#আবিৰ খণ্ড (৫৭)

:শুইছিলা নেকি?
:নাই, ককাৰ লগত কথা পাতি আছিলোঁ,এইমাত্ৰ নিজৰ বিচনালে আহিছোঁ, আপুনি শোৱা নাই?
:ওহোঁ।
:কিয়?
:Was reading something.
:কি পঢ়ি আছে?
:The Art of Thinking Clearly,its a good read.
:উম, পঢ়িছোঁ।
:তোমাক কেতিয়াও সোধা নাই,তোমাৰ প্রিয় কিতাপ?
:War and peace.
:And why?
:Its a celebration of life, in all Aspects.
:অনন্যা।
:হমম।
:মই তোমাৰ সৈতে থাকি বহুত কথা শিকিব বিচাৰোঁ, নতুন ঠাই ফুৰিব বিচাৰোঁ,তুমি ইটালী গৈছা নে?
:মই ভাৰতৰ বাহিৰৰ কোনো ঠাইলৈ যোৱা নাই।
:কিয়?
:এবাৰ মা দেউতা আৰু বা ইউৰোপ ফুৰিবলৈ গৈছিল, মোক নিয়া নাছিল।
:মই লৈ যাম।
:লৈ যাম?মই নিজে যাব নোৱাৰোঁ নেকি?
:খংটো নাকৰ আগতে থাকে।ঠিক আছে, তুমি নিজেই যাবা, লগত মোকো লৈ যাবা।হ’ব?
:অনিৰুদ্ধ, মই ‘আমি’ বুলি একোৱেই ভবা নাই এতিয়াও, মানে ভয় লাগিছে ভাবিবলৈ।মোৰ বহুত কৰিবলগীয়া আছে।ককা ইয়াত সহজ হ’লেই মই ভালকৈ চিন্তা কৰি থুপুক লৈ অনাৰ কথা ভাবিছোঁ।মই তাক বেছিদিন বাৰ ঘৰত থাকিবলৈ দিব নোৱাৰোঁ।সিহঁতৰ নিজৰ সন্তান আহিলে থুপুৰ কি অৱস্থা হ’ব মই নাজানো।মায়ে হেল্প কৰিম বুলি কৈছে।মোৰ ভয়ো লাগিছে, পাৰিম জানো মই দায়িত্ব ল’ব।আৰু অফিচৰ সময়খিনি তাক কোনে চাব।অহা বছৰ স্কুলত দিবও লাগিব,ইয়াৰ স্কুল বিলাকৰ ফিজ দেখি ভয় খাইছোঁ।আৰু বহুত চিন্তা।মানে…
:ইমানবোৰ চিন্তা একেলগে কৰিলে সমাধান কেতিয়াও নোলায়।এটা এটাকৈ প্লেন কৰা।মই আছোঁ ন।
:থুপুৰ দায়িত্ব আমাৰ নহয় অনিৰুদ্ধ, অকল মোৰ।
:মই তাৰ দেউতাক হ’ব বিচৰা নাই, হ’ব নোখোজোঁ।মই ইমান মহান মানুহ নহয় অনন্যা।কিন্তু মই মাত্ৰ তোমাক কথাবোৰ প্লেন কৰাত হেল্প কৰিব খুজিছোঁ।
:I know.
:অনন্যা..ভালপোৱা মানে অকল সুখৰ উদযাপন নহয়।তোমাৰ সুখ দুখ ভাল বেয়া সকলোতে মই কাষত থাকিব বিচাৰোঁ।আৰু তোমাৰ পৰাও সেইখিনি আশা কৰোঁ।
:মই যাক ভাল পাওঁ,তেনেকৈয়ে আৱৰি ৰাখোঁ,আপোনাকো ৰাখিম।
:সঁচা?
:হমম।
:ওচৰত থাকিলে বৰ দম,এতিয়া দূৰত আছা কাৰণে খুব ৰোমান্টিক ন।কাইলৈ আহি আছো।
:ককা আৰু আয়ুৰ সন্মুখত ৰোমাঞ্চ দেখুৱাবলৈ?
:Don’t challange me dear.I can do that too.
তাৰ পাছৰ কথাবোৰ হাঁহিৰেই পাৰ হ’ল।চিন্তাৰে ভৰি থকা মনটো অনিৰুদ্ধই পাতল কৰিব জানে।হাজাৰ যন্ত্ৰণাৰ মাজতো কপাহ কোমল অনুভূতিৰ পৰশ লৈ আনে তেওঁৰ কথাবোৰে।
জীৱনৰ নেদেখা দিশবোৰ, ধুনীয়াবোৰ, সেউজিয়াবোৰ, মোক দেখুৱাই দিব জানে।বহুত কথাই পাতিলোঁ আমি।
এসময়ত তেওঁৰ টোপনি ধৰিল।
ফোনটো থৈ শুবলৈ চেষ্টা কৰিছোঁ,টোপনি নাই।ককা শুইছে।বহুত দেৰি বিছনাত পৰি থাকি উঠি আহিলোঁ,আৰু বান্ধি ৰখা মনটোক মুকলি কৰি বেগৰ পৰা উলিয়াই আনিলোঁ মায়ে দি পঠোৱা এলবামটো।
চাবলৈ সাহস নাছিল।
