#আবিৰ খণ্ড (৫৬)

এখন নতুন ৰুটিন লৈ দিনবোৰ পাৰ হৈছে মোৰ।ককাৰ সৈতে আজি পোন্ধৰ দিন পাৰ হ’ল।ৰাতিপুৱা চাৰে পাঁচ বজাত উঠিবই লাগে।ঘৰ সৰা মচা কৰিবলৈ মানুহ এগৰাকী ছয় বজাত আহে।তেওঁ সেইবোৰ কৰে মানে মই ৰাতিপুৱা আৰু দুপৰীয়াৰ খোৱা যোগাৰ কৰোঁ।ককাই উঠি অলপ তলতে খোজ কাঢ়ি আহেগৈ।মই কেতিয়াবা লগত যাব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ।দুপৰীয়াৰ কাৰণে দাইল ভাত ভাজি বনাই হটকেছত ভৰাই থৈ যাওঁ।যোৱা সপ্তাহত ফ্ৰীজ এটা কিনি আনিলোঁ।একেবাৰে সৰু।ককাই ডাঙৰ এটা কিনিব খুজিছিল কিন্তু ঘৰটো চাই সৰু এটাকে কিনিলোঁ।ফলমূল অলপ সৰহকৈ আনি থওঁ।টি ভি টো কিনোতেও ঢেৰ তৰ্ক বিতৰ্ক।ককাই আয়ুৰ সৈতে গৈ কিনি আনিলে।মোক লগত নিলে বৰ চিকতামি কৰোঁ বুলি ঘৰতে থৈ গ’ল।আনি ফিটিং কৰি আয়ুৰ সৈতে বাহুৱলীও চালে।কাটাপ্পা হেনো দেখিবলৈ দেউতাৰ লগৰ কোনোবা মানুহ এজনৰ নিচিনা।কেতিয়াবা এনেকুৱা লাগে,ককাই যেন বগা বাংলোত কৰিব নোৱাৰা কামবোৰ মন খুলি ইয়াত কৰিব বিচাৰে।সৰু বেলকনিটোৰ এটাকোণ বাছি লৈছে খেতি কৰিবলৈ।ধনীয়া, বিলাহী, পদিনা এইবোৰ।তুলসী এজোপাও ৰুইছে।ইতিমধ্যে দুজন নিজৰ বয়সৰ মানুহৰ লগত চিনাকিও হৈছে।ককাই ধুনীয়াকৈ হিন্দী ইংৰাজী ক’ব পাৰে।মই নিজৰ ফালৰপৰা ফোন এটা কিনি দিলোঁ।এদিনত এটাকৈ app বোৰ ব্যৱহাৰ কৰিবলৈ শিকাইছোঁ।লাহে লাহে পাৰিছেগৈ।ভাগৰি পৰিলেও ভাল পাইছোঁ এই ব্যস্ততা ।মই ঘূৰি অহা দেৰি হ’লে ককাই টিভিৰ সন্মুখতে বহি পাচলি কাটে।মানা কৰিলেও নুশুনে।কৰিবই।এতিয়া লাগি আছে তৰা নাইবা বাহদূৰক লৈ আনিব।ডাঙৰ ঘৰ এটা ল’ব।কাজিয়াও হয় মোৰ লগত।গপ পাতি মুখ খন ফুলাই থাকে।আকৌ ইউটিবত কিবা এটা হাঁহি উঠা ভিডিঅ’ উলিয়াই ফুচুলাব লগীয়া হয়।চলি আছে এনেকৈ,ধুনীয়া ধুনীয়া অনুভৱ আৰু আদৰুৱা আৱেগেৰে ভৰপূৰ দিনবোৰ।
মই সুখী,ৰ’দে জানে সেই কথা।
মই সুখী ,বৰষুণেও শুনে সেই কথা।

