#আবিৰ খণ্ড (৫৪)

ৰাতিপোৱাটো আজি সেমেকা।
ককাৰ বাঁহীৰ মাতত সাৰ পাইছোঁ মই, কিয় বজাইছে ইমান কৰুণ সুৰ?
জানকী কানন এৰি যাবলৈ কষ্ট হৈছে ককাৰ।মই বুজিছোঁ।জীৱনৰ শেষৰ সময়ছোৱাত বিচ্ছেদ হৈছে নিজৰ ঘৰ খনৰ পৰা, পত্নীৰ পৰশ থকা প্ৰতিটো বস্তুৰ পৰা।
ঘড়ীটো চালো,সাত বাজি গৈছে।দহটাত ওলাই যাবই লাগিব।বস্তু বেছি নাই সমাৰিবলৈ।দুদিনৰ কাৰণে সৰু বেগ এটাতে সৱ ভৰাই আনিছিলোঁ।ককাৰ হে বস্তু বেছি।
পিন্ধি যাবলগীয়া টপ আৰু জিনছটো হাতত লৈ বাথৰুমত সোমালো।

ইমান বেয়াপোৱা ঘৰখনলৈ মোৰ আজি নতুন মোহ এটা কিয় জাগিছে মই বুজা নাই।অপৰিসীম ঘৃণা কঢ়িয়াই ফুৰা বুকুত অলপ যেন আদৰে উকমুকাইছে।মা বুলি ভাবি অহা মানুহজনীক বেয়া পাব খুজিও কালিৰপৰা মই একেবাৰেই বেয়া পাব পৰা নাই।আৰু এদিন যেন থাকি যাম তেওঁৰ কাষত,আৰু ক’ম ,তোমাৰ সকলো দুখ উজাৰি দিয়া, কৈ পেলোৱা বুকু গধুৰ কৰি থকা কথাবোৰ।

