#আবিৰ খণ্ড (৫৫)

:I agree.
:
:বেগটো দিয়া নহ’লে তোমাকে দাঙি লৈ যাম।And you know I can do that.

অনিৰুদ্ধই উত্তৰলৈ বাট নাচালে।বেগটো হাতৰপৰা লৈ গাড়ীখনৰ ফালে আগবাঢ়িল।সন্মুখৰ দৰ্জাখন খুলি ককাক বহিবলৈ দিলে।আয়ু আৰু মই পিছফালে বহিলো।ভাগৰ লাগিছে এতিয়া।আয়ুয়ে তেতিয়াও ককাৰ লগত কিবাকিবি পাতিয়েই আছে।অনিৰুদ্ধ মনে মনে আছে।মাজতে ককাই সুধিলে
:তুমিও অসমৰে নেকি?
:নহয় ককা, কিন্তু অসমীয়া জানো অলপ অলপ।
:কেনেকৈ?
তেওঁ অলপ হাউলি মোৰ ফালে চালে।
:শিকিছোঁ আৰু।
:ঘৰ ক’ত তোমাৰ?
:মধ্য প্ৰদেশ,ইণ্ড’ৰত।
তাৰ পাছত আকৌ ককা আৰু আয়ুৰ শেষ নোহোৱা কথা আৰম্ভ হৈ গ’ল।ককা আগতে আহিছে ইয়ালৈ।এবাৰ দুবাৰ নহয় বহুতবাৰ।Assam Tea Board ৰ ফালৰপৰা, আইতাক লৈ কন্যাকুমাৰীকে আদি কৰি গোটেই দক্ষিণ ভাৰত ভ্ৰমণ কৰোঁতে, আৰু এতিয়া মোৰ লগত।আয়ুৰ লগত আকৌ ফুৰিব ককা।তাকেই প্লেন কৰিছে।
মই ফোনটো উলিয়াই মেছেজ এটা লিখি send কৰিব পৰা নাই।ৰৈ গৈছোঁ বাৰে বাৰে। কথাবোৰ আচলতে ইমান সহজো নহয় মোৰ বাবে।মানুহজনীয়ে চাগে এতিয়াও ৰূমৰ দুৱাৰ বন্ধ কৰি কান্দি আছে।নাইবা চাদৰ ওপৰত অকলে বহি উচুপি আছে।মানুহজনীৰ মাজত ইমান শূন্যতা আছে যে তেওঁ বস্তুবাদী হৈও সেইয়া ঢাকিব নোৱাৰে।চেষ্টা কৰিছিল বহুত।নতুন বেগ, নতুন কাপোৰ, নতুন ছেণ্ডেল এইবিলাকৰ মাজত নিজকে বিলাই দিছিল,কিন্তু নোৱাৰিলে, সকলোৱে আচলতে নোৱাৰে।

ফোনটো হাততে বাজিল।
মা!
:হেল্ল’!
:কেতিয়া পালিগৈ?
:নাইপোৱাহি এতিয়াও, গৈ আছোঁ।
মাত টো ভঙা।কিয় সেইয়া মই জানো।
:বহুত দেৰি হ’ল,এতিয়া গৈ আকৌ ভাত ৰান্ধিবলৈ সময় আছেনে?
:ককাক বাহিৰত খুৱাব নোৱাৰোঁ, বনাম কিবা এটা।
:শুনচোন।
:কোৱা।
:ককাই গৰম গাখীৰ অকণ আৰু কল দি ভাত খাই ভাল পায়।তেনেকৈয়ে দিবি আজি।তই কিবা এটা খাই শুই থাকিবি।
:হ’ব।তুমি ভাত খালা?
:উম।
মই জানো, একো নাইখোৱা তেওঁ।নোৱাৰে খাব।বুকুত সোপা মাৰি ধৰা বেজাৰৰ বুজা লৈ ভাত গিলিব নোৱাৰে মানুহে।খুন্দা মাৰি ধৰে, উকালি আহে, উশাহ বন্ধ হৈ যায়।
মোৰ লগতো হয়।
:মাজু।
:হমম।
:আকৌ ফোন কৰিব পাৰিম নে তোক?
:হ’ব।
কাটি দিলোঁ, আৰু কথা পাতিব নোৱাৰোঁ।গাড়ীৰ গ্লাছ খুলি দিছোঁ।মোৰো যেন উশাহ বন্ধ হৈ যাব এতিয়া।অনিৰুদ্ধই মিৰ’ৰ খনত চাই আছে মোক।বুজি পাইছে কিবা এটা হৈছে, কিন্তু সুধিব পৰা নাই।
আমাৰ প্ৰতিটো কথা বুজি পোৱা মানুহ কিছুমান থাকে, যি আঁতৰি থাকিও ভিতৰখন দেখি থাকে।

