#আবিৰ খণ্ড (৫৩)

মোৰ জীৱনটো মিছাৰেই আৰম্ভ, আশা কৰিছোঁ মিছাতেই যাতে শেষ নহওক।
মা হেনো এদিন এইখন ঘৰ এৰি গুচি গৈছিল।জীৱনত কোনোদিন ইয়ালৈ ঘূৰি নাহোঁ বুলি।লগত তিনি বছৰীয়া বা।ককা আইতাই হাজাৰ চেষ্টা কৰিও ঘূৰাই আনিব পৰা নাছিল মাক।দেউতাই হাত তুলিছিল মাৰ গাত।কোনোদিন মাকৰ ঘৰত কাৰো গালি এটাও শুনি নোপোৱা মায়ে সেইয়া সহিব নোৱাৰি গুচি গৈছিল।
মামাৰ ঘৰখন সমানেই চহকী।এনে নাছিল যে মাৰ থাকিবলৈ জেগা নহ’ব।
:মোক এচৰ মাৰিছিল, মই ওলোটাই দুই চৰ লগাই দিছিলোঁ।
কওঁতে মানুহজনী ফোঁপাইছে।
কিন্তু মাৰ সেই সিদ্ধান্ত স্থায়ী নহ’ল।গুচি যোৱাৰ পিছতেই মায়ে গম পালে যে মাৰ পেটত দ্বিতীয় সন্তানে উশাহ লৈছে।সকলোৱে মাক বুজাই বঢ়াই সিদ্ধান্ত সলনি কৰিবলৈ জোৰ কৰিলে।সমাজৰ ভয়ত, মানুহে কি ক’ব, আগলৈ কি হ’ব ,কথা একেবোৰেই।
খবৰ পাই দেউতা ও মাৰ ওচৰত নতশিৰে থিয় হৈ ক্ষমা খুজিলেগৈ।ককা আইতাৰ বুজনি, দেউতাৰ কাকূতি মিনতি আৰু নিজৰ মাক দেউতাকৰ বুজনিত মা আকৌ এইখন ঘৰলৈ ঘূৰি আহিল।
দেউতাই ল’ৰা বিচাৰি পূজা আৰম্ভ কৰিলে।সম্পত্তিৰ উত্তৰাধিকাৰী লাগে তেওঁক।
কিন্তু…
সময়ত মাৰ দ্বিতীয় সন্তান জন্ম হ’ল,গৰ্ভতে প্ৰাণ হেৰুৱা এটা পুত্ৰ সন্তান।দেউতাক জনাইছিল ডক্টৰে।
সপোন ভাঙিলেও দেউতাৰ ব্যৱসায়ী মন ভঙা নাছিল।
মা, ককা, আইতা কোনেও নজনাকৈ দেউতাই ডক্টৰৰ সতে লগলাগি লিখিছিল মোৰ জীৱন কাহিনী।কেঁচুৱাৰ উশাহ লোৱাত কষ্ট হৈছে বুলি দুদিন কাকো নেদেখুৱালে মৃত ভাইটিক।
আৰু কোনেও নজনাকৈ কোনোবা কন্যা সন্তান বুলিয়েই হস্পিতালত এৰি থৈ যোৱা মোক লৈ আনি দেউতাই মাক দেখুৱাইছিল।
“ছোৱালী হৈছে”
সেই মিছাৰেই মোৰ এইখন ঘৰলৈ আগমন।মায়ে মৰম কৰিছিল মোক।ককা আইতাইও সাৱটি লৈছিল নিজৰ বুলি।
কিন্তু মাকে জানো চিনি নাপাব নিজৰ তেজক,দেউতাৰ মিছা বেছিদিন লুকাই নাথাকিল।সকলো গম পোৱাৰ পাছত মায়ে মোক তুলি ল’বও নোৱাৰিলে,পেলাই দিবও নোৱাৰিলে।দেউতাই নিজৰ হৈ যুক্তি দিলে, মাক হেৰুওৱাৰ ভয়তে হেনো তেওঁ তেনেকুৱা কৰিলে।কাৰণ কেৱল আহিবলগীয়া সন্তানৰ শপত দি ঘূৰাই অনা মানুহজনী যে আকৌ গুচি যাব পাৰে, সেইয়া তেওঁ ও জানিছিল।ককা আইতাই ভাগ্যৰ লিখন বুলি মানি মোকেই নিজৰ কৰি লৈছিল।
কিন্তু মায়ে নোৱাৰিলে।
এতিয়াও পৰা নাই।
মাৰ দ্বিতীয় সন্তানতকৈ দুদিন আগত মই এই পৃথিৱীলৈ আহিছিলো।মায়ে কেতিয়াও পাহৰিব খোজা নাছিল মাৰ লগত হোৱা সেই অন্যায়, সেই প্ৰতাৰণা।মোক দেখিলেই যাতে তেওঁ দেউতাৰ প্রতি থকা ক্ষোভ জগাই তুলিব পাৰে, সেইবাবে মোৰ নাম ৰাখিলে
“মাজু'”
:মৰিলেও তো সি মোৰ ল’ৰা আছিল, ঘৰখনৰ সৰু।