কিন্তু…
এজন মানুহ অলপ অসুখী,কাৰণ মোৰ সময়বোৰ এখন কটকটীয়া ৰুটিনত বান্ধ খাই পৰিছে।তেওঁৰ বাবে যেন মই অলপো সময় উলিয়াব পৰা নাই।গধূলি মই সুৰেশক কৈ ছয় বজাত ওলাই আহোঁ।সাত বজাৰ মিটিং খন ঘৰৰপৰাই জইন কৰোঁ।এনেও মোৰ বিশেষ ক’বলগীয়া নাথাকে।সুভাষিণী যোৱাৰ পাছত তেওঁৰ কামবোৰ যদিও মই কৰোঁ অমৃতে সেইয়া মনিটৰ কৰে,code review কৰে আৰু কিবা সুধিবলগীয়া হ’লে মিটিঙত তেওঁৱেই সুধে।অনিৰুদ্ধৰ মাত্ৰ দহদিন সময় বাকী আছেগৈ,তাৰ পিছত তেওঁ বেলেগ এটা প্ৰজেক্ট জইন কৰিব।আমাৰ তলৰ ফ্ল’ৰটোতে থাকিব বুলি গম পালোঁ।কিন্তু প্ৰথম এমাহৰ ট্ৰেইনিং তেওঁ হায়দৰাবাদত ল’বগৈ লাগিব।কথাটো তেওঁ মোক শুনাই থাকে, সেইদিনা অলপ কাজিয়াৰ দৰেও হ’ল,কিন্তু মোৰ উপায় নাই।দিনৰ দিনটো অকলে থকা ককাক মই ৰাতি ন দহ বজালৈকে অকলে ৰাখিবলৈ ভাল নাপাওঁ।
ৰাতিও ককাই খুব কথা পাতে মোৰ লগত।সদায় শোৱা দেৰি হয়।ককাৰ পুৰণা দিনৰ কথা,আইতাৰ কথা,ককাৰ ব্যৱসায়ৰ উত্থান পতনৰ কথা, সৱ কয়।কেতিয়াবা মোক ককাৰ ওচৰতে শুবলৈ কয়। আৰু এইবোৰৰ মাজত মোৰ অনিৰুদ্ধৰ লগত কথা পতাই নহয়।

আজিও অফিচলৈ ওলাই ককাৰ খোৱাৰ যোগাৰ খিনি কৰি খৰধৰকৈ কাপোৰ কেইটা সলাই লওঁ বুলি লৈ দেখোঁ ককাই তলত কাৰোবাৰ লগত কথা পাতি আছে,বটল গ্ৰীণ কালাৰৰ টি ছাৰ্ট আৰু ব্লেক জিনছৰ সৈতে মানুহজন চিনি পাবলৈ মোৰ দিগদাৰ নহ’ল।কিন্তু এই অফিচৰ সময়ত অনিৰুদ্ধই ইয়াত কি কৰি আছে?আজি শুকুৰবাৰ।সেইবাবে চাগে কেজুৱেল পিন্ধি অফিচ আহিছে।কিন্তু ইমান বেছি কেজুৱেল?
আহ, আৰু ভাবি নাথাকোঁ।
পিন্ধিবলৈ কাপোৰ ঢেৰ এতিয়া মোৰ।সেইয়াও ককাৰ কাৰণেই হৈছে।ভালকৈ কাপোৰ কানি নিপিন্ধ বুলি কিমান গালি দিলে।পুৰণা চোলা পিন্ধি যোৱা কাৰণে, মদৰুৱা ৰঙৰ কাপোৰ কিনাৰ কাৰণে,সৱ ক’লা ৰঙৰ কাপোৰ গোটোৱা বাবে।যোৱা দেওবাৰে কিনি অনা মেৰুণ কালাৰৰ টপটো আৰু ব্লু জিনছটোকে পিন্ধিলোঁ।এইটো ককাই পছন্দ কৰি কিনি দিয়া।মোৰো ভাল লাগে।জোতাযোৰ পিন্ধি বেগটো লৈ ওলাই আহিলোঁ।

