’,ইমান বেলেগ হ’লি দেখিবলৈ,কালিয়েই আহি যে সোমাই আছহি, আমাৰ ফালে পাক এটা মাৰিব নাপায় নে?
:কালি অকণ ভাগৰ লাগিলে।
:ই আই, তাইৰ ভাগৰ চোৱা।ওচৰলৈ আহচোন।
তামোলৰ মুখ খন গালত লগাই চুমা খোৱাৰ দৰে কৰে খুড়ীয়ে।আয়ৈ,ইয়’ই শব্দবোৰ থাকেই।
:আমাৰ এইটোক থৈ আহিলি কেলেই?দুইটা অহা হ’লে বেছি ভাল লাগিলেহেঁতেন ক’।
:সি আহিব কেইদিনমান পিছত, ছুটি নাইপোৱা।
আয়ুয়ে হিবাক অকলশৰীয়া কৰি এৰি থৈ আহিব নোৱাৰে।মই থাকিলেও বেলেগ কথা।ভায়েকৰ ৰিলিজ হৈ নোযোৱালৈকে সি আহিব নুখুজিলে।
:ভাত আমাৰ ঘৰতহে খাবি আজি ন।সৱ গোটাই থৈছো।ন-ছোৱালী কামত লাগিলেই।তই তাইক দেখাই নাই নহয়।

আয়ুৰ নবৌয়েক।বিয়াৰ কথা জানিছিলোঁ।আয়ুৰ ফোনত ফটো দেখিছোঁ যদিও লগ পোৱা নাই।
:ইমান ৰাতিপুৱাই ভাত?নটা বাজিছেহে খুড়ী।আৰু মই ব্ৰাছ কৰাই নাই।
:যা যা।সাউৎকৈ ওলাই আহ।গা আমাৰ ঘৰতে ধুবি।আগতে কিমান গা ধুৱাই দিওঁ মই দুয়োটাকে।ধূলি বালি লৈ খেলি থাক যে।মাৰে গালি পাৰে বুলি আকৌ।

খুড়ীক ককাৰ সৈতে কথা পাতিবলৈ দি ভিতৰলৈ আহি টেবুলত মাক ব্ৰেকফাষ্ট সজাই থকা দেখিলোঁ।
:মই আয়ুহঁতৰ ঘৰত ভাত খাম আজি।গা ধুই যামেই।মোলৈ সজাব নালাগে।
:ভাত তাত খাবি, ব্ৰেকফাষ্ট কৰি যা।খুড়ীয়েও খাব ইয়াতে।
মায়ে খুড়ীৰ সৈতে কেতিয়াও ভালকৈ কথা পতাও দেখা নাছিলোঁ।আজি কি হৈছে ধৰিব পৰা নাই।গা ধুই কাপোৰ কানি পিন্ধি ওলাই আহি দেখোঁ টেবুলত খুড়ী, ককা, মা একেলগে বহি চাহ খাই আছে।লগতে বহি খালোঁ।মায়ে গৰু ঘিঁউত লুচী ভাজিছে।মোৰ থালত দি থাকোঁতেই দেউতা আহিল।
:মাজু,কাইলৈ ফ্লাইট কেইটাত তোৰ?
:দুটাত।
:ইমান কম দিনৰ কাৰণে আহিলি যে?
:মোৰ বেছি যেনেই লাগিছে।
কথাবোৰ সিমানতে অন্ত পৰিল।চাহকাপ খাই খুড়ীৰ সৈতে ওলাই আহিলোঁ।