কি শুনি আছোঁ মই।এই মাজৰাতি মোৰ ৰূমত নিজৰ কাহিনী কৈ থকা মানুহজনী মই আজিও বুজিব নোৱাৰিলোঁ।ককাই অথনি একো নক’লে মোক।খঙত গুচি আহি ৰূমতেই বন্ধ কৰি ৰাখিছিলোঁ নিজকে।তৰাই ভাত খাবলৈ মাতি মাতি নিব নোৱাৰিলে মোক।মা নিজেই আহিল।ওলাই নগ’লো।ককা আহি দুৱাৰমুখত ৰৈ ৰৈ ভাগৰি যোৱা দেখিহে ওলাই গৈছিলোঁ।দেউতাক দেখিও নেদেখাৰ দৰে তললৈ মূৰ কৰি ককাৰ ওচৰত বহি কিবা এটা গিলিলো।আকৌ আহি বহি আছিলোঁহি ৰূমত অকলে।মাজনিশা দুৱাৰখন টুকৰিয়াই মা বুলি ভাবি অহা মানুহজনীয়ে কেইবাবাৰো মাতিলত দুৱাৰ খুলি দিছিলোঁ।আৰু তাৰ পাছত…
বিচনাত এফালৰ পৰা নিজৰ অতীত মেলি বহি আছে এজনী অসহায় যেন লগা কঠোৰ মুখৰ মানুহ।ইমান দুখ, ইমান অপমান, ইমান প্ৰতাৰণা মনত পেলাইয়ো এটোপাল চকুপানী টোকা নাই কিয় এই মানুহজনীয়ে।
কিয় এবাৰো উচুপি উঠা নাই হেৰাই যোৱা সন্তানটোৰ কথা ভাবি?
কিয় কন্দা নাই আনৰ সন্তানক নিজৰ কৰিব নোৱাৰাৰ দুখত?
কিয় কন্দা নাই কেৱল মানুহৰ হেঁচাত অপ্ৰেমৰ সৈতে সহবাস কৰাৰ দুখত?
:মই সৱকে বেয়া পাওঁ মাজু।তোৰ নিচিনাকৈ।মোৰ মা দেউতাই যদি মোক পঠিয়াই নিদি লগতে থাক বুলি ক’লেহেঁতেন।আজি জীৱনটো বেলেগ হ’লহেঁতেন।তাৰ পাছৰপৰাই বাদ দিলোঁ ঘৰলৈ যোৱা।কাৰোৰে সৈতে সম্পৰ্ক নাই মোৰ।কোনো নাই মোৰ।
কি উত্তৰ দিম মই।সৱ মানুহ বেচেৰী হ’ব নোৱাৰে, হ’ব নোখোজে।সেইবোৰ মানুহক মানুহে সহজে ভাল নাপায়।মায়ে নোৱাৰিলে কান্দিব, দুখ কৰিব।কঠোৰ হৈয়ে পাৰ কৰিলে জীৱনৰ দুঃসময়।এতিয়াও কন্দা নাই মানুহজনীয়ে।
:চিগাৰেট আছে নেকি?
থতমত খালোঁ।মায়ে smoke কৰে মাজে মাজে,সেইয়া মই জানো।কিন্তু মোক এনেকৈ খুজিছে যে!
:তই এইবোৰ এৰিবি, নিজৰে ধ্বংস হয়।কিন্তু মোক এটা লাগে।দেচোন আছে যদি।
উলিয়াই দিলোঁ।পাফ কেইটামান টানি খিড়িকীৰে পেলাই দিলে।
এইবাৰ মই বহি থকা চকী খনৰ ওচৰলৈ আহি তেওঁ মোৰ চুলিখিনি মোহাৰি দিলে
:মই বেলেগ মাজু।স্বাৰ্থপৰ বুলিও ভাবিব পাৰ।হয়তো হয়।
তোৰ আইতাৰ দৰে আদৰ্শ বোৱাৰী আদৰ্শ মাক মই নহয়।ভাল মানুহ আছিল তেখেত।কিন্তু পুত্ৰস্নেহত অন্ধ আছিল।ককাৰো একেই।কিন্তু মানুহজনে তোক মনে প্ৰাণে ভাল পায়।লৈ যা।সুখেৰে থাক গৈ।ইয়ালৈ নালাগে আহিব।একো বাকী নাই ইয়াত।