:এওঁ বোলে এইফালে ক’ৰবাত থাকিলে কালি।লগৰ ল’ৰাৰ লগত।এতিয়া যাওঁতে মোক মাতষাৰ দি গৈছে।ভাল পালো দেই।
কিমান মিছলীয়া মানুহ অ’।
বুঢ়া মানুহজনক অজলা পাই ঠগিছে চা।
মোক দেখি চকুকেইটা টিপিয়াই হাঁহি দিলে।
:এইটো পিন্ধিলি, ধুনীয়া লাগিছে।মোৰ পছন্দ যে।
ককাই গালখন মোহাৰি দিলে।
:হাই অনন্যা।
:হাই।
:ককা,এইটো ছাবি, তুমি ভাত খোৱাৰ অলপ আগতে দৈ খিনি ফ্ৰীজৰ পৰা উলিয়াই ৰাখিবা।ঠাণ্ডা কে নাখাবা।
:হ’ব হ’ব।যা যা। অহ হেৰি নহয়, এওঁক দেওবাৰে ভাতকেইটা ইয়াতে খাবলৈ কৈছোঁ, তোৰ দিগদাৰ হ’ব নেকি?
অনিৰুদ্ধৰ মুখলৈ চালোঁ।
না কোৱাৰ ইচ্ছা নহ’ল।
ককা আঁতৰি গ’ল।দুয়ো আগবাঢ়িলোঁ, মই ইতিমধ্যে কেব বুক কৰিছিলোঁ।পাঁচ মিনিটত পাবহি।
:Whats this?
:what?
:ইমান ৰাতিপুৱাই ইয়াত কি কৰি আছে আপুনি?
:You are not going to office today.
: Tell me a better joke.
:I miss you Ananya.. can’t you just understand that?
:মই ছুটি ল’ব নোৱাৰোঁ অনিৰুদ্ধ।আমি দুয়োটাই এনেকৈ ছুটি ল’লে সৱেই কি ভাবিব অফিচত।এনেই কম gossip হৈ আছে নেকি?
তেওঁ মনে মনে থাকিল।হয়তো বুজিও পালে।
:okay ,you go.
:আপুনি নাযায়?
:মই অলৰেডি ছুটি ল’লো।আজি এনেই থাকিম।মুভি চাম,গেম খেলিম।You carry on.
মোৰ উত্তৰলৈ অপেক্ষা নকৰি তেওঁ গাড়ী লৈ আগবাঢ়িল।মোক আৰু একো কোৱাৰ সুযোগেই নিদিলে।
মুখ খন ফুলি থাকিব এতিয়া।


কাম অলপ বেছি আছিল আজি।লাঞ্চ কৰা নহ’ল।তিনিটা বজাতহে খাব পাৰিছোঁ।তেওঁলৈ মেছেজ কৰিলোঁ।seen কৰি থৈ দিলে।মনটো বেয়া লাগিল।ডেস্কলৈ আহিও মন নবহিল।পাঁচটা মান বজাত বেগটো লৈ ওলাই আহিলোঁ।টিমৰ সৱ বেডমিণ্টন খেলিবলৈ গৈছে।শুকুৰবাৰে কেতিয়াবা যায় এনেকৈ।ওচৰৰ indoor stadium খনত এঘণ্টা খেলি আহে।আজিও গৈছে।মই সদায় নিচিনাকৈ আজিও নাইযোৱা।সুৰেশক ঘৰৰ পৰা আকৌ connect কৰিম বুলি ওলাই গুচি আহিলোঁ।
বহুত ভাবি তেওঁলৈ ফোন কৰিলোঁ।
:কি হ’ল?
:ইমান খং?
:কাৰ?
:Anyway,wana come to my home for tea?
:No. You come here.
:What, no way.
:Okay.
:বেছি অলপ।:তুমি কম নে কি?
:উফ।
:উফ নহয়।Come here, say sorry, give me a hug.After that I will think about the invitation.
:Okay cool, keep daydreaming.