ঘৰ পাওঁতে দহটা বাজি গ’ল।আয়ুয়ে বেগবোৰ নমাইছে।ককাই ঠাইখন দেখি ভালেই পাইছে।বেগবোৰ নমাই হোৱাত অনিৰুদ্ধ তাৰপৰাই উভতি যাব খুজিলে।
:এনেকৈ নাযাবা ৰ’বা।চাহ একাপ খাই যোৱা।
অসমৰ মানুহ,শুদা মুখে কোনেও কাকো কেতিয়াও নপঠিয়াই।অনিৰুদ্ধই মোৰ ফালে চালে।ইফালে ঘৰত গাখীৰ নাই।শাক পাচলিও নাই।ককাই কৈয়ে দিলে যেতিয়া উপায় নাই।বিল্ডিঙৰ সন্মুখৰ গ্ৰচেৰী দোকানখন এতিয়াও খোলা আছে বুলিহে বাচিছো।
:আয়ু, শুনচোন।
তাক মাতি গাখীৰ,বিস্কুটৰ পেকেট আৰু মেগী আনিবলৈ দিলোঁ।লগতে ঘিঁউৰ বটল আৰু এতিয়াৰ কাৰণে হোৱাকৈ এক কেজি চাউল।বাকী সৱ মই অনলাইন অৰ্ডাৰ দিলে ৰাতিপুৱা পাই যাম।দোকানখনৰ আগফালে ফলমূল অলপো দেখিলোঁ।তাক কল দুটামানো আনিবলৈ দিলোঁ।
:পাঁচ শ দিছোঁ, বাকী কেইটা ঘূৰাই দিবি।
:ইমান চিকটি অ’ এইজনী।
সেইটো ভোৰভোৰাই দোকানৰ ফালে আগবাঢ়িল।অনিৰুদ্ধই দুফালে দুটা বেগ লৈ ৰৈ আছে।মই মোৰ নিজৰ বেগ আৰু ককাৰ হাতত ধৰি লিফ্টৰ ফালে আগবাঢ়িলোঁ।
দৰ্জাখন খুলি লাইটবোৰ জ্বলাই দিওঁতে দুদিন আগৰ নিশাটোৰ স্মৃতিয়ে আমাৰ দুয়োকে জোকাৰি গ’ল।অনিৰুদ্ধই মোলৈকে চাই আছে।
:কৃষ্ণ প্ৰভু।ভালে কুশলে যে পোৱাই দিলাহি।বৰ ধুনীয়া ঘৰ অ’ গোসাঁনী।একদম জোখৰ ঘৰ।
বগা বাংলোৰ ড্ৰয়িং ৰূমটো মোৰ এই ঘৰটোতকৈ ডাঙৰ।তথাপিও ককাই যে মোৰ মনটো ভাল লগাবলৈকে তেনেকৈ কৈছে মই বুজি পাইছোঁ।
:তুমি বহা আকৌ।
প্লাষ্টিকৰ চকী খন অনিৰুদ্ধৰ ফালে আগবঢ়াই দিলে নিজেই।
:মই পিছে গা ধুইহে পানী দুনী খাম দেই মাজনী।এইটো নেকি মোৰ ৰূম?
:এটাই বেডৰূম ককা।তোমাৰেই।মই ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলোঁ।
:নাপাই তেনেকৈ ক’ব।এনেকুৱা এটা ঘৰৰ কাৰণেও কিমানে
কান্দি আছে।মই হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী মানুহ।বুইছ।দে দে, কাপোৰ কেইটা উলিয়াই দে।তৰাই মোৰ কপাহী কুৰ্তা পাইজামা বোৰ এইটোতে ভৰাইছে ,ওপৰতে আছে।
:মই মুখ হাত ধুই লওঁ, তুমি অকণমান ৰৈ দিয়া।
:হ’ব।মই তেতিয়ালৈকে আমাৰ অনিৰুদ্ধৰ লগতে কথা পাতিছোঁ।
মুখ হাত ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ।একেবাৰে ভাত খাই শোৱাৰ আগতহে মই গা ধুম।এতিয়া ধুই লাভ নাই।
ককাক কাপোৰ উলিয়াই গা ধোৱাৰ যোগাৰ কৰি দিলোঁ।
ককা বাথৰূমত সোমাল।আয়ু তেতিয়াও আহি পোৱাহি নাই।
মই ককাৰ বেগ দুটা দাঙি নি ৰূমত থলোঁগৈ।অনিৰুদ্ধই কিবা ক’ব খুজিও সুবিধা পোৱা নাই।
:I am sorry for that day..
:Okay.
:I mean it Ananya.
:I really don’t care.
তেওঁ চকীৰ পৰা উঠি আহি মোৰ ওচৰত ৰ’লহি।আৰু একেসময়তে কলিং বেলৰ শব্দ।
:ঐ, মই আকৌ ৰূমত গৈ ভাত বনাব নাই, ময়ো ককাৰ লগতে খাম।
:গাখীৰ ভাত খাবি?
:নেখাং দেই।কেঁচুৱাইহে সেইবোৰ খায়।ৰহ অৰ্ডাৰ দিওঁ, আমাৰ দুটালৈ বিৰিয়ানি দিওঁ দেই।পইচাটো তই দিবি।
খং উঠিছে অনিৰুদ্ধৰ।অলপ জ্বলন দেখিছোঁ চকুৱে মুখে।
:নালাগে।মোৰ মন নাই আজি।তই খা।মই গাখীৰ ভাত খাম।
:ধেই এইজনী।যা চাহ বনা।
:She must be tired. I will make it.
:হেঁ!!?
আয়ুৰ মুখ খন মেল খাই গ’ল।অনিৰুদ্ধই গাখীৰৰ পেকেট লৈ পাকঘৰৰ ফালে খোজ ল’লে।পিছে পিছে মই।
:ককাই চেনি নাখায়।
:okay.
:কাপ ক’ত আছে?
কাপকেইটা কাষতে থৈ ওলাই আহিলোঁ।ককাই গা ধুই গোটেই ঘৰতে ধূপ লগাই দিছে।পলকতে সুগন্ধিৰে ভৰি পৰিল মোৰ ঘৰটো।আয়ু আৰু ককাৰ হাঁহিৰে মুখৰিত হ’ল।চাই আছোঁ মাথোঁ।এনেকুৱা দিন এটা কল্পনাৰো অতীত আছিল মোৰ বাবে।ইমান সুখ একেলগে আহিছে আজি।অকলশৰীয়া ৰাতিবোৰ, বিষাদ বিষাদ দিনবোৰ যেন শেষ হোৱাৰ পথত।