আয়ুহঁতৰ ঘৰখন আগতকৈ সলনি হ’ল।আগফালে নানা ৰঙী টাবত ধুনীয়া ধুনীয়া ফুল সজাই থোৱা আছে।গেইটখন নতুন।জুৰি বা বিয়া হৈ গ’ল।অপূৰ্ব দাদাৰ নতুন কইনা আহিল।অকণমানি মাইনা এটাও আছে।এবছৰ হোৱাই নাই।মই আৰু খুড়ী সোমাই যাওঁতেই অপূৰ্ব দাদা ওলাই আহিল..
:সেইজনী আমাৰ ছোৱালীজনী, কালিয়েই আহিলি বোলে।বহুত ডাঙৰ হৈ গলি অ’।আহ আহ।হে’ৰা, আহিলে দেই তোমাৰ আলহী।
ধুনীয়া হাঁহিমুখীয়া মানুহ এজনী ওলাই আহি বাৰাণ্ডাতে ৰ’লহি।কোলাত থুপুৰ নিচিনাই মৰমলগা অকণমানি এটা।সেইখন ঘৰ মোৰ কিমান যে আপোন।শৈশৱৰ সকলো ধুনীয়া স্মৃতি ইয়াতেইতো জীয়াইছিলোঁ।এইখন ঘৰৰ সৱ মানুহ মৰমীয়াল।মই আহিছোঁ বুলি গম পাই জুৰি বা বাছত উঠি অকলেই গুচি আহিছে।সৱ মিলি দুপৰীয়াৰ সাজ একেলগে খালোঁ।খুড়ীয়ে সৰু মাছ, কচু পিটিকা, মাটিমাহ ঔটেঙা আৰু যে কিমান কি কি ৰান্ধিছে।খোৱাৰ পিছতো আমাৰ কথাৰ অন্ত নাই।জুৰি বা, মই,খুড়ী আৰু নবৌ একেখন বিছনাতে পৰি পৰি সন্ধিয়া পৰলৈকে কথা পাতিলোঁ।আহিবৰ সময়ত খুড়ীয়ে নিজে বোৱা কাপোৰ এযোৰ দিলে।আকাশ নীলা ৰঙৰ কাপোৰ যোৰত বগা বগা ফুল বছা।
:শাহু বোৱাৰী দুইজনী মিলি বৈ উলিয়াইছোঁ।পিন্ধিবি আকৌ দেই কেতিয়াবা।
সকলোকে এৰি আহিবৰ সময়ত চকু সেমেকিল।আকৌ জানো এইখন ঠাইলৈ ঘূৰি আহিম কেতিয়াবা?কেতিয়াবা মন যায় ইয়াতেই থাকি যাওঁ।কিন্তু ঘৰ এখন নোহোৱাকৈ থাকিবওতো নোৱাৰোঁ।
ঘৰলৈ ঘূৰি আহোঁতে প্ৰায় সাত বাজি গ’ল।ঘৰত আলহী ধেৰ।ককা কাইলৈ বেংগালোৰ যাবগৈ বুলি গম পাই মাত লগাবলৈ আহিছে।সৱেই কিন্তু কেইদিনমানৰ কাৰণে ফুৰিবলৈ গৈছে বুলিহে জানে।একেবাৰে যোৱাৰ কথা হয়তো কাকো কোৱা হোৱা নাই।সৱকে মাত লগাই ৰূমলৈ আহিলোঁ।মায়ে মোৰ ৰূমৰ বস্তু কিছুমান সামৰি আছে।
:কি কৰি আছা ইয়াত?
:ইমান দেৰি কৰিলি যে।
:য’ত থাকি ভাল লাগে তাতে থাকিম ন।
:চাদৰ ওপৰলৈ আহ, কথা কেইটামান কম।শুনি লৈ যি ভাল দেখ কৰিবি।
কৈয়ে মা ওলাই গ’ল।চিৰিয়েদি ওপৰলৈ উঠি গৈছে।মই বহুতপৰ একে ঠাইতে ৰৈ থাকিলোঁ।যাওঁ নাযাওঁ কৈ আগবাঢ়িলোঁ।