ফোনটো থৈ কেব বুক কৰিলোঁ, আৰু এবাৰো নভবাকৈ তেওঁৰ ঘৰৰ এড্ৰেচটো ড্ৰপ লকেচনত দি দিলোঁ।বুকুখন ধপধপাই উঠিল।ভয় নহয়, অলপ লাজ।এনেতো নহয় যে, প্ৰথমবাৰৰ বাবে আহিছোঁ তেওঁৰ ঘৰলৈ।কিয় ইমান নাৰ্ভাচ ফিল কৰিছোঁ নাজানো।আধা ঘণ্টাতকৈ বেছি সময় লাগিল।
তেওঁৰ ঘৰৰ সন্মুখত ৰৈ চিকিউৰিটিক গৈ তেওঁৰ ফ্লেট নম্বৰ কওঁতেই তেওঁ গম পালে।লগে লগেই ফোন বাজিল।
কাটি দিলোঁ।
ওপৰলৈ উঠি যাওঁতেও ফোন বাজিয়েই আছে।
আৰু লিফটখন খুলি প্ৰাণখোলা হাঁহিৰে সৈতে অনিৰুদ্ধকে থিয় হৈ থকা দেখিলোঁ।
:Happy now?
:Yeah.Very much.
:ভিতৰলৈ নাহা?
:ককা ৰৈ আছে, ট্ৰেফিক বেছি হ’লে দেৰি হৈ যাব।আপুনি লগ পাব খুজিছিল কাৰণে আহিলোঁ।
:মই আৰু কিবা এটা কৈছিলোঁ।
:মই নুশুনিলোঁ।
তেওঁ ভিতৰলৈ সোমাই গ’ল।মই দৰ্জা মুখতে ৰৈ আছোঁ।অলপ পিছত কোনোবাই টানি নিয়াৰ দৰে লাগিল।
আৰু কিবা বুজি পোৱাৰ আগতেই তেওঁৰ ঘৰৰ মেইন দুৱাৰখনত মই নিজকে আউজি থকা পালোঁ।চকুৰ সন্মুখত অনিৰুদ্ধ।এইমাত্ৰ মাৰি অহা body mist ৰ সুগন্ধি উশাহত বিয়পি পৰিছে।
:I missed you so much.
:ককা ৰৈ আছে … দেৰি হৈ যাব.. ইমান ট্ৰেফিক..
:You speak at wrong times..
ওঁঠ দুটা কেতিয়া তেওঁৰ ওঁঠত বন্দী হ’ল ধৰিবই নোৱাৰিলোঁ।
ৰৈ ৰৈ বৈ আহিল আবেগ অভিমান খং মিশ্ৰিত মৰমৰ নৈ।

:I missed you this much…!
:Hmm
ইয়াতকৈ বেছি কি ক’ব পাৰিম মই?

:Let’s go..

ঘূৰি আহোঁতে মোৰ গালখন ৰঙা, তেওঁ মোক তলতে নমাই থৈ গুচি গ’ল।ককাই নিজে মাতিছে যেতিয়া এনেকৈ আহি আমনি নকৰে তেওঁ।
:মই মা পাপাক তোমাৰ কথা কৈছোঁ।
:কিয়?
:সদায় বিয়াৰ কথা কৈ থাকে কাৰণে।
:মোক নুসুধাকৈ?
:তুমি না ক’বা বুলি জানোৱেই যে।সেইকাৰণে কৈছোঁ মাক,এইটো জনমত নহ’বও পাৰে।
হাঁহি দিলোঁ।
ঠিকেই কৈছে।
মোৰ কথা খুব ভালকৈ জানে ।
দুগুণ ভালপোৱা বুকুত উপচাই আঁতৰি গ’ল তেওঁ।

(আগলৈ)

8 thoughts on “#আবিৰ খণ্ড (৫৬)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s