:মাজু, চাহ কাপ তলতে খাবিহি।
:আহি আছো।
তললৈ নামি আহি সেই মানুহজনীৰ সৈতে মই আকৌ মুখামুখি হ’লো।কান্দোনৰ চিন স্পষ্ট যদিও কঠোৰ মুখখন আকৌ দেখিছোঁ।তেওঁ দুখ নেদেখুৱাই।বিশেষকৈ দেউতাৰ সন্মুখত।সাত বজাতেই ঘৰখন হুলস্থূল আজি।টেবুলত দেউতাক দেখি মই উভতি খোজ ল’লো।
:মাজু।এইখন লৈ যা।
:কি?
এখন চেক।একৰ পিছত কেইবাটাও শূণ্য।হিচাপ কৰাৰ ইচ্ছা নহ’ল।
:দৰকাৰ হ’ব।
:নহয়।
:দৰমহা কিমান পাৱ মই জানো, এতিয়া ককাক লৈ কেনেকৈ চলিবি?আৰু দেউতাৰ কাৰণে গাড়ী এখনো লাগিব।এইটো বয়সত বাছত ঘূৰাই নুফুৰিবি।
:হিচাপ লাগে?শুনক,বৰ্তমান দৰমহা মাত্ৰ চল্লিছ হেজাৰ পাওঁ।তাৰে প্ৰায় পোন্ধৰ হাজাৰ ঘৰ আৰু ইটো সিটো বিল দিওঁতে যাব।বাকীখিনিৰে চলিব লাগিব।সাঁচিব নোৱাৰো এতিয়া।কিন্তু মনত ৰাখিব ককাই মোৰ লগত কেতিয়াও কষ্ট নাপায়।
:তই চলিব পৰিবি বুলি জানো ,কিন্তু হ’লেও…
::হ’লেও কি??
তাৰ পিছত দেউতাৰ ক’বলগীয়া একো নাথাকিল।লাহেকৈ উঠি গ’ল।ককাই গোটেই ঘৰতে ধূপ ধুনা ঘূৰাইছে।তৰা আৰু নতুন সহায়কাৰী মানুহজনীয়ে ঘৰ চফা কৰিছে।আগতে কেতিয়াও পাকঘৰত একো কাম নকৰা মায়ে কিবা ৰান্ধি আছে।সোমাই যাওঁ বুলিও ৰৈ গৈছোঁ।আইতা গুচি যোৱাৰ পিছত ৰান্ধিনিয়ে ৰন্ধাই খাইছোঁ,পাকঘৰটো ও আগৰ দৰে হৈ থকা নাই।সলনি হ’ল।
:ফ্রেছ হ’লি?
:উম।
:ৰাতিপুৱা কি খাবলৈ দিয়ে তাত?
:চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট থাকে প্ৰায়ে, লগত চাহ।
:খালী পেটত গৰম পানী এগিলাচ খাবি, লগত পাৰিলে মৌ অকণ দি ল’বি।
:উম।
:বাহাদুৰৰ ঘৰৰ গাখীৰ খিনি ভাল, চাহ একাপ খাবি নেকি এতিয়া?ময়ো খোৱা নাই।
:মই বনাও নেকি?দুইজনীলৈকে বনাম।
কেক ফেটি থকা মানুহজনীৰ হাত খন ৰৈ গ’ল, ঘূৰি চালে।শোক এটা হয়তো উজাই আহিছে, মুখত কিন্তু কোনো অভিব্যক্তি নাই।
:তুমি অকণ বাহিৰলৈ যোৱা।
নতুন কুকজন মোৰ কাষেৰেই পাৰ হৈ গ’ল।
মোক বস্তুবোৰ দেখুৱাই দিলে তেওঁ।বাহাদুৰৰ ঘৰৰ গাখীৰবোৰ ডাঠ।অকণমান পানী মিহলাই দুকাপৰ জোখাৰে চছপেনটোত ঢালি দিলোঁ।
:তুমি জিম নোযোৱা আজিকালি?
:নাই,অলপ ঘৰতে খোজকাঢ়ি থাকোঁ, ওলাই যাবলৈ মন নাযায়।
:পাৰিলে Yoga কৰিবা।
:হমম।
:লোৱা।
চাহ কাপ লৈ তেওঁ চুমুক দি চালে।
:ক’ত শিকিলি, ভাল হৈছে।
:কলিকতাত।
:মাজু, ককাক লৈ তোৰ কষ্ট হ’ব।ৰন্ধা বঢ়া, অফিচৰ কাম সৱ কেনেকৈ কৰিবি?
:পাৰিম।আজি অতবছৰে কষ্টই কৰি আহিছো।এতিয়া অন্ততঃ মনৰ কষ্ট কমিব।
আঁতৰি আহিলোঁ, বেছি কথা পাতিলেই মই দুৰ্বল হৈ যাম।

মায়ে ৰন্ধা বস্তুৰে ভৰা টেবুলখনত একেলগে খাবলৈ দেউতাও বহিছে।মন কৰিছোঁ আগৰ সেই দম্ভ অহংকাৰ লাহে লাহে যেন ম্লান পৰিছে।ককাক মই সঁচাকৈয়ে লৈ যাম বুলি হয়তো দেউতাই ভবাই নাছিল।এতিয়া সেইয়া সঁচা হোৱা দেখি অলপ হলেও তেওঁ লাজ পাইছে।পোৱা উচিত।