মোৰ বুকুত ধুমুহা নমাই ইমান প্ৰশান্ত হৈ আছে কেনেকৈ।
কি ভাবিম,কি কৰিম কি লৈ জীয়াই থাকিম।
একোৱেই চোন উত্তৰ নাই মোৰ ওচৰত।
:মই এতিয়া কি কৰিম?
যাব খোজা মানুহজনী ৰৈ গ’ল
:একো কৰিব নালাগে।মাত্ৰ এটা ভাবি সুখী হ, যে তোৰ লগত অন্যায় কৰা মানুহজনী তোৰ নাছিলেই কোনোদিন।পাতল লাগিব।মোক বেয়া পাবলৈ সহজ হ’ব।
:হমম।ঠিকেই কৈছা।তোমাৰ লগত যি হ’ল সেইয়া শুনি মোৰ দুখ লাগিছে।কিন্তু সেইবুলিয়েই মই তোমাৰ সকলো ভুল পাহৰি ভাল পাব নোৱাৰোঁ তোমাক।মা বুলি মাতিবও নোৱাৰিম।
:মা বুলি ভাবিব নালাগে, বন্ধু বুলিয়েই ভাবিবি।তোৰ সুখ দুখত থাকিম ।থুপুক আনি দিম মই।সি তোৰ।বহুত ভুল কৰিলোঁ, খঙত, জেদত ,দুখত।
:Thank you.
:মাজু,মোৰ দৰে জীৱনটো ধ্বংস নকৰিবি।বৰ কষ্ট হ’ব পিছত।নিজৰ ভাল লগাবোৰ লৈ আগবাঢ়ি যা।
:হমম।
:শুই থাক।মই ইয়াতে আছোঁ।কাইলৈ যাব লাগিব নহয়।
:ইয়াত শুবা তুমি?
:চকীতে বহিছোঁ, তই শুবলৈ চেষ্টা কৰ।
ঘড়ীটোলৈ চালোঁ ,আঢ়ৈ বাজিছে।মাৰ কথামতে গাৰুত মূৰ থৈ চকুদুটা জপাই দিলোঁ।মোৰ আজি দুখ লগা নাই কিয়?
মায়ে কোৱাৰ দৰে যেন অলপ সুখী হে হৈছোঁ এইয়া জানি যে যিবোৰ মানুহৰ মৰম বিচাৰি হাহাকাৰ কৰিছিলোঁ সেই মানুহবোৰ মোৰ নিজৰ নাছিল ।এইয়া কেনেকুৱা অনুভৱ মই নাজানো।মাৰ প্ৰতি মোৰ আক্ষেপ বোৰ হঠাতে নাইকিয়া হৈ নাযায়, কিন্তু আজি তেওঁলৈ মোৰ খং উঠা নাই।আঁৰ চকুৰে চালোঁ, ডিম লাইটতো জ্বলাই খিড়িকীৰ পর্দাবোৰ টানি দিছে।চকীখনত বহি এবাৰ মোৰ ফালে চাই এবাৰ ওপৰলৈ চাই চকুকেইটা হেঁচা মাৰি ধৰে।কান্দিবও নাজানে চাগে মোৰ দৰেই।
কিয় মই পৰা নাই তেওঁক সান্তনা দিব?
কিয় পৰা নাই সাৱটি ধৰিব?
এনে দূৰত্ব সদায় কিয় থাকে আমাৰ মাজত?