চাদৰ ওপৰৰ ঝুলনা খনত মা বহি আছে।মনটো মৰা।মানুহজনী আগৰ দৰে হৈ থকা নাই।হঠাৎ যেন বুঢ়ী হৈ গৈছে।উজ্জ্বল ৰঙা ৰঙৰ চুৰিডাৰযোৰ যেন ব্যৰ্থ হৈছে তেওঁক উজ্বলাই তুলিবলৈ।
:বহ ইয়াতে।
:আছোঁ ইয়াতে, কোৱা কি ক’বা?
:আকৌ কেতিয়াও নাহ ইয়ালৈ?
:ভবা নাই।ককা আহোঁ বুলি ক’লে থৈ যাম কেতিয়াবা।
:মাজু,কথাবোৰ নতুনকৈ..
:মা প্লিজ, মোক খং উঠাই নল’বা।
:ঠিক আছে।
বহুত সময় দুয়ো মনে মনে ৰ’লো।
:তোক আমি মাজু বুলি কিয় মাতো ভাবি চাইছ?তোৰ পিছত থকা সৰুটো ক’লৈ গ’ল সুধি পাইছ?
মূৰৰ ওপৰত গোটেই আকাশখন খহি পৰাৰ দৰে লাগিল।এই প্ৰশ্ন মই কিয় কেতিয়াও সোধা নাছিলোঁ মাক।কিন্তু মইতো মায়ে দিয়া এটা নাম বুলিয়েই লৈ আহিছোঁ।বাক জান, বেবী এইবোৰ নামেৰে যেনেকৈ মাতে মোকো ঠিক তেনেকৈ মাজু বুলিয়েই মাতে বুলি ভাবি আহিছোঁ।আৰু মোতকৈ সৰু কাকোৱেই তো মই দেখা নাই কেতিয়াও।আৰু বায়ে এদিন সৰুতেই কৈছিল যে মায়ে ভাবি আছিল সৰু ভাইটি এটা আহিব সেইকাৰণে মোৰ নাম মাজু ৰাখিছিল।বছ,সেইয়াই বিশ্বাস কৰিও লৈছিলোঁ মই।
:মই যিমান চেষ্টা কৰিলেও কাকো ভাল পাব নোৱাৰোঁ মাজু।ইমান মহান মই আগতেও নাছিলো,এতিয়াও নহয়, আগলৈও হ’ব নিবিচাৰোঁ।এইখন ঘৰে মোক কেতিয়াও নুবুজিলে।কোনোদিন মাফ কৰিব নোৱাৰোঁ।
:ককা আইতাই তোমাক বহুত মৰম কৰিছে সদায়, তুমি নিজেই অসুখী মানুহ।আনক দোষ নিদিবা।
:মোক মৰম নালাগে।উনৈশ বছৰত জোৰ কৰি পুতেকে মোক বিয়া পাতিব খোজোঁতে কিয় বাধা নিদিলে?কিমান সপোন আছিলে মোৰ।একোৱেই কৰিবলৈ নাপালোঁ।তোৰ দেউতাৰে মোক পছন্দ কৰিলে,হৈ গ’ল বিয়া।কোনোদিনেই সেইটো মানুহক ভাল পাব নোৱাৰোঁ মই।এতিয়াও পৰা নাই।
:মোক কিয় কৈছা এইবোৰ কথা?
:তই মোৰ নিচিনা একেই।দুখ পাবি জীৱনত।ইমান জেদ ভাল নহয় মাজু।এতিয়া বুজিছোঁ মই।জেদ কৰি নিজৰেই জীৱনত অশান্তি কৰিলোঁ।দেউতা মদতে ডুবি থাকে আজিকালি।বৰ অকলশৰীয়া লাগে কেতিয়াবা।
:কৰ্মফল ভুগিছো বুলি ধৰি লোৱা।
:তোক মিছাতে কষ্ট দিলোঁ বহুত।ধৰি নেথাকিবি।
:oh please ma, I just don’t care.
:ইমান বেপেৰুৱা নহ’বি মাজু।তোৰ এটা ল’ৰা আছে।কথাবোৰ এৰি নতুনকৈ লাইফটোত আগবাঢ়ি যা।
:আৰু কিবা ক’বা?কাম আছে মোৰ!
একো কোৱা নাই তেওঁ, আন্ধাৰলৈ চাই কি ভাবি আছে নাজানো।
আঁতৰি আহিবলৈ খোজোঁতেই
:মাজু, তই আমাৰ নিজৰ নহয়।
জানিছিলোঁ, ভাবিছিলোঁ বহুবাৰ।নিজৰ সন্তানক এনেকুৱা কৰিব নোৱাৰে মানুহে।মই মাৰ সন্তান নহয় বুলি ভাবিছিলোঁ বহুবাৰ।কিন্তু ককাৰ মৰম দেখি নিজকে সন্দেহ কৰিছিলোঁ।কি সঁচা কি মিছা বুজাৰ সামৰ্থ্য মোৰ নাছিল।
:নিজৰ নহয় মানে?আকাশৰ পৰা পৰিছিলোঁ মই?হাঁ?ইমানদিনে কোৱা নাছিলা কিয়?নতুন কিবা প্লেন তোমাৰ ৰাইট।কিয় মেনিপুলেট কৰিছা মোক এনেকৈ?কি লাগে তোমাক?
চিঞৰ শুনি মা উচুপি উঠিল।অতবছৰত আজি প্ৰথম মানুহজনীক মই কন্দা দেখিছোঁ।কঠোৰ মুখ খনত খং হে দেখিছো সদায়, দুখ এইয়াই প্ৰথম।