:চাহ হৈ গ’ল।
অনিৰুদ্ধই ককা আৰু আয়ুক চাহ দিলে।
:তুমিহে বনালা নেকি?
:মইহে ক’লো বনাবলৈ।ময়োতো দোকানৰ বস্তু আনিছোঁ, কিবা এটা কাম দিব লাগে ন সৱকে।
ককাৰ বেগৰ পৰা ঢেৰ খোৱা বস্তু ওলাইছে।তৰাই ভৰাই দিছিল যদিও বনাইছে মায়ে।ৰাতিপুৱা বনোৱা কেকটো, নাৰিকলৰ লাড়ু, গমৰ লাড়ু, মালপোৱা,নিমকি আৰু যে কত কি।
প্লেটত উলিয়াই দিওঁতে মানুহজনীৰ মুখ খন মনত পৰি চকুকেইটা সেমেকি উঠিল।
চাহ খোৱাৰ মাজে মাজে অনিৰুদ্ধই মোলৈ চাই বহুত কিবাকিবি ক’বলৈ চেষ্টা কৰিছিল।কিন্তু বুজিহে নাপালোঁ, বা চেষ্টাও নকৰিলোঁ।

:ককা মই আজি ইয়াতে থাকিম।দিগদাৰ হ’ব নেকি আপোনাৰ?
আয়ুয়ে এনেকুৱা কিবা এটা কৈ দিব বুলি ময়ো ভবা নাছিলো।অনিৰুদ্ধৰ খং বাঢ়িছে।মুখ খন কঠোৰ হৈ গৈছে।
:আয়ু আজি নালাগে প্লিজ।ভাগৰ লাগিছে।ককা অকলে শুৱক।তই শনিবাৰে থাকিবি হি।