সময়বোৰ ঘড়ীৰ টিক টিক শব্দৰ সৈতে পল অনুপল কৈ হেৰাই গৈছে।মা তেনেকৈয়ে বহি আছে এতিয়াও।আঁতৰি যোৱা নাই।
:তোমাক এতিয়া কি বুলি মাতিব লাগিব মই?
মানুহজনী উঠি আহিল, মোৰ কাষতে বহিল।
:তোৰ যি মন যায়।
:মা বুলিয়েই মাতিম নেকি?এতিয়া আৰু বেলেগ কিবা..
:মাজু অ’
এইবাৰ মোক জোৰেৰে সাৱটি পাগলৰ দৰে কান্দিছে কঠোৰ মানুহজনীয়ে।কঁপি কঁপি বিৰিবিৰাইছে মোৰ গোপনে সাঁচি ৰখা কথাবোৰ।
আৰু এতিয়াও মই দুহাত মেলি ধৰিব পৰা নাই তেওঁক…
উফ কি এই বিষৰ নাম?

পাঁচ বজালৈকে উচুপি উচুপি কান্দি থকা মানুহজনী মোৰ কাষৰ খালি ঠাইখিনিত ক্ষন্তেক আগতে টোপনি গৈছে। লাহেকৈ উঠি গৈ বাথৰূমত চকু হাল ধুই আহিলোঁ।silent কৰি ৰখামোবাইলটো চাওঁতে দেখোঁ এটা আকাংক্ষিত মেছেজ।
অনিৰুদ্ধৰ।
“Please come back soon, I can’t take this pain anymore”
আৰু মই কাক কওঁ, মোৰো যে সহিব নোৱাৰাকৈ বিষ জমা হৈছে।

(আগলৈ)

25 thoughts on “#আবিৰ খণ্ড (৫৩)

  1. Indranee porhi xosai bhal lagil. Tumar likhar style aru expression agotkoi bohut khini uporoloi goise.

    Xubhessa thakil

    Like

  2. Khekhor khinit sokupani aru roi nathakil…. Kio janu bukukhn hothat khunda mari dhorile last moment tut😢……….

    Next episode tu o parile khunkale dibo ba💞

    Like

  3. Ohh my gosh……..This is amazing 🥺🥺🥺. this story is going to end. But, Still, it’s very tempting, romantic+thrilling is the best combination. 😊love it 😍🥰🥰❤️❤️❤️❤️❤️❤️💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜

    HOPE YOU WILL UPLOAD NEXT PART SOON

    Like

  4. Ooo Baa next part ketiya dbo o….5 days hol roi roi vagori goisu…apunar eko okhukh bikhukh huwa nai to…

    Like

  5. Ba aji o nidile 😔 apni dibo bli e bohi asilu 😒ba plz diok ru 🙏🥺nuariso

    Like

  6. 😡when will you upload the next part? , If you are suffering from any disease, you should break your silence and tell us clearly!!!! Many readers are waiting for the next part. It has been 6 days, we are eagerly waiting…….😤😤😤

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s