কিমান আৰু নতুন নতুন সত্য শুনিব এই কাণ দুখনে, কিমান আৰু বেয়ালগা সামৰিব এই বুকুখনে।
চোৱা নাছিলোঁ,আঁতৰাই ৰাখিছিলোঁ।কিন্তু এই মাজৰাতি তিনি বজাত মোৰ চাবলৈ মন গৈছে।
খুলি চাইছোঁ।
চাই গৈছোঁ ইখনৰ পাছত সিখন ফটো,কেইটামান পুৰণি বাতৰি কাকতৰ কাটি ৰখা টুকুৰা।মেগাজিন,পেপাৰৰ পৰা কাটি ৰখা এজন বিশেষ মানুহৰ ফটো।ভালকৈ চালোঁ,মই দেখিছোঁ মানুহজনক।টিভিত।গান গায়।কিন্তু মায়ে কিয় এনেকৈ ৰাখিছে ফটোবোৰ?তাৰ পিছৰ ফটোখন চাই মই ৰৈ গ’লো।চিনেমাৰ shooting চলি আছে যেন লাগিছে।ৰঙা ছিল্ক শাৰী পিন্ধি এজনী খুব ধুনীয়া ছোৱালী।
টেবুললাইটৰ একেবাৰে ওচৰলৈ নি ভালকৈ চালো ফটোখন।
মা।
ইমান ধুনীয়া।
লগত সেইসময়ৰ এজন জনপ্ৰিয় অভিনেতা।
মায়ে চিনেমা কৰিছিল?
কেতিয়াও কোনেও কোৱা নাই, ক’তো দেখাও নাই।
তাৰ পাছতো কেইবাখনো ফটো, পেপাৰৰ কাটি থোৱা টুকুৰা।মায়ে অভিনয় কৰি পোৱা বঁটা,পুৰস্কাৰৰ ফটো।কিছুমান ফটো অলপ বেয়া হৈছে।মন কৰিলোঁ, সৱ ফটোত মাৰ মুখত এটা উজ্জ্বল হাঁহি।মা যেন সময়তকৈ আগত আছিল।কাপোৰৰ পৰা চুলিৰ ষ্টাইল লৈকে।নিজকে যেন সাংঘাতিক ভাল পাইছিল মানুহজনীয়ে।
আৰু সেই মানুহজন।
তেওঁকো ভাল পাইছিল নেকি মায়ে?
কিয় সাঁচি ৰাখিছে ফটোবোৰ এনেকৈ।
শেষৰফালৰ ফটোবোৰত দেউতা আছে,মায়ে সেইবাবে নিজক কলমেৰে কাটি থৈছে।ঠিক যেন চাব নিবিচাৰে নিজক দেউতাৰ সৈতে।উৰাই ঘূৰাই একেখিনি ফটোকে চাই আছোঁ।শেষৰ ফটোখন মোৰ।ফটোখন উলিয়াই আনিলোঁ এলবামৰ মাজৰপৰা।হাঁহি আছোঁ মই।ফুটফুটীয়া ফ্ৰক, ভৰিত ছেণ্ডেল নাই।বাওঁহাতত বেলুন এটা।সোঁ হাতেৰে মুখটিপি হাঁহিছোঁ।
মই এনেকৈ হাঁহিবও পৰিছিলোঁ?
বিশ্বাস হোৱা নাই কিয়?
শৈশৱ কিয় শেষ হৈ যায়!
মনবোৰ কিয় মলিন হৈ যায়?
বেলুন আৰু পখিলাৰ মাজতেই কিয় শেষ হৈ নাযায় গোটেই জীৱন?!
সেমেকা চকুকেইটা পুৰিছে।
ফটোখনৰ মইজনীক মৰম কৰিবৰ মন গৈছে, কোলাত তুলি যেন উপচাই দিম তাই নোপোৱা মৰমেৰে।বুকুত হেঁচি ৰাখিম সদায়।
চুমাৰে উপচাই দিম টোপোলা টোপোলা গাল দুখন।
মই মোক মৰম কৰিব খোজোঁ, মৰমেৰে উপচাই ৰাখিব খোজোঁ।
ফটোখন ঘূৰাই চালোঁ।
পিছফালে কিবা এটা লিখা আছে।
“My only hope”
মাৰ হাতৰ আখৰ।
আখৰ কেইটা যেন ফটোখনৰ পৰা উফৰি আহি চিধা বুকুতে খুন্দিয়াই থৈ গ’ল।
নোৱাৰিলোঁ চাই থাকিব।মাৰ পৰা মোৰ লৈকে নোকোৱা কথাৰ সাগৰ এখন আজীৱন বৈ আছে।মানুহজনীৰ লগত কিমান অন্যায় হৈছে হয়তো মই নাজানো।সন্তানৰ দোহাই দি জোৰ কৰি লগত ৰাখিলে, মৃত সন্তানক চাবলৈ নিদিলে, লোকে এৰি থৈ যোৱা কেঁচুৱা হাতত তুলি মৰম কৰিবলৈ দিলে।
উফ।
কেনেকৈ পাৰিব আঁকোৱালি ল’ব?
মানুহজনীৰ বুকুত কিমান জুই জ্বলি আছে তাৰ উমান আনে নাপায়।
কেতিয়াও নাপায়।
ফোনত মাৰ ডিপি খন চাই থাকিলোঁ মাত্ৰ।এই মানুহজনীৰ মাজত আজিকালি নিজকে দেখোঁ।
আৰু এটা ৰাতি.. উজাগৰী!