:Okay I will leave now.
অনিৰুদ্ধ যাবলৈ উঠিল।
:আয়ু তই নাযাৱ নেকি?
:মই ভাত খাই যাম, ককাই অকলে ব’ৰ পাব ন
Bye Anirudh, I will take Rapido. You carry on.
বিষন্ন মন এটাৰে তেওঁ যাবলৈ ওলাল।
:ককা, মই তলৰপৰা আহিছোঁ।
:যা, আগবঢ়াই দে আলহীক, আকৌ আহিবা দেই।ভাত এসাজ খাবাহি।
:হ’ব।আহিছোঁ।
ওলাই আহিলোঁ।
ৰাস্তাটোৰ সিটো পাৰে থকা লে’কটোৰ পাৰলৈ দুয়ো খোজকাঢ়ি আগবাঢ়িলোঁ।
:Thanks for coming.
উত্তৰ নিদিলো।মোৰ ক’বলগীয়া খিনি মাত্ৰ মই ক’বলৈ আহিছোঁ।
:এয়াৰপোৰ্ট কিয় আহিছিল?মই মাতিছিলোঁ নেকি?
:No, but…
:সিদিনা তেনেকৈ গুচি যোৱাৰ অৰ্থ কি আছিল?
:
:Say something or just get lost Anirudh.
:I panicked Ananya. তোমাৰ কাৰণে ইজি হ’ব পাৰে মোৰ কাৰণে নহয়।তুমি সেই ঘাঁ টুকুৰা সদায় দেখিছা মই নাই দেখা।মোৰ এনেকুৱা লাগিছিল যে তুমি চাগে ভাবিছা ময়ো তোমাৰ লগত তেনেকুৱাই কিবা কৰিম।ভয় খাইছিলোঁ মই,guilty ফিল কৰিছিলোঁ।এতিয়াও কৰোঁ।

কাষেৰে খোজকাঢ়ি পাৰ হৈ যোৱা মানুহবোৰে আমাকে চাই আছে।
তেওঁ নিজৰ ক’বলগীয়া বোৰ তেতিয়াও কৈয়ে আছে।
:Ananya, I really love you, but more than that I want you to be happy. With all these pain inside, you cant move on in life. You need to heal. I can wait forever. I just don’t want to lose you.Trust me.

মনে মনে থাকিলোঁ।তেওঁৰ মনত সন্দেহ থকা হ’লে আজি হয়তো আকৌ মোৰ ওচৰলৈ ঘূৰি নাহিলহেঁতেন।তেওঁৰ প্ৰতি মোৰ মনত বিশ্বাস আছে,কিন্ত লগতে বহুত খং ও আছে।
:একো নোকোৱা?ঘৰত সৱ ঠিকে আছে।
:মায়ে ক’লে মই তেওঁৰ নিজৰ নহয়।
:মানে?

কওঁতে কষ্ট হ’ল,থুপাই থোৱা বিষবোৰ উথলি উঠিছে, মই স্থিৰ হৈ থাকিব পৰা নাই।
:I am not her blood, I was an abandoned child which they…
:Oh you poor girl!
চাৰিওফালৰ পৃথিৱীক আওকাণ কৰি মোক সামৰি ল’লে অনিৰুদ্ধই।

:But you are mine, always and forever .
(আগলৈ)

14 thoughts on “#আবিৰ খণ্ড (৫৫)

  1. it’s too amazing 🥺🥺❤️❤️ i just love this story please post the next episode asap 🥺❣️

    Like

  2. love this❤, বহুত দিন অপেক্ষা কৰিব লগা হয় next postটোৰ কাৰণ। আশাকৰো আমাৰ excited হৈ থকা মনটোক বুজি পাই আপুনি পৰৱৰ্তি post বোৰ সোনকালে দিব।

    Like

  3. I am sad because I have to wait again 7 days to read the next part . 😪😪😪😔. Hope you will understand.

    Like

  4. বা please সোনকাল দিবানা next part টো.
    bohut excited hoi roi thaku please ba bohut opekkha koribo loga hoy😭
    pise hosai bohut val lagise porhi. hoitu protyekjoni sualiye oniruddhor nisina ajon manuh bisare teor manuh jonor vitorot ji taik enekoi a support kore believe kore morom kore care kore respect kore tair feelings burok tair otitok .. bohut val lagise porhi ba❤

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s