কণ বিলাহী দিয়া মছুৰ দাইল, গাখীৰৰ সৰ দি ৰন্ধা ছাগলীৰ মাংস, জহা চাউলৰ পোলাও,ঘৰত বনোৱা পনীৰ আৰু নাৰিকলৰ গাখীৰ দি ৰন্ধা মাৰ স্পেচিয়েল ৰেছিপি, তৰাই বনোৱা চাটনি, পিটিকাৰে ৰাতিপুৱা চাৰে ন বজাতে খাবলৈ বহিছোঁ।ভোক লগা নাই।কিন্তু মায়ে যেন শেষবাৰৰ বাবে মোক খুৱাব খুজিছে।মানুহজনীক বহুবাৰ উপেক্ষা কৰিছোঁ, উফৰাই দিছোঁ তেওঁৰ অনুৰোধ, আদেশ, আব্দাৰ সকলোবোৰ।আজি কিন্তু পৰা নাই।সন্মুখত বহি ইটো সিটো যাচি থকা মানুহজনী ভীষণ কষ্টত আছে।মই বুজোঁ।আজি আৰু মই তেওঁক নতুনকৈ বিষ এটা দি থৈ নাযাওঁ।
:মাজু, গাড়ী এখন ময়ে..
:মনে মনে থাকা অধীৰ, বাপেকটো হৈ তাইক আজিও বুজি নাপালা।কি মানুহ হে তুমি।নিজৰ ভৰিত থিয় হৈ আজি তোমাৰ দেউতাকো চম্ভালিব পৰা ছোৱালীজনীৰ এই পইচা কেইটাৰ লোভ নাই বুলি কিয় বুজি পোৱা নাই তুমি?চোৱা এবাৰ তাইক।আমাতকৈ কিমান বেলেগ, কিমান স্থিৰ।বস্তুবাদী নহয় তাই।তোমাৰ মোৰ দৰে কাৰো সৈতে প্ৰতিযোগিতাত নমা নাই।নিজৰ মতেই জীয়াই আছে।থাকিবলৈ দিয়া।তাইক যি লাগে তাই নিজেই ল’ব,আৰু নোৱাৰাখিনি তাই নিবিচাৰেও।সৱ মানুহে ঢুকি নোপোৱা বস্তু আজুৰি নিচিঙে।

শেষৰ শাৰীটো যেন এপাত কাঁড় হে আছিল।দেউতাক ধৰাশায়ী কৰি পেলোৱা সেইপাত শৰ মায়ে যেন বহুদিনৰ পৰাই সাজু ৰাখিছিল।ককালৈ চালোঁ।তললৈ মূৰ কৰি ভাত খাইছে।নিৰ্লিপ্ততা বিৰাজমান।এইজন ককা দেউতাৰ ওচৰত কঠোৰ।কিন্তু সেইয়া কৰোঁতে ককাই বহুত দেৰি কৰিলে যেন লাগে কেতিয়াবা।দেউতা উঠি যাব খুজিলে
:মোৰ মনত কাৰো প্ৰতি একো নাই এতিয়া, মোক মাত্ৰ নিজৰ মতে থাকিব দিলেই ভাল পাম।

তেওঁ আঁতৰি গৈছে।অলপ পাছত গাড়ী ষ্টাৰ্ট দিয়াৰ শব্দ।
:গোসাঁনী, মোৰ কাগজপত্ৰ বোৰ ক’ত ল’ব লাগিব।
:কিহৰ কাগজ?
:কালি উইল খন কৰিলোঁ নহয়, তই ভাত খাবলৈ যাওঁতে।সেইবোৰ কাগজ লৈ যাব লাগিব।
:কি আছে তাত?
:তোক এতিয়া নকওঁ, পিছত গম পাবি।