:মাজনী,উঠ আৰু পায়।
ককাৰ মাতত সাৰ পালোঁ।এঘাৰটা বাজিলে মই শুইয়ে আছোঁ।চকুকেইটা মোহাৰি চাওঁ, আয়ু আহি বহি আছে।আজি দেওবাৰ।
ককাই অনিৰুদ্ধকো ভাত খাবলৈ মাতিছিল।আৰু মই ফটোবোৰ চাই চাই শুইছোঁ ৰাতিপুৱা চাৰিটাত।
ফোনটো উলিয়াই অনিৰুদ্ধক ফোন কৰিলোঁ।
:আহি আছো ৰ’বা।ইমান মিছ কৰিছা?
:মই শুইয়ে নাই উঠা,আজি নালাগে আহিব।
:কিয়???মই ৰেডি হৈছিলোঁ।
:কি কিয়, একোৱেই নাইকৰা এতিয়ালৈকে, আজি নালাগে আহিব প্লিজ।
:মই সৱ লৈ যাম।হ’ব?
ফোনটো কাটি দিলোঁ।
গাৰুটো দলিয়াই দিলোঁ আয়ুৰ গা লৈ।
:উৱা, বৰ দন্দুৰী ছোৱালী অ’ এইপাত।
:উঠাই দিব নোৱাৰিলি নেকি, পাগলটো।কি কৰিম এতিয়া।
:ৰাতি মনে মনে মালটো দিলি চাগে ন।
:চুপ,একদম চুপ।
:কি হৈছে তহঁতৰ।
ককাই মাজত আহি যুদ্ধখন ৰখালে।পাকঘৰত খিটিং খাটাং শব্দ শুনি আচৰিত হ’লো।উঠি চাওঁ হিবাই বাচন ধুই আছে।কিন্তু তাইতো মাকৰ ওচৰলৈ যায় শনিবাৰে দেওবাৰে।
আজি ইয়াত যে?