:মই ক’লেও তোৰ বিশ্বাস নহয় মই জানো।ককাক সুধি ল’বি এবাৰ।কিন্তু মাজু, মই চেষ্টা কৰিও তোক নিজৰ বুলি ভাবিব নোৱাৰিলোঁ কেতিয়াও, এতিয়াও পৰা নাই।বেয়া নাপাবি।মই এনেকুৱাই।

ককাৰ ওচৰলৈ দৌৰি যাওঁতে কেইবাবাৰো পৰি যাম যেন লাগিছিল।গোসাঁইঘৰৰ পৰা হাতত ধূপ এডাল লৈ অহা মানুহজনে জানো মোক মিছা কথা ক’ব পাৰিব?
:ককা…মায়ে কৈছে.. মই নিজৰ নহয়।সঁচা?
:মাধৱ, এইয়া কি কৰিলা??

ককাৰ ৰূমৰ খিৰিকীৰে আজি চেঁচা বতাহজাক বেছি জোৰেৰে বৈ আহিছে।লগত মোৰ বাবে নতুন বিষ।নতুন কাহিনী।

:তই দস্তুৰমত আমাৰ ছোৱালী।আমাৰ নিজৰ।।তোৰ মাৰে তোক মানি নলয় সেইটো বেলেগ কথা।
:কিন্তু কিয় মানি নলয় ককা, সেইটো কোৱা মোক?মই সৰু হৈ থকা নাই এতিয়া।বুজি পাওঁ বহুত কথা।প্লিজ কোৱা মোক।

(আগলৈ)

9 thoughts on “#আবিৰ খণ্ড (৫২)

  1. Val lagil bht dinor murot aku ata khondo pohibo palu kintu maju….!!!
    Ki kotha lukai rakhise tair make tai xosakoi hihotr nijor nohoi nki?

    Like

  2. Now it’s become very irritating. Ma’am, you use to upload after 3 to 5 days. It’s very late. I can’t wait anymore. Please upload as soon as possible. No need to comment about the beauty of the episode, it’s full of love, thriller. 💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙💙

    Liked by 2 people

  3. Notun mur loise kahini a … kahini upsthaponot apuni kin2 salak dei bht… hnkle dbo .. akhare baat sai roisu…

    Like

  4. অনন্যাৰ জীৱনৰ‌ এই বিষাদবোৰ কেতিয়াকৈ অন্ত হ’ব…..😔

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s