দহ বজাত যোগেশ দায়ে গাড়ী ৰেডি কৰিলে, ককা কেতিয়াও মা বা দেউতাৰ গাড়ীত নুঠে।বহুতদিনৰ মূৰত ককাৰ কনটেছাৰ আহি চোতালত ৰ’লহি।সেইখন আজিকালি ঘৰত নাথাকে, দেউতাই কাৰোবাক বিক্ৰী কৰিব খোজাৰ বাবে সেইখন ককাই যোগেশ দাৰ ঘৰতহে থয়।ককাৰ দুয়োটা ট্ৰলী যোগেশ দাদায়ে ডিকিত ভৰালে।
শেষৰবাৰৰ বাবে ৰূমটোত কিবা থাকি গৈছে নেকি চাই থাকোঁতে মা আহিল
:এইটো লৈ যা ।
:কি?এলবাম?
:তাত গৈ চাবি।এতিয়া ভৰাই ল।
মায়ে দিয়া পুৰণি এলবামটো বেগত ভৰাই ল’লো।
:কিবা এটা দিলে ল’বি নে?
:দিয়া।
মায়ে হয়তো সপোনতো ভবা নাছিল তেনে এটি উত্তৰ।এক মিনিট সময়ো ৰৈ নাথাকি নিজৰ ৰূমলৈ দৌৰি গ’ল।ঘূৰি আহোঁতে হাতত এটা পেকেট।
:এইটো তোৰ।
:কি আছে?খুলি চাওঁ নে?
:উমম।
এযোৰ ধুনীয়া মেখেলা চাদৰ।ৰঙা ৰঙৰ কাপুৰযোৰত গুনাৰ ফুল বাছি থোৱা আছে।
:এইবোৰ কিয় দিছা?ক’ত পিন্ধিম মই?
:তই যেতিয়া মনেৰে মিলা মানুহ বিচাৰি পাবি, এইযোৰ পিন্ধি ফটো এখন তুলি মোলৈ পঠাবি।ছোৱালীৰ বিয়া পতাৰ হেঁপাহ মোৰ নাই, কিন্তু এজনীকো কইনা সাজত নেদেখিম বুলি ভাবিলে কেতিয়াবা দুখ এটাই…..
:তুমিও সেইবোৰ ভাবা নে?
:বাদ দে সেইবোৰ।লৈ যা।মই নিজেই বোৱাইছোঁ শালত দি।ডিজাইনটো মোৰ।লৈ যাচোন, প্লিজ।
বেগত ভৰোৱা দেখি তেওঁৰ চকুৰপানী বৈ আহিল।মই বুজি পাওঁ।তেওঁ মোক থবলৈ নাযায়।ককাৰ সৈতে যাওঁ বুলি ক’বলৈ তেওঁক তেওঁৰ ইগ’ য়ে বাধা দিছে।ইমান সোনকালে মানুহ সলনি হ’ব নোৱাৰে।তাতে ককাই মানা কৰি দিলে তেওঁৰ আত্মসন্মানত আঘাত লাগিব।মই বুজোঁ, জেদী মানুহৰো আচলতে বহুত দুখ থাকে।
দুৱাৰমুখত ৰৈ আছে তেওঁ।ককা গৈ গাড়ীত বহিল।তৰাই জোৰ কৰি খোৱাবস্তু অলপ ককাৰ বেগতে ভৰাই দিছে।মাৰ খোজবোৰ নচলাৰ দৰে।মই গাড়ীৰ ফালে আগবাঢ়ি অহা দেখি তেওঁ কঁপিছে, হ’লেও ইমানবোৰ মানুহৰ আগত তেওঁ কান্দিব নোৱাৰে, মোক সাৱটি ধৰিবও নোৱাৰে মই জানো…
কিন্তু মই নোৱাৰিলোঁ..
উভতি গৈ দুহাতেৰে চপাই ললোঁ ৰৈ ৰৈ কঁপি থকা ধুনীয়া মানুহজনী..
মাবোৰৰ বোলে এটা সুকীয়া সুগন্ধি থাকে, মই নাজানো।আজি যেন বিচাৰি পাইছোঁ..
:মই তোক একোৱেই দিব নোৱাৰিলোঁ…
:তোমাৰ মন গ’লেই আহিবা মোৰ ওচৰলৈ।
:মোক বেয়া পায় নেথাকিবি মাজু…
:যাওঁ..

গাড়ীত উঠি আকৌ এবাৰ ঘূৰি চালো, দুৱাৰমুখত বহি দিছে মানুহজনী, বাহাদুৰে গেইট খুলি দিছে, ওলাই আহিছোঁ জানকী কাননৰ প্ৰকাণ্ড গেইটৰ সিপাৰে।পিছৰ ছিটত ফেঁকুৰি কন্দা ককাই বাৰে বাৰে বিৰবিৰাইছে..
:মই আকৌ আহিম শেৱালি.. থাকিবা ভালকৈ।মাধৱ, শকতি দিয়া।

যোগেশ দায়ে চকু কেইটা টিপিয়াই দিওঁতে টপটপকৈ পানী পৰিছে…মই বাৰু সকলোকে দুখ হে দিলোঁ নেকি?????