ককাই আয়ুক ফোন কৰি ক’লে মই যে মানুহ মাতি কুম্ভকৰ্ণৰ নিচিনাকৈ শুই আছোঁ।আৰু সি সেইকাৰণে আহোঁতে হিবাক লৈ আনিলে।ঘৰৰপৰা অহাৰ পাছত তাইক অফিচতে যি লগ পাইছোঁ।দুয়োজনী যেন নিজৰ নিজৰ সমস্যা লৈ বেছিয়েই ব্যস্ত হৈ পৰিছোঁ।আজি অন্ততঃ ভালকৈ লগ পাম।
তাইক পিছফালৰ পৰাই সাৱটি ধৰিলো।
:Thank you Hibu.

তাৰ পাছত দৌৰাদৌৰি।ঘৰটো চাফা কৰিলোঁ।দেওবাৰে মানুহগৰাকী নাহে।অনিৰুদ্ধক মেছেজ কৰি থৈছো যে মই নোকোৱালৈকে ঘৰৰ পৰা যেন নোলায়।ল’ৰালৰিকৈ গা ধুই আহিছোঁ।
ককাৰ মুখত আজি হাঁহি আঁতৰাই নাই।অকলে অকলে থাকি আমনি পাইছিল মানুহজনে, সেইকাৰণেই এইবোৰ যোগাৰ।কালিয়েই সৱ গোটাই থৈছে।অনিৰুদ্ধ আৰু ককা দুয়োজনেই নিৰামিষ খায়।
কিন্তু হ’লে কি হ’ব।
আয়ুৰ কাৰণেই মাংস বনাবই লাগিব। সৰু পাকঘৰটোত তিনিটা মানুহ সোমাই হুলস্থুল।গালি পাৰি পাৰি কেৰাহীৰ পৰা মাংস উলিয়াই খাই থকা আয়ুক খেদালোঁ।

কামৰ মাজতে বাৰে বাৰে ফোনটো বাজি আছে।অনিৰুদ্ধই হ’ব চাগে বুলি উঠোৱা নাই।এবাৰ দৌৰি আহি চালো।
বায়ে এই নম্বৰটোৰ পৰা ফোন কৰে।
:হেল্ল’।
:মায়ে এইবোৰ কি কৰিছে মাজু, কি ক’লি তই মাক?
:কি কৰিছে মায়ে?
:থুপুক নিবলৈ কিয় আহিছে, তাকো লগত উকীল লৈ।ৰাজুক ইমান অপমান কৰিছে।মা এনেকুৱা নাছিলে।তই ঘৰলৈ আহি কি লগাই থৈ গ’লি।কাকো শান্তিত থাকিবলৈ নিদিয় কিয় তই?
:বা, যি হৈছে ভালৰ কাৰণেই হৈছে।

ফোনটো কাটি দিলোঁ।বেয়া লগা নাই মোৰ কাৰো কাৰণে।ফুৰ্তি লাগিছে মোৰ।
বহুত ফুৰ্তি।

অনিৰুদ্ধলৈ ফোন কৰিলোঁ।
:Come soon, I want to celebrate life today!

ককাই তেতিয়া আয়ুক আলু পিটিকাত ধনীয়া কাটি দিবলৈ আইডিয়া দি আছে।

(আগলৈ)

16 thoughts on “#আবিৰ খণ্ড (৫৭)

  1. সুখবোৰ হয়তো টুকুৰা-টুকুৰকৈ এনেকৈয়ে আহে|প্ৰথমে অনিৰুদ্ধ লাহে লাহে সকলোবোৰ|❤

    Like

  2. Wao Baa…anekua lagise jen sokur agot sokolobur ghotona ghoti goi ase ru moi sai asu…apunar likhonir jadu e xukiya baa…bohut val lagise phri❤️❤️ …apuni sustho thakok sukhi thakok sodai…Anedore amak notun notun rokh d jaok

    Like

  3. Awesome story2 mjot Jen njeu asu ankuya lgise maak jiyekor ktha knt okmn sokupani bagori ahil maale mnt pri gl mru

    Like

  4. Nice 😁😁😂👊I didn’t expect that you would upload within 5 days 😝😏. Btw, thanks 🙇. As always it was awesome 👍.
    Waiting for the next episode……………….🤡🤡🤡🤡

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s