কলিকতাত দুঘণ্টা ৰৈ নিশা চাৰে আঠ বজাত হে বেংগালুৰু এয়াৰপোৰ্ট পালোহি।বেগ লৈ ওলাই মেলি আহোঁতে নটা বাজিলে।আয়ু আহিছে।ফোন অন কৰোঁতেই মেছেজ।কিয় আহিছে নাজানো।মই কেব লৈ গুচি যাব পাৰিলোঁহেনে।সি আহি কাম হে বঢ়াই দিলে । দুটাকৈ বেগ,লগতে ককাক লৈ আয়ুৰ location বিচাৰি বিচাৰি অৱশেষত পালোগৈ।সি দৌৰি আহিছে।আৰু তাৰ পিছে পিছে গম্ভীৰ খোজেৰে সেইয়া…
অনিৰুদ্ধ!
বুকুখন সশব্দে কঁপি উঠিল।
আয়ুয়ে ককাৰ ভৰি চুই সেৱা কৰিলে।ককাই তাৰ গালে মূৰে হাত ফুৰাই ঢেৰ কিবাকিবি সুধিছে।
:এওঁ কোন?
অনিৰুদ্ধই সামান্য হাউলি ককাৰ ভৰি কেইটা চুই দিলে।
কোন বুলি কম এতিয়া ককাক?
:মোৰ ফ্রেণ্ড ককা।
আয়ুয়ে উত্তৰ দিলে।বেগ এটা আয়ুক দিলোঁ।আনটো বেগ অনিৰুদ্ধই মোৰ হাতৰপৰা ল’ব খুজিছিল,এৰি নিদিলোঁ।ককা আৰু আয়ু অলপ আগবাঢ়িল।
:কিয় আহিছে?
:তোমাক চাবলৈ।
:Nonsense.
:I agree.
:
:বেগটো দিয়া নহ’লে তোমাকে ডাঙি লৈ যাম।And you know I can do that.

(আগলৈ)

20 thoughts on “#আবিৰ খণ্ড (৫৪)

  1. 😝😝at least, you have uploaded. The story is going to end 🤗, I hope, you will bring another story for us.
    Thanks……..
    I know, the next part will be uploaded after 7 days😪…….waiting…..

    Like

  2. নিতৌ এক নতুন যাত্ৰা, সেই যাত্ৰা হেপাহঁৰ ন-সপোনৰ মধুৰ এক অপেক্ষাৰ যাত্ৰা।

    Like

  3. চকুৰ পানী হৰ হৰকৈ ওলালে এই খণ্ড পঢ়ি!
    বহুত ভাল লাগিল পঢ়ি! সদায় অপেক্ষাত থাকো পঢ়িবলৈ

    Like

  4. কেতিয়াকে নো নতুন খণ্ডটো দিব বা ৰৈ আছো তেতিয়াৰ পৰাই আমনি লাগিছে আৰু।যদি ৩ দিনৰ সলনি ৬ দিনৰ মূৰে দিছে শেষতীয়া খণ্ডটোৰপৰা, তেনেহ’লে কৈ দিব লাগে আমাক এনেদৰে সদায় সদায় চাই নাথাকো ন।বেয়া পাইছোঁ আপোনাক 😤😒।

    Liked by 1 person

  5. Nichoyy apuni jiman pare joldi dibo sestha kore janu… Kintu amar mon robo nuara hoi jai aifale… Heyehe nkoi nuarisu.. hunkale dibo ba❤️ amar opekha jari thakibo

    Like

  6. Please 🥺🤧…… Next part to joldi di diok Baa….wait kri kri vagori poriso aru🤧🤧🤧🤧🤧

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s